চিনেমাখনৰ দলটোত থকা নামবোৰ দেখিয়েই ভাবিছিলোঁ প্ৰডাকশ্যনটো ভাল হোৱাটো নিশ্চিত৷ ভাস্কৰ হাজৰিকাৰ ‘কথানদী’ আৰু ‘আমিষ’ চাই ইতিমধ্যে তেওঁৰ দৃষ্টিকোণ সম্পৰ্কে ধাৰণা এটা হৈ উঠিছিল৷ লোককথা আৰু লোকসাংস্কৃতিক সমলবোৰক লৈ সম্পৰীক্ষা চলাবলৈ তেওঁ ভাল পায়। তেওঁৰ চিনেমাত সেই দিশবোৰ বিভিন্ন ধৰণে দেখা পোৱা যায়৷ মানুহৰ চিৰন্তন বাসনাবোৰ, ভোক, পিয়াহ, যাতনা, গোপনীয় দিশবোৰৰ সংমিশ্ৰণ মানেই ভাস্কৰ হাজৰিকাৰ চিনেমা৷ তেওঁৰ চিনেমাত ‘ডাৰ্ক ইজ বিউটিফুল’৷
এইবাৰ পৰিচালক নতুন৷ ভাস্কৰ হাজৰিকা কাহিনীকাৰ৷ স্বাভাবিকতেই লোক উপাদানবোৰ অটুট ৰাখি কাহিনীটোৱে এটা উত্তৰ আধুনিক চোলা পিন্ধি লৈছে৷ কাহিনীটোক যদি এটা ত্ৰিভুজ বুলি কল্পনা কৰা যায় তেন্তে তাৰ তিনিটা কোণত অৱস্থান কৰা নাৰীকেইগৰাকীয়েই ইয়াৰ মূল৷ তিনিটা প্ৰজন্মৰ হা-হুতাশ, পোৱা নোপোৱা আৰু নিজস্ব ধৰণে কৰা সংগ্ৰামৰ গল্প এমুঠি পুঠি৷ অৱশ্যেই কাহিনীৰ নাভিমূলত আছে মাছ৷ প্ৰথমটো দৃশ্যৰ পৰাই চিনেমাখনে গতি লৈছে৷ ৰাতিৰ নিৰ্জনতা ভেদি শুনা গৈছে কেইটামান কুকুৰৰ ভুকভুকনি আৰু ঘৰৰ পৰা পলাবলৈ ধৰা দুই নাৰী। তেওঁলোক হৈছে কিশোৰী জোন আৰু তাইৰ আইতাক৷ শেষ নিশা তিনি বাজি পোন্ধৰ মিনিটত আৰম্ভ হৈছে তেওঁলোকৰ গোপন যাত্ৰা, ‘এ চিক্ৰেট মিশ্যন টু মাজুলী’৷ যিগৰাকীৰ চকুত ধূলি মাৰি তেওঁলোক পলাইছে, সেয়া কাহিনীৰ মাজৰ প্ৰজন্ম৷ জোনৰ মাক, আৰক্ষী বিষয়া ইন্দিৰা কলিতা৷
ত্ৰিভুজটোৰ তিনিগৰাকী নাৰীয়েই সামাজিক গোড়ামিৰ প্ৰতি বিতুষ্ট৷ পিতৃতান্ত্ৰিক শিকলি চিঙি মুক্ত হ’বলৈ তেওঁলোকে প্ৰয়াস কৰিছে৷ কিন্তু প্ৰতিগৰাকীৰ মাজেৰে পৰিচালকে আঁকিবলৈ বিচাৰিছে তিনিখন ভিন্ন পৃথিৱীৰ ছবি৷ ভোগবাদে ধ্বংস কৰা মানুহৰ জীৱনৰ ছবি৷
সমাজৰ সকলো পূৰ্বনিৰ্ধাৰিত নিয়মক অংগুষ্ঠ দেখুৱাই ইন্দিৰাই অবিবাহিতা মাতৃৰূপে নিজকে প্ৰতিষ্ঠিত কৰিছে৷ পুৰুষতন্ত্ৰৰ প্ৰতি ই এক প্ৰবল জোকাৰণি সদৃশ৷ অৰ্থনৈতিক স্বাবলম্বনেই যে নাৰী সবলীকৰণৰ ঘাই শিপা তাৰ দূৰ্দান্ত উদাহৰণ এই চৰিত্ৰটো৷ আনহাতে আধুনিক শিক্ষা ব্যৱস্থাৰ নম্বৰকেন্দ্ৰিক বেহুত পিষ্ট জোন নামৰ ছোৱালীজনীৰ মনটোও ঠিক মাকৰ দৰেই৷ তাই হ’ব বিচাৰে মুক্ত, স্বাধীন৷ কিন্তু শিক্ষা অবিহনে যে স্বাধীনতা সম্ভৱ নহয় সেই কথা তাইৰ কোমল মনটোৱে ঢুকি পোৱা নাই৷ ফলত মাকৰ লগতেই আৰম্ভ হৈছে তাইৰ প্ৰথমটো স্তৰৰ দ্বন্দ্ব৷
কিন্তু জোনৰ লগত আইতাক কিয় পলাল?
