থ্ৰী স্ম’কিং বেৰেলছ্ (III Smoking Barrels)
পৰিচালক – সঞ্জীৱ দে
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স
উত্তৰ-পূৱ ভাৰতৰ কাহিনী। মানে আমাৰ কাহিনী। প্ৰকৃতিয়ে দুয়োহাত মেলি দান দিয়া অপৰূপ ৰূপ সম্ভাৰৰ মাজত গজি উঠা ভেঁকুৰ, অৱক্ষয়ৰ কাহিনী – সঞ্জীৱ দেৰ প্ৰথমখন বহুভাষিক এন্থ’লজী চিনেমা “থ্ৰী স্ম’কিং বেৰেলছ্”। “চাইল্ড”, “বয়” আৰু “মেন”- এই তিনিভাগত বিভক্ত চিনেমাখনে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক পৰিস্থিতিৰ কিছু বাস্তৱক প্ৰতিফলিত কৰিছে। একে সময়তে ই মানুহৰ তিনিটা বয়স স্তৰৰো চিনেমা। ছবিখনৰ আৰম্ভণিতে দৰ্শকক ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কে কৈ লোৱা হৈছে – A region blessed with natural beauty and ethnic diversity, but cursed by political turmoil and social unrest.
চাইল্ড
মণিপুৰৰ পৰা গুৱাহাটীলৈ গাড়ী চলাই অকলে আহি আছিল অভিযন্তা অনুৰাগ দত্ত। বাটত ক্ষন্তেক সময়ৰ বাবে নামোতেই তেওঁৰ অজ্ঞাতে গাড়ীত উঠি ল’লেহি এজনী চৈধ্য বছৰীয়া ছোৱালী, জেনিছ। জেনিছৰ হাতত মাৰণাস্ত্ৰ আৰু মুখমণ্ডলত আঘাতৰ চিন। হতভম্ব অনুৰাগৰ মূৰত পিষ্টল লগাই তাই তাক নিৰ্দেশ দিলে চুপচাপ গাড়ী চলাই তাইকো গুৱাহাটীলৈ লৈ যাবলৈ। তিনিবছৰ আগত বক্সিং ক্লাছৰ পৰা ঘৰলৈ উভতি আহোতে মণিপুৰৰ উগ্ৰপন্থী সংগঠন এটাই কনমাণিজনীক অপহৰণ কৰি লৈ গৈছিল। কেম্পৰ পৰা পলাই অহা জেনিছে এতিয়া পিতৃ-মাতৃৰ জীৱন ৰক্ষাৰ স্বাৰ্থত নিজৰ ঘৰলৈও যাব নোৱাৰে আৰু আৰক্ষীৰ কাষ চাপিবও নোৱাৰে। তাইৰ লগত কেম্পৰ পৰা একেলগে পলোৱা লগৰীয়াজনীক উগ্ৰপন্থীয়ে ইতিমধ্যে গুলীয়াই মাৰিছে। সেয়ে অনিশ্চিত জীৱন এটা আগত লৈ তাই অচিনাকি অনুৰাগৰ গাড়ীত উঠি দিলে। ভোকাতুৰ কনমাণিজনীয়ে নিজেও নাজানে গুৱাহাটীৰ পৰা তাই যাব ক’লৈ! জেনিছৰ অচিলাৰে উগ্ৰপন্থী সংগঠনে শৈশৱ কাঢ়ি হাতত মাৰণাস্ত্ৰ তুলি দিয়া, মানুহ হত্যা কৰিবলৈ প্ৰশিক্ষণ দিয়া বহু শিশুৰ কাহিনী এয়া। অনুৰাগৰ গাড়ীত ওলমি থকা মৰমলগা পুতলাজনী, হস্পিতালত থকা অনুৰাগৰ সন্তান সম্ভৱা