চিনেকথা ডট কমৰ উদ্যোগত আয়োজিত চিনে পৰ্যালোচনা প্ৰতিযোগিতাত দ্বিতীয় স্থানপ্ৰাপ্ত লেখা
সেউজীয়া, নৈ-পৰীয়া গাঁও এখন আমাৰ সকলোৰে মনত সদায়ে বৰ্তি থাকে। সময় পাৰ হোৱাৰ লগে লগে সেই শান্ত-সৌম্য গাওঁখন আমাৰ পৰা দূৰ হৈ গৈ থাকে। এটা চিনাকি অথচ নতুন, সৰল কাহিনীৰে তেনেকুৱা এখন গাঁও আমাৰ মনৰ ওচৰলৈ চপাই অনা এমাজন প্ৰাইমৰ এখন ৱেব-ছিৰিজ হৈছে ‘পঞ্চায়ত’। ২০২০ চনৰ এপ্ৰিল মাহত মুক্তিপ্ৰাপ্ত ছিৰিজটো চন্দন কুমাৰৰ দ্বাৰা ৰচিত, দীপক কুমাৰ মিশ্ৰাৰ দ্বাৰা পৰিচালিত আৰু দা ভাইৰেল ফিভাৰৰ দ্বাৰা প্ৰযোজিত।
চিৰিজটোৰ কাহিনীভাগ অতি সৰলৰৈখিক৷ অসমীয়াত ক’বলৈ গ’লে ভাতৰ লগত পানী খোৱা ঘটনা। কিন্তু সেই ভাতসাঁজ যদি ঘৰৰ মায়ে যতনাই দিয়া ভাত হয় তেতিয়া সেয়াই অমৃত হৈ পৰে। ইঞ্জিনীয়াৰিং পাছ কৰি উঠি ডাঙৰ চাকৰি এটা পাম বুলি ভাবি থাকোতে অভিষেক ত্ৰিপাঠীয়ে (মূল নায়ক জিতেন্দ্ৰ কুমাৰ) উত্তৰ প্ৰদেশৰ ফুলেৰা নামৰ ভিতৰুৱা গাঁও এখনত চাকৰি এটা পায়। বন্ধু প্ৰতীকে অভিষেকক পতিয়ন নিয়াই যে সি গাঁৱত থাকিলে প্ৰকৃত ভাৰতবৰ্ষখন দেখা পাব, শ্বাহৰুখ খান অভিনীত ‘স্বদেশ’ কথাছবিৰ মোহন ভাৰ্গৱ হোৱাৰ সুযোগ পাব। প্ৰতীকৰ কথামতেই অভিষেকে চাকৰিটোত যোগদান কৰে আৰু ‘কেট’ পৰীক্ষাৰ প্ৰস্তুতিত লাগে। কিন্তু অভিষেকে আগতে কেতিয়াও গাঁৱত থাকি পোৱা নাই। গাঁৱৰ আদব-কায়দাত অভ্যস্ত হ’বলৈ যাওঁতে অভিষেকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় তাৰেই
সৰস বৰ্ণনা চিৰিজটোৰ আঠটা খণ্ডত দিয়া হৈছে। পঞ্চায়তৰ সচিৱ পদত যোগদান কৰাৰ লগে লগে ফুলেৰা গাওঁৰ নিজঞ্জাল আৰু ঘটনাহীন জীৱনৰ লগত চহৰীয়া অভিষেকৰ অসন্তুষ্ট মনৰ এক সংঘাত হৈছে। সঘনাই হোৱা লোড-শ্বেডিং, দুই এক মানুহৰ স্বাৰ্থপৰ চৰিত্ৰ আৰু প্ৰধানতঃ ‘মন’ট’নাছ’ দিনলিপিত বিতুষ্ট হ’লেও যিমানেই ছিৰিজটো আগবাঢ়িছে সিমানেই অভিষেকে