কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা (১৯০৯-১৯৬৯)। অসমক ধন্য কৰা এক বিৰল প্রতিভাধৰ ব্যক্তি। খেতিৰ পথাৰৰ পৰা সংস্কৃতি-ৰাজনীতিৰ পথাৰলৈ যাৰ পৰশে আমাক মহীয়ান কৰি গৈছে, সেই গৰাকী ব্যক্তিৰ আজি মৃত্যু বার্ষিকী ‘বিষ্ণু ৰাভা দিৱস’ উপলক্ষে চিনেকথাৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছো ‘চিনেমাৰ জগতত বিষ্ণু ৰাভা’ শীর্ষক দহোটি তথ্যৰ কৰণি –
১. বিষ্ণুপ্রসাদ ৰাভাই চলচ্চিত্র নির্মাণৰ বাবে আগ্রহ প্রকাশ কৰি ১৯৩১ চনত কলিকতাৰ ভবানীপুৰত মনিৰায় নামৰ এজন ব্যক্তিৰ সহযোগত এটি ফিল্ম কোম্পানীও খুলিছিল, নামটো আছিল Agro Pictures Corporation. কোম্পানীটোৰ সম্পর্কত ৰাভাদেৱে লিখিছিল – “কোঠালি এটাত ধুনীয়া চেয়াৰ টেবিল। বাহিৰত জকমকীয়া ‘চাইনবোর্ড’,- Agro Pictures Corporation; আমাৰে গঢ়া। “আগ্রো পিকছার্ছ কর্পোৰেচন” মই অকল নহওঁ, -লগতে তিনিজন লগৰীয়াও – তিনিও বঙালী। আমি চাৰিজন। কর্পোৰেচনৰ ঘাই গৰাকী, মুধা ফুটা স্ব: ৰাজেন বৰুৱা (পাছত ‘জয়মতী’ বোলছবিৰ সহকাৰী পৰিচালক), শ্রীপ্রভাত শর্মা(নাট্যকাৰ) প্রমুখ্যে আন আন অসমীয়া বান্ধৈসকলে মাজে মাজে উছাহ দিয়ে।”
২. ১৯৩৩ চনৰ কথা। অসমৰ প্রথম চিনেমা ‘জয়মতী’ৰ প্রস্তুতি চলি আছে। জ্যোতিপ্রসাদ আগৰৱালাই মাকন দত্ত নামৰ কিশোৰী এগৰাকীক স্বর্গজ্যোতি নাম দি বিষ্ণুপ্রসাদ ৰাভাৰ হাতত অর্পণ কৰে, উদ্দেশ্য- স্বর্গজ্যোতিক গীত-নৃত্যৰ শিক্ষা দি জয়মতীৰ ‘ডালিমী’ চৰিত্রটিৰ বাবে সাজু কৰি তুলিব লাগে। কথা মতেই কাম, ৰাভাদেৱৰ তত্বাৱধানত মাকনৰ পৰা পৰা স্বর্গজ্যোতি হোৱা কিশোৰী গৰাকীয়ে ‘ডালিমী’ চৰিত্রটি জীয়াই তুলিলে।
৩. ‘জয়মতী’ চিনেমাৰ সংগীত, সংলাপ, চিত্রনাট্য, প্রযোজনা, পৰিচালনা প্রায়বোৰ দিশ জ্যোতিপ্রসাদ আগৰৱালাই অকলেই চম্ভালি লৈছিল। জ্যোতিপ্রসাদ আগৰৱালাৰ আমন্ত্রণক্রমে বিষ্ণু ৰাভাই নেপথ্যত ৰৈয়েই বহুকেইটা কাম কৰিছিল। তাৰ ভিতৰত ‘জয়মতী’ৰ প্রথম দৃশ্য দুটাৰ চিত্রনাট্য প্রস্তুত কৰিছিল ৰাভাদেৱে। ইয়াৰোপৰি বিষ্ণু ৰাভাই দেখুওৱা বিভিন্ন নৃত্যক আধাৰ কৰিয়েই ‘জয়মতী’ চিনেমাত ‘জাপি নাচ’ নামেৰে এক নতুন নাচৰ সংযোজন কৰিছিল ৰূপকোঁৱৰে।
৪) ১৯৪১ চনত মুক্তিপ্রাপ্ত অসমৰ তৃতীয়খন চিনেমা ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’ত নৃত্য পৰিচালক হিচাবে দায়িত্ব পালন কৰিছিল বিষ্ণু ৰাভাই। উল্লেখ্য যে, এই চিনেমাত কাম কৰি থাকোতেই কলিকতাত লগ পাইছিল ৰাভাৰ সাংস্কৃতিক-ৰাজনৈতিক জীৱনত যথেষ্ট অৱদান থকা গুৱাহাটীৰ শিল্পী অভিনেত্রী নিৰূপমা দেৱীক (পাছলৈ ছিৰাজ, মা কামাখ্যা চিনেমাতো অভিনয় কৰিছিল)।