পত্নী আৰু শিশু জেনিছৰ বৰ্তমানৰ ৰূপৰ মাজত আচহুৱা সংযোজক ৰেখা এডালৰ কল্পনা কৰি কঁপি উঠিলো। এনে পৰিস্থিতিত কিমান নিৰাপদ আমাৰ ভৱিষ্যত প্ৰজন্ম? ‘চাইল্ড’ এখন road movie। সাধাৰণতে এনে ছবিত অংকিত দৰ্শকৰ বাবে অনিশ্চিত, বিস্ময়কৰ পৰিস্থিতিসমূহ উপভোগ্য। ডেমিয়েন জিফ্ৰানৰ ব্লেক কমেডি এন্থ’লজী “ৱাইল্ড টেলছ”ৰ মোৰ অন্যতম প্ৰিয় road movie ‘‘দা ষ্টংগেষ্ট”ৰ ডিয়েগ’ আৰু মাৰিঅ’ৰ হত্যাকাণ্ড নাইবা পাওৱেল পাৱলিকৱেস্কিৰ “ইডা”ৰ ইডা আৰু ৱাণ্ডা গ্ৰুজে বহুদূৰ গাড়ী চলাই নিজৰ শিপাৰ সন্ধান কৰা আদিৰ দৰে বহু দেশী-বিদেশী পথ, যাত্ৰা কেন্দ্ৰিক চিনেমাই আমাক আপ্লুত কৰি আহিছে। মই উল্লেখ কৰা চিনেমা দুখনৰ কাহিনীৰ লগত অনুৰাগ-জেনিছৰ কাহিনীৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। পিছে প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো road movie-ৰ কৌতুহল-উত্তেজনা-সৌন্দৰ্যক সঞ্জীৱ দেৰ “চাইল্ডে” সম্পূৰ্ণকৈ উপস্থাপন কৰিব নোৱাৰিলে। “ফ্ৰী বাৰ্ড আই ৱাজ” গানটোৰে এতিয়ালৈকে ছোৱালীজনীৰ চৈধ্য বছৰীয়া জীৱন পৰিক্ৰমাৰ কথাই কোৱা হ’ল যদিও দীঘলীয়া যাত্ৰাটোত (অৰ্থাৎ সময় হাতত থকাৰ পাছতো) সংলাপ আৰু কেমেৰাৰ পৰিৱৰ্তে গানটোৰ সহায় ল’ব লগা হ’ল কিয়? জেনিছৰ প্ৰতি অনুৰাগৰ পিতৃবৎ চেনেহ জাগি উঠিলেও, উগ্ৰপন্থাৰ আতংকৰ লগত পৰিচিত জেনিছে অচিনাকি অনুৰাগক কম সময়তে বিশ্বাস কৰিবলৈ ল’লেও যাত্ৰাকালত চৰিত্ৰ দুটাৰ মনোজগত উন্মোচনৰ প্ৰচুৰ সম্ভাৱনাক ছবিখনত উপেক্ষা কৰা হ’ল। ইন্দ্ৰনীল সেনগুপ্ত (অনুৰাগ) আৰু চাইনী গগৈ (জেনিছ)-ৰ অভিনয় ভাল পালো। গাড়ীৰ চাবি আৰু পিষ্টলটো লৈ প্ৰস্ৰাৱ কৰিবৰ কাৰণে জেনিছ মাজ বাটত নামি যাওতে উজ্জ্বল পুতলাটো ব্লাৰ কৰি পৰিস্কাৰকৈ দেখুৱা তাইৰ আঙুলিৰ ইঙ্গিত, ইয়াৰ পাছৰ এক্সট্ৰিম লং শ্বটে মনত বিপৰ্যয় আৰু শূন্যতাৰ ভাব এটাক গাঢ় কৰি তুলিলে। অনুৰাগহঁত মেঘালয়ৰ মাজেদি আহি গুৱাহাটী পাওতে আন্ধাৰ হ’ল। অনুৰাগে জেনিছক আশ্ৰয় আৰু পঢ়াশুনাৰ প্ৰতিশ্ৰুতি দিলেও জেনিছে তাৰ দৰে ভাল মানুহ এজনক বিপদত পেলাবলৈ ইচ্ছা নকৰিলে। অনুৰাগৰ আহিবলগা সন্তানটিক ভালকৈ প্ৰতিপালন কৰিবলৈ কৈ ক্ষন্তেকৰ বাবে কান্দোনত ভাঙি পৰা জেনিছ মহানগৰীৰ ধূসৰ নিশাটোত মিলি গ’ল। সঞ্জীৱ দেই তুলি ধৰা এয়া আমাৰেই ৰাজনৈতিক-সামাজিক ক্ষয়িঞ্চু সময়ৰ দলিল।
