বিমল ৰয়। ব্রিটিছ শাসনাধীন ভাৰতৰ ঢাকাত ১৯০৯ চনৰ আজিৰ দিনটোতে জন্ম গ্রহণ কৰিছিল এইগৰাকী ভাৰতীয় চিনেমা ইতিহাসৰ মহান পৰিচালকে। ঢাকাৰ পৰা কলিকতালৈ আহি এগৰাকী কেমেৰা সহায়ক হিচাবে নিউ থিয়েটাৰ্ছ প্রাইভেট লিমিটেডৰ সৈতে জড়িত হৈ সোমাই পৰিছিল চিনেমাৰ বিশাল জগতখনত। প্রমথেশ চন্দ্র বৰুৱাৰ অধীনত প্রচাৰ ফটোগ্রাফাৰ হিচাপেও কিছুকাল কাম কৰাৰ পাছত চিনেমা পৰিচালনা-প্রযোজনাত মন মেলিছিল-সুচনা কৰিছিল নতুন দিগন্তৰ..। চিনেমাৰ কেৰিয়াৰত বাংলা, হিন্দী, ইংৰাজী ভাষাত বহুকেইখন চিনেমা প্রযোজনা-পৰিচালনা কৰাৰ লগতে বহুকেইখন চিনেমাৰ সম্পাদক, চিনেমাট’গ্রাফাৰ হিচাপেও জড়িত আছিল। ৰমন্যাসবাদ-বাস্তুৱবাদ-অতিনাটকীয়তাৰ উপকৰণেৰে গুৰুত্বপূর্ণ সামাজিক সমস্যাক প্রতিফলিত কৰি মনোৰঞ্জনধর্মী ৰূপত উপস্থাপন কৰাটো তেওঁৰ দ্বাৰা নির্মিত চিনেমাসমূহৰ বৈশিষ্ট্য বুলিব পাৰি। প্রাসংগিকতাক অনুধাৱন কৰি আজি জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি তেখেতলৈ শ্রদ্ধাঞ্জলি হিচাবে তেখেতৰ দ্বাৰা পৰিচালিত স্মৰণীয় দহখন চিনেমাৰ সম্যক বিৱৰণ ‘চিনেকথা ১০’ ৰূপত উপস্থাপনৰ প্রয়াস কৰা হৈছে।

১. পৰিণীতা (১৯৫৩)
বিখ্যাত বাংলা সাহিত্যিক শৰৎ চন্দ্র চট্টোপাধ্যায়ৰ একে নামৰ উপন্যাসিকাখনৰ আধাৰত বিমল ৰয় পৰিচালিত চিনেমাখন অশোক কুমাৰে প্রযোজনা কৰিছিল। উপন্যাসিকাখনৰ আধাৰত নির্মিত বহু চিনেমাৰ ভিতৰত এই চিনেমাখন আটাইতকৈ বিশ্বাসযোগ্য সংস্কৰণ হিচাপে বিবেচিত হৈছে। চিনেমাখনত অভিনয় কৰিছিল অশোক কুমাৰ, মীনা কুমাৰী, অসিত বাৰন, নাজিৰ হুছেইন, মনোৰমা আদিয়ে। নায়ক (অশোক কুমাৰ)-নায়িকা(মীনা কুমাৰী)ৰ মাজৰ বার্তালাপ-সংলাপসমূহ চিনেমাখনৰ আটাইতকৈ আকর্যণীয় দিশ বুলি বহু চিনে-সমালোচকে ক’ব খোজে। হৃষিকেশ মুখার্জীয়ে সম্পাদনা কৰা চিনেমাখনৰ গীতসমূহ ৰচনা কৰিছিল ভাৰত ব্যাসে, সংগীত পৰিচালনা কৰিছিল মান্না দে আৰু অৰুণ মুখার্জীয়ে। উক্ত চিনেমাখনৰ বাবে বিমল ৰয় আৰু মীনা কুমাৰীয়ে লাভ কৰিছিল ক্রমে শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ অভিনেত্রীৰ ফিল্মফেয়াৰ সন্মান।
২. দো বিঘা জমীন (১৯৫৩)
