সৰোজ খান। বলীউডৰ যশস্বী কৰিঅ’গ্রাফাৰ তথা নৃত্য পটীয়সী গৰাকীয়ে শেহৰাতি প্রায় ২ মান বজাত এই ইহ সংসাৰ ত্যাগ কৰে। তেখেতৰ মৃত্যুত সমগ্র দেশবাসীয়ে হেৰুৱালে এক বিৰল নৃত্য প্রতিভাক, যি কৰিঅ’গ্রাফীৰ জৰিয়তে বলিউডত এটা যুগৰ সৃষ্টি কৰিছিল বুলিলেও অত্যোক্তি কৰা নহ’ব। এই মুহূর্তত তেখেতলৈ শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে চিনেকথাৰ জৰিয়তে সৰোজ খানৰ চিনে জীৱনক আলোকপাত কৰি আগবঢ়াইছো দহোটি তথ্য
১. ১৯৪৮ চনৰ ২২ নবেম্বৰত বম্বেত জন্মগ্রহণ কৰা সৰোজ খানৰ জন্মৰ সময়ত নাম আছিল নির্মলা নাগপাল। ৪৭ ৰ বিভাজনৰ সময়ত ভাৰতলৈ অহা কিষণচন্দ সাধু সিং আৰু ননী সিঙৰ জীয়ৰী আছিল সৰোজ খান।
২. ১৯৫১ চনৰ চিনেমা ‘তাৰানা’ত অভিনেত্রী শ্যামাৰ সৰু কালৰ চৰিত্রটি ৰূপায়ণেৰে মাত্র ২ বছৰ বয়সতে শিশু শিল্পী হিচাবে সৰোজ খানে চিনেমা জগতত প্রবেশ কৰিছিল। তাৰ পিছৰ বছৰটোতে ‘আগুছ’ চিনেমাখনত কণমানি ‘ৰাধা’ হিচাপেও নৃত্য পৰিবেশন কৰা দেখা পোৱা গৈছিল।
৩. পঞ্চাশ দশকৰ শেহৰ পিনৰ পৰা কৰিঅ’গ্রাফাৰ বি. চোহনলালৰ তত্বাৱধানত নৃত্যৰ বহু চিনেমাত নেপথ্য নৃত্যশিল্পী (Background Dancer) হিচাবে ভূমুকি মৰাৰ লগতে সহকাৰী ৰূপে (১৯৬২-৭৩) কাম কৰিছিল। নেপথ্য নৃত্যশিল্পী শিল্পী হিচাপে ভাগ লোৱা তেওঁৰ প্রথম গীতটো আছিল মধুবালাৰ ওঁঠত চিত্রায়িত বিখ্যাত ‘আইয়ে মেহেৰাবান’ (চিনেমা-হাওৰা ব্রীজ, ১৯৫৮)। সহকাৰী ৰূপত তেওঁ প্রথম শিকাবলৈ পোৱা অভিনেত্রী গৰাকী আছিল বৈজয়ন্তীমালা আৰু গীতটো আছিল ১৯৬২ চনৰ চিনেমা ‘ড: বিদ্যা’ৰ ‘পৱন দিৱানী নামানে, উৰায়ে মেৰা ঘুংগতা’।
৪. ১৩ বছৰ বয়সত তেওঁ চোহনলালৰ লগতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁলোকৰে প্রথম পুত্র হামিদ (জন্মৰ সময়ৰ নাম) বর্তমান ৰাজু খান হিচাপে প্রসিদ্ধি লাভ কৰা বলিউড কৰিঅ’গ্রাফাৰ। ১৯৭৫ চনত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হৈছিল চর্দাৰ ৰোশন খান নামৰ এজন পাঠান ব্যক্তিৰ লগত। ইয়াৰ পিছতহে তেওঁ নামৰ লগত ‘খান’ উপাধিটো গ্রহণ কৰি ‘সৰোজ খান’ হৈছিল। তাৰ আগলৈকে চিনেমাসমূহৰ নাম ফলকত ‘মিছ সৰোজ’ অথবা ‘সৰোজ’ নামটোহে ব্যৱহাৰ কৰিছিল।
