চিনেকথা ১০

নৱকান্ত বৰুৱাদেৱ ৰচিত অসমীয়া চিনেমাৰ ১০ টি স্মৰণীয় গীত

৬. এই দুনিয়া এখন চিৰিয়াখানা

চিনেমা: বিভ্রাট (১৯৭২)

কণ্ঠ: ঋতুপর্ণ শর্মা, মঞ্জৰী বৰুৱা, মন্দিৰা শর্মা, আৰিফুন্নিছা পিয়াৰ, ভাৰতী পাঠক

সংগীত: মেল’ডিকা (ৰমেন চৌধুৰীৰ তত্বাৱধানত)

এই দুনিয়া এখন চিৰিয়াখানা
চকু মুদি থকা বাঘে গুজৰিলে ভয় যে লাগে
মনত পৰেহি মা-- দেউতাৰ মানা
এনেকৈয়ে দেউতায়ো যে-- খং উঠিলে
গুজৰি উঠে।
সৌৱা বান্দৰ মাহী, আছে দাঁত কৰচি
আমাৰ মাহীৰ দৰে দিয়ে ওকণি বাছি
জার্ছি পিন্ধা জেব্রাবোৰে--
খেলতকৈ ফাউলহে কৰে
উট চৰায়ে ৰেফাৰী হৈ কয় না-- না ।।
জালে ঘেৰা আকাশতে
উৰে পখী উলাহতে
দেখি মনত বেজাৰ লাগে চকুলো ওলায়
আলসুৱা মৰমেৰে-- হিয়া ভৰা চেনেহেৰে
আলফুলে দিব খোজে আঙুলি বুলাই
আমাৰ মনত পৰে বন্ধ ক্লাছবোৰলৈ
খোলা এই আকাশত তলত বহি ভাবো
এই দুনিয়া এখন চিৰিয়াখানা
সকলোৰে জনা কথা আজি আকৌ
বুজি পালো।
এই দুনিয়া এখন চিৰিয়াখানা

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 117

Pages: 1 2 3 4 5 6 7 8 9 10

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!