এইখিনিতে কাহিনীকাৰে মেলি দিছে এটা পুৰাকথাৰ টোপোলা৷ মীথলজিৰ অপূৰ্ব সমাহাৰ ঘটাই মাজুলীৰ এখন সোণৰ বিললৈ টানি নিছে জোনৰ আইতাকক৷ আইতাক তালৈ যাব৷ সেয়া তেওঁৰ সপোন৷ সেই সোণৰ বিলত নাও বাই আহিব এজন দেৱতা, যাৰ নাম মৎস্যকৰ্মা৷ দেৱতাই ভাজি দিয়া এমুঠি পুঠি মাছৰ জুতি ল’ব আইতাই। আৰু দেৱতাৰ নাৱত উঠিয়েই তেওঁ গুচি যাব সৰগৰ বাটলৈ৷ এইখিনিতে পৰিচালক আৰু কাহিনীকাৰৰ সমকাল চেতনাক প্ৰশংসা কৰিবই লাগিব৷ তাহানি যিখন ৰাজ্যৰ খালে বিলে মাছৰ উজান উঠা খবৰে বাতৰিকাকত ভৰাই পেলাইছিল সেইখন ৰাজ্যতে এতিয়া চালানী মাছৰ বৃহৎ ছিণ্ডিকেট৷ অসমৰ মানুহে এসাঁজ থলুৱা মাছ খোৱাৰ হেঁপাহ কৰি এতিয়া বজাৰ ঘুৰ্মুটিয়াই ফুৰিলেও সেই মাছ পাবলৈ নাই৷ ৰাজ্যখনৰ অৰ্থ ব্যৱস্থাৰ লগতে খাদ্য পৰম্পৰাৰ প্ৰতিও ই এক ডাঙৰ প্ৰশ্ন৷ জোনৰ আইতাকৰ মাজেৰে মানুহৰ চিৰাচৰিত ভোক আৰু বাসনাক তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে৷
চিনেমাখনৰ হাস্যৰসে দৰ্শকক আমোদ দিয়াত অকণো কৃপনালি কৰা নাই৷ বিশেষকৈ প্ৰতিটো চৰিত্ৰৰ কমিক টাইমিং মানিবলগীয়া৷ আইতা আৰু জোনৰ দীঘলীয়া আৰু ঘটনাবহুল যাত্ৰাটোৱে চিনেমাখনক অসমীয়া চিনেমাৰ ইতিহাসত এখন সফল ট্ৰেভেল মুভী হিচাপে স্থান দিয়াটো নিশ্চিত৷ প্ৰতিটো দৃশ্যৰ মাজেৰে পৰিচালনা দলটোৰ সুস্পষ্ট পৰিকল্পনা চকুত পৰে৷ আইফ’নেৰে দৃশ্যগ্ৰহণ কৰিও তেওঁলোকে ফ্ৰেইমিঙত যথেষ্ট গুৰুত্ব দিছে৷
আইতাৰ চৰিত্ৰত প্ৰবীন শিল্পী প্ৰতিভা চৌধুৰীয়ে নিজৰ একেবাৰে ‘স্বাভাৱিক অভিনয়’ৰ সোৱাদ আমাক পুনৰ এবাৰ দিলে। নিতালী দাসেও ইন্দিৰা চৰিত্ৰটোক ৰূপায়ণ কৰিবলৈ যত্ন কৰিছে৷ বিশেষকৈ কঠিন বৰ্মৰ মাজতো লুকুৱাই ৰখা হুমুনিয়াহৰ ছবি তেওঁৰ চকুহালত ওলমি আছিল৷ শলাগ ল’ব লাগিব জোনৰ চৰিত্ৰত অভিনয় কৰা নবাগতা সৃষ্টি শৰ্মাৰ৷ তেওঁ চৰিত্ৰটোক নিজৰ মাজত ধাৰণ কৰাত সম্পূৰ্ণ সফল হোৱা যেন লাগিছে৷ আইতাহঁতৰ যাত্ৰাসংগীৰ দুটা চৰিত্ৰ ‘লাক্সাৰী দা’ (ৰুবুল বড়ো) আৰু ‘ৰিমলি বাইদেউ’ (মনীষা ভূঞা)ৰ কমিক টাইমিং সাংঘাতিক৷ লগতে আৰক্ষী বিষয়া এগৰাকীৰ ভূমিকাত কেনী দেউৰী বসুমতাৰীৰ অভিনয় সাবলীল৷
অসমীয়া চিনেমাত যাদু বাস্তৱবাদৰ প্ৰয়োগ একেবাৰে নতুন৷ পৰিচালক অনুপম কৌশিক বৰাই ‘বৰনদী ভটিয়াই’ খনত কিছু পৰিমাণে এই বাদৰ প্ৰয়োগ কৰিছে৷ এমুঠি পুঠিত ঘন অৰণ্যৰ মাজত আবিৰ্ভাৱ ঘটা বৃক্ষমল্লিকা চৰিত্ৰটো একেবাৰে সাধুৰ পৰা তুলি আনি সুমুৱাই দিয়া হৈছে৷ পৰিচালকে কি ভাৱনাৰে এই চৰিত্ৰটো কাহিনীত সুমুৱালে সেই দিশটো স্পষ্ট হোৱাৰ যথেষ্ট অৱকাশ থাকি গ’ল৷ যদি বৃক্ষমল্লিকাক স্বয়ং অৰণ্যৰূপত উপস্থাপন কৰা হ’ল তেন্তে চৰিত্ৰটোৰ মাজৰ ‘হিলিং এলিমেণ্টছ’ খিনিক ‘স্পুকি এলিমেণ্টছ’ৰ দ্বাৰা কিয় ঢাকি দিয়া হ’ল সেয়াও ভাবি চাবলগীয়া৷ যাদু বাস্তৱবাদ তেতিয়াহে সফল হ’ব যেতিয়া ই মূল কাহিনীটোক লক্ষ্যভ্ৰষ্ট নকৰাকৈ সম্পৃক্ত হৈ থাকিব৷ ইয়াৰোপৰি চিনেমাখনৰ শেষাংশ কিছু দুৰ্বল যেন পৰিলক্ষিত হ’ল৷
চিনেমা যিহেতু পৰিচালকৰ মাধ্যম সেয়ে ইয়াত মূল কথক হ’ল কেমেৰা৷ চাউণ্ডতকৈ ইয়াত চাইলেঞ্চৰ গুৰুত্ব অধিক৷ প্ৰয়োজনত প্ৰয়োগ কৰা সংলাপহে চিনেমাৰ অলংকাৰ৷ তেনেস্থলত মূল ভাষ্যক তুলি ধৰিবলৈ এমুঠি পুঠিৰ শেষ দৃশ্যবোৰত অত্যধিক সংলাপেৰে যি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ’ল সেইখিনিয়ে চিনেমেটিক দিশটোক কিছু দুৰ্বল কৰি পেলালে৷
