চিনেকথা ১০

নৱকান্ত বৰুৱাদেৱ ৰচিত অসমীয়া চিনেমাৰ ১০ টি স্মৰণীয় গীত


১. কোনে আজি আবেলি 

চিনেমা: মুকুতা (১৯৭০)

কণ্ঠ: দ্বীপেন বৰুৱা, অনিমা চৌধুৰী, ভন্টী বৰুৱা, ৰিণিকি বৰুৱা

সংগীত: ৰমেন বৰুৱা

কোনে আজি আবেলি
মৰম নিলেহি তুলি
এই বেলুনেই, ৰঙা বেলুনেই
দূৰণিৰ মেঘলৈ, আকাশৰ বুকুলৈ
 
 
তেনে বেলুনত উঠি জোনলৈ ওলোৱা
জোনৰে পিঠিতে তবলা বজোৱা
বাৰু যাম এতিয়াই
পিকনিক খাম এতিয়াই
তোমাৰে বেলুনটি ডাঙৰকৈ ফোলোৱা
 
নামি আহিবা কেনেকৈ?
মনত পৰিলে ঘৰলৈ
এই মাটিয়ে টানি আনিব
মায়া জৰীৰে আকৌ গাঁঠি লৈ
 
সৌ আকাশে যদি তৰাৰে ফুলৰে
জিলিকা পাপৰি দিয়েহি চটিয়াই
 
আমি বনফুলৰে চিনাকি সুৰভি
আকাশৰ পিনলৈ দিম যে উৰুৱাই
এতিয়া গুণগুণাব ক’ৰেনো মৌ-মাখি
 
আমি নেজানোঁ, আমি নেজানোঁ
ময়ো নেজানোঁ, কোনেও নেজানে

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 115

Pages: 1 2 3 4 5 6 7 8 9 10

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!