চিনেকথা ১০

নব্বৈ দশকৰ ১০ খন হলিউড ক্লাছিকচ

১. ছিণ্ডলাৰ্ছ লিষ্ট (Schindler’s List)

মুক্তি : ১৯৯৩

পৰিচালক : ষ্টিভেন স্পিলবাৰ্গ

প্লেটফৰ্ম : নেটফ্লিক্স

দ্বিতীয় বিশ্বযুদ্ধৰ কালত জাৰ্মানী অধিকৃত পোলেণ্ডত অস্কাৰ ছিণ্ডলাৰ নামৰ উদ্যোগপতিজন তেওঁৰ ইহুদী কৰ্মচাৰীসকলৰ জীৱনক লৈ চিন্তিত হৈ পৰে। ইহুদীসকলৰ ওপৰত চলা জাৰ্মান দমন আৰু তেওঁলোকক নিশ্চিত মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ অস্কাৰে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত এই কাহিনী। অন্যায় আৰু দমনৰ বিৰুদ্ধে এজন অকলশৰীয়া ব্যক্তিয়ে সাহসীভাৱে থিয় দিয়া এক হৃদয়স্পৰ্শী সত্য কাহিনীৰ ওপৰত এই বিৰল চলচ্চিত্ৰখন।

২. গুডফেল্লাছ্ (Goodfellas)

মুক্তি : ১৯৯০

পৰিচালক : মাৰ্টিন স্কৰ্চেচি

প্লেটফৰ্ম : নেটফ্লিক্স (Netflix)

প্ৰখ্যাত পৰিচালক মাৰ্টিন স্কৰ্চেচিৰ ‘গুডফেল্লাছ’- মব (mob) আৰু গেংষ্টাৰ চিনেমাৰ এক অন্যতম স্বাক্ষৰ। বন্ধু জিম্মী আৰু তম্মীৰ সহযোগত নিউইয়ৰ্ক চহৰৰ সৰু অপৰাধীৰ পৰা গৈ শেষত এজন প্ৰতিষ্ঠিত গেংষ্টাৰ হোৱা কাহিনীটোৰ নায়ক হেনৰী হিল। অন্য সমকালীন চলচ্চিত্ৰবোৰৰ দৰে গেংষ্টাৰ জীৱনৰ তথ্যবোৰক আকৰ্ষণীয় ৰূপত উপস্থাপন আৰু ৰমন্যাসিক (romanticize) কৰাৰ বিপৰীতে পৰিচালকে দর্শকৰ মুখত মুকলি কৰি দিছে বাস্তৱত গেংগষ্টাৰৰ জীৱনত অন্তৰ্নিহিত বিকৃততা আৰু কুৰূপতাৰ দিশ। অভিনয়ত আছে ৰবাৰ্ট দি নীৰো (Robert De Niro), ৰে লীয়ত্তা (Ray Liotta) আৰু জো পেশ্চি (Joe Pesci) দৰে বিখ্যাত অভিনেতা।

৩. ফৰেষ্ট গাম্প (Forrest Gump)

মুক্তি: ১৯৯৪

পৰিচালক : ৰবাৰ্ট জেমেকিছ 

প্লেটফৰ্ম : নেটফ্লিক্স আৰু গুগল প্লে মুভিজ (Netflix and Google Play Movies)

১৯৮৬ চনত প্ৰকাশিত উইনষ্টন গ্ৰূম ৰচিত একে নামৰ উপন্যাসখনৰ ওপৰত ভিত্তি কৰি বনোৱা ‘ফৰেষ্ট গাম্প’ কিম্বদন্তি অভিনেতা টম হেংকচৰ (Tom Hanks) কেৰিয়াৰৰ সবাতোকৈ বিখ্যাত চলচ্চিত্ৰ। কাহিনীটো আলাবামা চহৰৰ মানসিকভাবে বাধাগ্ৰস্ত ফৰেষ্ট গাম্পৰ। জীৱনৰ কেইটামান দশক সামৰি লোৱা এই বিৰল কাহিনীটোত ফৰেষ্ট অজানিতে আৰু অনিচ্ছাকৃতভাৱে বিংশ শতিকাৰ আমেৰিকান ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰৰ মাজত সোমাই পৰে আৰু লগতে তেওঁ ইতিহাসৰ এই পৃষ্ঠাবোৰত নিজৰ চিহ্ন এৰিবলৈও সক্ষম হয়। হাঁহি আৰু কান্দোনৰ মাজেৰে যোৱা ফৰেষ্টৰ এই বিৰল যাত্ৰাই চিনেমাৰ যাদু আচলতে কি তাৰ সাক্ষী হোৱাৰ সুযোগ দৰ্শকক দিয়ে।

