চিনেকথা ১০

অনলাইন প্লেটফৰ্মত উপলব্ধ অসমৰ ১০ খন চৰ্চিত চিনেমা

আমিষ (Aamis), ২০১৯

পৰিচালক – ভাস্কৰ হাজৰিকা

উপলব্ধ প্লেটফৰ্ম – মুভিচেইন্টচ (MovieSaints)

শিশুৰোগ বিশেষজ্ঞ ডাঃ নিৰ্মালী, পুত্ৰ পিকুৰ সৈতে গুৱাহাটীত থাকে। স্বামী দিলীপ এগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু কৰ্মৰ তাগিদাত বেছিভাগ সময় ঘৰৰ বাহিৰত থাকে। গতানুগতিক অকলশৰীয়া জীৱন কটোৱা নিৰ্মালীয়ে উত্তৰ-পূর্বাঞ্চলৰ খাদ্যভাসৰ ওপৰত গৱেষণা কৰি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র সুমনক লগ পায়। এটা মীট ক্লাৱ (Meat Club) ৰো সদস্য সুমনে নির্মালীক খাদ্যৰ বিশেষকৈ মাংসৰ এখন নতুন পৃথিৱীৰ সৈতে চিনাকি কৰাই দিয়ে। তেওঁলোকে বিভিন্ন ঠাইত লগ হৈ ভিন ভিন মাংসৰ জুতি ল’বলৈ ধৰিলে। তাৰমাজতেই দুয়ো পৰস্পৰৰ অধিক কাষ চাপি আহে। সুমনে নিৰ্মালীৰ শাৰীৰিক স্পৰ্শ বিচাৰে যদিও নিৰ্মালীৰ মাংসৰ প্ৰতি বাঢ়ি অহা অত্যুগ্ৰ ক্ষুধাৰ ফলত তেওঁলোকৰ সম্পৰ্কই এক অভাৱনীয় আৰু অদ্ভুত গতি লয়।

ভিলেজ ৰকষ্টাৰ্চ (Village Rockstars), ২০১৭

পৰিচালক – ৰীমা দাস

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)

ধুনুৰ বিধৱা মাকে এখন সৰু দোকানৰ জৰিয়তে পৰিয়ালৰ পোহ-পাল কৰে। এদিন এটি স্থানীয় অনুষ্ঠানত মাকৰ লগত দোকানৰ কামত সহায় কৰি থাকোতে এটা বেণ্ডৰ অনুষ্ঠান দেখি ধুনুৰ মনত এটি সপোনৰ উদয় হয়। ধুনুৱে নিজাকৈ এখন গীটাৰ লোৱাৰ সপোন দেখিছিল। ধুনু আৰু গাঁৱৰ লগৰীয়াবোৰে বেণ্ডক নকল কৰি সততে পোৱা বস্তুৰে বাদ্য সাজি বেণ্ড বেণ্ড খেলিবলৈ ধৰে। গাঁৱলীয়া ছোৱালী হিচাপে সৰু-বৰ সামাজিক তথা অর্থনৈতিক ঘাট-প্রতিঘাটৰ মাজেৰে সৰলমনা ধুনুৰ জীৱন আগবাঢ়ে বুকুত কঢ়িয়াই লৈ ফুৰা সপোনৰ পম খেদি।

চাচপেণ্ডেড ইঞ্চপেক্টৰ বড়ো (Suspended Inspector Boro), ২০১৮

পৰিচালক – কেনী বসুমতাৰী

উপলব্ধ প্লেটফৰ্ম – মুভিচেইন্টচ (MovieSaints)

এগৰাকী নিকা ভাৱমূর্তিৰ সমৰ কলাত নিপুণ সুদক্ষ পুলিচ ইঞ্চপেক্টৰ বড়ো এজনী নিখোজ ছোৱালী চাব্রিনা ৰায়ৰ সন্ধানত এক অভিযানত গুৱাহাটীলৈ আহে। ঘটনাৰ পাকচক্রত পোহৰলৈ আহে এটা ছোৱালী সৰবৰাহ কৰা গোটৰ। ইঞ্চপেক্টৰ বড়ো নিলম্বিত হৈও দুর্নীতিপৰায়ণ আৰক্ষী বিষয়া লক্ষী মদন জ্বালাৰ ছত্রছায়াত চলা ছোৱালী সৰবৰাহ কৰা গোটটিক উৎখাট কৰিবলৈ গৈ মুকলি কৰে কাহিনীৰ এটি নতুন গতিৰ।  

