পৰ্যালোচনা

চোৰৰ পৰিয়াল

শ্বপলিফ্টাৰচ (Shoplifters)

পৰিচালক – Hirokazu Kore-eda

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স

দৈৱকী নে যশোদা? Nature or Nurture?

কিছুমান দৃশ্যৰ পৰিকল্পনা, দৃশ্যগ্ৰহণ পৰিচালকৰ লগত একেলগে বহি চাবলৈ ভীষণ ইচ্ছা হয়। যেনে, জাপানী পুলিচৰ জেৰাৰ সময়ত নবায়ু নামৰ মহিলাগৰাকীয়ে কান্দি থকা মিড ক্ল’জআপৰ দৃশ্যটো। প্ৰচণ্ড আৱেগৰ স্ৰোতক নিয়ন্ত্ৰণ কৰি তাক কেনেকৈ অতিশয় শক্তিশালী চলচ্চিত্ৰীয় মুহূৰ্তলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ এটা উদাহৰণ দিবলগীয়া হ‘লে মই একে আষাৰে জাপানী পৰিচালক-প্ৰযোজক চিত্ৰনাট্যকাৰ হিৰ’কাজো ক’‘ৰীডা (Hirokazo Kore-eda)-ৰ ২০১৮ৰ ১৩ মে’ত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈ কাঁৰ সৰ্ব্বোচ্চ সন্মান Palme d’Or লাভ কৰা ছবি ‘শ্বপলিফটাৰ্ছ’ৰ এই দৃশ্যটোৰ কথা ক’ম। চুৰি, অপহৰণ তথা হত্যাকাণ্ডৰ দৰে গুৰুতৰ অপৰাধৰ লগতো নাম সাঙোৰ খাই পৰা সন্তানহীন নবায়ুক মহিলা আৰক্ষীয়ে মাতৰ সুৰত ৰুঢ়তা ঢালি জনালে যে কেইবামাহো ধৰি নবায়ুহঁতৰ লগত থকা লিন নামৰ পাঁচ বছৰীয়া ছোৱালীজনীক নবায়ুৰ গ্ৰেপ্তাৰৰ পাছতে তাইৰ আপোন মাক-দেউতাকৰ ওচৰলৈ পঠিয়াই দিয়া হৈছে। নবায়ুৱে ওলোটাই সুধিছে – “লিনে নিজেই উভতি যাব বিচাৰিছে নে? ইস্‌, জন্ম দিলে বুলিয়েই মাক হৈ যায়নে এজনী মানুহ?”

আৰম্ভণিতে যে সুধিছিলো – দৈৱকী নে যশোদা? Nature or Nurture? এই প্ৰশ্ন মোৰ নাছিল, আছিল বিশ্বপ্ৰসিদ্ধ পৰিচালক হিৰ’কাজো আৰু তেওঁৰ ছবিৰ চৰিত্ৰ নবায়ুৰ। নবায়ুৰ মাতৃ হৃদয়ৰ গলিত লাভা নিগৰিছে সৰু চকুযুৰিৰে। তাই লিনক অপহৰণ কৰা নাছিল, যশোদা হ’বহে খুজিছিল। পিছে কি দৰকাৰতনো তাই লিনক হেৰুৱাৰ সেই ছটফটনি-যন্ত্ৰণাক কৰ্তব্যৰত মহিলা আৰক্ষীগৰাকীৰ সমুখত প্ৰকাশ কৰিব! দুগালেৰে বৈ যাবলৈ নিদি কপাল-চকু-নাক মোহৰাৰ বিশেষ কায়দাৰে চকুপানীখিনি চুলিতে মচি থ‘লে তাই৷ শান্ত-সৌম্য ৰূপেৰে ধুমুহা এজাকক নিজৰ মাজতে চম্ভালি ৰাখিলে নবায়ুয়ে।

