এছ পি বালাসুব্রমনিয়াম। সম্পূর্ণ নাম শ্রীপাঠী পণ্ডিতাৰাধ্যুলা বালাসুব্রমনিয়াম। ভাৰতীয় সংগীতৰ আকাশখনিৰ এটি উজ্জ্বল তৰা হেৰাই গ’ল আজি আমাৰ মাজৰ পৰা। ব্রিটিছ ভাৰতৰ মাদ্রাজত ১৯৪৬ চনৰ ৪ জুনত জন্মলাভ কৰা সংগীতজ্ঞ গৰাকীয়ে ১৯৬৬ চনৰ তেলেগু ভাষাৰ চিনেমা ‘শ্রী শ্রী শ্রী মর্যদা ৰামন্না’ ৰ জৰিয়তে নেপথ্য কণ্ঠশিল্পী হিচাবে চিনেমাজগতত প্রবেশ কৰিছিল। ৫৪ বছৰীয়া দীঘলীয়া কেৰিয়াৰত কণ্ঠশিল্পীৰ লগতে একাধাৰে সংগীত পৰিচালক, প্রযোজক, অভিনেতা, বাদ্যশিল্পী আদি ভিন্ন ৰূপত দেখা পোৱা গৈছিল তেখেতক। তথাপিও এই সকলোৰে মাজত কণ্ঠশিল্পী চিনাকিটোৰে অধিক জনপ্রিয়তাৰে প্রতিজন সংগীতানুৰাগীৰ হৃদয় জিনিছিল তেওঁ। আনতকৈ সুকীয়া অনন্য কণ্ঠৰে ৮০-৯০ৰ দশকত উপহাৰ দিছিল ইটোৰ পিছত সিটো চিৰসেউজ গীত।
আজি মহান শিল্পী গৰাকীৰ বিয়োগত তেখেতৰ কণ্ঠৰ দহোটি চিৰসেউজ গীতেৰে তেখেতলৈ শ্রদ্ধাঞ্জলি ৰূপত আগবঢ়াইছো ‘চিনেকথা ১০’। গীতসমূহ শুনি তেখেতৰ অনন্য কণ্ঠশৈলীক স্মৰণ কৰাৰ লগতে আপুনিও হৈ পৰিব পাৰে নষ্টালজিক…
ৰোজা জানেমন
ৰোজা (১৯৯২)
সংগীত পৰিচালক – এ আৰ ৰহমান
মেৰে ৰং মে
মেইনে প্যাৰ কিয়া (১৯৮৯)
সংগীত পৰিচালক – আচাদ ভোপালী, ৰাম-লক্ষণ
য়েহ মৌচম কা যাদু হে মিতৱা
হাম আপকে হ্যে কৌন (১৯৯৪)
সংগীত পৰিচালক – ৰাম-লক্ষণ
মেইনে প্যাৰ কিয়া
মেইনে প্যাৰ কিয়া (১৯৮৯)
সংগীত পৰিচালক – আচাদ ভোপালী, ৰাম-লক্ষণ
সচ মেৰে য়াৰ হে
সাগৰ (১৯৮৫)
সংগীত পৰিচালক – আৰ ডি বৰ্মন
দিদি তেৰা দেৱৰ দিৱানা
হাম আপকে হ্যে কৌন (১৯৯৪)
সংগীত পৰিচালক – ৰাম-লক্ষণ
মেৰে জীৱন সাথী
এক দুজে কে লিয়ে (১৯৮১)
সংগীত পৰিচালক – লক্ষ্মীকান্ত প্যাৰেলাল
হম বনে তুম বনে
এক দুজে কে লিয়ে (১৯৮১)
সংগীত পৰিচালক – লক্ষ্মীকান্ত প্যাৰেলাল
তুমচে মিলনে কি তমন্না হে
চাজন (১৯৯১)
সংগীত পৰিচালক – নাদিম-শ্ৰৱন
দিল দিৱানা
মেইনে প্যাৰ কিয়া (১৯৮৯)
সংগীত পৰিচালক – আচাদ ভোপালী, ৰাম-লক্ষণ
