১. আসা যাৱাৰ মাজে (Asha Jaoar majhe), ২০১৪
পৰিচালক: আদিত্য বিক্ৰম সেনগুপ্ত
উপলব্ধ প্লেটফৰ্ম: এমাজন প্ৰাইম( Amazon prime)
সমগ্ৰ চিনেমাখনৰ মূল বিষয় এহাল দম্পতীৰ গতানুগতিক ব্যস্ততাপূৰ্ণ প্ৰত্যাহিক জীৱনক লৈ; য’ত মহিলাগৰাকী এটা হেণ্ডবেগৰ কাৰখানাত দিনৰ ভাগত কৰ্মৰত আনহাতে পুৰুষ জন নিশাৰ ভাগত কৰ্মৰত এটা ছপাশালত৷ নিজ নিজ স্বপ্নাচাৰণতে দুয়োৰে জীৱন সীমাৱদ্ধ৷ সংলাপবিহীনতা চিনেমাখনৰ আন এক মূল বিশেষত্ব৷
২. হামি (Haami), ২০১৮
পৰিচালক: শিৱপ্ৰসাদ মুখাৰ্জ্জী, নন্দিতা ৰয়
উপলব্ধ প্লেটফৰ্ম: হইচই(hoichoi), ডিজনী+ হটষ্টাৰ (Disney+ Hotstar)
শিশুৰ সৰল,সংবেদনশীল, সহমৰ্মিতা ভৰা বন্ধুত্বৰ জগতখনত অভিভাৱক তথা জেষ্ঠ জনৰ জটিল আৰু সংকীৰ্ণ মনোজগতৰ সংঘৰ্ষই কিদৰে প্ৰভাৱ পেলায়, তাৰেই আভাসেৰে কাহিনী ভাগ আগবঢ়াই নিয়া হৈছে৷
৩. সোনাৰ পাহাৰ (Shonar Pahar) , ২০১৮
পৰিচালক: পৰমব্ৰত চেটাৰ্জ্জী
উপলদ্ধ প্লেটফৰ্ম: নেটফ্লিক্স (Netflix), জি5 (Zee5)
চিনেমা খনৰ বিষয়বস্ত দুজন ভিন্ন বয়সৰ ব্যক্তিৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ এক সংবেদনশীল তথা সাৱলীল কাহিনী৷ চহৰ কলকাতাৰ উপকন্ঠত অৱস্থিত এটা ভগ্নপ্ৰায় ঘৰৰ বাসিন্দা ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত বিদ্যালয় শিক্ষিকা উপমাৰ এক নিসংগ জীৱন যাপন; যাৰ একমাত্ৰ পুত্ৰ সৌম্য পত্নী মৌমিতাৰ লগত বেলেগে বাস কৰে৷ এটা স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ যোগেদি তেওঁৰ পৰিচয় ঘটিল বিটলু নামৰ ৭ বছৰীয়া এটা অনাথ ল’ৰাৰ লগত আৰু ক্ৰমে তেওঁৰ নিসংগ জীৱনৰ মাত্ৰা সলনি হ’ব ধৰিল৷
৪. সোয়েটাৰ (Sweater), ২০১৯
পৰিচালক: শিলাদিত্য মৌলিক
উপলব্ধ প্লেটফৰ্ম: ডিজনী+হটষ্টাৰ (Disney+Hotstar), হইচই (Hoichoi)
