মাই নেইবাৰ টট’ৰ’ (My Neighbor Totoro)
পৰিচালক – হায়াও মিয়াজাকি (Hayao Miyazaki)
ভাষা – জাপানীজ
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
তেওঁক জনা যায় জাপানৰ ‘ৱাল্ট ডিজনী’ হিচাবে। নাম – হায়াও মিয়াজাকি (Hayao Miyazaki)। জাপানীজ এনিমেচন চিনেমাৰ অন্যতম বিশিষ্ট পৰিচালক মিয়াজাকিৰ এক অপূৰ্ব সৃষ্টি হৈছে ‘মাই নেইবাৰ টট’ৰ’, যিখন চিনেমাৰ নাম বিশ্বৰ এখন অন্যতম জনপ্ৰিয় এনিমেচন চিনেমাৰ শাৰীত ৰখা হয়।

মাই নেইবাৰ টট’ৰ’, জাপানীজ এনিমেচন চিনেমাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাবে পৰিচিত। দুজনী কণমানি বায়েক-ভনীয়েক চাটচুকি আৰু মেইৰ ৫০ৰ দশকৰ এক কাহিনী। বিশ্ববিদ্যালয়ৰ অধ্যাপক দেউতাকৰ সৈতে একেলগে ওখোৰা-মোখোৰা বাটেৰে এখন গাড়ীত বয়-বস্তু সহিতে জীয়ৰী দুজনীৰ সৈতে নতুন ঘৰলৈ আহি থকাৰ পৰা আৰম্ভ হয় কাহিনীভাগ। দেউতাকে চহৰৰ পৰা কিছু আওহতীয়া ঠাইত এটা ঘৰ লয়, যাতে পত্নীৰ ৰোগৰ চিকিৎসা চলি থকা চিকিৎসালয়খনৰ পৰা অহা যোৱা কৰাত সুবিধা হয়। কিন্তু ঘৰটো ভূতবাংলা হিচাবে পৰিচিত। নতুন ঘৰত সোমায়েই চাটচুকি আৰু মেয়ে দেখা পাই কিছুমান সৰু সৰু ক’লা বৰণৰ বস্তু ঘৰটোৰ আন্ধাৰ কোঠাবোৰত ঘূৰি ফুৰিছে। দেউতাকক এই কথা কোৱাত দেউতাকে এয়া ধুলিৰ বল বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও ঘৰলৈ কাম কৰিব লৈ অহা আইতাগৰাকীয়ে জনায়, এয়া চুচুৱাতাৰি (Susuwatari), যিয়ে পুৰণি খালী ঘৰসমূহত বাস কৰি ভাল পায়, কিন্তু যেতিয়া মানুহৰ হাঁহি খিকিন্দালি শুনে তেতিয়া সেই ঘৰৰ পৰা আঁতৰি যায়। (চুচুৱাতাৰি হ’ল এক অশৰীৰী ভৌতিক কাল্পনিক চৰিত্ৰ যাক পৰিচালকে উদ্ভাৱন কৰি প্ৰথমবাৰৰ বাবে নিজৰ চিনেমাত ব্যৱহাৰ কৰিছিল)। কাৰ্য্ত সিয়েই হ’ল। চাটচুকিহঁতৰ ঘৰৰ পৰা চুচুৱাতাৰিবোৰ আঁতৰি যায়। এদিন মেই ঘৰৰ বাহিৰত খেলি থাকোতে ঘটনাক্ৰমে ওচৰৰ হাবিখনত গৈ লগ হয় বিশালকায় জীৱ্ক, মেয়ে ইয়াক সম্বোধন কৰে টট’ৰ’ হিচাবে। মেইক বিছাৰি দেউতাক আৰু চাটচুকি আহি হাবি পাইহি আৰু মেইক শুই থকা অৱস্থাত উদ্ধাৰ কৰে। মেই আচৰিত হয় ট’টৰক লগ পোৱাটো সপোন আছিল