থ্ৰী স্ম’কিং বেৰেলচ (III Smoking Barrels), ২০১৭

পৰিচালক – সঞ্জীৱ দে

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)

উত্তৰ-পূব ভাৰতৰ তিনিটা কাহিনীৰ একত্র সংস্কৰণ। কাহিনী তিনিটাই প্রতিনিধিত্ব কৰিছে মানৱ জীৱনৰ তিনিটা স্তৰক। প্রথমটো, বিদ্রোহী সংগঠনৰ শিৱিৰৰ পৰা পলায়ন কৰা এগৰাকী কিশোৰীয়ে সদৰী কৰিছে সশ্রস্ত্র বিপ্লৱত নামি পৰি কিশোৰ-কিশোৰীৰ মানসিক অন্তর্দন্দৰ এক শোচনীয় যাত্রাৰ। দ্বিতীয়তে, এগৰাকী ড্রাগছ সৰবৰাহ কৰা ল’ৰা পৰিস্থিতিৰ কৰুণ পৰিণতিৰ বলি হৈ ড্রাগছৰ অন্ধকাৰ জগতৰ ভিতৰত সোমাই পৰাৰ কাহিনীৰে আগবাঢ়ি্ছে। তৃতীয়টো কাহিনী এটা চোৰাং চিকাৰীৰ, যি  পোন্ধৰটাকৈ হাতী মাৰি নিজৰ লগতে নিজৰ কম বয়সীয়া পত্নীক সুৰক্ষা দিয়াৰ প্রয়াস কৰিছে।

আলিফা (Alifa), ২০১৮

পৰিচালক – দীপ চৌধুৰী

উপলব্ধ প্লেটফৰ্ম – ইৰ’জ নাও (Eros Now)

আলিফা ভায়েক ফৈজাল আৰু দিন হাজিৰা কাম কৰা বাপেক-মাক আলি আৰু ফাতিমাৰ লগত গুৱাহাটীৰ এটা পাহাৰৰ একোঠালিৰ ঘৰ এটাত বাস কৰে। তাইৰ পৰিয়ালটো বৰপেটাৰ এক পিছপৰা অঞ্চলৰ পৰা বানৰ কবলত পৰি গৃহহীন হৈ এই ঠাইলৈ আহিছিল। বর্তমান থকা পাহাৰটো আছিল সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত। সেয়ে আলিফাৰ পৰিয়ালটোৱে থকা ঠাইখিনিৰ সুৰক্ষিত কৰি ৰখাৰ স্বার্থত স্থানীয় বনৰক্ষীক মাহিলী মাচুল দি থাকিব লাগিছিল। দিন হাজিৰা কৰা আলি-ফাতিমাৰ দম্পতিটোৱে মাচুল যোগাৰ কৰিবলৈ যাওতে সন্মুখীন হোৱা পৰিস্থিতি, পৰিয়ালটোৰ অন্তর্দন্দ্ব আদিৰ উপৰিও আধুনিক চহৰীয়া দুমুখীয়া চৰিত্র প্রকাশৰ লগত আলিফাৰ পঢ়িবলৈ থকা মনটোৰ সামঞ্জস্যৰে কাহিনীয়ে গতি কৰে।   

বৰনদী ভটিয়ায় (Bornodi Bhotiai), ২০১৯

পৰিচালক – অনুপম কৌশিক বৰা

উপলব্ধ প্লেটফৰ্ম – মুভিচেইন্টচ (MovieSaints)