৪. টাইটানিক (Titanic)

মুক্তি : ১৯৯৭

পৰিচালক : জেমছ কেমেৰুন 

প্লেটফৰ্ম : ডিজনী+হটষ্টাৰ (Disney+Hotstar)

হলিউডৰ সবাতোকৈ সফল চলচ্চিত্ৰ সমূহৰ মাজত টাইটানিক অন্যতম। মুক্তিৰ সময়ত এক ধুমুহাৰ সৃষ্টি কৰিছিল চলচ্চিত্ৰখনে। ৰোজ (Rose) নামৰ ১০০ বছৰীয়া মহিলাগৰাকীয়ে ১৯১২ চনত ধ্বংসপ্রাপ্ত টাইটানিক নামৰ প্ৰকাণ্ড জাহাজখনত কটোৱা তেওঁৰ জীৱনৰ ক্ষন্তেকীয়া অথচ চিৰস্মৰণীয় যাত্ৰা এটি ৰোমন্থন কৰিছে। টাইটানিক এক প্ৰেম কাহিনী; আর্থিকভাৱে পিছপৰা শিল্পী জেক আৰু সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী ৰোজৰ। সচাঁ ইতিহাস আৰু কল্পনা মিশ্রিত কাহিনীৰে চলচ্চিত্ৰখন ইমানেই জনপ্রিয় হৈছিল যে লিঅ’নাৰ্ডো ডিকাপ্ৰিঅ’ (জেক) আৰু কেট উইন্সলেট (ৰোজ) গ্রাম্যাঞ্চল পর্যন্ত চিনাকি নাম হৈ পৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো চিনেমাখনৰ কাহিনী নাটক হিচাবে প্রদর্শন কৰা হৈছিল।

৫. দা শ্ব’ছেংক ৰিদেম্পছন (The Shawshank Redemption)

মুক্তি : ১৯৯৪

পৰিচালক : ফ্ৰেংক দাৰাবন্ত

প্লেটফৰ্ম : নেটফ্লিক্স (Netflix)

পত্নী আৰু পত্নীৰ প্ৰেমিকৰ হত্যাৰ গোচৰত ভুলকৈ দোষী সাব্যস্ত হৈ শ্ব’ছেংক নামৰ জেলখনত যাৱজ্জীৱন কাৰাদণ্ড কটাই থকা এন্দী দুফ্রাইন নামৰ বেংকৰ কৰ্মচাৰীজনৰ জীৱনৰ ওপৰত এই কাহিনী। জেলৰ যন্ত্ৰণাপূৰ্ণ বাতাবৰণৰ মাজতো এক মৰ্যদাপূৰ্ণ জীৱন অতিবাহিত কৰিবলৈ সক্ষম হোৱা এজন সৰল ব্যক্তিৰ জীৱনৰ দস্তাবেজ। জেলৰ দমনীয় ব্যৱস্থাৰ মাজতো আশাবোৰ জীয়াই ৰাখিবলৈ এন্দী আৰু ৰেড নামৰ তেওঁৰ বন্ধুজনে কৰা নানা বিৰল প্ৰচেষ্টাসমূহ চিত্রায়িত হৈছে চিনেমাখনত। মুক্তিৰ সময়ত দৰ্শকৰ পৰা বিশেষ সঁহাৰি নাপালেও, পাছলৈ চলচ্চিত্ৰখন আমেৰিকান চিনেমাৰ শ্রেষ্ঠ চলচ্চিত্ৰ সমূহৰ মাজত নিজৰ স্থান সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।

