চিনেকথা ১০

অনলাইন প্লেটফৰ্মত উপলব্ধ ইৰফান খান অভিনীত ১০ খন স্মৰণীয় চিনেমা

১. তলৱাৰ (Talvar)

পৰিচালকঃ মেঘনা গুলজাৰ

উপলব্ধ প্লেটফৰ্মঃ নেটফ্লিক্স (Netflix)

ভাষাঃ হিন্দী

২০০৮ চনৰ দেশ কপোঁৱা আৰুচি তলৱাৰ হত্যাকাণ্ডক লৈ নিৰ্মিত মেঘনা গুলজাৰৰ তলৱাৰ নিসন্দেহে এখন উল্লেখযোগ্য চিনেমা। এগৰাকী অনুসন্ধানকাৰী বিষয়াৰ চৰিত্ৰ ৰূপায়ন কৰা ইৰফান খানৰ অভিনয় প্ৰশংসাযোগ্য।

২. পিকু (Piku)

পৰিচালকঃ সুজিত চিৰকাৰ

উপলব্ধ প্লেটফৰ্মঃ চোনী লিভ (Sony LIV)

ভাষাঃ হিন্দী

জীৱনৰ সৰু সৰু ঘটনাৰাজিক ৰূপালী পৰ্দাত নিখুটকৈ প্ৰদৰ্শন কৰাটো পৰিচালক সুজিত চিৰকাৰৰ এক অন্যতম কৃতি। অমিতাভ বচ্চন আৰু দিপিকা পাড়ুকনে অভিনীত ‘পিকু’ত পিতৃ-কন্যাৰ মাজৰ এক আন্তৰিক সম্পৰ্ক প্ৰকাশ পাইছে, লগতে এই সম্পৰ্কৰ এক অন্যতম সাক্ষী হিচাবে কেবসেৱাৰ এগৰাকী মালিক আৰু গাড়ীচালকৰ ভূমিকাত অভিনয় কৰা ইৰফান খান ছবিখনৰ এক অন্যতম সম্পদ।

৩. কাৰৱান (Kaarwan)

পৰিচালকঃ আকৰ্ষ খুৰাণা

উপলব্ধ প্লেটফৰ্মঃ আমাজন প্ৰাইম (Amazon Prime)

ভাষাঃ হিন্দী

এক ভ্ৰমণ কাহিনী হিচাবে উপস্থাপন কৰা এই চিনেমাত তিনিটা মূল চৰিত্ৰত অভিনয় কৰিছে ইৰফান খান, ডুলকৰ চলমান আাৰু মিথিলা পালকাৰে। এই চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পাছতে ইৰফান খানৰ শৰীৰত Neuroendocrine Tumour ধৰা পৰিছিল যাৰ বাবে তেওঁ চিনেমাখনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা নাছিল।  

৪. পান সিং তোমৰ (Paan Singh Tomar)

পৰিচালকঃ তিমাংশু ধুলিয়া

উপলব্ধ প্লেটফৰ্মঃ নেটফ্লিক্স (Netflix)

ভাষাঃ হিন্দী

তিমাংশু ধুলিয়া পৰিচালিত পান সিং তোমৰ হৈছে এখন জীৱনভিত্তিক চিনেমা। এগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠা দৌৰবিদ পাছলৈ কেনেদৰে পৰিস্থিতিত পৰি দুধৰ্ষ ডকাইত হিচাবে পৰিগণিত হৈ পৰে, ই হৈছে চিনেমাখনৰ মূল কাহিনী। নিসন্দেহে পান সিং তোমৰৰ চৰিত্ৰত অভিনয় কৰা ইৰফান খানৰ অভিনয় চিনেমাখনৰ মূল সম্পদ। এইখন চিনেমাৰ বাবে ইৰফান খানে ২০১২ চনত শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

৫. দা লাঞ্চবক্স (The Lunchbox)

পৰিচালকঃ ৰিতেশ বাট্ৰা

উপলব্ধ প্লেটফৰ্মঃ নেটফ্লিক্স (Netflix)

ভাষাঃ হিন্দী

ইৰফান খানৰ কেৰিয়াৰৰ এখন অন্যতম শ্ৰেষ্ঠ চিনেমা হিচাবে পৰিগণিত ৰিতেশ বাট্ৰাৰ ‘দা লাঞ্চবক্স’। নিসঙ্গ বান্দ্ৰ নিৱাসী চাজন ফাৰ্ণাণ্ডেজৰ চৰিত্ৰৰ মাজেৰে দুপৰীয়াৰ লাঞ্চবক্সটোৱে কঢ়িয়াই অনা জীৱনৰ ভিন্ন ছন্দৰ সুন্দৰ উপস্থাপনে দা লাঞ্চবক্সক দিয়ে এক অন্য মাত্ৰা।