মাজুলীৰ ডেকা লুইত, সীমান্ত, জয়, তপন আৰু ভাস্কৰৰ শৈশৱৰে পৰা মৌকণৰ প্রিয়জন হোৱাৰ মন। মৌকণ এজনী নিৰ্ভীক তথা সাহসী ছোৱালী; কিন্তু তাই ৰহস্যজনকভাৱে গাঁওখনত হোৱা এক মৃত্যুৰ লগত সাঙোৰ খাই পৰে। সীমান্ত, জয়, তপন আৰু ভাস্কৰ উচ্চ-শিক্ষা থকাৰ পিছতো কৰ্ম-সংস্থাপনৰ পৰা আটায়েই বঞ্চিত। ইফালে লুইতে ঘৰে-ঘৰে বীমা বিক্ৰী কৰি দৈনন্দিন জীৱন অতিবাহিত কৰিছে। কাহিনীৰ গতিত মৌকণ কুশল কাকতি নামৰ বেংকৰ মেনেজাৰ এজনৰ লগত বিয়া হয় যদিও কুশল কাকতিৰো হঠাতে মৃত্যু হয়। মৌকণ, লুইত, সীমান্ত, জয়, তপন আৰু ভাস্কৰ এই আটাইকেইটা চৰিত্ৰৰ নিজস্ব প্রেম আৰু উজ্জ্বল ভবিষ্যতৰ সন্ধানক কেন্দ্ৰ কৰিয়েই লাহে লাহে কাহিনীভাগ আগবাঢ়ে।

অন্তৰীণ (Antareen), ২০১৭

পৰিচালক – মঞ্জুল বৰুৱা

উপলব্ধ প্লেটফৰ্ম – ইৰ’জ নাও (Eros Now)

ড: ৰীতা চৌধুৰীৰ গ্রন্থ ‘নয়না তৰালী সুজাতা’ৰ তৰালীৰ কাহিনীক লৈয়ে চিনেমাখন। অসম আন্দোলনৰ সময়চোৱাৰ পৰা আৰম্ভ হোৱা কাহিনীটোত তৰালী ৰাজনৈতিক নেতা দীনদয়াল বৰুৱাই এগৰাকী আদিবাসী গাভৰুক যৌন লালসাৰ চিকাৰ বা শোষণৰ ফলশ্ৰুতিত হোৱা সন্তান৷ যাক আদিবাসী ৰাইজৰ ক্ষোভৰ ফলত দীনদয়াল বৰুৱাই নিজৰ ঘৰতেই প্ৰতিপালন কৰিব লগা হয়। বৰুৱাৰ পত্নীৰ পৰা মাকৰ দৰে সঁচা মৰম পালেও তৰালী অৱহেলিত আৰু বঞ্চিত এটি শিশু হিচাপে ডাঙৰ দীঘল হয়। সৰুৰে পৰা মানসিক অত্যাচাৰেৰে জর্জৰিত তৰালী বিয়াৰ পিছতো সন্মুখীন হয় মানসিক নির্যাতনৰ। সময়ৰ প্রৱঞ্চনাতে মানসিক চিকিৎসালয়ত ভর্তি হ’ব লগা হয় তৰালী আৰু  তাতে শেষত লগ পায় সমীৰণক, যি তাইক পুৰুষতান্ত্রিক সমাজৰ কবলত পৰি হোৱা সকলো অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সাহস যোগায়।

মাজ ৰাতি কেতেকী (Maj Rati Keteki), ২০১৭

পৰিচালক – সান্ত্বনা বৰদলৈ

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)