৫) দেশপ্রাণ লক্ষীধৰ শর্মাৰ গল্পৰ আধাৰত ফণী শর্মা-বিষ্ণুপ্রসাদ ৰাভাই যুটীয়া ভাৱে চিত্রনাট্য প্রস্তুত কৰাৰ লগতে পৰিচালনাও কৰিছিল ১৯৪৮ চনৰ ‘ছিৰাজ’ ছবিখন। এই চিনেমাখনত মুখ্য সংগীত পৰিচালকৰো দায়িত্ব পালন কৰা ৰাভাদেৱক সহযোগী সংগীত পৰিচালক হিচাবে ড: ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচার্যই সহযোগিতা আগবঢ়াইছিল। ৰাভাদেৱৰ চিনে জীৱনত ‘ছিৰাজ’ৰ আন উল্লেখনীয় কথা হ’ল যে, ‘ছিৰাজ’ত অনিলৰ মোমায়েকৰ চৰিত্রটি তেখেতে ৰূপায়ণ কৰিছিল। অৱশ্যে ‘ছিৰাজ’ নাটক হিচাবে মঞ্চস্থ হওতে তেখেতে ৰূপায়ণ কৰা লগুৱা ‘আঘোণা’ৰ চৰিত্রটিৰ কথা সেই সময়ত উচ্চ প্রশংসিত হৈছিল।
৬) এখন ৰেডিঅ’ নাটকৰ আধাৰত ১৯৫৬ চনত নির্মাণ কৰা ড: ভূপেন হাজৰিকা পৰিচালিত প্রথম ছবি ‘এৰাবাটৰ সুৰ’। বি.পি. ফিল্মছৰ বেনাৰৰ এই ছবিখনৰ বিষ্ণুপ্রসাদ ৰাভা আছিল উপদেষ্টা স্বৰূপ। তেখেতে ‘ভজলুংকা’ নামেৰে এটি সাধাৰণ কৃষকৰ চৰিত্রতো ভূমুকি মাৰিছিল। কম সময়ৰ সেই চৰিত্রটিৰে পথাৰৰ বোকা গছকি আঁতৰেৰে পাৰ হৈ যোৱা হাৰাণক (ফণী শর্মা) মাতি উলাহেৰে নচা, ‘জনকপুৰৰ জানকীয়ে’ গীতৰ দৃশ্যাংশত মাদল লৈ নচা আৰু বড়োসকলৰ চের্জা বা চাৰিণ্ডা বজোৱা আদি নানা উপকৰণেৰে স্মৰণীয় কৰি তুলিবলৈ সক্ষম হৈছিল।
৭) ড: ভূপেন হাজৰিকাৰ আন এখন ছবি ‘প্রতিধ্বনি’ত (ছবিখন ‘কা শ্বৰাতি’ নামেৰে খাছি ভাষাতো নির্মাণ কৰা হৈছিল) এগৰাকী খাছি ছিয়েম (ৰজা বা গুৰিয়াল)ৰ এটি জটিল চৰিত্রত সাৱলীল অভিনয় কৰিছিল ৰাভাদেৱে। তেখেতৰ জীৱন্ত অভিনয় চাই খাছি জনসাধাৰণো বিস্মিত হৈছিল। নিৰোদ চৌধুৰীৰ ভাষাত- বিষ্ণু ৰাভাৰ অভিনয় জীৱনৰ শ্রেষ্ঠতম ছবি আছিল ‘প্রতিধ্বনি’।

৮) ড: ভূপেন হাজৰিকাৰ এখন অগতানুগতিক তথা তেখেতৰ পৰিচালিত একমাত্র বাংলা ছবি হ’ল ‘মাহুত বন্ধুৰে’। অবিভক্ত গোৱালপাৰাৰ হাতী আৰু হাতী মাউতৰ জীৱনাধাৰিত চিনেমাখনত এজন জনজাতীয় মাউতৰ চৰিত্রত মর্মস্পর্শী অভিনয় কৰিছিল কলাগুৰুৱে।
৯) ১৯৮১ চনত কার্বি ভাষাৰ প্রথমখন কথাছবি নির্মাণ কৰা হৈছিল, নাম- ‘ৰিত্ আং তং’। পৰিচালক আছিল প্রফুল্ল শইকীয়া। এই চিনেমাখনত কলাগুৰু বিষ্ণু ৰাভাৰ দ্বাৰা ৰচিত প্রথমটি গীত ‘নাহৰ ফুলে নুশুৱায়’ক কার্বি ভাষালৈ ভাৱান্তৰ কৰি সংগীত পৰিচালক ড: ভূপেন হাজৰিকাই অন্তর্ভুক্ত কৰিছিল। ছামচিং হান্সেই ভাবান্তৰ কৰা উক্ত ‘নাহৰ আমি ছিলন দি’ শীর্ষক গীতটিত কণ্ঠদান কৰিছিল ড: ভূপেন হাজৰিকা আৰু কাদম তেৰাংপী শইকীয়াই।
১০) বিষ্ণুপ্রসাদ ৰাভাৰ গীত (ৰাভা সংগীত) ব্যৱহৃত আন এখন চিনেমা হৈছে মঞ্জু বৰাৰ ‘লাজ’ (২০০৪)। অৰুণ গোস্বামীৰ ‘মাছমৰীয়া ছোৱালীৰ লাজ’ গল্পৰ আলমত নির্মিত চিনেমাখনৰ মূল চৰিত্র ‘ইলা’ৰ ড্রীম চিকুৱেঞ্চত ৰাভাদেৱৰ ৰচিত “আজলী ছোৱালী নানা ফুলে তুলি” গীতটি চিত্রায়ণ কৰা হৈছে। গীতটোত কণ্ঠদান কৰিছে চিনেমাখনৰ সংগীত পৰিচালক তৰালি শর্মাই নিজে। উল্লেখ্য যে, চিনেমাখনৰ প্রথমার্দ্ধতো একেটি গীতেই এটি কণমাণিৰ মুখেৰে সংলাপৰ মাজত উদ্ধৃত কৰা হৈছে।