জানিবলৈ মন যায় ঠিক এনেকুৱা দৃশ্যবোৰ কেনেকৈ পৰিকল্পনা বা গ্ৰহণ আৰু ৰূপায়ণ কৰে! এইজন পৰিচালকৰে ২০১৩ চনৰ বিশ্বসমাদৃত চিনেমা “লাইক ফাদাৰ লাইক চান”ৰ কাহিনীটোৱেও মোৰ বুকুৰ ক’ৰবাত বিষ অকণ দি থৈ গৈছিল। কাহিনীটো আছিল এনেধৰণৰ  – এদিন হঠাৎ দুহাল পিতৃ-মাতৃৰ সমুখত উন্মোচিত হৈছিল এক নিদাৰুণ সত্য -কলিজাৰ তেজ বাকি বাকি জীৱন দিয়া সন্তান দুটা তেওঁলোকৰ তেজ-মঙহৰ নহয়। ডি এন এ পৰীক্ষাৰ পাছত এই কথা পৰিষ্কাৰ হয় যে দুয়োটা পৰিয়ালৰ সন্তান দুটা জন্মতে সলনা-সলনি হৈ গৈছে। লগে লগে এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হ’ল। নিজৰ নিজৰ সন্তান চমজি লোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হ‘ল। সম্পূৰ্ণ নীতি-নিয়মেৰে তেজ- মঙহৰ পুত্ৰক ওভতাই পালেও এনেকুৱা কাহিনীৰ জানো সফল পৰিসমাপ্তি থাকে? নাথাকে। ইয়াত অন্য কিছুমান উপকাহিনীৰ আৰম্ভণিহে থাকিব পাৰে। অত বছৰ অপত্য স্নেহেৰে আৱৰি ডাঙৰ কৰা ল’ৰাটোক জানো নিজৰ গৰ্ভৰ পৰা জন্মা নাই বুলি জানিয়েই মনৰ পৰা আঁতৰাই পেলাব পাৰি? হিৰ’কাজো ক’ৰীডাৰ ‘লাইক ফাদাৰ লাইক চান’ৰ এই বাক্যটো টানি আনিব পাৰি পৰিচালকজনৰ শেহতীয়া চিনেমা ‘শ্বপলিফটাৰ্ছ’লৈও। দা হলীউড ৰিপৰ্টাৰৰ ভাষাত শ্বপলিফটাৰ্ছ “an unprecedentedly strong performance for an imported pure arthouse drama”. দা ডেইলী টেলিগ্ৰাফৰ ভাষাত “outstanding domestic drama, crafted by Kore-eda with crystalline insight and an unsparing emotional acuity”.

তথ্যসমূহ দিয়াৰ আগতে মই লিখিছিলো যে নিজৰ গৰ্ভৰ পৰা নজন্মিল বুলিয়েই অতদিনে চেনেহেৰে আৱৰি ৰখা কণমানি এটাক মনৰ পৰা আঁতৰাই পেলাব পাৰিনে? বা একে আঁজোৰে সম্পৰ্ক চিঙি পেলাব পাৰিনে? পুলিচৰ হাতত পৰাৰ পাছত চুৰি কৰি জীৱন নিৰ্বাহ কৰা ‘শ্বপলিফটাৰ্ছ’ৰ অ’ছামু আৰু ন’বায়ুয়েও পৰা নাছিল বাটৰ পৰা বুটলি অনা কণমানি লিন আৰু শ্ব’টা নামৰ ল’ৰা-ছোৱালীহালক মনৰ পৰা আঁতৰ কৰিবলৈ। চিনেমাখনত এহাল মৰমীয়াল পিতৃ-মাতৃ, পুত্ৰ-কন্যা, আইতাক, কণমানিকেইটাৰ সুন্দৰী মাহীয়েকেৰে গঢ়ি উঠা ধনৰ অভাৱ থকা অথচ মনৰ ধনী ঘৰ এখনৰ স্পষ্ট ছবি দেখা যেন লাগিলেও দৰ্শকৰ বাবে চলচ্চিত্ৰীয় ভ্ৰমৰ উপৰঞ্চি সেয়া অন্য এক ভ্ৰমহে। কাৰণ এই পৰিয়ালটোৰ বাবে “পৰিয়াল” শব্দটোৰ অৰ্থই ভিন্ন। দেখাত পিতৃ-মাতৃ যেন লগা অ’ছামু আৰু নবায়ুৰ লগত শ্বটা আৰু লিন নামৰ কনমানি ল‘ৰা-ছোৱালীহালৰ কোনো তেজৰ সম্পৰ্ক নাই, বিভিন্ন ঠাইৰ পৰা আহি একেখন ঘৰত একেলগে থাকিবলৈ লোৱা সদস্যসকলৰ মাজত আছে মাথো মৰম-ভালপোৱা-আদৰ-যতনৰ এক শক্তিশালী এনাজৰী। একেবাৰে সাধাৰণ স্তৰৰ কাম-কাজ কৰি জীৱন নিৰ্বাহ কৰা এই অসাধাৰণ পৰিয়ালটোৰ অভিনৱ সম্পৰ্ক তথা জাপানৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ নিৰ্ভীক উপস্থাপনৰ চিনেমা ‘শ্বপলিফটাৰ্ছ’।