বয়
সদ্যপুত্ৰহাৰা বিধৱা মানুহজনীৰ বুকুত খুন্দা খাই থকা যন্ত্ৰনাৰ কথা ক’বলৈ বাঁহীৰ কৰুণ সুৰৰ সৈতে পাপনৰ কন্ঠত বাজি উঠিছে “পাৱে পৰি হৰি /কৰোহো কাতৰি/প্ৰাণ ৰাখবি মোৰ…”। পুত্ৰৰ মৃত্যুৰ আগত পুত্ৰৰ ভৱিষ্যতৰ চিন্তাই মানসিক ৰোগী কৰি তোলা মানুহজনী অহৰহ নি:সঙ্গতা, নিৰাপত্তাহীনতাত ভোগিছিল। মাকৰ অৱস্থাক বুজিবলৈ বয়স আৰু জীৱনৰ প্ৰতি ভুল দৃষ্টিভঙ্গীয়ে পুত্ৰক আহৰি দিয়া নাছিল। তথাপিও অসুখৰ সময়ত সি, মানে ডনীয়ে মাকৰ যতন লৈছিল, ড্ৰাগছ বেচা ধনেৰে মাকলৈ নতুন কাপোৰ-চশমা কিনিছিল, নিজে ৰান্ধি-বাঢ়ি মাকক খুৱাইছিল। পিছে সেই আদৰ আছিল একেবাৰেই ক্ষন্তেকীয়া। অসুখীয়া মাকে ভাত খাই থকা দৃশ্যৰ somber মিউজিকৰ পৰা ডিস্ক’ৰ ৰক মিউজিকলৈ ছবিয়ে গতি কৰিছিল আৰু সেইনিশাই ঘৰলৈ উভতাৰ সময়ত ডনীক গুলীয়াই হত্যা কৰা হৈছিল। বহি:ৰাজ্যৰ শিক্ষানুষ্ঠানত ইঞ্জীনিয়াৰিং পঢ়িবলৈ গৈ মাক-দেউতাকৰ ধনৰ শৰাধ কৰি গুৱাহাটীলৈ উভতি অহা ডনীৰ আকৰ্ষণ আছিল ইজি মানী, মাৰণাস্ত্ৰই দিয়া ক্ষমতা, শেষ নিশালৈ চলা সুৰা-ড্ৰাগছৰ পাৰ্টি। ছীৰুৰ বিজনেছ পাৰ্টনাৰ হৈ ড্ৰাগছ সৰবৰাহত নমা ডনীয়ে অপৰাধ জগতখনৰ জাকজমকতা আৰু ড্ৰাগছৰ নিচাকে জীৱনৰ চৰম সত্য বুলি মানিবলৈ লৈছিল। “আই নো অনলি ৱান থিং, মেন ।এণ্ড ডেট ইজ মানি।”- এয়াই আছিল ডনীৰ জীৱন দৰ্শন। যুৱপ্ৰজন্মৰ অস্থিৰতা আৰু গতিৰ ইঙ্গিত বহন কৰি Nangsan Lyngwa-ৰ Dominion Breach-ৰে আৰম্ভ হোৱা ছবিখন শেষ হৈছে বাঁহী-বৰগীতৰ কোমল-কৰুণ সুৰেৰে, ডনীৰ মাকে (মন্দাকিনী গোস্বামী)ৰুই পানী দি থকা গছপুলি এটাৰ সতেজতা আৰু আশাৰে। ‘চাইল্ড’তকৈ ‘বয়’ৰ চলচ্চিত্ৰীয় ভাষা অধিক উপভোগ্য। সিদ্ধাৰ্থ বড়ো (ডনী), বিক্ৰম গগৈ (ছীৰু)-ৰ অভিনয় অনৱদ্য ।
মেন
