চিনেকথা মাষ্টাৰ ক্লাছ ছিৰিজ

‘চিনেকথা’ৰ এক পদক্ষেপ হিচাবে চিত্ৰৰসিক তথা শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ আৰম্ভ কৰা হৈছে এক অনলাইন ‘মাষ্টাৰ ক্লাছ ছিৰিজ’৷ চিনে জগতৰ বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ তথা বিশেষজ্ঞ সকলৰ তত্বাৱধানত চিনে সম্পৰ্কীয় নানা বিষয়ক কেন্দ্ৰ কৰি ‘মাষ্টাৰ ক্লাছ’ৰ শৃংখলাটি নিয়মিতভাৱে অনুষ্ঠিত কৰা হ’ব৷

এই কাৰ্যসূচীৰ অধীনত প্ৰথমটি মাষ্টাৰ ক্লাছ অহা ৮ আগষ্ট তাৰিখে বিয়লি ৩.৫০ বজাৰ পৰা ৫ বজালৈ অনলাইন মাধ্যম ‘গুগল মীট’ (Google Meet) যোগে অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে আৰু বিষয় হিচাবে নিৰ্ধাৰণ কৰা হৈছে “চলচ্চিত্ৰ সম্পৰ্কীয় লিখন  শৈলী” (Writing on Cinema)৷ উক্ত মাষ্টাৰ ক্লাছৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালক তথা চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰী আৰু লেখক তথা ৰাজ্যিক বঁটাৰে সন্মানিত চলচ্চিত্ৰ সমালোচক, সহযোগী অধ্যাপক প্ৰাঞ্জল বৰা

ইচ্ছুক চিত্ৰৰসিক সকলে নিম্নোক্ত লিংকত গুগল ফৰ্ম যোগে নিজৰ নাম পঞ্জীয়ন কৰি সম্পূৰ্ণ বিনামূলীয়া এই মাষ্টাৰ ক্লাছত অংশগ্ৰহণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব৷

অনুষ্ঠানৰ তাৰিখঃ  ৮ আগষ্ট, শনিবাৰ

সময়ঃ বিয়লি ৩.৫০ – ৫ বজা

অনুষ্ঠানৰ লিংক –

(অনুষ্ঠানৰ লিংক ৩ বাজি ৪৫ মিনিটত সক্ৰিয় হৈ কৰা হ’ব)

পঞ্জীয়নৰ বাবে ক্লিক কৰক – https://bit.ly/masterclass-form

To Top
error: Content is protected !!