ভিৰুংগা (Virunga, ২০১৪)
পৰিচালক – অৰ্লেণ্ড ভন এইনজিদেল Orlando Von Einsiedel
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
ইউনেস্ক’ ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে পৰিচিত আৰু বিভিন্ন জীৱৰে ভৰা বিশ্বৰ বিখ্যাত জৈৱ বৈচিত্ৰময় এলেকা সমূহৰ মাজত অন্যতম ভিৰুংগাত বাস কৰে পৃথিৱীত বাচি থকা অন্তিম পৰ্বতীয় গৰিলাৰ প্ৰজাতিয়ে। প্ৰকৃতি সংৰক্ষণত কাম কৰা সংৰক্ষণকৰ্মীৰ বাবে ভিৰুংগা এখন বৰ বিপজ্জনক ঠাই। চোৰাং চিকাৰী, বিদ্ৰোহী বাহিনী আৰু প্ৰাকৃতিক সম্পদ শোষণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ প্ৰভাৱত পাৰ্কখনৰ বাসিন্দাসকলৰ জীৱন অহৰহ বিপদৰ মাজত ওপঙি থাকে। M23 নামৰ বিদ্ৰোহী গোট এটাই পাৰ্কখনৰ যথেষ্টসংখ্যক এলেকা দখল কৰি পেলোৱাৰ পাছৰ পৰাই এলেকাটোৰ বিপদ যথেষ্ট বৃদ্ধি হয়। ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ ভিৰুংগা বনাঞ্চল সংৰক্ষিত কৰি ৰাখিবলৈ বনকৰ্মী সকলে চলোৱা অভিযানৰ ওপৰতেই এই তথ্যচিত্ৰ।
বিফৰ দা ফ্লাড (Before The Flood, ২০১৬)
পৰিচালক – ফিছাৰ ষ্টিভেঞ্চ Fisher Stevens
উপলব্ধ প্লেটফৰ্ম – ডিজনী+হটষ্টাৰ (Disney+Hotstar)
বিশ্বখ্যাত অভিনেতা লিঅ’নাৰ্ডো ডি কেপ্রিঅ’ আৰু নেচনেল জিওগ্ৰাফিকৰ সহযোগিতাত নিৰ্মাণ হোৱা এই তথ্যচিত্ৰখনৰ প্ৰয়াস জলবায়ু পৰিৱৰ্তনৰ (Climate Change)ভয়ংকৰ সমস্যাৰ বিষয়ে আমাক অৱগত কৰোৱা। সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, নিৰ্বনানীকৰণ আৰু মানৱ সৃষ্ট ধ্বংসকাৰ্য্যৰ কিছুমান বিচলিত কৰিব পৰা বিৱৰণ দৰ্শকৰ সন্মুখত দাঙি ধৰা হৈছে। কেৱল সমস্যাৰ বৰ্ণনাই নহয়, তথ্যচিত্ৰখনে প্ৰয়াস কৰিছে ইয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বাবেও। মাংস ভক্ষণৰ মাত্ৰা হ্ৰাস কৰাৰে পৰা আৰম্ভ কৰি জলবায়ু পৰিৱৰ্তন ৰোধিবলৈ প্ৰচেষ্টা চলোৱা সবল নেতা নিৰ্বাচন কৰাৰ দৰে কিছুমান সমাধান দৰ্শকৰ সন্মুখত ৰাখিছে পৰিচালক গৰাকীয়ে।
আইচ অন ফায়াৰ (Ice On Fire, ২০১৯)
পৰিচালক – লেইলা কন্নাৰ্চ Leila Conners
উপলব্ধ প্লেটফৰ্ম – ডিজনী+হটষ্টাৰ (Disney+Hotstar)
আইচ কেপ (ice cap) গলি যোৱাৰ ফলত সুমেৰু অঞ্চলৰ মিথেন গেছ (methane gases) বায়ুমণ্ডললৈ ওলাই আহিবলৈ ধৰিছে। ফলস্বৰূপে এক ব্যাপক ধ্বংসলীলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তথ্যচিত্ৰখনত এই দুৰ্যোগৰ ফলত হ’ব পৰা জৈৱ বিলুপ্তিৰ সম্ভাৱনা আলোচনা কৰা হৈছে। ধাৰা বিৱৰণী আগবঢ়াইছে প্ৰখ্যাত অভিনেতা লিঅ’নাৰ্ডো ডি কেপ্রিঅ’ৱে। ধ্বংসলীলাৰ পৰিসৰ কিমান বিশাল হ’ব আৰু ইয়াৰ সংশোধনৰ দিশত কি নতুন প্ৰয়োগে আমাক সহায় কৰিব পাৰিব তাৰ ভিত্তিতেই তথ্যচিত্ৰখন নিৰ্মিত।
এন্থ্ৰোপোচীন : দা হিউমেন ইপোক (Anthropocene : The Human Epoch, ২০১৮)
পৰিচালক – এডৱাৰ্ড বাৰ্তনিস্কি, জেনিফাৰ বাইছৱাল আৰু নিক’লাছ ডি পেঞ্চিয়েৰ Edward Burtynsky, Jennifer Baichwal and Nicholas de Pencier
