অসমীয়া ভাষাত চিনেমা সংক্রান্তীয় বিভিন্ন সমল বৃদ্ধি কৰাৰ লগতে গুৰুত্বপূর্ণ লেখাসমূহৰ ডিজিটেল সংৰক্ষণৰ হেতু বিনম্র প্রয়াস।


চিনেমা সংক্ৰান্তীয় অতীত, বৰ্তমান আৰু ভবিষ্যতৰ বিভিন্ন তথ্য সমৃদ্ধ এক ৱেব পৰ্টেল চিনেকথা ডট কম। এক  অসমীয়া চিনেমাৰ ঐতিহ্যৰ গতিৰে আৰম্ভ কৰি ভাৰতীয় অন্য আঞ্চলিক ভাষাৰ চিনেমাৰ উপৰিও চিনেকথা ডট কমত থাকিব বিশ্ব চিনেমা আৰু সম্প্রতি অতি চর্চিত মনোৰঞ্জনৰ জনপ্রিয় মাধ্যম হৈ পৰা দেশী-বিদেশী ৱেব ছিৰিজসমূহৰ সবিশেষ। ইতিহাসৰ পৰা শেহতীয়ালৈ চিনেমা সম্পর্কীয় তথ্যৰ আদান-প্রদানৰ লগতে চিনেমা-ৱেব ছিৰিজৰ পর্যালোচনা-সমালোচনামূলক লেখাৰে এই প্রকল্প সমৃদ্ধ হ’ব। চিনেমাৰ বিভিন্ন ক্ষেত্রৰ লগত জড়িত অভিজ্ঞ-প্রখ্যাত ব্যক্তিসকলৰ চিনেমাৰ বিভিন্ন কাৰিকৰী বিষয়সমূহৰ ওপৰত গভীৰ আলোকপাত, ব্যৱহাৰিক দিশৰ অভিজ্ঞতাপূর্ণ লেখাও বিচাৰি পাব ‘চিনেকথা’ৰ মজিয়াত। মূলত: ‘চিনেকথা’ অসমীয়া ভাষাত চিনেমা সংক্রান্তীয় বিভিন্ন সমল বৃদ্ধি কৰাৰ লগতে গুৰুত্বপূর্ণ লেখাসমূহৰ ডিজিটেল সংৰক্ষণৰ হেতু বিনম্র প্রয়াস।


চিনেকথালৈ লেখা পঠিওৱাৰ ক্ষেত্ৰত আপুনি মন কৰিবলগীয়া দিশ:

• লেখাসমূহ চিনেমা সম্পৰ্কীয় আৰু মৌলিক হোৱাটো বাঞ্ছনীয়।

• লেখাসমূহ অসমীয়াত ৫০০-৬০০ শব্দৰ ভিতৰত হোৱাটো প্ৰয়োজনীয়। লেখাৰ লগত প্ৰাসংগিক ফটো পঠিয়ালে সুবিধা।

• লেখকৰ সম্পূৰ্ণ নাম তথা যোগাযোগ নম্বৰ উল্লেখ কৰি লেখাসমূহ মেইলযোগে hello@cinekatha.com লৈ পিডিএফ, ইমেজ অথবা ৱৰ্ড ফাইলযোগে পঠিয়াব পাৰিব। ৱৰ্ড ফাইলত ইউনিকোড হিচাবে টাইপ কৰি পঠিয়ালে সুবিধাজনক।

• অন্যান্য ‘ৱেব পৰ্টেল’ অথবা সামাজিক মাধ্যমত পূৰ্বে প্ৰকাশিত লেখা প্ৰকাশৰ বাবে বিবেচিত নহ’ব।

• কেৱল ছপা মাধ্যমত পূৰ্বে প্ৰকাশিত (অনলাইন প্লেটফৰ্মত নথকা) নিৰ্বাচিত লেখা চিনেকথাত প্ৰকাশ কৰিব পৰা যাব, কিন্তু তেনে লেখা চিনেকথা ‘এক্সক্লুছিভ’ হিচাবে গণ্য কৰা নহ’ব৷

• অনুদিত লেখাৰ ক্ষেত্ৰত মূল লেখক অথবা প্ৰকাশকগোষ্ঠীৰ অনুমতিপ্ৰাপ্ত হোৱাটো বাঞ্ছনীয় ৷

• নিৰ্বাচিত লেখাৰ ক্ষেত্ৰত এসপ্তাহৰ ভিতৰত লেখকক মেইলৰ জৰিয়তে যোগাযোগ কৰা হ’ব। গতিকে লেখা নিৰ্বাচিত হোৱা-নোহোৱা নিশ্চয়তাৰ হেতু এসপ্তাহৰ অপেক্ষাই হ’ব আমাৰ প্ৰতি আপোনাৰ সহযোগিতা ৷

• চিনেকথালৈ বিশেষভাবে পঠোৱা লেখা অইন কোনো ছপা বা বৈদ্যুতিন মাধ্যম (সামাজিক মাধ্যমকে ধৰি)ত প্ৰকাশ কৰিব নোৱাৰিব।

• একমাত্ৰ চিনেকথাৰ বাবে বিশেষভাৱে লিখা নিৰ্বাচিত লেখাৰ বাবে যৎকিঞ্চিত মাননি আগবঢ়োৱা হ’ব ৷

• প্ৰকাশিত লেখাসমূহ চিনেকথা ডট কমৰ সম্পদ হিচাবে বিবেচিত হ’ব।

• চিনেকথা সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে hello@cinekatha.com ৰ যোগেদি যোগাযোগ কৰিব পাৰিব।

To Top
error: Content is protected !!