৫. মন মোৰ চম্পাকলি
চিনেমা: ইটো সিটো বহুতো (১৯৬৩)
সংগীত: ব্রজেন বৰুৱা
মন মোৰ চম্পাকলি উন্মুখ অন্তৰ খুলি সানিলে তন্দ্রাৰ মায়া জোন চেচাঁ এই গধূলি। সোণ পৰি জিলিকা নিশা শুনি গুণ গুণ তৰাৰ ভাষা তোমাৰেই অন্তৰ ভৰি (মোৰ) সুৰভি দিলো ঢালি।। শুকতৰা সৌ পৰে ঢলি মৰম মোহনীয়া জোনাকৰ হিম পৰে গলি। তাৰ বাবে মোৰ পাপৰি স্বপ্নৰ মায়াজাল তৰি ৰ'ব যেন অনন্ত নিশা স্মৃতিৰ কণিকা বুটলি।
