চিনেকথা ১০

নৱকান্ত বৰুৱাদেৱ ৰচিত অসমীয়া চিনেমাৰ ১০ টি স্মৰণীয় গীত

২. ধূলিৰ কণাৰ কাৰণে আকাশ নীলা

চিনেমা: পৰিণাম (১৯৭৪)

কণ্ঠ: দ্বীপেন বৰুৱা

সংগীত: ৰমেন বৰুৱা

ধূলিৰ কণাৰ কাৰণে আকাশ নীলা 
ধূলিৰ বাবেই মেঘে মেঘে এই লীলা। 
ধূলিৰে কুঁৱলি ফাগুনৰ চিঠি 
গছে পাতে আছে মেলা 
যি মণি পৰে সৰি
আঙুলিৰে ফাঁকে ফাঁকে 
যি তৰাই দিয়ে ঢাকি 
ধূলিৰ মেঘে মেঘে 
হেৰুৱা দিন। 
স্মৃতিৰ ধূলিৰে 
খেলে লুকা ভাকু খেলা। 
কত অশ্রু কত হাঁহি 
ধূলিয়ে সাবটি ল’লে
তাৰ স’তে কোন স’তে
সপোন খেলা খেলে।
তাকে গণি গণি কটাব পাৰিলে
জীৱনৰ যত বেলা
ধূলিৰ বাবেই মেঘে মেঘে এই নীলা
ধূলিৰ কণাৰ কাৰণে আকাশ নীলা 
ধূলিৰ বাবে মেঘে মেঘে এই লীলা

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 117

Pages: 1 2 3 4 5 6 7 8 9 10

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!