চিন্টু কা বাৰ্থডে (Chintu Ka Birthday)
পৰিচালক: সত্যাংশু সিং, দেৱাংশু কুমাৰ
উপলব্ধ প্লেটফৰ্ম: জি ফাইভ (Zee5)
সৰু ল’ৰা-ছোৱালীৰ বাবে জন্মদিনৰ উদযাপন অতি গুৰুত্বপূৰ্ণ৷ আন শিশুৰ দৰে চিন্টুও ব্যতিক্ৰম নহয়৷ তাৰ এটায়ে ইচ্ছা যে এইবাৰৰ জন্মদিন ভালকৈ উদযাপন কৰিব৷ জন্মদিনত স্কুলীয়া বন্ধুক চকলেট বিলাই আবেলি পৰিয়াল আৰু বন্ধুসকলৰ লগত কেক কাটি অলপ সময় ফূৰ্তিৰে কটোৱাই তাৰ একমাত্ৰ আশা৷ ইৰাকৰ এক যুদ্ধবিধ্বস্ত অঞ্চলত অস্বাভাৱিক পৰিস্থিতিৰ মাজত মধ্যবিত্ত পৰিয়ালে তেওঁলোকৰ একমাত্ৰ পুত্ৰ ছয় বছৰীয়া চিন্টুৰ জন্মদিন উদযাপনৰ ঘটনা প্ৰবাহত ছবিখনৰ সৃষ্টি৷
২০০৪ চনৰ যুদ্ধবিধ্বস্ত ইৰাকৰ পটভূমিত নিৰ্মিত ছবিখনত এক দায়িত্বশীল পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে বিনয় পাঠকে আৰু মৰমিয়াল মাতৃৰ চৰিত্ৰত তিলোত্তমা শোমে৷ শিশু অভিনেতা বেদান্ত ৰাজ চিব্বৰে মুখ্য চৰিত্ৰ চিন্টুৰ অভিনয় কৰাৰ লগতে ছবিখনৰ ভাষ্যকাৰৰ ভূমিকাও পালন কৰিছে৷ নিষ্পাপ শিশুমনৰ অধিকাৰী চিন্টুয়ে তেওঁলোকে কেনেকৈ ইৰাকত অৱতৰণ কৰিছিল তথা ইৰাকৰ শাসক চাদ্দাম হুছেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ বাবে কেনেকৈ ইৰাকত আৱদ্ধ হয় তাৰ সাৱলীল বৰ্ণনা নিজেই দাঙি ধৰিছে৷ যুদ্ধৰ বাবেই যোৱাবাৰৰ জন্মদিন চিন্টুয়ে উদযাপন কৰিব পৰা নাছিল৷ কিন্তু এইবাৰ চিন্টুৰ পৰিয়াল বিশেষকৈ দেউতাকে হাঁহি মুখেৰে পুত্ৰৰ ক্ষণিকৰ ইচ্ছা পূৰণ কৰিবলৈ সকলো নিশ্চিত কৰিছে৷
চলচ্চিত্ৰখনৰ চিত্ৰনাট্যকাৰৰো ভূমিকা পালন কৰা পৰিচালদ্বয়ে এক সজীৱ কাহিনী আৰু সুগঠিত চিত্ৰনাট্যৰে দৰ্শকক ধৰি ৰাখিব পৰাত বহু পৰিমাণে সফল হৈছে৷ ছবিখনৰ আটাইতকৈ শক্তিশালী দিশটো হৈছে ইয়াৰ প্ৰতিগৰাকী শিল্পীৰ দুৰ্দান্ত অভিনয়৷ ছবিখনত চিন্টুৰ বায়েক লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰা বিশা চতুৰ্বেদী আৰু আইতাকৰ চৰিত্ৰত সীমা পাহৱায়ে অনবদ্য অভিনয় কৰিছে৷ ছবিখনত মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা এনে কিছুমান মুহূৰ্ত আছে যি বৰ্তমান সময়ত অতি প্ৰাসংগিক৷ পৰিয়ালৰ দায়িত্ব আৰু মৰমৰ এনাজৰীডাল শক্তিশালী হ’লে যুদ্ধৰ বিভীষিকায়েও মনোবল হ্ৰাস কৰিব নোৱাৰে৷ তদুপৰি চহৰৰ বোমা বিস্ফোৰণ আৰু প্ৰচণ্ড গুলীয়াগুলীৰ মাজতো চিন্টুৰ দুই বন্ধুৱে তাৰ ঘৰলৈ গৈ প্ৰকৃত বন্ধুত্বৰ নিদৰ্শন দাঙি ধৰিছে৷ ছবিখনত ভাষাৰ প্ৰয়োগো মন কৰিবলগীয়া৷ বিহাৰী সম্প্ৰদায়ৰ তিৱাৰী পৰিয়ালৰ শুৱলা ভোজপুৰী-হিন্দী মিশ্ৰিত ভাষাত কথা-বতৰা, চিন্টু আৰু লক্ষ্মীৰ সলসলীয়া আৰৱী ভাষাত ঘৰৰ মালিক আৰু বন্ধু দুগৰাকীৰ সৈতে কথোপকথন তথা সৈনিক দুজনৰ সৈতে বিনয় পাঠকৰ ইংৰাজীত কথোপকথনত কৃত্ৰিমতাৰ লেশমানো নাই৷ সেইদৰে চিন্টুৰ মাক আৰু আইতাকে একেলগে গোৱা লোকগীতটি অত্যন্ত হৃদয়স্পৰ্শী৷
২০১৮ চনত মুম্বাইৰ জিঅ’ মামী চলচ্চিত্ৰ মহোৎসৱত মুক্তিৰ ববে নিৰ্বাচিত ছবিখনে মি টু (Me Too) আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰযোজকৰ বিৰুদ্ধে উঠা যৌন নিৰ্যাতনৰ অভিযোগৰ বাবে মুক্তি লাভ কৰা নাছিল৷ পিছলৈ ২০১৯ চনত জাগৰণ চলচ্চিত্ৰ মহোৎসৱত ই মুক্তি লাভ কৰে৷ ২০২০ চনৰ ৫ জুন তাৰিখে অনলাইন প্লেটফৰ্ম জি ফাইভত ছবিখন সাধাৰণ দৰ্শকৰ বাবে মুক্তি পায়৷ মাত্ৰ এঘণ্টা ২৩ মিনিটৰ ছবিখন নিশ্চিতভাবে উপভোগ্য যদিও শেষৰ দৃশ্যাংশ অলপ অনুমান কৰিব পৰা ধৰণৰ।
কিন্তু শেষত চিন্টুৱে নিজৰ জন্মদিন কেক কাটি পালন কৰিব পাৰিলে নে নাই সেয়া গম পাবলৈ আপুনি চাব লাগিব জটিল পৰিস্থিতিত এক সহজ সৰল কাহিনীৰ উপস্থাপনেৰে ‘চিন্টু কা বাৰ্থডে’।