৬. পাল্প ফিকছন (Pulp Fiction)

মুক্তি : ১৯৯৪

পৰিচালক : কোৱেনটিন টেৰেন্টিন’

প্লেটফৰ্ম : নেটফ্লিক্স (Netflix)

বৰ্তমান কালৰ চিনেমা প্ৰেমীসকলৰ মাজত এটি জনপ্ৰিয় নাম কোৱেনটিন টেৰেন্টিন’ । তেওঁৰ চিনেমাবোৰ বিখ্যাত পৰিচালনাৰ বিশেষ শৈলীৰ বাবে। ৰংচঙীয়া প্ৰণালীৰে হিংসাৰ যি উপস্থাপন টেৰেন্টিন’ৰ চিনেমাত পোৱা যায় সেইয়া বৰ্তমানৰ অন্য পৰিচালকৰ চিনেমাত পোৱা টান। কাঁ চিনেমা মহোৎসৱৰ সর্বশ্রেষ্ঠ পুৰস্কাৰ পোৱা এই চলচ্চিত্ৰখন টেৰেন্টিন’ৰ কেৰিয়াৰৰ অন্যতম কৃতিত্ব। চলচ্চিত্ৰখনৰ সংৰচনা পৰম্পৰাগত পদ্ধতিৰ পৰা ভিন্ন। জুলছ উইনফিল্ড আৰু ভিনচেন্ট ভেগা দুজন হিটমেন। দুয়োৰে মালিক মৰ্চেল্লাছ ৱালেচে তেওঁলোকক চুৰি হোৱা এটি চুইটকেছ উদ্ধাৰ কৰি অনাৰ দায়িত্ব দিছে। ভিনচেন্টৰ ওপৰত আৰু এটা দায়িত্ব – ৱালেচ কেইদিনমানৰ কাৰণে বাহিৰলৈ যাওঁতে তেওঁ ৱালেচৰ পত্নী মীয়াক বিনোদন যোগাব লাগিব। তেওঁলোকৰ জীৱন কেনেদৰে হাস্যজনক ভাবে আন কিছুমান চৰিত্ৰ লগত সাঙোৰ খাই পৰে তাৰেই অদ্ভূত আৰু আচহুৱা কাহিনী পাল্প ফিকছন।

৭. জুৰাচিক পাৰ্ক (Jurassic park)

মুক্তি : ১৯৯৩

পৰিচালক : ষ্টিভেন স্পিলবাৰ্গ

 প্লেটফৰ্ম : আমাজন প্ৰাইম (Amazon Prime)

কল্প বিজ্ঞানৰ সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্ৰ সমূহৰ তালিকাত জুৰাচিক পাৰ্ক অন্যতম। মুক্তি পোৱাৰ পৰাই পৰিচালক স্পিলবাৰ্গৰ এই ছবিখনে আমেৰিকা তথা সমগ্র বিশ্বতে খলকনিৰ সৃষ্টি কৰিছিল। জন হেম্মণ্ড নামৰ ব্যৱসায়ী জনে জিন বৈজ্ঞানিকৰ (genetic scientists) সহায়ত ক্লন কৰি বিলুপ্ত হোৱা ডাইনছৰ পুনৰ জীৱিত কৰিবলৈ সক্ষম হয়। ডাইনছৰ সমূহক তেওঁ ৰাখে জুৰাচিক নামৰ বন্যপ্ৰাণী উদ্যানখনত। কিন্তু সুৰক্ষা ব্যৱস্থা অনিয়ন্ত্রিত হোৱা ফলত হেম্মণ্ড আৰু কাহিনীৰ আন চৰিত্রসমূহৰ জীৱন বিপদসংকুল অৱস্থাৰ গ্রাসত পৰে।

৮. দা মেট্ৰিকচ (The Matrix)

মুক্তি : ১৯৯৯

পৰিচালক : লানা ৱাচোৱস্কী আৰু লিলি ৱাচোৱস্কী

প্লেটফৰ্ম : আমাজন প্ৰাইম (Amazon Prime)