৬. মকবুল (Maqbool)

পৰিচালকঃ বিশাল ভৰদ্বাজ

উপলব্ধ প্লেটফৰ্মঃ ডিজনী+হটষ্টাৰ (Disney+Hotstar)

ভাষাঃ হিন্দী

শ্বেইক্সপীয়েৰৰ বিখ্যাত মেকবেথৰ আধাৰত বিশাল ভৰদ্বাজৰ পৰিচালনাৰে নিৰ্মিত মকবুলত ইৰফান খানৰ দূৰ্দান্ত অভিনয় এক পাহৰিব নোৱাৰা অভিজ্ঞতা। আণ্ডাৰৱৰ্ল্ডৰ গেংষ্টাৰ আব্বাজীৰ সোঁহাত স্বৰূপ মকবুল চৰিত্ৰটো ৰূপায়ন কৰা ইৰফান খানে নিজৰ অভিনয় শৈলীৰে সমালোচক তথা দৰ্শকৰ অন্তৰ জয় কৰি গৈছে।

৭. কৰীব কৰীব চিংগল (Qarib Qarib Singlle)

পৰিচালকঃ তনুজা চন্দ্ৰা

উপলব্ধ প্লেটফৰ্মঃ নেটফ্লিক্স (Netflix)

ভাষাঃ হিন্দী

অলপ কম চৰ্চিত যদিও কৰীব কৰীব চিংগল  দুটা সম্পূৰ্ণ বিপৰীত ব্যক্তিত্বৰ দুগৰাকী লোকৰ মাজৰ বন্ধুত্ব আৰু এটা স্মৰণীয় যাত্ৰাৰ কাহিনী।

৮. অংগ্ৰেজী মিডিয়াম (Angrezi Medium)

পৰিচালকঃ হোমি আডাজানিয়া  

উপলব্ধ প্লেটফৰ্মঃ ডিজনী+হটষ্টাৰ (Disney+Hotstar)

ভাষাঃ হিন্দী

ইৰফান খানৰ অন্তিমখন মুক্তিপ্ৰাপ্ত চিনেমা, য’ত এগৰাকী মৰমীয়াল দেউতাকৰ এক চৰিত্ৰ ৰূপায়ণ কৰিছে। একমাত্ৰ জীয়ৰীৰ আশা বাস্তৱায়িত কৰিবৰ বাবে এগৰাকী দেউতাক কি পৰ্যায়লৈ যাব পাৰে তাৰে এক চিত্ৰায়ণ কৰা হৈছে অংগ্ৰেজী মিডিয়ামত।

৯. সাত খুন মাফ (7 Khoon Maaf)

পৰিচালকঃ বিশাল ভৰদ্বাজ

উপলব্ধ প্লেটফৰ্মঃ নেটফ্লিক্স (Netflix)

ভাষাঃ হিন্দী

ৰাস্কিন বণ্ডৰ উপন্যাস ‘চুচানাচ চেভেন হাজবেণ্ড’ৰ আধাৰত নিৰ্মিত বিশাল ভৰদ্বাজৰ সাত খুন মাফত ইৰফান খানক দেখা যায় এগৰাকী কবিৰ ভূমিকাত, যিয়ে চুচানা (প্ৰিয়ংকা চোপ্ৰা)ৰ তৃতীয়গৰাকী স্বামীৰ ভূমিকাত অভিনয় কৰিছে।

১০. লাইফ ইন এ মেট্ৰ’ (Life In A Metro)

পৰিচালকঃ অনুৰাগ বসু

উপলব্ধ প্লেটফৰ্মঃ নেটফ্লিক্স (Netflix)

ভাষাঃ হিন্দী

২০০৭ চনত মুক্তিপ্ৰাপ্ত অনুৰাগ বসুৰ লাইফ ইন এ মেট্ৰ’ হ’ল মুলতঃ চহৰকেন্দ্ৰিক কেইবাটাও ঘটনাৰ এক সংমিশ্ৰণ  চহৰকেন্দ্ৰিক আশা- হতাশা, সুখ দুখ আাদিক প্ৰতিফলিত কৰা এই চিনেমাত ইৰফান খানক দেখা যায় এক হাঁহিমুখীয়া চৰিত্ৰত। কংকণা সেন শৰ্মাৰ বিপৰীতে অভিনয় কৰা ইৰফান খানক চৰিত্ৰটোৰ জৰিয়তে    
দৰ্শকে হাস্যমধুৰ অভিনেতা হিচাবে নতুনকৈ আৱিষ্কাৰ কৰে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 5 / 5. ভোট : 1

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!