নে দিঠক, কাৰণ দেউতাক আৰু চাটচুকিক টট’ৰৰ অৱস্থিতি মেয়ে দেখুওৱাব নোৱাৰিলে। কিছুদিন পাছতে দেউতাকক আগবঢ়াই আনিবলৈ বাচষ্টপত গৈ সন্ধিয়া ৰৈ থাকোতে চাটচুকি আৰু মেয়ে পুনৰ লগ পাই টট’ৰ’ক। চাটচুকিৰ লগত টট’ৰ’ৰ প্ৰথম দেখাদেখি। দেউতাকলৈ অনা ছাতিটো চাটচুকিয়ে বৰষুণত তিতি ৰৈ থকা টট’ৰ’ক দিয়ে। টট’ৰয়ে আনন্দৰে ছাটিটো লয়। এনেতে এখন মেকুৰীয়ে চলোৱা বাহন আহি সন্মুখত ৰয় আৰু টট’ৰ বাছখনত উঠি গুচি যায়। টট’ৰ’ক লগ পাই মেই আৰু চাটচুটি আনন্দত আত্মহাৰা হৈ পৰে। কিছুদিনৰ পাছতে ঘৰলৈ অহা এখন টেলিগ্ৰামে কিছুসময়ৰ বাবে অলপ উথপথপ লগায়। মেই নিৰুদ্দেশ হৈ পৰে আৰু সহায় বিচাৰি চাটচুটি ট’টৰৰ কাষ চাপে। মেই, চাটচুটি আৰু ট’টৰক লৈ কাহিনীভাগ গঠিত হৈছে মাই নেইবাৰ টট’ৰ’ত।
১৯৮৮ চনত মুক্তি পোৱা এই চিনেমাখন শান্ত, সমাহিত উপাদানেৰে ভৰপূৰ। ভৌতিক আৰু কল্পনাৰ উপাদানেৰে নিৰ্মিত এই চিনেমাখন মিয়াজাকিৰ কল্পনাপ্ৰৱন মনৰ এক অপূৰ্ব্ব সৃষ্টি। পানীৰঙৰ প্ৰলেপেৰে সৃষ্ট মিয়াজাকিৰ মাই নেইবাৰ টৰ’টৰ কিছুমান দৃশ্য চাই থাকিলে ‘এলিচ ইন ওৱাণ্ডাৰলেণ্ডলৈ’ মনত পৰে, যদিও দুইখনৰ উপস্থাপন শৈলী ভিন্ন। মেই আৰু চাটচুকি ছাতিটো লৈ বাছষ্টপত ৰৈ থকা আৰু কাষতে বিশালকায় টটৰ’ শান্তভাৱে মূৰত বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ পাত এখিলা লৈ থকা দৃশ্যটো চিনেমাখনৰে এক বিশেষ দৃশ্য।
সংঘাতবিহীন মাই নেইবাৰ টটৰ’ পৰিস্থিতি আৰু অন্বেষণৰ ওপৰত আধাৰিত চলচ্চিত্ৰ। মানুহ আৰু প্ৰকৃতিৰ মাজত ওতঃপ্ৰোতঃ সম্বন্ধ উপস্থাপন কৰিবলৈ গৈ মিয়াকাজিয়ে কিছুমান কাল্পনিক চৰিত্ৰৰ সৃষ্টি কৰিছে যিবোৰ কোনো জাপানমূলীয় কাল্পনিক কাহিনীৰ আধাৰত সৃষ্ট নহয়।
‘হুলস্থুলীয়া’ কাহিনীয়ে জাপানীজ চিনেমা আৱৰি থকা সময়তে হায়াও মিয়াজাকিয়ে নিৰ্মাণ কৰা শান্ত- সমাহিত চিনেমাখনৰ প্ৰতি প্ৰথম অৱস্থাত কোনো বিতৰক কোম্পানীয়ে আগ্ৰহ দেখুওৱা নাছিল। কিন্তু পাছলৈ মিয়াজাকিৰ কল্পনাৰ ৰহণেৰে নিৰ্মিত ‘মাই নেইবাৰ টৰট’য়ে বিশ্বৰ ভিতৰতে সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ চিনেমা হিচাবে সমাদৰ বুটলিবলৈ সক্ষম হয়।