প্রায় এক দশতকৈ অধিক কালৰ পাছত খ্যাতনামা সাহিত্যিক ড: প্রীয়েন্দু হাজৰিকা নিজৰ ঠাইখনলৈ উভটি আহে, যিখন ঠাইয়ে এসময়ত লেখক হিচাপে গঢ়াত বহুখিনি অৱদান যোগাইছিল। কাহিনীৰ গতিত গুৰুত্ব পায় এখন কিতাপে, যিখনক প্রীয়েন্দু হাজৰিকাই জীৱনৰ বাইবেল হিচাপে অভিহিত কৰিছিল। কিতাপখনেও কাহিনীক এক ব্যতিক্রমী স্তৰলৈ লৈ যায় আৰু লগতে নিজৰ ঠাইত আহি হাজৰিকাই শৈশৱৰ আপোনসকলৰ সংগ আৰু হেৰুৱাৰ বেদনাৰে স্মৃতিকাতৰ হৈ পৰে। সঘনে গৌৰৱ কৰা স্মৃতি ৰোমন্থনে শৈশৱতে উত্তৰ গুৱাহাটীৰ নির্জনতাত হেৰুৱা এক গভীৰ বেদনাক উজাগৰ কৰে। এই মুহূর্তত হাজৰিকাই স্বীকাৰ কৰে তেওঁ লিখা কাহিনীবোৰত যন্ত্রণাদায়ক, জীৱনৰ কৰুণ সত্যবোৰ প্রকাশ কৰিব পৰাকৈ মনৰ সাহসৰ অভাৱৰ কথা। সদৌ শেষত, তেওঁ সিদ্ধান্ত লয় সদা সহাঁৰি জনোৱা পাঠকৰ পৰা দূৰত ৰৈও নিজৰ জীৱনৰ কৰুণ-তিতা সত্যবোৰৰ সৈতে মুখামুখি হ’ব অকলে-নিৰলে।

হান্দুক (Haanduk), ২০১৬

পৰিচালক – জয়ছেং জয় দহোতীয়া

উপলব্ধ প্লেটফৰ্ম – ইৰ’জ নাও (Eros Now)

অকলশৰীয়া বৃদ্ধা মাতৃ হেৰামণিয়ে বিগত ছয়বছৰে সাক্ষাৎ নোপোৱা বিপ্লৱী সংগঠনৰ সদস্য একমাত্ৰ পুতেক ‘মুক্তি’ গুলীবিদ্ধ এটা নিঠৰ দেহৰ ৰূপত আহি ঘৰ পায়হি। তাই পুতেকৰ শ্ৰাদ্ধৰ সকলো কাম কাজ সামৰি জীয়াই থকাৰ কোনো উদ্দেশ্য বিচাৰি নেপাই পুখুৰীত জাপ দিবলৈ গৈ হঠাৎ সেই মৃতদেহটো ‘মুক্তি’ৰ নাছিল নেকি বুলি সংবাদ লাভ কৰে । পুনৰ এটা আশা জীয়াই উঠে। হেৰামণিৰ একমাত্ৰ সাৰথি হৈ থাকে মুক্তিৰ বাল্যকালৰ লগৰী প্রেমিকা শেৱালী। আনফালে মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা বিপ্লৱী সংগঠনটোৰ আন এজন সদস্য বিপ্লৱে অকলশৰে এটা সাধাৰণ জীৱন কটোৱাৰ চেষ্টা কৰে যদিও অতীত আৰু বৰ্তমান দুয়োটাই তাক অনবৰতে বাধাৰ প্ৰাচীৰ হৈ পিচে পিচে খেদি ফুৰে।

বুলবুল কেন চিং (Bulbul Can Sing), ২০১৮

পৰিচালক – ৰীমা দাস

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)

বুলবুল, তাইৰ বান্ধবী বনি আৰু বন্ধু চুমুৰ চৰিত্রকেইটাতে কেন্দ্রীভূত চিনেমাখনৰ কাহিনী। ১৫ বছৰীয়া বুলবুল তাইৰ লগৰীয়া সকলৰ লগত খেলি, সময় কটাই ভাল পায়। ভৱিষ্যতে বুলবুলক এগৰাকী গায়িকা হিচাপে প্ৰতিষ্ঠা হোৱাটো তাইৰ দেউতাকে বিচাৰে যদিও বুলবুলৰ মাত বহুত মিহি হোৱাৰ বাবে স্কুলৰ গানৰ শিক্ষকে তাইৰ পৰা সন্তুষ্ট নহয়। সেই একে সময়তে বুলবুলৰ শ্ৰেণীৰ ল’ৰা এজনৰ লগত প্ৰেমৰ সম্পর্ক গঢ় লয়। আৰু অৱশেষত বুলবুলে নিজৰ বাবে গাবলৈ আৰম্ভ কৰে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.3 / 5. ভোট : 28

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!