দ্বিতীয় বিশ্বযুদ্ধক বিষয়বস্তু হিচাবে লৈ ইতিমধ্যে দেশে বিদেশে বহু চিনেমা নিৰ্মাণ কৰা হৈছে। প্ৰায়বোৰ চিনেমাত যুদ্ধ আৰু নাজীবাদৰ বিভীষিকাক বিতংভাৱে বৰ্ণনা কৰা হৈছে। চিনেকথা ১০ ৰ ফালৰ পৰা বিশ্বযুদ্ধ আৰু নাজীবাদক বিষয় হিচাবে লৈ নিৰ্মিত তথা ষ্ট্ৰিমিং প্লেটফৰ্মসমূহত উপলব্ধ কেইখন মান বহু চৰ্চিত চিনেমাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল,
ইনগ্লৰিয়াছ বাষ্টাৰ্ডছ Inglorious Basterds (২০০৯)
পৰিচালক – কোৱেনটিন টেৰেন্টিন’ Quentin Tarantino
উপলব্ধ প্লেটফৰ্ম – Netflix
দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলোৱাৰ উদ্দেশ্যৰে ইহুদী সৈনিকৰ এটি দল নাজি অধিকৃত ফ্ৰান্সত উপস্থিত হয়। তেওঁলোকৰ অভিপ্রায় আছিল নাজী নেতৃবর্গৰ হত্যা কৰা। ঠিক একেই পৰিকল্পনা কৰি আছিল থিয়েটাৰ গৃহৰ মালিকনী এগৰাকীয়েও। ইতিহাসৰ পাত লুটিয়াই নতুনকৈ ইতিহাসক জুমি চোৱাৰ প্রয়াস কৰা হৈছে এই বিশেষ চলচ্চিত্ৰখনত।
ডানকাৰ্ক Dunkirk (২০১৭)
পৰিচালক – খ্ৰীষ্ট’ফাৰ নলান Christopher Nolan
উপলব্ধ প্লেটফৰ্ম – Amazon prime
বেলজিয়াম, ফ্ৰান্স আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ সৈনিক ডানকাৰ্ক নামৰ টাউন এখনত আবদ্ধ হৈ আছে। তেওঁলোকক চাৰিওফালৰ পৰা বেৰি ৰাখিছে জাৰ্মান নাজী সেনাই। তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে চলোৱা যুঁজৰ আধাৰতে চলচ্চিত্ৰখনৰ কাহিনী।
ছিণ্ডলাৰ্চ লিষ্ট Schindler’s list (১৯৯৩)
পৰিচালক – ষ্টিভেন স্পিলবাৰ্গ Steven Spielberg
উপলব্ধ প্লেটফৰ্ম – Netflix
দ্বিতীয় বিশ্বযুদ্ধৰ মাজত জাৰ্মানী অধিকৃত পোলেণ্ডত অস্কাৰ ছিণ্ডলাৰ নামৰ উদ্যোগপতিজন তেওঁৰ ইহুদী কৰ্মচাৰীসকলৰ জীৱনক লৈ চিন্তিত হৈ পৰে। ইহুদীসকলৰ ওপৰত চলা জাৰ্মান দমন আৰু তেওঁলোকক নিশ্চিত মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ অস্কাৰে চলোৱা প্ৰচেষ্টাৰ মাজতে গতি কৰে কাহিনীয়ে।
ফ্যুৰি Fury (২০১৪)
পৰিচালক – ডেভিদ আয়াৰ David Ayer
উপলব্ধ প্লেটফৰ্ম – Netflix
১৯৪৫ চনৰ জাৰ্মানীক ভেদিবলৈ সংযুক্ত বাহিনী (Allied Forces) ৰ সৈনিকসকলে আপ্রাণ চেষ্টাত নামিছে। তেনে অৱস্থাত নাজী জাৰ্মানীৰ মাজেৰে যুঁজি আগুৱাই যোৱা ‘ৱাৰদাদ্দি’ নামৰ টেংক কমাণ্ডাৰজন আৰু তেওঁৰ সৈনিক পলটনৰ সাহসী যাত্ৰাৰ কাহিনী চিত্রায়িত হৈছে চিনেমাখনত।
দ্যা গ্ৰেট এস্কেপ The Great Escape (১৯৬৩)
পৰিচালক – জন ষ্টাৰ্গচ John Sturges