প্ৰসিদ্ধ ইটালিয়ান চিত্ৰ নিৰ্মাতা ভিট্টৰিঅ’ ডি চিকাৰ ‘দা বাইচাইকেল থিফ’ৰ অনুপ্ৰেৰণাত আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত কবিতা ‘দুই বিঘা জমী’ৰ আধাৰত নিৰ্মিত ‘দো বিঘা জমীন’ ভাৰতীয় চিনেমাৰ বাস্তৱধৰ্মী উত্তৰণৰ দিশত এক মাইলৰ খুঁটি স্বৰূপ। ১৯৫৪ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত ‘প্ৰিক্স ইন্টাৰনেচনেল’ বঁটা লাভ কৰা ‘দো বিঘা জমীন’ বিমল ৰয়ৰ চলচ্চিত্ৰ নিৰ্দেশনাৰ ক্ষেত্ৰত এক অন্যতম কীৰ্তি হিচাবে পৰিগণিত।
৩. বিৰজ বহু (১৯৫৪)
বিৰজ চক্রৱর্তী নামৰ নামৰ নাৰী গৰাকীক কেন্দ্রীয় চৰিত্র হিচাবে লৈ শৰৎ চন্দ্র চট্টোপাধ্যায়ে ৰচনা কৰা উপন্যাসখনক নব্যেন্দু ঘোষে দিয়া অভিযোজিত ৰূপৰ আধাৰত এই চিনেমাখনৰ চিত্রনাট্য প্রস্তুত কৰিছিল পৰিচালক বিমল ৰয়ে নিজে। সংলাপ লিখিছিল নাছিৰ হুছেইনে। সলিল চৌধুৰীৰ সংগীত, হৃষিকেশ মুখার্জীৰ সম্পাদনা, দিলীপ গুপ্তৰ চিনেমাট’গ্রাফী সমৃদ্ধ চিনেমাখনে ১৯৫৪ চনত ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ শ্রেষ্ঠ চিনেমা হিচাপে সর্বভাৰতীয় ‘চার্টিফিকেট অৱ মেৰিট’ সন্মান লাভৰ লগতে ১৯৫৫ চনত বিমল ৰয়ে শ্রেষ্ঠ পৰিচালক আৰু কামিনী কৌশলে শ্রেষ্ঠ অভিনেত্রীৰ ফিল্মফেয়াৰ সন্মান পাবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, চিনেমাখনে কাঁ চিনেমা মহোৎসৱৰ সর্বোচ্চ সন্মান প্রথম বর্ষীয় “Palme d’Or”ৰ বাবেও মনোনয়ন লাভ কৰিছিল।
৪. নৌকৰী (১৯৫৪)
১৯৫৪ চনত বিমল ৰয় প্ৰডাকচনৰ বেনাৰত সংস্থাপনহীনতাৰ দৰে এক গুৰুত্বপূৰ্ণ সামাজিক সমস্যাক লৈ নিৰ্মাণ কৰা নৌকৰী চিনেমাখনত মূল ভূমিকাত অভিনয় কৰিছিল কিশোৰ কুমাৰে। খুহুতীয়া চৰিত্ৰত সঘনাই দেখা পোৱা কিশোৰ কুমাৰক এইখন চিনেমাত দেখা গৈছিল এক গম্ভীৰ ৰূপত। ‘নৌকৰী’ হৈছে কিশোৰ কুমাৰক এক সংবেদনশীল অভিনয় শিল্পী হিচাবে প্ৰতিষ্ঠা কৰা এখন অন্যতম চিনেমা।
৫. দেৱদাস (১৯৫৫)
শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাসক লৈ ভাৰতীয় চিনেমা বহুতো পৰীক্ষা নীৰিক্ষা ইতিমধ্যে সম্পন্ন হৈছে। প্ৰমথেশ বৰুৱাৰ ‘দেৱদাস’ৰ পৰা অনুৰাগ কাশ্যপৰ ‘দেৱ ডি’ লৈ দেৱদাসক পৰিচালক সকলে নিজ নিজ শিল্প প্ৰতিভাৰে উজলাই তুলিছে। ইয়াৰে ভিতৰত বিমল ৰয় প্ৰযোজিত আৰু পৰিচালিত ‘দেৱদাস’ খনক ভাৰতীয় চিনেমাৰ এক অন্যতম কৃতি হিচাবে গণ্য কৰা হয়। বিমল ৰয়ে তিনিখন চিনেমা শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰিছিল। আন দুখন চিনেমা আছিল – পৰিনীতা আৰু বিৰাজ বহু। দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু সুচিত্ৰা সেন অভিনীত দেৱদাসে বিমল ৰয়ক পৰিচালক হিচাবে দিয়ে এক অনন্য পৰিচয়।
৬. মধুমতী (১৯৫৮)
বিমল ৰয়ৰ দ্বাৰা প্রযোজিত-পৰিচালিত এই ছবিখন সেইসময়ৰ ব্যৱসায়িকভাৱে সফল ছবি সমূহৰ অন্যতম আছিল। ঋতিক ঘটকে লিখা কাহিনীটোত- আনন্দ নামৰ কাঠ বাগানৰ মেনেজাৰ জনে এগৰাকী জনগোষ্ঠীয় ছোৱালী মধুমতীৰ লগত প্রেমত পৰে অথচ ঘটনাৰ পাকচক্রত পৰি তেওঁলোকৰ জীৱনত সম্পর্কটি অসম্পূর্ণ হৈ ৰয় আৰু দুয়ো পুনৰ জন্ম লয়। সাধাৰণভাৱে সাৰাংশ এয়াই যদিও কাহিনীৰ গতিত পূর্বজন্ম, হ’ৰৰ ধর্মী উপাদান সমূহে লৈ অনা টুইষ্ট (Twist) বোৰে ইয়াক সেই সময়ৰ ব্যতিক্রমী চিনেমা হিচাপে অধিক উপভোগ্য কৰি তোলে। দিলীপ কুমাৰ, বৈজয়ন্তীমালা (তিনিটাকৈ চৰিত্রত অভিনয় কৰিছে), প্রাণ, জনী ৱাকাৰ আদিৰ অভিনয়সমৃদ্ধ চিনেমাখনত শৈলেন্দ্রই লিখা সলিল চৌধুৰীয়ে সংগীত দিয়া ন টাকৈ গীত আছিল। তাৰ ভিতৰত ‘আজা ৰে পৰদেশী’. ‘চুহানা চফৰ ঔৰ য়ে মৌচম’, ‘চড় গেয়ৌ পাপী বিছুৱা’ আদি যথেষ্ট জনপ্রিয় হৈছিল। চিনেমাখনে শ্রেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্রীয় বঁটা পোৱাৰ লগতে অভিলেখ সংখ্যক নটাকৈ শিতানত শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
৭. য়াহুদী (১৯৫৮)
দিলীপ কুমাৰ, মীনা কুমাৰী, চোহৰাব মোডী, নাজিৰ হুছেইন, নিগাৰ চুলতানা আদিৰ দ্বাৰা অভিনীত বিমল ৰয়ৰ এই চিনেমাখনৰ আধাৰ হৈছে উর্দু নাট্যকাৰ আঘাঁ হাছাৰ কাশ্মিৰী ৰচিত মঞ্চ নাট ‘য়াহুদি কি লৰকী’, য’ত বর্ণিত হৈছে ৰোমান সাম্রাজ্যলৈ হোৱা ইহুদীসকলৰ প্রব্রজনৰ কাহিনী। নব্যেন্দু ঘোষৰ চিত্রনাট্য আৰু ৱাজাহত মির্জাৰ সংলাপসমৃদ্ধ চিনেমাখনৰ সংগীত পৰিচালনা কৰিছিল শংকৰ-জয়কিষণে তথা গীত লিখিছিল শৈলেন্দ্রই। এই চিনেমাখনত মুকেশে গোৱা “য়ে মেৰা দীৱানাপন হে” গীতৰ বাবে ষষ্ঠ বার্ষিক ফিল্মফেয়াৰ বঁটাত শৈলেন্দ্রই পাইছিল শ্রেষ্ঠ গীতিকাৰৰ সন্মান।