চিনেমাখনৰ আন এটা গুৰুত্বপূৰ্ণ দিশে আমাক কিছু বিব্ৰত কৰিলে৷ সেয়া হ’ল সংলাপৰ ভাষা৷ লাক্সাৰী দাৰ মুখত বড়োসনা অসমীয়া আৰু ৰিমলি বাইদেউৰ মুখত যোৰহাটৰ ফালৰ অসমীয়া ভাষাৰ প্ৰয়োগ যথাযথ৷ কিন্তু চিনেমাখনৰ মূল তিনিটা চৰিত্ৰৰ ক্ষেত্ৰত অধিক পৰীক্ষা নিৰীক্ষাৰ ফলাফল আশাপ্ৰদ নহ’ল। মাকৰ মুখৰ ভাষা উজনি অসমৰ ঠাঁচত দিয়াৰ সময়তে ইন্দিৰাৰ মুখত কিয় সম্পূৰ্ণ নামনিৰ ভাষা (কামৰূপ, বৰপেটা শৈলীমিশ্ৰিত) দিয়া হ’ল তাত প্ৰশ্নৰ অৱতাৰণা হয়৷ সেই শৈলী আয়ত্ত্ব কৰাত নীতালি দাস সম্পূৰ্ণ সফল হ’ব পৰা নাই৷ আকৌ জোনৰ মুখত যি ভাষা প্ৰয়োগ কৰা হৈছে সেয়া অবিভক্ত গোৱালপাৰা জিলাৰ। কলেজীয়া লগৰবোৰৰ সৈতে তেনেকুৱা শৈলীত কথা পাতিলেও একেলগে থকা আইতাকৰ লগত তাই কিয় একেদৰে কথা পাতে? অৰ্থাৎ একেখন ঘৰৰ তিনিটা চৰিত্ৰই তিনিটা ভিন্ন শৈলীত কথা পাতিছে৷ আশা ৰাখিছোঁ পৰিচালক পৰৱৰ্তী চিনেমাসমূহত এই দিশটোত সাৱধান হ’ব৷
এমুঠি পুঠিয়ে থলুৱা সোৱাদ এটা দিছে৷ পৰিচালক কূলনন্দিনী মহন্তৰ শ্ৰমে স্বীকৃতি পোৱাটো আমি বিচাৰোঁ৷ যদিও সমতাৰ জয়গান গোৱা সময়ত এনেবোৰ বাক্য প্ৰয়োজনহীন তথাপি ক’বলৈ ভাল লাগিছে যে চিনেমাখনৰ বেছিভাগ শিল্পী আৰু কলাকুশলী মহিলা৷
মেটানৰ্মেলৰ পৰা আমাৰ আশা বাঢ়িছে৷
বিশেষ দ্ৰষ্টব্য
সন্ধিয়া ৬:৩০ বজাত টিকট কাউণ্টাৰত খবৰ কৰোঁতে বিমৰ্ষ ল’ৰাজনে ক’লে, বাইদেউ চিনেমাখন চলিব নে নাই ঠিক নাই৷ এঘণ্টা পিছত খবৰ কৰক৷ ৮:১০ বজাৰ দৰ্শনীটো চাম বুলি ওলাই গৈছিলোঁ কিন্তু এয়া কি! চিনেমাখন চাবলৈ মানুহ নাই! শেষত যেনিবা দহজন দৰ্শকৰ বাবে দৰ্শনীটো চলোৱা হ’ল। অতি পৰিতাপৰ বিষয় যে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু মানুহৰ মনৰ অৱস্থাই চিনেমাখনক বৰকৈ ক্ষতি কৰিলে। হয়তো চিনেমাখনৰ প্ৰচাৰো কমকৈ হ’ল৷ অসমীয়া চিনেমাৰ পৰিচালকসকললৈ অনুৰোধ, চিনেমাৰ প্ৰচাৰ আৰু মাৰ্কেটিংৰ ক্ষেত্ৰত যেন তেওঁলোক সজাগ হয়, যাতে ভাল চিনেমা এখনে নিজৰ প্ৰাপ্যখিনি পাওক৷

সহকাৰী অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়
