দা স্কাই ইজ পিংক (The Sky is Pink)
পৰিচালক – সোণালী বসু
উপলব্ধ প্লেটফর্ম – নেটফ্লিক্স (Netflix)
“Is this all its gonna be?
Gold dust shimmers on my feet
they laid me down
and THE SKY TURNED PINK.”
পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিৰে নিজৰ মতে ভাবিবলৈ, নিজৰ মতে জীয়াই থাকিবলৈ জানো অধিকাৰ নাই? আকাশখনৰ ৰং নীলা- এয়া চিৰন্তন সত্য। এই কথাষাৰৰ গইনা লৈ আমাৰ মন-মগজুত কিয় স্থাপন কৰি দিয়া হয় যে আকাশৰ ৰং একমাত্র নীলাই? আমি আমাৰ কল্পনাৰে আমাৰ আকাশখন গঢ়ি লব নোৱাৰোঁ কিয়? কল্পনাৰ আকাশখন গোলপীয়া কৰি চোৱাৰ আপত্তি ক’ত? জীৱন মানে জীয়াই থকা আৰু মৃত্যু মানে জীৱনৰ শেষ পৰিণতি। চিৰন্তন সত্য বুলি জানিও আমি জীৱনত মৃত্যুৰ কথা কিমান ভাবো? নিশ্চিতকৈ চিৰন্তন মৃত্যুৰ কথা এক মুহূৰ্তও নাভাবোঁ বা নাভাবিবলৈ চেষ্টা কৰোঁ৷ কাৰণ তেনে ভাবনাই জীৱনত ঋণাত্মক শক্তিৰ সঞ্চাৰ কৰে বুলি বিশ্বাস কৰো। মৃত্যুৰ কথা ভাবি থাকিলে আমি জীৱনত আগুৱাব নোৱাৰিম৷ আমি প্রত্যেকেই জীয়াই থকা দিন কেইটা মৃত্যুৰ কোলাহলেৰে বিষাদগ্ৰস্ত কৰি তুলিব নিবিচাৰোঁ৷ আমি বিচাৰো আমাৰ প্ৰতিটো দিন সুখ-দুখক সহযাত্রী কৰি আনন্দোল্লাসৰ মাজেৰে পাৰ হওক৷
স্বাভাৱিক জীৱনৰ আকাংক্ষা কৰি থাকোতে সময়ে যদি মৃত্যু বিভীষিকাৰ বাতৰি কঢ়িয়াই আনে বা যদি গম পাও যে মই পৃথিৱীত মাত্ৰ কেইটামান মাহ বা বছৰৰহে আলহী, তেনে স্থলত মৃত্যুমুখী অপেক্ষাবোৰ কেনেকুৱা হয় তাক অনুধাৱন কৰিব পৰাকৈ চিন্তাৰ গভীৰতা আমাৰ আছেনে? চকুৰ সন্মুখত যদি মোক ভালপোৱা মানুহবোৰে নিজৰ জীৱন বিপদাপন্ন কৰিবলৈও কুণ্ঠাবোধ নকৰাকৈ মোক জীয়াই ৰাখিবলৈ প্ৰাণপণে কৰা চেষ্টা দেখি নিজক অত্যন্ত অসহায় যেন লাগিলেও ভালপোৱা মানুহবোৰৰ বাবে জীয়াই থকাৰ হেঁপাহ দুগুণে জাগে, অথচ নিজৰ হাতত কৰিব পৰা একো নাথাকে৷ অন্তৰৰ কাষৰ মানুহবোৰৰ ছাগে মৃত্যু যে চিৰন্তন সেই সত্য কথাষাৰো ধূলিসাৎ কৰি দিবলৈ মন যায়৷
আয়েশা চৌধুৰী নামৰ ওঠৰ বছৰীয়া ছোৱালী জনীয়ে লিখি গৈছে তাইৰ জীৱনৰ প্ৰতিটো পল-অনুপল; অসুস্থতাৰ মাজতো আনন্দ-বিষাদ-সংঘাত আৰু জীয়াই থাকিবলৈ কৰা আপ্ৰাণ প্রচেষ্টাৰ কথা৷ প্ৰতিটো মুহূৰ্ত উপভোগ কৰি জীয়াই থকাৰ মাদকতাক দুহাতেৰে গোটাই লিখি থৈ গৈছে আত্মজীৱনী ৷
“Enjoy Life, there is plenty of time to be dead”
“Happiness is doing what you Love”
“Happiness is an Attitude”
“Happiness is Acceptance”
আয়েশাই এটা টক শ্ব’ত কৈ যোৱা কথা কেইষাৰে সকলোকে জীৱন উপভোগ কৰিবলৈ প্ৰেৰণা দিব।