উপলব্ধ প্লেটফৰ্ম : ইউটিউব (YouTube)
বৈজ্ঞানিক ভিত্তি অনুসৰি মানৱসৃষ্ট নিৰ্মাণকাৰ্যই আমাৰ গ্ৰহটোৰ পৃষ্ঠভূমি এনেদৰে সলনি কৰিছে যে আমি এতিয়া এক অন্য ভূতাত্ত্বিক যুগত (Geographical Time period) জীৱন যাপন কৰি আছো। চীনৰ উপকূলীয় অঞ্চলৰ প্ৰাচীৰ ৬০ শতাংশলৈ শিলাময় হৈ পৰা আৰু গ্ৰেট বেৰিয়াৰ ৰীফ (Great Barrier Reef) ধ্বংস হোৱাৰ উদাহৰণ দাঙি ধৰি, প্ৰায় ১০ বছৰৰ গৱেষণাৰ অন্তত নিৰ্মিত এই তথ্যচিত্ৰখনে আমাৰ পৃথিৱীখন চিন্তনীয় দিশত সলনি হৈ পৰাৰ ইংগিত বহন কৰিছে।
দি আইভৰী গেম (The Ivory Game, ২০১৬)
পৰিচালক – ৰিচাৰ্ড লাদকানি আৰু কিফ ডেভিদচন Richard Ladkani and Kief Davidson
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
চোৰাং বজাৰৰ এক অন্যতম ক্ষেত্ৰ হৈছে হাতীদাঁতৰ চোৰাং বেহা। এই বেপাৰৰ ফলত আফ্ৰিকাত হাতীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছিল। চোৰাং চিকাৰীৰ হাতত নিহত হোৱা হাতীবোৰৰ সংৰক্ষণাৰ্থে বহুসংখ্যক দেশে হাতীদাঁতৰ আমদানি আৰু বেপাৰ নিষিদ্ধ ঘোষিত কৰিছে। এই পদক্ষেপ সমূহৰ পাছতো হাতীদাঁতৰ বেপাৰ অহৰহ চলি আছে। নিজৰ পৰিচয় গোপনে ৰাখি এই চোৰাং বেপাৰৰ গৰ্ভলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা এই তথ্যচিত্ৰখনে আমাৰ সমুখত চোৰাং বেপাৰত অন্তৰ্নিহত দুৰ্নীতি আৰু ইয়াৰ আঁৰৰ কাৰণবোৰৰ এক প্ৰতিচ্ছবি দাঙি ধৰিছে ।
চেজিং কোৰেল (Chasing Coral, ২০১৭)
পৰিচালক – জেফ অৰ্লৌস্কী Jeff Orlowski
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
এক ভয়াৱহ গতিত আমাৰ সাগৰ সমূহৰ অলংকাৰস্বৰূপ কোৰেল ৰীফবোৰ (Coral Reef) বিলুপ্ত হ’বলৈ ধৰিছে। বৈজ্ঞানিকসকলৰ বিশ্বাস যে ৰীফ সমূহৰ বিলুপ্তিৰ কাৰণ স্থিৰ কৰিবলৈ হ’লে প্ৰথমে সাগৰৰ গৰ্ভৰ ৰহস্যবোৰ উদঘাটন কৰিব লাগিব। সাগৰৰ গৰ্ভৰ ৰহস্য উদঘাটন কৰাৰ হাবিয়াসত নিৰ্মিত এই তথ্যচিত্ৰখনে বৰ্ণনা কৰে গৱেষক, ডুবাৰু আৰু ফটোগ্ৰাফাৰৰ এটি দলৰ ৰোমাঞ্চকৰ অভিযানৰ।
হাউ টু চেঞ্জ দা ৱৰ্ল্ড (How to Change the World, ২০১৫)
পৰিচালক – জেৰী ৰথৱেল Jerry Rothwell
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
গ্ৰীণপীচ নামৰ বিখ্যাত পৰিৱেশ ৰক্ষাকাৰী গোটটোৰ গঠনৰ কাহিনী ৰোমন্থন কৰি নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰ খন। বিশেকৈ প্ৰকৃতি সম্বন্ধীয় বিষয়বোৰক লৈ নিজৰ মাত সবল কৰা এই সংগঠনটোৰ তৰুণ লোকসকলে এটা সময়ত আমেৰিকাৰ আলাস্কাত চলি থকা পৰমাণু বোমাৰ পৰীক্ষা-নিৰীক্ষা স্থগিত ৰাখিবলৈ কিদৰে নিজৰ সৰ্বশক্তি উৎসৰ্গিত কৰি দিছিল, তাৰেই এটি স্বাক্ষৰ বহন কৰিছে এই তথ্যচিত্ৰখনে। ১৯৭০ চনৰ কিছুমান আপুৰুগীয়া দৃশ্য আৰু সহ-প্ৰতিষ্ঠাপক ৰবাৰ্ট হান্টাৰৰ কৰ্মজীৱনক লৈ নিৰ্মিত এই তথ্যচিত্ৰখনৰ প্ৰশ্ন : গ্ৰীণপীচে কৰা ইমানবোৰ প্ৰচেষ্টাৰ পাছটো বিশ্বত কিবা সলনি হল জানো?
