চলচ্চিত্ৰ

ডানকাৰ্ক!! ডানকাৰ্ক

ডানকাৰ্ক (Dunkirk)

পৰিচালক – ক্ৰিষ্ট’ফাৰ ন’লান

উপলব্ধ প্লেটফৰ্ম – আমাজন প্ৰাইম (Amazon Prime)

“সময় সমাগত। জাৰ্মান ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ণয়কাৰী সংগ্ৰামৰ সময় সমাগত। যোৱা তিনিশ বছৰে ইংলেণ্ড আৰু ফ্ৰান্সৰ শাসকবৃন্দই ইউৰোপৰ বুকুলৈ সুস্থিৰ পৰিৱেশ অনাত বাধা দি আহিছে, চেষ্টা কৰি আহিছে জাৰ্মানীক সদায় দুৰ্বল আৰু অসহায় কৰি ৰাখিবলৈ। আজি যি সংগ্ৰাম আৰম্ভ হ’ব, অনাগত সহস্ৰ বছৰৰ বাবে সি জাৰ্মান জাতিৰ ভাগ্য নিৰ্ণয় কৰিব।” – এয়া হিটলাৰৰ মাত। ফ্ৰান্স আক্ৰমণৰ বাবে প্ৰস্তুত হোৱা হিটলাৰৰ সৈন্যবাহিনীলৈ অনুপ্ৰেৰণাৰ বাণী।

সময় ১৯৪০ চন, ১০মে’। ফ্ৰান্সে কল্পনা কৰিব নোৱাৰা এক আক্ৰমণ-পৰিকল্পনা। নদী পাৰ হৈ জলাহ-বনাঞ্চলৰ মাজেৰে ভয়াবহ টেঙ্ক আক্ৰমণ যে অসম্ভৱ সেয়া ফ্ৰান্সে জানে। পিছে অসম্ভৱক সম্ভৱৰ নামেইতো হিটলাৰ। জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণ কৰিবলৈ যাওতে  উত্তৰৰ পৰা আক্ৰমণ আৰম্ভ কৰি প্ৰথমে বেলজিয়াম,  হলেণ্ড অধিকাৰ কৰিব। প্ৰধান জাৰ্মান আক্ৰমণ হ’ব মিউচ নদী পাৰ হৈ আৰডেনিছ বনাঞ্চলৰ মাজেৰে। জাৰ্মানীৰ এই আক্ৰমণ আছিল তেতিয়ালৈকে হোৱা পৃথিৱীৰ আটাইতকৈ দ্ৰুত, শক্তিশালী আৰু বৃহৎ পৰিসৰৰ আক্ৰমণ। এনে ভয়াবহ আক্ৰমণৰ সমুখত ফ্ৰান্স, বৃটিছ, বেলজিয়াম সেনা ধৰাসায়ী হ’ল। বেলজিয়ামৰ পতনৰ লগে লগে মিত্ৰপক্ষৰ প্ৰতিৰক্ষাত যি সুৰুঙাৰ সৃষ্টি হ’ল সেই সুৰুঙাইদি মিত্ৰপক্ষৰ কমাণ্ডাৰ জেনেৰেল গৰ্টক শক্তিহীন কৰি সোমাই আহিল জাৰ্মান টেঙ্ক। উপায়হীন হৈ গৰ্টে  সৈন্যবাহিনীক লৈ পিছুৱাই আহিল উত্তৰ ফ্ৰান্সৰ ডানকাৰ্ক অঞ্চললৈ। পিছ হোহকি অহা এই  ব্ৰিটিছ ,ফ্ৰান্স, বেলজিয়ামৰ প্ৰায় চাৰিলাখ সেনাক জাৰ্মানীয়ে ডানকাৰ্কতে আৱদ্ধ কৰি পেলালে। এইখিনি বিশ্ব প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ  ক্ৰিষ্ট’ফাৰ ন’লানৰ মূল আকৰ্ষণৰ বিষয়  নহয় ,তেওঁৰ চিনেমাত ইয়াৰ কোনো উল্লেখ নাই। তেওঁ যেন নাজী বাহিনীক নিচিনে ,চিনে কেৱল ডানকাৰ্কত আৱদ্ধ সৈন্যসকলক আৰু তেওঁলোকক আক্ৰমণ কৰি থকা শত্ৰুপক্ষক। তেওঁ বুজে কেৱল ডানকাৰ্কক। 

