চিনেকথা ১০

নৱকান্ত বৰুৱাদেৱ ৰচিত অসমীয়া চিনেমাৰ ১০ টি স্মৰণীয় গীত

৯. জীৱনৰ এই সাঁকোত কিয়নো

চিনেমা:  মাটিৰ স্বর্গ (১৯৬৩)

কণ্ঠ: শৰদিন্দু দাশগুপ্ত

সংগীত: জিতেন দেৱ, বীৰেন্দ্র কুমাৰ

জীৱনৰ এই সাঁকোত কিয়নো সাজিব খুজিলি ৰংমহল
অত হেঁপাহেৰে কিয়নো গোটালি - মিছা মৰমৰ কেঁচা সমল।।
এয়া মাথোঁ অহা-যোৱা বাট - নাই ক'তো থল জিৰণিৰ
মৃগতৃষ্ণাৰ সিপাৰে বালিৰ - শেষ নাই তিৰবিৰণিৰ।।
আশাৰ বীণত সুৰ বান্ধোতেই
প্রাণৰ কথাটি কোৱা নহ'ল ।।
বাটত বাজিছে হাটৰ বাজনা
পোৱা নোপোৱাৰ চলে বেচা কিনা
নিজতেই তই বিলাই দিয়াতেই পাবি
জীৱনৰ পথ চিৰ সৰল ।।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 117

Pages: 1 2 3 4 5 6 7 8 9 10

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!