মেট্ৰিকচ ত্ৰিলজী ৰূপে বিখ্যাত তিনিখন ৰোমাঞ্চকৰ চলচ্চিত্ৰৰ প্ৰথম খন ‘দা মেট্ৰিকচ’ । এক্সনধর্মী চিনেমাৰ ৰূপ সলনি কৰা এই চলচ্চিত্ৰখনৰ পৰাই পোন প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত “বুল্লেত টাইম” (Bullet Time) দৰে স্পেচিয়েল ইফেক্ট ব্যৱহাৰ কৰা হৈছিল। কাহিনীটো থমাছ এণ্ডাৰছন নামৰ কম্পিউটাৰ প্ৰগ্ৰেম্মাৰ জনৰ। ‘নিউ’ নামৰ নিজৰ হেকাৰ (hacker) ৰূপত তেওঁ মেচিন সমূহৰ বিৰুদ্ধে চলি থকা এক বিদ্ৰোহৰ ভাগ হৈ পৰে আৰু তাৰ মাজেৰেই গতি কৰে চিনেমাৰ কাহিনীভাগ।

৯. ফাইট ক্লাব (Fight Club)

মুক্তি : ১৯৯৯  

পৰিচালক : ডেভিদ ফিঞ্চাৰ

প্লেটফৰ্ম : আমাজন প্ৰাইম (Amazon Prime)

পুঁজিবাদী সমাজ ব্য‌ৱস্থাৰ প্ৰতিষ্ঠিত জীৱনশৈলীক লৈ বিতুষ্ট হোৱাৰ ফলশ্রুতিত নিদ্ৰাহীনতাত ভোগা কাহিনীটোৰ অনামি ভাষ্যকাৰজনে (narrator) টাইলাৰ ডাৰ্দেন নামৰ চাবোন বিক্ৰেতাজনৰ লগলাগি এটা গোপন ফাইট ক্লাব খোলে। কিন্তু লাহে লাহে আমাৰ কাহিনীৰ ভাষ্যকাৰজনে জানিবলৈ পায় যে ফাইট ক্লাব আৰম্ভ কৰাৰ আঁৰত টাইলাৰৰ অন্য এক ৰহস্য লুকাই আছে। চিনেমাখনৰ মূল চৰিত্রত অভিনয় কৰিছে ব্ৰেড পিট আৰু এডৱাৰ্ড নৰটনে। 

১০. ছেভেন (Seven)

মুক্তি : ১৯৯৫

পৰিচালক : ডেভিদ ফিঞ্চাৰ

প্লেটফৰ্ম : নেটফ্লিক্স (Netflix)

খ্ৰীষ্টান ধৰ্মৰ মতে ৭ বিধ মাৰাত্মক পাপ থাকে। সেই পাপবোৰক প্ৰেৰণা স্বৰূপে লৈ এজন ধাৰাবাহিক হত্যাকাৰীয়ে পুলিচ বিভাগক হাৰাশাস্তি কৰিছে। নৰহত্যা সমূহৰ অনুসন্ধান কৰাৰ দায়িত্বত দুজন ডিটেক্টিভ- ডেভিদ মিলছ আৰু উইলিয়াম চমাৰ্চেট। হত্যাকাৰীৰ কাৰ্য্য প্ৰণালী বুজিবলৈ হ’লে তেওঁলোকে অধ্যয়ন কৰিব লাগিব ৭ বিধ মাৰাত্মক পাপৰ বিষয়ে। থ্ৰিলাৰ চিনেমাৰ এক আদৰ্শ স্বৰূপে দাঙি ধৰা হয় চলচ্চিত্ৰখনক। বিচলিত কৰিব পৰা Twist আৰু অতি কৌশলপূর্ণ ভাৱে গঢ়া উৎকণ্ঠাই চিনেমাখনৰ মাজত দর্শকক আবদ্ধ কৰি ৰাখিব পৰাকৈ শক্তিশালী ইয়াৰ উপস্থাপন। 

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.4 / 5. ভোট : 93

1 Comment

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!