চিনেমাখনৰ নামটোৱেই ইয়াৰ কাহিনীৰ আভাস দাঙি ধৰে। দোকান-পোহাৰত গ্ৰাহক হিচাবে গৈ প্ৰয়োজনীয় সামগ্ৰী চুৰ কৰি ঘৰ চলায় ছয়জনীয়া সদস্যৰ পৰিয়ালটোৱে। ইয়াৰে আটাইতকৈ বয়সস্থ সদস্যা হাটছুৱে মৃত স্বামীৰ পেঞ্চন পায়। তেওঁৰ স্বামীৰ দ্বিতীয় পত্নীৰ ফালৰ পুত্ৰৰ জীয়েক আকিয়েও বিদেশত আছে বুলি ঘৰত ফাঁকি দি নবায়ুহঁতৰ লগতে থাকে। তাই পুৰুষক চাক্ষুস যৌনসুখ দিয়া পৰ্ণ পিপ শ্ব’ কৰি কিছু ধন ঘটে। এনেধৰণৰ শ্ব’ জাপানত উপলব্ধ। নবায়ুয়ে লণ্ড্ৰীত কাম কৰে আৰু কাপোৰৰ মাজত কিবা বস্তু পালেই হস্তগত কৰে। মূল পুৰুষ অ’ছামুৱে ১০/১১ বছৰীয়া শ্ব’টা নামৰ ল’ৰাটোৰ সৈতে শ্বপিং মল, ছুপাৰমাৰ্কেটত চুৰ কৰি ফুৰে। চুৰ কৰি উভতি আহোতে এদিন দুয়ো ৫ বছৰীয়া কণমানি লিনক পাই ঘৰলৈ লৈ আনিছিল। আহাৰ-কাপোৰৰ লগতে নতুন সদস্য এজনক স্থান দিব পৰাকৈ ঘৰখনত খালী ঠাইৰ অভাৱ থকা স্বত্বেও তেওঁলোকে শৰীৰত আঘাতৰ চিন লৈ অহা কণমানিজনীক মৰমেৰে আঁকোৱালি লৈছিল। লিনৰ নিৰুদ্দেশ তাইৰ প্ৰকৃত পিতৃ-মাতৃৰ বাবে সকাহহে আছিল। সেয়ে কেইমাহমানৰ পাছত পৰিয়ালৰ পৰিৱৰ্তে জাপানৰ চাইল্ড ৱেলফেয়াৰ চাৰ্ভিছেহে কণমানিজনীৰ নিৰুদ্দেশ সম্পৰ্কে পুলিচক জনাইছিল। টিভিত এই বাতৰি দেখি আনে চিনিব নোৱাৰাকৈ নবায়ুহঁতে তাইৰ চুলিৰ ষ্টাইল সলনি কৰি পেলাইছিল, প্ৰকৃত নাম জুৰীৰ সলনি লিন বুলি মাতিবলৈ লৈছিল। যেন মানুহ চুৰ কৰাটোও অ’ছামুহঁতৰ বাবে চেম্পু এবটল বা বৰশী এডাল চোৰ কৰাৰ দৰেই অতি সাধাৰণ ঘটনাহে। অৱশ্যে তেওঁলোকৰ আদৰ-যত্নত কণমানিজনীও সুখী হৈছিল। নিজৰ পৰিয়ালটোত শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা লিনৰ বাবে অ’ছামু-হাটছু-নবায়ুহঁত আছিল মৰম, নিৰাপত্তাৰ আশ্বাস। পিছে তেওঁলোকৰ এই অসাধাৰণ ঘৰখন বৰ বেছিদিনলৈ ঘৰ হৈ নাথাকিল। এদিন শ্ব’টা চুৰ কৰি ধৰা পৰিল। গোটেই পৰিয়ালটোক পুলিচে আটক কৰিলে। লিন অৰ্থাৎ জুৰীক তাইৰ নিজৰ ঘৰলৈ পঠিয়াই দিয়া হ’ল। আকিও মাক-দেউতাকৰ ওচৰলৈ গ’লগৈ, নবায়ুৰ জেইল হ’ল আৰু অ’ছামুহঁতে এখন গাড়ীৰ পৰা তুলি অনা শ্ব’টা এদিন অ’ছামুৰ পিতৃ হৃদয়ক থানবান কৰি বাছত উঠি গুচি গ’ল। এই দৃশ্যই দৰ্শকৰ চকু সেমেকাই তুলিলেও এখন ভাল চিনেমাৰ অভিজ্ঞতাৰে মোক সমৃদ্ধ কৰি থৈ গ’ল।

