চিনেকথা ১০

নৱকান্ত বৰুৱাদেৱ ৰচিত অসমীয়া চিনেমাৰ ১০ টি স্মৰণীয় গীত

৪. বক উৰি পখিলাটি

চিনেমা: ইটো সিটো বহুতো (১৯৬৩)

কণ্ঠ: ব্রজেন বৰুৱা, শৰদিন্দু দাশগুপ্ত

সংগীত: ব্রজেন বৰুৱা

বক্ উৰি পখিলাটি
বগা ক'লা পাখি মেলি
তাৰ কথা ভাবি গুণি কিনোবা কৰিম।
এটি দুটি কৰি যাব বছৰ ঘূৰি
উৰহীৰ ওৰ জানো পাবা বিচাৰি
মিছা মিছি হুৱা দুৱা
জীৱনটো কেৱল জুৱা
হৰতন চিৰিতন টেক্কা গোলাম।
যদি দুখ লাগে কেতিয়াবা
হাঁহি অলপ ছটিয়াবা
জীৱনৰ ক'লা ৰং হাঁহিৰে বোলাম।।
তুমি এটি ফুল কলি বোটম হ'লৰ
নেলাগে জ্বলাব চাকি তুলসী তলৰ
এন্ধাৰ ঘৰ দুৱাৰ মেলি
দেখা পাবা চোতাল ভৰি
উৰি অহা ক'লা ছাই পপীয়া তৰাৰ।
সেই চোতাল ধূলি আনি
ঢালি অলপ চকুপানী
জীৱনৰ খেলা ঘৰৰ পুতলা সজাম।।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 117

Pages: 1 2 3 4 5 6 7 8 9 10

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!