কাওস্পিৰেচি: দা চাষ্টেইনিবিলিটি চিক্ৰেট (Cowspiracy: The Sustainability Secret, ২০১৪)
পৰিচালক – কিপ এণ্ডাৰ্চন আৰু কীগান কুঁ Kip Andersen and Keegan Kuhn
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
প্ৰাকৃতিক সংৰক্ষণৰ দৰে জটিল বিষয়বস্তু এটাক নতুন দৃষ্টিৰে বিবেচনা কৰাৰ প্ৰচেষ্টা কৰা হৈছে এইখন তথ্যচিত্ৰৰ যোগেদি। নিৰ্বনানীকৰণ, পুন:ব্যৱহাৰ্যকৰণৰ অভাৱ আদিক দোষ নিদি পৰিচালকে যুক্তি দৰ্শাইছে যে প্ৰাকৃতিক সমস্যাৰ মূল কাৰণ হৈছে বৰ্তমানৰ পশুপালন প্ৰথাবোৰ (animal agricultural practices)। কিপ এণ্ডাৰ্চনৰ এই যাত্ৰাত তেওঁ বিশাল পশুপালন উদ্যোগৰ সমস্যাজৰ্জৰ কাৰকবোৰ উদ্ভাৱন কৰাৰ প্ৰয়াস কৰিছে।
আৰ্টিফিচাল (Artifishal, ২০১৯)
পৰিচালক – য’ছ মাৰফী Josh Murphy
উপলব্ধ প্লেটফৰ্ম – ইউটিউব (YouTube)
নৰৱেৰ ফ্যৰ্ডসমূহৰপৰা (fjords) আৰম্ভ কৰি প্ৰশান্ত মহাসাগৰলৈকে, অত্যধিক ভাৱে মাছ মৰা কাৰ্য্যই কিদৰে পানীৰ তলৰ জৈৱ বৈচিত্ৰ ধ্বংস কৰিছে তাৰ অনুসন্ধান কৰিছে পৰিচালকে। মাছৰ ভৱিষ্যতক লৈ চিন্তিত এই তথ্যচিত্ৰৰ আঁৰত আছে বিলুপ্ত হোৱাৰ পথত অগ্ৰসৰ হোৱা বনৰীয়া ছালমন (Salmon) মাছৰ কাহিনী ।
এ প্লাষ্টিক অ’চেন (A Plastic Ocean, ২০১৯)
পৰিচালক – ক্ৰেইগ লীছন Craig Leeson
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
তথ্যচিত্ৰখনৰ আৰম্ভণি হয় সাংবাদিক ক্ৰেইগ লীছনৰ নীলা তিমি মাছৰ (Blue Whale)সন্ধানত মহাসাগৰৰ গৰ্ভলৈ যোৱাক লৈ। কিন্তু শান্ত মহাসাগৰৰ গৰ্ভত তেওঁ বিচাৰি পায় প্লাষ্টিকৰ ভাণ্ডাৰ। কিদৰে এই প্লাষ্টিক মহাসাগৰত সৰু সৰু কণ কণিকা হৈ বিষাক্ত দ্ৰব্যৰ (toxins) ৰূপ লৈ আমাৰ খাদ্যাভাসৰ অন্তৰ্ভূক্ত হৈ পৰিছে তাৰেই বিৱৰণ এই তথ্যচিত্ৰত। সাগৰৰ প্ৰদূষণে কি দৰে কেৱল সাগৰৰ গৰ্ভত বাস কৰা প্ৰাণীৰ বাবেই নহয় মানুহৰ বাবেও ক্ষতিদায়ক, তাৰেই বৰ্ণনা কৰা হৈছে এই তথ্যচিত্ৰ খনত।