কৰীডাৰ অপূৰ্ব চলচ্চিত্ৰীয় উপস্থাপনৰ লগতে অসামাজিক, অপৰাধমূলক কাম-কাজত অভ্যস্ত ৰহস্যময় পৰিয়াল এটাৰ নিজৰ মাজৰ বুজাবুজি আৰু চেনেহে বহু কথাই ভবাই থৈ গ’ল। বৃদ্ধা হাটছুৰ স্বাভাৱিক মৃত্যুৰ পাছত নিজৰ ঘৰতে শৱদেহ পুতি পেলোৱাৰ অপৰাধত অপৰাধী নবায়ুয়ে কিন্তু জীৱিত কালত হাটছুক দিছিল পৰ্যাপ্ত সন্মান আৰু যতন। মানৱীয় দৃষ্টিৰে ভুল বুলি পৰিগণিত নহ’লেও আইনৰ দৃষ্টিত পেঞ্চনৰ লোভত এইদৰে গোপনে শৱদেহ সৎকাৰ আছিল ডাঙৰ অপৰাধ। পুলিচৰ ওচৰত এই সকলো অপৰাধ নিজে অকলে মূৰ পাতি লৈছিল নবায়ুৱে। ইতিপূৰ্বে ১৮ খন চিনেমা পৰিচালনাৰ অভিজ্ঞতা অৰ্জন কৰা ৫৭ বছৰীয়া পৰিচালকজনে পৰিয়ালকেন্দ্ৰিক চিনেমা নিৰ্মাণত যি ধৰণৰ আবেগ, কৃতিত্বৰ প্ৰদৰ্শন কৰি আহিছে সেয়া ‘শ্বপলিফটাৰ্ছ’ত আৰু অধিক ৰূপত উজলি উঠিছে।