উপলব্ধ প্লেটফৰ্ম – Amazon prime নাজী জেলৰ পৰা পলায়ন কৰা সংযুক্ত বাহিনীৰ কিছু সৈনিকক পুনৰ বন্দী কৰি এক বিশেষ পলায়ন ৰোধ কৰিব পৰা জেলত ৰখা হৈছে। সেই শতাধিক বন্দী সৈনিকৰ সামূহিক চেষ্টাৰে জেলৰ পৰা পলায়ন কৰাৰ কৌশলী পদক্ষেপেই চিনেমাখনৰ মূল ভিত্তি।
দ্যা ইমিটেছন গেম The Imitation Game (২০১৪)
পৰিচালক – মৰ্টেন তীল্ডাম Morten Tyldum
উপলব্ধ প্লেটফৰ্ম – Netflix
দ্বিতীয় বিশ্বযুদ্ধত ব্রিটিছ গণিতজ্ঞ এলান ট্যুৰিঙে নানা সমস্যাৰ মাজেৰে আগুৱাই গৈ জাৰ্মান সেনাই বাৰ্তা পঠাবলৈ ব্যৱহাৰ কৰা এনিগমা (Enigma) ক’ড ভাঙিব পৰা এটি আধুনিক যন্ত্র তৈয়াৰ কৰে। তেওঁৰ আৱিস্কাৰৰ প্ৰভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ দিশ সলনি কৰি পেলায়।
চেভিং প্ৰাইভেট ৰায়ান Saving Private Ryan (১৯৯৮)
পৰিচালক – ষ্টিভেন স্পিলবাৰ্গ Steven Spielberg
উপলব্ধ প্লেটফৰ্ম – Netflix
প্ৰাইভেট জেমছ ৰায়ানৰ তিনি ভাতৃ ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধত নিহত হৈছে। বিখ্যাত নৰ্মান্দি আক্ৰমণত অংশ লোৱা কেপ্টেইন জন মিলাৰ আৰু তেওঁৰ সৈনিক দলটোৰ ওপৰত যুদ্ধত নিখোঁজ হোৱা প্ৰাইভেট জেমছ ৰায়ানক বিচাৰি উলিওৱাৰ দায়িত্ব আহি পৰে।
জ’জ’ ৰেবিট Jojo Rabbit (২০১৯)
পৰিচালক – তাইকা ৱাইটিটি Taika Waititi
উপলব্ধ প্লেটফৰ্ম – Disney+Hotstar
দ্বিতীয় বিশ্বযুদ্ধৰ মাজত, জ’জ’ নামৰ এটি অকলশৰীয়া জাৰ্মান কিশোৰে হঠাৎ এদিন জানিবলৈ পাই যে তেওঁৰ মাতৃয়ে ঘৰৰ গোপন কোঠাত এজনী ইহুদী ছোৱালীক আশ্ৰয় দি আছে। কাল্পনিক বন্ধু এডল্ফ হিটলাৰৰ পৰামৰ্শ আৰু নিজৰ অন্তৰ্বিবেকৰ মাজৰ যুদ্ধত কিংকর্তব্যবিমুঢ় হৈ পৰে জ’জ’।
এ হিডেন লাইফ A hidden life (২০১৯)
পৰিচালক – তেৰেন্স মালিক Terrence Malick
উপলব্ধ প্লেটফৰ্ম – Disney+Hotstar
ফ্ৰাঞ্জ নামৰ অষ্ট্ৰিয়াৰ খেতিয়কজনে দ্বিতীয় বিশ্বযুদ্ধত নাজী সেনাৰ হৈ যুদ্ধ কৰিবলৈ অমান্তি হোৱাত তেওঁৰ ওপৰত প্ৰাণৰ ভাবুকি আহি পৰে। ৰাষ্ট্ৰদ্ৰোহৰ দৰে গম্ভীৰ অভিযোগ মূৰত লৈ তেওঁৰ পত্নী আৰু ল’ৰা-ছোৱালীৰ প্ৰেমৰ বলত নিজৰ সিদ্ধান্তত দৃঢ় হৈ থিয় ৰোৱা সামান্য খেতিয়কজনৰ জীৱনৰ ওপৰত এই সুন্দৰ কাহিনী ।
দ্যা ৰেচিষ্টেঞ্চ বেংকাৰ The Resistance Banker (২০১৮)
পৰিচালক – জোৰাম লুৰ্চেন Joram Lursen
উপলব্ধ প্লেটফৰ্ম – Netflix
নাজী যুদ্ধ প্ৰণালীৰ কাৰ্যত বাধা দিবলৈ নানা চেষ্টা চলাই থকা বিদ্ৰোহী গোটসমূহক আৰ্থিকভাৱে সহায় কৰিবলৈ আমষ্টাৰডামস্থিত বেংকাৰ এজনে নিজৰ জীৱন আৰু পৰিয়ালৰ জীৱনক বিপদত পেলাই এটি গোপনীয় বেংক স্থাপন কৰে । প্ৰচেষ্টা সফল হয় নে নহয় তাক লৈয়ে চিনেমাখন।