চিৰাচৰিত বঙালী পৰিয়ালৰ কন্যাদায় গ্ৰস্ত পিতৃ-মাতৃৰ হতাশা, চিন্তাত ডুব যোৱাৰ মাজত প্ৰচলিত সামাজিক পৰিসৰৰ বাহিৰৰ ৰূপ-গুণ বিহীন ‘টুকু’ নামৰ এগৰাকী আত্মবিশ্বাসহীন সাধাৰণ ছোৱালীৰ কাহিনীৰে চিনেমাখন আগবাঢ়িছে৷ একাদিক্ৰমে অহা কোনো সম্বন্ধই টুকুক পছন্দ নকৰাৰ পিচত হঠাৎ এদিন অহা এটা সম্বন্ধত টুকুৰ প্ৰতি এটাই চৰ্ত আছিল যে তাই এটা ‘সোয়েটাৰ’ গুঠিব লাগিব যিটো টুকুৰ হ’বলগীয়া শাহুৱেকে গুঠাৰ দৰেই নিখুঁত হব লাগিব৷
৫. কন্ঠ (Kantho), ২০১৯
পৰিচালক: শিৱপ্ৰসাদ মুখাৰ্জ্জী, নন্দিতা ৰয়
উপলব্ধ প্লেটফৰ্ম: ডিজনী+হটষ্টাৰ (Disney+ Hotstar), হইচই (Hoichoi)
কাহিনীৰ মূল চৰিত্ৰ অৰ্জুন মল্লিক শ্ৰোতাৰ মাজত এজন অতি জনপ্ৰিয় আৰ. জে৷ কন্ঠই যাৰ পৰিচয়, সেই অৰ্জুনৰ কন্ঠৰোধ হ’ল মুখগহ্বৰৰ কৰ্কট ৰোগত, ফলত বাদ পৰিল ৰেডিঅ’ যাত্ৰা৷ এজন কৰ্কট ৰোগীৰ নিজৰ অস্তিত্বক লৈ কৰা আবেগ, অনুভূতি, দুখ, কষ্টৰ অদম্য সংগ্ৰাম খনৰে ‘কন্ঠ’ৰ কাহিনী ভাগক সম্পূৰ্ণ কৰিছে ইয়াৰ চিত্ৰনাট্য, বিষয়বস্ত, অভিনয় তথা উপস্থাপনে৷
৬. কেদাৰা (Kedara), ২০১৯
পৰিচালক: ইন্দ্ৰদীপ দাশগুপ্ত
উপলব্ধ প্লেটফৰ্ম: হইচই (Hoichoi),
কাহিনীৰ মূল চৰিত্ৰ নৰসিংহই পুৰণি পৈত্ৰিক গৃহত অকলে থাকে৷ আত্মীয় পৰিজন সকলোৰে পৰা বিছিন্ন হৈ পৰা নিসংগ নৰসিংহই নিজৰ লগতেই কথা পাতে, বাস কৰে নিজে গঢ়া এখন একক জগতত যত তেওঁৰ ৰূপ হয় বহুধা বিভক্ত৷ প্ৰতিযোগিতাৰ পৃথিৱীৰ ভাগ দৌৰৰ পৰা পিচুৱাই পৰি ক্ৰমাৎ নিসংগ হোৱা ভাল মানুহবোৰৰ এক প্ৰতিনিধি যেন – নৰসিংহ৷
৭. বিসৰ্জন (Bishorjon), ২০১৭
পৰিচালক: কৌশিক গাঙ্গোলী
উপলব্ধ প্লেটফৰ্ম: হইচই (Hoichoi)
ইছামতী নদীত ডুব যোৱা ভাৰতীয় নাগৰিক নাছিৰক উদ্ধাৰ কৰিছিল বাংলাদেশী হিন্দু বিধৱা পদ্মাই৷ দেশ বিভাজনত বিভক্ত হোৱা দুই বাংলাৰ দুজন ভিন ধৰ্মৰ ব্যক্তিৰ মাজত হোৱা প্ৰেম যেন সকলো জাতপাতৰ উৰ্দ্ধৰে মানৱীয় অনুভূতিৰ জয়গানৰ এক শুভ বাৰ্তাৰে প্ৰতিফলন ‘বিসৰ্জন’৷
৮. পোস্ত (Posto), ২০১৭
পৰিচালক: শিৱপ্ৰসাদ মুখাৰ্জ্জী, নন্দিতা ৰয়