আয়েশাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তকে জীৱন্ত কৰি তুলিছে পৰিচালক সোণালী বসুৱে THE SKY IS PINK চিনেমাৰ জৰিয়তে৷ আয়েশাৰ চৰিত্ৰটো জায়েৰা ৱাচিমে অভিনয় প্ৰতিভাৰে জীয়াই তোলাৰ লগতে আয়েশাৰ ককায়েকৰ ভূমিকাত ৰোহিত সুৰেশ ছৰফেও চৰিত্রটি সম্পূর্ণৰূপে ফুটাই তুলিছে৷ মাক হিচাপে প্ৰিয়াংকা চোপ্ৰা আৰু ফাৰহান আখতাৰে দেউতাকৰ চৰিত্ৰত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে৷ প্ৰতিটো চৰিত্ৰৰ এক সুকীয়া বৈশিষ্ট্যপূর্ণ আমেজ আছে৷ এশাৰীতে ক’লে, কাহিনীটোৰ সৈতে তেওঁলোকৰ অভিনয়েৰে দৰ্শকক বান্ধি ৰাখিব বুলি ক’ব পাৰি৷ কাৰণ ইয়েই প্ৰতিটো মুহূৰ্ত জীৱন্ত কৰি তুলি দৰ্শককো গোটেই ঘটনাৰ এজন প্ৰত্যক্ষদৰ্শী যেন ভাবিবলৈ অৱকাশ দিব৷
‘আয়েশা’ কাহিনীৰ প্রস্তাৱনাত আয়েশাৰ মাতষাৰ আৰু সূত্ৰধাৰৰ দৰে তাইৰ ভূমিকাই ক্রমাৎ কাহিনী আগবঢ়াই নিয়ে৷ পৃথিৱীৰ জনসংখ্যাৰ একলাখ দুৰ্ভগীয়া মাক-দেউতাকৰ অন্যতম চৌধুৰী দম্পতি- নীৰেন চৌধুৰী আৰু অদিতি চৌধুৰী৷ দম্পতিটোৱে ছিভিয়াৰ কম্বাইনড্ ইমিউনৌডেফিছিয়েন্সীৰ গৰাহত পৰা এটি সন্তানক ইতিমধ্যে হেৰুৱাইছে৷ তাৰ পিছত অহা এটি সন্তান- ঈশান৷ ভগৱানে চকুমেলি চাইছিল পৰিয়ালটোলৈ৷ তাৰ কেইবছৰমানৰ ব্যৱধানত অবাঞ্চিত গৰ্ভধাৰণত শিয়ঁৰি উঠে নীৰেণ৷ কিন্ত অদিতিয়ে কোনোপধ্যেই গৰ্ভপাত কৰাবলৈ অমান্তি হোৱাত ISD লৈ জন্ম হ’ল আয়েশাৰ৷ প্ৰতিৰক্ষাৰ ক্ষমতা প্ৰায় শূন্য৷ গতিকে অবুজ কেঁচুৱাটিৰ ব’ন মেৰ’ বদলাব লাগিব৷ এফালে লণ্ডনলৈ যোৱাৰ টিকট যোগাৰ আনফালে চিকিৎসা ব্যয়ৰ নামত সপোনটো কল্পনা কৰিব নোৱাৰা টকাৰ পৰিমাণ৷ তথাপি সকলো ফালে যোৰা-টাপলি মাৰি কণমানিক বুকুত বান্ধি বিদেশত আয়েশাক জীয়াই ৰখাৰ সংগ্ৰামত ব্ৰতী হয় পৰিয়ালৰ প্ৰতিজন সদস্য৷
I am dead, get over it.
তাইৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ঘটিযোৱা এই গোটেই ঘটনা তাই আমাৰ সন্মুখত কৈ গৈছে৷ স্মৃতিৰেই আৰম্ভ হৈছে গোটেই চিনেমাখন৷ কাহিনী ভাগত তেওঁলোকে একেলগে কটোৱা প্ৰতিটো মুহূৰ্তক সুন্দৰ ভাবে বান্ধি থৈ গৈছে আয়েশাই৷ তাইৰ আয়ুস কম বুলি জানিয়েই মাক-দেউতাকে গোটেই জীৱনত পাবলগীয়া সুখখিনি সেইকেইটা দিনতে আয়েশাক দিবলৈ আপ্ৰাণ চেষ্টা কৰি গৈছিল৷
সময় কালৈকো নৰয়৷ আয়েশাৰ পৰিয়ালৰ বাবেও সময় ৰৈ নগ’ল৷ গুচি গ’ল আয়েশা, সাজি থৈ গ’ল পৰিয়ালৰ প্ৰতিজন সদস্যলৈ স্মৃতিৰ পাহাৰ৷ তাই যোৱাৰ পিছত দেউতাকে সেইটো ঘৰত থাকিব নিবিচাৰিলে৷ দেউতাকৰ সংলাপত “মই তাইৰ কোঠালিটোত সোমাব নোৱাৰোঁ৷ মোৰ এনে লাগে, তাই আছে৷ তাতে আছে৷ মই সেই স্মৃতিৰেই থাকিব বিচাৰোঁ৷ মই সেই কোঠালৈ গৈ পুনৰ আয়েশাক হেৰুৱাব নিবিচাৰো৷”
শেষাংশত আয়েশাই লেপটপত ৰেকৰ্ডিং কৰি যোৱা ভিডিঅ এটিৰে চিনেমাখন শেষ হয়। য’ত সন্নিৱিষ্ট হৈ থাকে মাক-দেউতাক, ককায়েকক উদ্দেশ্যি কোৱা দুটিমান কথা, যিকেইটা কথাই মাক-দেউতাকৰ লগতে পর্দাৰ বাহিৰত কিজানি আপোনাকো আৱেগিক কৰি তুলিব। ভিডিঅ’টিত কি এনে কথা আছিল, জানিবলৈ এবাৰ চাওক চিনেমাখন। কিজানি
চিনেমাখন চাই শেষত আয়েশাৰ ভাষাৰে কব বিচাৰিব-
Happiness is doing what you love.