৮. সুজাতা (১৯৫৯)
অস্পৃশ্যতাক মুল বিষয়বস্তু হিচাবে লৈ ১৯৫৯ চনত মুক্তি লাভ কৰা সুজাতা বিমল ৰয়ৰ আন এখন উল্লেখযোগ্য সামাজিক চিনেমা। ১৯৬০ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ গল্ডেন পাম বঁটাৰ বাবে মনোনীত হোৱা ‘সুজাতা’ত সুনীল দত্ত আৰু নুতনে দূৰ্দান্ত অভিনয় কৰিছিল। এইখন চিনেমাত সন্নিবিষ্ট হোৱা ‘জিতে হে জিচকে লিয়ে’ গীতটি সুনীল দত্তৰ দ্বাৰা সম্পূৰ্ণৰূপত এক ফোনকলৰ যোগেদি পৰিৱেশনৰ চিত্ৰায়ন কৰা হৈছিল, যি আছিল এক অভিনৱ সংযোজন।
৯. বন্দিনী (১৯৬৩)
বিমল ৰয়ৰ এখন নাৰীপ্ৰধান চিনেমা আছিল বন্দিনী। ৬০ৰ দশকত নাৰীক মুখ্য ভূমিকা হিচাবে লৈ এখন চিনেমা নিৰ্মাণ কৰাৰ দৰে দুৰুহ কাম আছিল। কিন্তু বিমল ৰয়ৰ এই সাহসিক প্ৰচেষ্টাৰ ফলত বন্দিনী হৈ পৰিছিল এখন লেখত ল’বলগীয়া ভাৰতীয় চিনেমা। বন্দিনীৰ কল্যাণী চৰিত্ৰটোৰ বাবে প্ৰথমে বিমল ৰয়ে নিৰ্বাচন কৰিছিল বৈজয়ন্তীমালাক। কিন্তু বৈজয়ন্তীমালাৰ সময়ৰ অভাৱৰ বাবে সময় দিব নোৱাৰাত এই চৰিত্ৰৰ বাবে সাজু হয় নুতন, যিয়ে চিনে কেৰিয়াৰৰ শ্ৰেষ্ঠতম অভিনয় প্ৰদৰ্শন কৰে। ‘বন্দিনী’ৰ যোগেদি ‘ম’ৰা গ’ৰা অংগ লেই লে’ গীত ৰচনাৰে গুলজাৰে গীতিকাৰ হিচাবে প্ৰৱেশ কৰে হিন্দী চিনেমা জগতত।
১০. পৰখ (১৯৬০)
বিমল ৰয়ৰ এই চিনেমাখনত সংগীত পৰিচালক সলীল চৌধুৰীয়ে কাহিনীকাৰৰ ভূমিকাও লৈছিল। চিনেমাখনত বিমল ৰয়ৰ তৰলীকৃত নতুন দিশ এটি প্রকাশৰ লগতে ভাৰতীয় গণতন্ত্রৰ প্রাৰম্ভিক সময়খিনিক ব্যংগাত্মক দৃষ্টিভংগীৰে চোৱাৰ এক প্রয়াস বুলিবও পাৰি। কাহিনীৰ মাজত প্রতিটো চৰিত্রই নিজৰ সততা দাবী কৰি সেই চেকৰ দাবীদাৰ হিচাবে পৰিলক্ষিত হোৱাত উন্মোচিত হৈ গৈ থাকে সমাজ জীৱনৰ ন ন দিশ। সাধনা, দূর্গা খটে, লীলা ছিটনিজ, প্রবীণ পাল আদিয়ে অভিনয় কৰা চিনেমাখনত লতা মংগেশকাৰে গোৱা এটি বিখ্যাত গীত “অ’ চজনা, বৰখা বাহাৰ হেই” (কথা-শৈলেন্দ্র) আৰু চাৰিটি গীত সন্নিৱিষ্ট হৈ আছে। বিমল ৰয়ে ফিল্মফেয়াৰৰ শ্রেষ্ঠ পৰিচালক বঁটা পোৱা সাতখন চিনেমাৰ অন্যতম এই চিনেমাখনো।