এখন সংৰক্ষিত বনাঞ্চল। নৈপৰীয়া গছৰ ডাল এটাত চিপ লৈ মৰণকাতৰ যন্ত্ৰণাত ছটফটাই থকা মানুহ এজনৰ দৃশ্যৰে আৰম্ভ হৈছে ‘থ্ৰী স্ম’কিং বেৰেলছ’ৰ তৃতীয়টো কাহিনী ‘মেন’। পিছে জংঘলত ঘাঁহ কাটি কাটি টোপনি যোৱা নিচাখোৰ মোক্তাৰৰ সেয়া সপোনহে আছিল। ঘাঁহ বেচি পোৱা পইচা সস্তীয়া মদৰ দোকানত শেষ কৰি নিশা ঘৰ সোমোৱা মোক্তাৰ সন্মুখীন হয় পত্নীৰ প্ৰচণ্ড তিৰস্কাৰৰ। ঘৰত খাবলৈ খুদকণ এটা নাই, অথচ নিচাসক্ত মোক্তাৰ উভতিছে খালী হাত, খালী মোনা লৈ। ভাৰত-ভূটান সীমান্তত জুপুৰি এটা সাজি থাকিবলৈ লোৱা মোক্তাৰৰ দুজনীয়া পৰিয়ালটোৰ এয়া চিনাকি ছবি। লগতে বনৰীয়া হাতীৰ উপদ্ৰৱ আছেই। সন্দেহজনক নাগৰিক মোক্তাৰে সেই ঠাইখনত থাকিবলৈ অহাৰ পৰা মাছ মাৰিয়েই জীৱিকা অৰ্জন কৰিছিল। পিছে চৰকাৰে অৰণ্যৰ ভিতৰত মাছমৰা নিষেধ কৰাৰ পৰা মোক্তাৰহঁতৰ অভাৱ দুগুণে বাঢ়িল। ধনৰ বাবে কাৰোবাক হত্যা কৰিবলৈও ৰাজী হোৱা মোক্তাৰ এইবাৰ ব্যৱহৃত হ’ল হাতী দাঁতৰ চোৰাং চিকাৰত। লগত তাৰ বন্ধু বোবা ইক্ৰাম। অলপ ধন গোটাই লৈ “আল্লাৰ কচম চাইৰা দিমু” বুলি শপত খোৱা মোক্তাৰে ডেৰ বছৰত ১৫ টা হাতী মাৰি অৰ্জন কৰিলে ডেৰ লাখ টকা। কিন্তু মদ-জুৱাৰ নিচাত উটি যোৱা মোক্তাৰ-ইক্ৰামৰ আৰ্থিক অৱস্থাৰ অলপো উন্নতি নহ’ল। মোক্তাৰৰ সন্তান সম্ভৱা পত্নীৰ চিকিৎসাৰ বাবেও ধনৰ অভাৱ হ’ল। অৱশেষত হাতীৰ আক্ৰমণত এখন হাত হেৰুৱাই ঘৰলৈ উভতা মোক্তাৰে পত্নীক জীৱিত অৱস্থাত নাপালেহি। দুখ-হতাশা-অপৰাধবোধত অকণমানি সন্তানটিক হত্যা কৰি নিজে চিপ ল’ব খোজা মোক্তাৰক কিন্তু সন্তানৰ মায়াই পুনৰ জীৱনমুখী কৰি তুলিলে আৰু পঙ্গু চোৰাংচিকাৰী মোক্তাৰ হৈ পৰিল বন্যপ্ৰাণী সংৰক্ষণ সংগঠনৰ কৰ্মী। ‘থ্ৰী স্ম’কিং বেৰেলছ’ৰ মোৰ আটাইতকৈ ভাললগা ছবি এইখন। অদৰকাৰী ভাবে দীঘল যদিও প্ৰতিজন শিল্পীৰ অভিনয়, সংগীত, চিনেমাট’গ্ৰাফী, এমবিয়েন্ট ছাউণ্ড ভাললগা। বিশেষকৈ সুব্ৰত দত্তৰ অতি শক্তিশালী অভিনয়ে ‘মেন’ক অনন্য মাত্ৰা দিলে। বাংলা ছবি বিৱৰ, জোৰ, চতুৰংগ, হিন্দী ছবি তালাশ, ভূতনাথ ৰিটাৰ্নছ, টেংগো চাৰ্লি, দা চৌকিনছ্ আদিত অভিনয় কৰা সু্ব্ৰত দত্ত ‘থ্ৰী স্ম’কিং বেৰেলছ’ৰ আইছিং অন দ্য কেক। শুধ দেশী ৰোমাঞ্চ, ৰয়িছ, ফুকৰে ৰিটাৰ্নছ আদিৰ দৰে