৫. পাছৰ জীৱনত নৃত্যৰ বাবেই জনপ্রিয় হৈ পৰা শ্রীদেৱীৰ ‘মেই তেৰি দুছমন’ (চিনেমা- নাগিন, ১৯৮৬), ‘হাৱা হাৱাই’ (চিনেমা- মিষ্টাৰ ইণ্ডিয়া. ১৯৮৭); মাধুৰী দীক্ষিতৰ ‘এক দৌ তিন’ (চিনেমা- তেজাব, ১৯৮৮), ‘তাম্মা তাম্মা লৌগে’ (চিনেমা- থানেদাৰ, ১৯৯০) আদি গীতসমূহৰ দ্বাৰা বলিউডত থিতাপি নিগাজী কৰা সৰোজ খানে ১৯৭৪ চনৰ চিনেমা ‘গীতা মেৰা নাম’ৰ জৰিয়তে স্বতন্ত্র কৰিঅ’গ্রাফাৰ হিচাবে অভিষেক ঘটাইছিল।
৬. নিজৰ গোটেই জীৱনত দুই হাজাৰৰ অধিক গানৰ কৰিঅ’গ্রাফ কৰা সৰোজ খানে আন্ত:ৰাষ্ট্রীয় প্রডাক্সনতো কাম কৰিছিল। চিনেমাখন আছিল বিখ্যাত অভিনেতা ষ্টিফেন লাঞ্জ, ওম পুৰী অভিনীত হলিউডৰ চিনেমা ‘দ্যা গান্ধী মার্দাৰ’। চিনেমাখনে ২০১৯ চনৰ মহাত্মা গান্ধীৰ মৃত্যু বার্ষিকীত (৩০ জানুৱাৰী) মুক্তি লাভ কৰিছিল।
৭. হয়তো বহুতেই জ্ঞাত নহয় যে, বলিউডী কেৰিয়াৰত কৰিঅ’গ্রাফাৰ হিচাপে বেছি পৰিচিতি লাভ কৰিলেও তেওঁ আছিল এগৰাকী চিত্রনাট্যকাৰো। খিলাড়ী (১৯৯২), হাম হে বেমিছাল (১৯৯৪), নজৰ কে চামনে (১৯৯৫), চোটে চৰকাৰ (১৯৯৬), দি তেৰা দীৱানা (১৯৯৬), হৌতে হৌতে প্যাৰ হৌ গয়া (১৯৯৯), বেনাম (১৯৯৯), খঞ্জৰ (২০০৩) আদি চিনেমাৰ তেওঁ চিত্রনাট্য লিখিছিল।
৮. ভাৰতৰ ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ ইতিহাসত তেওঁ তিনিবাৰকৈ শ্রেষ্ঠ কৰিঅ’গ্রাফাৰ হিচাপে সন্মানিত হৈছিল। ২০০৩ চনত ‘দেৱদাস’ (গীত- দৌলা ৰে দৌলা), ২০০৭ চনত তামিল চিনেমা ‘শৃংগাৰম্’ আৰু ২০০৯ চনত ‘জাৱ উই মেট’ (গীত- ইয়ে ইস্ক্ হায়ে) ৰ বাবে এই সন্মান লাভ কৰিছিল।
৯. ১৯৮৮ চনত ‘তেজাব’ৰ ‘এক দৌ তিন’ গানটো ইমানেই জনপ্রিয় হৈছিল যে সেই গানটোৰ জনপ্রিয়তাৰ প্রতি লক্ষ্য ৰাখিয়েই (চিনেমা পৰিচালক এ চন্দ্রাৰ মতে) ফিল্মফেয়াৰে পুৰস্কাৰৰ শিতানত ১৯৮৯ চনত শ্রেষ্ঠ কৰিঅ’গ্রাফাৰ শিতানটি অন্তর্ভুক্ত কৰিছিল আৰু ফিল্মফেয়াৰ বঁটাৰ ইতিহাসত প্রথম বাৰৰ বাবে এই বঁটা সৰোজ খানক ওপৰোক্ত গীতটোৰ বাবেই দিয়া হৈছিল।
১০. সৰোজে খানে কৰিঅ’গ্রাফ কৰা অন্তিমখন চিনেমা আছিল ‘কলংক’ (২০১৯)। এই চিনেমাত মাধুৰী দীক্ষিতৰ ওপৰত চিত্রায়িত ‘তবাহ হৌ গয়ে’ গীতটিৰ কৰিঅ’গ্রাফী কৰিছিল।