“ডানকাৰ্ক”!! দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতা, প্ৰাণৰ মমতা , মানবীয়তা, সন্দেহ-সংশয়  তথা বীৰগাঁথা মুখৰ ডানকাৰ্ক। এই ডানকাৰ্কক লৈয়েই জাৰ্মানীৰ আক্ৰমণ তথা উদ্ধাৰ অভিযান ঘটনাৰ ৭৭ বছৰ পাছত বিশ্ব প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ ক্ৰিষ্ট’ফাৰ ন’লানৰ অতি সফল যুদ্ধ বিষয়ক চিনেমা  “ডানকাৰ্ক”(২০১৭)।

চিনেমাখন আৰম্ভ হৈছে ছজন কমবয়সীয়া সৈনিকে এটা পথেৰে আগুৱাই যোৱাৰ দৃশ্যৰে। স্বাভাৱিকভাবেই যুদ্ধবিধ্বস্ত ঠাইখণ্ডৰ পথৰ দুয়োকাষৰ ঘৰবোৰ আবাসীশূন্য। হঠাতে পথটোত শ-শ লিফলেটৰ বৰষুণ হৈছে – য’ত শত্ৰুপক্ষই চাৰিওদিশৰ পৰা ডানকাৰ্কত সৈন্যসকলক আগুৰি ধৰাৰ সাংকেতিক ছবিৰ লগতে লিখা আছে “we surround you”। এজন সৈনিকে পৰিত্যক্ত ঘৰ এটাৰ পানীৰ পাইপত শোহা মাৰিছে, এজনে ওপৰৰ পৰা ধাৰাসাৰে পৰা লিফলেটবোৰৰ এখন থপিয়াই ধৰি পঢ়িছে। শত্ৰুৰ গুলীবৰ্ষণ চলিয়েই আছে । তেওঁলোকৰ পৰা কিছুদূৰতে আছে সমুদ্ৰ আৰু এই সমুদ্ৰৰেই প্ৰায় চাৰিলাখ সেনাক উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হ’ব। পিছে পথটোৰে আগুৱাই যোৱা ছজন সৈন্যৰ টমী নামৰ সৈনিকজনহে সমুদ্ৰতীৰত উপস্থিত হ’ব পাৰিলে। শত্ৰুৰ গুলীত বাকী কেইজনৰ নিথৰ দেহ পথৰ ওপৰতে বাগৰি পৰিল। অৱশ্যে মাত্ৰ পাঁচজন সৈন্যৰ মৃতদেহ দেখি দুখ কৰাৰ অৰ্থ নাই ,কাৰণ ইতিমধ্যে ডানকাৰ্কত আবদ্ধ সৈন্যবাহিনীৰ ওপৰত শত্ৰুপক্ষৰ আক্ৰমণে হাজাৰ হাজাৰ সৈন্যৰ প্ৰাণ লৈছে। জাৰ্মান আক্ৰমণত তেজেৰে ডানকাৰ্ক ৰাঙলী হৈ গ’ল যদিও আবদ্ধ বাহিনীয়েও প্ৰতি আক্ৰমণ কৰিবলৈ নেৰিলে। অৱশেষত আক্ৰমণৰ মাজতে বৃটিছ নৌ বিভাগে আৱদ্ধ সৈন্য সকলক সাগৰেৰে উদ্ধাৰৰ সিদ্ধান্ত ল’লে। উদ্ধাৰ কাৰ্যত ব্যৱহাৰ হ’ল যুদ্ধ জাহাজৰ পৰা মাছমৰীয়া নাঁও, কয়লা কঢ়িওৱা নাৱলৈকে। ৰয়েল নেভীৰ প্ৰায় ২২০খন জাহাজ আৰু ৬৬০খন সৰু ব্যক্তিগত নাৱেৰে প্ৰচুৰ হানি-বিঘিনিৰ মাজেৰে প্ৰায় দুইলাখ চৌব্বিছ হাজাৰ বৃটিছ আৰু  এক লাখ বাৰ হাজাৰ ফৰাছী, বেলজিয়াম, ডাছ, পোলিছ সেনা উদ্ধাৰ কৰা হ’ল। আকৌ যুদ্ধৰ পৰা ন’লানৰ ডানকাৰ্কলৈ  আহো।