‘The Eel’ (১৯৯৭, পৰিচালক Shohei Imamura) ৰ পাছত কাঁৰ Palme d’Or লাভ কৰা হিৰ‘কাজোৰ ‘শ্বপলিফটাৰ্ছ’ দ্বিতীয়খন জাপানী চিনেমা৷ পৰিচালনা, চিনেমাট’গ্ৰাফী, শব্দ-সংগীতৰ লগতে চিনেমাখনৰ অভিনয়ো হৃদয়স্পৰ্শী। অ’ছামুৰ চৰিত্ৰত অভিনয় কৰা জাপানৰ লেখক-অভিনেতা লিলি ফ্ৰেংকিয়ে হিৰ’কাজোৰ লাইক ফাদাৰ লাইক চান, ৱান লিটিল চিষ্টাৰ, আফটাৰ দা ষ্টৰ্মতো অভিনয় কৰিছিল। আইতাক হাটছুৰ চৰিত্ৰত অভিনয় কৰা সু-অভিনেত্ৰী ৭৫ বছৰীয়া কিৰিন কিকিৰ জীৱনৰ এইখন অন্তিম চিনেমা। পৰিয়াল মানে আচলতে কি এইকথা বুজাবলৈকে যেন জাপানৰ সামাজিক জীৱনত ঘটি থকা বিভিন্ন অপৰাধমূলক ঘটনাৰাজিৰ উল্লেখেৰে হিৰ’কাজোই নিজৰ চলচ্চিত্ৰীয় জ্ঞান আৰু ভালপোৱাক ব্যৱহাৰ কৰিছে। ‘শ্বপলিফটাৰ্ছ’ৰ জাপানত চেৰীফুলৰ বিলাসিতা নাই, আছে দৰিদ্ৰতা আৰু সোৰোপালিৰ ফলত ঠন ধৰি উঠা অপৰাধ প্ৰৱণতা।

নবায়ুৱে ভাঙি থকা সিজোৱা গোমধানখিনিৰ পৰা গৰম ধোঁৱা উৰিছে। ধোঁৱাখিনিৰ সিপাৰে খেল-ধেমালিৰ মাজতে শ্ব’টাই অ’ছামুক কৈছে-“অমুক দোকানীয়ে লিনক চুৰি কৰা শিকাবলৈ মানা কৰিছে”। পিতৃত্বৰ মৰমত সদায়েই উথলি থকা অ’ছামুৱে প্ৰত্যুত্তৰ দিছে -“অ’ ঠিকেই কৈছেতো, লিন বহুত সৰু হৈ আছে যে।” অপৰাধ, ঠগবাজিৰে প্ৰতিটো দিন অতিবাহিত কৰা এই চিবাটা পৰিয়ালৰ কণমানি দুটাই ইয়াতকৈ আৰু কি শিক্ষা লাভ কৰিবনো বুলি বেঁকা হাঁহি এটা মাৰিবলৈ মন প্ৰলুব্ধ হোৱাৰ সময়তে অনুভৱ হয় পৃথিৱীৰ হাজাৰ-বিজাৰ পৰিয়ালৰ ভিতৰচ’ৰাত অভাৱ ঘটা সম্পৰ্ক-সহযোগৰ মাদকতা, বান্ধোন-মানসিক নিৰাপত্তাৰে দেখোন সিঁহত চহকী।

আকাশত আতচবাজীৰ খেলা চলিছে। তাকে চাবলৈ এৰিয়েল শ্বটত আকাশলৈ মুখ কৰি হাঁহি-আনন্দত পোহৰ হৈ উঠিছে তেজৰ সম্পৰ্কহীন গোটেই পৰিয়ালটো। এই দৃশ্য পাহৰা নাযায়। পাহৰা নাযায় বস্তুৰে ঠাহ খোৱা সৰু ৰহস্যময় ঘৰটোৰ বহল হৃদয়ৰ সদা সুখী আবাসীসকলক, এখন অভিনৱ চিনেমাক।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.6 / 5. ভোট : 93

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!