৭. মন যদি নিদিলা
চিনেমা: পৰিণাম (১৯৭৪)
কণ্ঠ: দ্বীপেন বৰুৱা, নীলিমা খাতুন
সংগীত: ৰমেন বৰুৱা
মন যদি নিদিলা হৃদয় কিয় ভুলালা মিঠা মিঠা সপোনেৰে হিয়া মোৰ কঁপালা।। সপোন যে উৰণীয়া হৃদয় যে জুৰণীয়া উৰণীয়া পখিলাটি কিয় ধৰিছিলা।। মনৰে বনতে সৰিলে শেৱালি নিছিলা কিয়নো পুৱাতে বুটলি তাৰে মালা নাগাঁথিলে যে যাব মৰহি সেয়ে সপোনৰ খেলো চকুলো হাঁহি।। জীৱনে যেতিয়া নিজকে উজাৰি চিনাকি পৰশতে দিয়েহি সহাঁৰি সি একোকে নিবিচাৰে পোৱা নোপোৱাৰ মাথো সপোনকে দেখে নতুন পুৱাৰ।।
