চিনেকথা ১০

নৱকান্ত বৰুৱাদেৱ ৰচিত অসমীয়া চিনেমাৰ ১০ টি স্মৰণীয় গীত

৩. এখন নেদেখা নদীৰ সিপাৰে

চিনেমা: মুকুতা (১৯৭০)

কণ্ঠ: দ্বীপেন বৰুৱা

সংগীত: ৰমেন বৰুৱা

এখন নেদেখা নদীৰ সিপাৰে
ফুলিছে হাঁহিৰ শেৱালি,
মই চাই থাকো ইপাৰৰ পৰা
নোৱাৰো আনিব বুটলি
 
সপোন সূতাৰে গাঁথিব নোৱাৰি
দিঠক ফুলৰ মালা
আশাৰ ফুলৰ বনত কেৱল
ভুলৰ হুলৰ খেলা
মোৰ পদূলি যে এন্ধাৰে ভৰা
দূৰত দেখিছোঁ দেৱালী
 
আজি পাৰ হৈ দেখিলো এন্ধাৰ
প্ৰদীপ নুঠেযে জ্বলি,
ফুলৰ ৰেণুৰ লগত মিহলি
পুৰণি বাটৰ ধূলি
চিনাকি সুৰভি বিচাৰি বিচাৰি
মিছাতে আকাশ ধিয়ালি

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 117

Pages: 1 2 3 4 5 6 7 8 9 10

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!