উপলব্ধ প্লেটফৰ্ম: ডিজনী+হটষ্টাৰ (Disney+ hotstar ) , হইচই (Hoichoi)
কলকাতাৰ বাসিন্দা অৰ্ণব আৰু সুস্মিতাৰ পুত্ৰ অৰ্ক ওৰফে পোস্ত শান্তিনিকেতনত সৰুৰে পৰা ককাক-আইতাকৰ মৰমৰ ছায়াত ডাঙৰ দীঘল হৈ পোষ্টৰ দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈছিল৷ ব্যস্ত মাক- দেউতাকে মাথো সপ্তাহত এদিন আহি লৰাক চাই যায়হি, কিন্ত পোস্তৰ শৈশৱৰ এই সুন্দৰ দিনবোৰত ভাঙোন আৰম্ভ হল যেতিয়াই দেউতাক অৰ্ণৱে বিদেশত ৰেস্তোৰাঁ খোলাৰ সুযোগ পাই পুত্ৰ পোষ্টকো লগত লৈ যোৱাৰ যো-জা চলালে৷ সম্পৰ্কৰ দাবীৰ যুঁজত এটা শিশু আদালতৰ কাঠগৰাত উপস্থিত হব লগা হল৷
৯. চিনেমাৱালা (Cinemawala), ২০১৬
পৰিচালক: কৌশিক গাংগুলী
উপলব্ধ প্লেটফৰ্ম: আমাজন প্ৰাইম (Amazon Prime), ডিজনী+হটষ্টাৰ (Disney+ Hotstar), হইচই (Hoichoi)
পুৰণি স্মৃতিবোৰ সামৰি অৱশেষত কমলিনীৰ মালিক প্ৰণবেন্দুৱে হলটো বিক্ৰীৰ সিদ্ধান্ত ললে৷ প্ৰণবেন্দুৰ ল’ৰা প্ৰকাশে পাইৰেটেড ডিভিডিৰ ব্যৱসায় কৰি বিভিন্ন মেলাত ডিজিটেল প্ৰজেক্টৰ দি সস্তাত চিনেমা দেখুৱাই দৰ্শকক আকৰ্ষণ কৰিব ধৰিলে; এক কথাত প্ৰকাশ দেউতাকৰ বিপৰীত স্থিতিত অৱস্থান কৰিলে। প্ৰণবেন্দুৰ চেলুলয়ড স্ক্ৰীণক লৈ জীৱনযোৰা আৱেগ; যিটো আৱেগ সকলো চিনেমা নিৰ্মাতা আৰু চিনেমা ব্যৱসায়ৰ লগত জড়িত সকলো ব্যক্তি আৰু বৰ্তমানৰ সহজে উপলব্ধ কপিৰাইট স্বত্ব ভংগ কৰি ব্যৱসায় কৰা অৱৈধ ডিজিটেল জগত খনৰ মাজৰ যুঁজখনৰ এক সম্যক উদাহৰণ – চিনেমাৱালা৷
১০. মেঘে ঢাকা তাৰা (Meghe Dhaka Tara), ২০১৩
পৰিচালক: কমলেশ্বৰ মূখাৰ্জ্জী
উপলব্ধ প্লেটফৰ্ম: হইচই (Hoichoi)
পৰিচালক ঋত্বিক ঘটকৰ জীৱন আৰু কৰ্ম ৰাজিৰ প্ৰতি নিবেদিত ‘মেঘে ঢাকা তাৰা’৷ একমাত্ৰ শেষৰ দৃশ্যাংশৰ বাহিৰে সমগ্ৰ চিনেমা খন ক’লা-বগা ৰূপত চিত্ৰায়িত। বিগত সময়ৰ বাংলা ভূমিৰ সম-সাময়িক ৰাজনৈতিক-সামাজিক দিশটোকো চিত্ৰায়ন কৰা হৈছে এই চিনেমাত।