সহযোদ্ধাসকলক হেৰুওৱাৰ পাছত টমী নামৰ মিলিটেৰী ৰেংকৰ তল খাপৰ সেনাজন সাগৰৰ পাৰলৈ আহিল, য’ত ডাইভ-বোমাৰ আক্ৰমণ মূৰ পাতি লৈয়েই  লাখ লাখ সৈন্যই অপেক্ষা কৰি আছে উদ্ধাৰকৰ্তা জাহাজবোৰলৈ। টমীয়ে আহিয়েই বালিত মৃতদেহ এটা পুতি থকা অৱস্থাত গিবচনক লগ পালে। তাৰপাছত লগ পালে এলেক্সক। লাখ লাখ টমী-এলেক্সেৰ বিপদ সংকুল “ঘৰমুখী” যাত্ৰাৰ সাক্ষী হৈ ৰ’ল সাগৰ। সন্দেহ -সংশয়ে মাজে মাজে পৰিস্থিতিক আৰু অধিক বিষময় কৰি তুলিলে। আকাশৰ পৰা যুঁজাৰু বিমানৰ বোমা ,পানীৰ তলৰ পৰা টপীড’ৰ আক্ৰমনত ডুব গ’ল বহু জাহাজ, সৈন্যৰ তেজে লুণীয়া পানীক অধিক লুণীয়া কৰি পেলালে। সেয়ে ডানকাৰ্কৰ উদ্ধাৰ অভিযানেই চিনেমাখনৰ মূল বিষয় হ’লেও  ডানকাৰ্ক কেৱল এখন “ৰে’ছকিউ ফিল্ম” নহয়, ই এখন অনবদ্য ৱাৰ ফিল্ম। উদ্ধাৰ কাৰ্যত ভাগ ল’বলৈ ডৱচন আৰু তেওঁৰ  পুত্ৰ পিটাৰো মুক্তমনে আগবাঢ়ি আহিল। দুৰ্ভাগ্যজনক ভাৱে যুদ্ধভীতিয়ে অস্বাভাৱিক কৰি পেলোৱা বিষয়া এজনৰ আক্ৰমণত পিটাৰৰ সোতৰ বছৰীয়া বন্ধু জৰ্জ এই যাত্ৰাত মৃত্যমুখত পৰিল। অৱশেষত গাৰ নোম শিয়ৰা পৰিস্থিতিৰ অন্ত পৰিল আৰু সেনা বিষয়া তথা বৃটিছ প্ৰধানমন্ত্ৰীয়ে আশা কৰাতকৈ বহু বেছি সৈন্যক উদ্ধাৰ কৰিব পৰা গ’ল।