চিনেমাত অভিনয় কৰা নালনীশ নীলে বোবা ইক্ৰামক যি ভাৱে গঢ়ি তুলিলে সেয়াও স্মৰণীয়। অসমৰ অভিনেত্ৰী, পৰিচালক ৰজনী বসুমতাৰীয়ে মদ বেচা মহিলাৰ কম সময়ৰ চৰিত্ৰটোকে উজ্জ্বল ৰূপত তুলি ধৰিলে। অমৃতা চট্টোপাধ্যায় (মাৰ্জিনা)-ৰ অভিনয়ো উপভোগ্য। ৫ টাকৈ আন্তঃৰাষ্ট্ৰীয় সীমাই স্পৰ্শ কৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ কথা কওতে অৱধাৰিত ভাবে পৰিচালক /চিত্ৰনাট্যকাৰে চুই গৈছে ভাৰত-বাংলাদেশ সীমান্ত (চাইল্ড), ম’ৰে-মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্ত (বয়) আৰু ভাৰত-ভূটান সীমান্ত (মেন)।
অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, নাগামিজ, মনিপুৰী ভাষাত নিৰ্মিত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল ২০১৭ত ডাৰবান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। একেটা বছৰতে ইউৰোপিয়ান প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল জাৰ্মানীৰ মানহেইম-হাইডেলবেয়াগ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। মেক্সিকো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছিলভাৰ পাম এৱাৰ্ড লাভ কৰা ছবিখন ভাৰতত মুক্তি দিয়া হৈছিল ২০১৮-ৰ ছেপ্তেম্বৰত। লেখাটোৰ আৰম্ভণিতে লিখিছো – ‘থ্ৰী স্ম’কিং বেৰেলছ’ উত্তৰ-পূৱ ভাৰতৰ কাহিনী। মানে আমাৰ কাহিনী। কাহিনী আমাৰ হ’লেও সু-অভিনয় তথা শক্তিশালী চলচ্চিত্ৰীয় ভাষাৰে সমৃদ্ধ ছবিখন আঞ্চলিক সীমাৰ উৰ্দ্ধলৈ গৈ বিশ্বজনীন পৰ্যায় পাইছেগৈ। ৰাজনীতিয়ে সদায় একো একোটা জাতিৰ সামাজিক-অৰ্থনৈতিক-সাংস্কৃতিক আৱহাৱাক কম-বেছি পৰিমাণে প্ৰভাৱিত কৰি আহিছে। এই প্ৰভাৱৰ শক্তিশালী পৃষ্ঠভূমিক ব্যৱহাৰ কৰি মানুহৰ কথা কোৱা সফল চিনেমা আমাৰ ভাষাত নাই বুলিবই পাৰি। অধ্যয়ন, অনুধাৱন, চলচ্চিত্ৰীয় বোধৰ অভাৱত এইক্ষেত্ৰত দুই-এক চলচ্চিত্ৰকাৰৰ বিফল প্ৰচেষ্টা অৱশ্যেই চকুত পৰিছিল। সেয়েহে মোৰ দৃষ্টিত সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত সঞ্জীৱ দেৰ থ্ৰী স্ম’কিং বেৰেলছ্ এখন বিশেষভাবে উল্লেখযোগ্য চিনেমা।