 “ডানকাৰ্কৰ এই কাহিনীটো আমাৰ হাড়ে-হিমজুৱে আছে, যাক বৃটিছ মানুহে লালন কৰিছে। এয়া এক পৰাজয় আছিল, কিন্তু সেই পৰাজয়তো কিবা এটা বিস্ময়ৰ সূচনা হৈছিল”– এটা সাক্ষাৎকাৰত এইদৰে কৈছিল ন’লানে। পৰাজয়ৰ সেই  বিস্ময়কে চিনেমাখনত তুলি ধৰা হৈছে আপোচহীনভাৱে। চিনেমাখন নিৰ্মাণৰ ২৫ বছৰ আগেয়ে পত্নীৰ সৈতে ন’লানে ইংলিছ চেনেলত নৌকাযাত্ৰাৰ অভিজ্ঞতা লোৱাৰ সময়তে তেওঁৰ মনত ডানকাৰ্ক-ভাৱনাৰ বীজ ৰোপিত হৈছিল। ন’লানৰ চিনেমাখনত কোনো সুগঠিত কাহিনী নাই। মাজে মাজে ভাৱ হয় সামৰিব নোৱাৰা খেলিমেলিৰে শেষ হৈ যাব ছবিখন। পিছে এই ভাৱ ক্ষন্তেকৰ বাবেহে। পৰিচালনা শৈলী, চিনেমাট’গ্ৰাফী, সংগীত-শব্দই এনে এক মায়াজালৰ সৃষ্টি কৰে যে প্ৰচুৰ উৎকন্ঠা, প্ৰাণৰ ভয়েৰে দৰ্শকো ৰয়েল নেভীৰ জাহাজৰ অথবা সাগৰৰ প্ৰচণ্ড ঢৌত উঠা-নমা কৰা  নাও এখনৰ যাত্ৰী হয়। 

ডানকাৰ্ক পৰিচালকে দৰ্শকক ক’ব খোজা চিনেমা নহয়, নিচেই কম সংলাপেৰে “দেখুৱাব” খোজা চিনেমাহে, যি সঁচাকৈয়ে সফল চিনেমা এখনৰ চৰ্ত তথা মাধ্যমটোক অন্য গণ মাধ্যমৰ পৰা পৃথকে ৰাখিব পৰাৰ মৰ্যদাসম্পন্ন কৌশল। বৃটিছ-আমেৰিকান-ফ্ৰান্স-ডাচ প্ৰযোজনাত নিৰ্মিত ডানকাৰ্ক ক্ৰিষ্ট’ফাৰ ন’লানৰ এক অবিস্মৰণীয় কৰ্ম।  ডাচ-ছুইডিছ চিনেমাট’গ্ৰাফাৰ Hoyte van Hoytema-ৰ চিনেমাট’গ্ৰাফী নিজেই এক মৌন অথচ শক্তিশালী কাহিনী। ডানকাৰ্কৰ সংগীত ১৯৯৫-ত “দ্য লায়ন কিং”ৰ বাবে অস্কাৰ প্ৰাপক শিল্পী হেনচ্ ফ্লৰিয়ান ছিমাৰ। যোৱাবছৰৰ জুলাই মাহত মুক্তি পোৱা ১০০ মিলিয়ন ডলাৰ বাজেটৰ ছবিখনৰ বিশ্বজুৰি আয় ৫২৫.৬ মিলিয়ন ডলাৰতকৈও অধিক। ব্যৱসায়িক ভাৱেও অতি সফল ছবিখনে ৯০সংখ্যক অস্কাৰ বঁটাত শ্ৰেষ্ঠ চিত্ৰ সম্পাদনা, শ্ৰেষ্ঠ শব্দ সম্পাদনা আাৰু শ্ৰেষ্ঠ শব্দ মিশ্ৰণৰ সন্মান লাভ কৰিছিল।

কোনো কঠিন পৰিস্থিতিত কোনো লোকে দেখুৱা একাগ্ৰতা-সাহসক  ডানকাৰ্কৰ দু:সাহসিক অভিযান তথা সেই জটিল সময়ত সৈনিকসকলৰ সাহস-মনোবলৰ কথা সুঁৱৰি মানুহে অভিহিত কৰে “দ্য ডানকাৰ্ক স্পিৰিট” নামেৰে। চিনেমা বিশ্বত ন’লানৰ “ডানকাৰ্কো” মোৰ বোধেৰে এক ডানকাৰ্ক স্পিৰিটেই ।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.2 / 5. ভোট : 35

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!