প্ৰতিকূলতাৰ সৈতে হাত মিলাইছে। শেষৰ খণ্ডত নতুন চৰিত্ৰৰ আৱিৰ্ভাৱে তাৰ উভালি আহিব খোজা মনৰ খুটিটোক কোব এটা মাৰি এক স্থিতাৱস্থালৈ আনিছে। তাতেই ছিৰিজটোৰ প্ৰথম কিস্তি শেষ হৈছে। পঞ্চায়তত কোনো চকু কপালত উঠা ৰহস্য অথবা চাঞ্চল্যকৰ উৎসুকতা নাই। বৰং সবল পৰিচালনা, যথাযথ অভিনয় আৰু এক নিটোল কাহিনীৰে ‘পঞ্চায়ত’ এখন মনোৰম ছিৰিজ৷
ছিৰিজটোত অভিষেক ত্ৰিপাঠীৰ চৰিত্ৰত জিতেন্দ্ৰ কুমাৰৰ অভিনয় শলাগিব লগীয়া। এজন পৰিশ্ৰান্ত ইঞ্জিনীয়াৰ আৰু গাঁওবাসীৰ সৰলতাই এক প্ৰকাৰৰ অতিষ্ঠ কৰা নায়কৰ চৰিত্ৰত তেওঁ যথাযথ অভিনয় কৰিছে। কোনো সময়তে তেওঁৰ অভিনয় অতি নাটকীয় অথবা একঘেয়ামী হোৱা নাই। আমি জনা-শুনা, চুবুৰীৰে ডেকা ল’ৰা এজন হিচাপে কুমাৰৰ অভিনয় বিশ্বাসযোগ্য। ফুলেৰা গাঁৱৰ প্ৰধানৰ চিত্ৰত নীনা গুপ্তাৰ অভিনয় পৰিপক্ক। কিন্তু প্ৰধান-পতি আৰু উপ-প্ৰধানৰ চৰিত্ৰত ৰঘুবীৰ যাদৱ আৰু ফইজল মালিকৰ নিখুঁত অভিনয়ে দৰ্শকক ছিৰিজটোৰ প্ৰেমত পেলাইছে। গাঁৱলীয়া জীৱনৰ নিৰ্জটিলতা ফুটাই তোলাত পূৰামাত্ৰাই সক্ষম হোৱা এই দুই অভিনেতাৰ অভিনয় প্ৰশংসাৰ যোগ্য। এক প্ৰকাৰ প্ৰধান আৰু উপ-প্ৰধান ‘ষ্টিলছ দা শ্ব’! প্ৰতীকৰ চৰিত্ৰত বিশ্বপতি চৰকাৰ, বিকাশৰ চৰিত্ৰত চন্দন ৰয়ৰ অভিনয় সাৱলীল। ৰিংকিৰ চৰিত্ৰটিৰ প্ৰথম কিস্তিত বিকাশ সাধন কৰা হোৱা নাই। হয়তো পৰৱৰ্তী কিস্তিত এই চৰিত্ৰটিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। পৰিচালক দীপক কুমাৰ মিশ্ৰয়ো এটা সৰু চৰিত্ৰত অভিনয় কৰিছে।
অনুৰাগ শইকীয়াই পৰিচালনা কৰা সংগীত ছিৰিজটোৰ আন এক ধনাত্মক দিশ। বিভিন্ন সময়ত প্ৰয়োগ কৰা লোক-সংগীতৰ টুকুৰাসমূহ পটভূমিৰ লগত খাপ খাইছে। শংকুৰাজ কোঁৱৰৰ কণ্ঠত সময়ে সময়ে বাজি থকা ‘হিয়া থ’ শীৰ্ষক কথাবিহীন গীতটিয়ে অভিষেকক আনি দৰ্শকৰ মনঃস্তত্বত স্থান দিছে।
হিন্দী ৱেব-চিৰিজৰ ধাৰাটো লক্ষ্য কৰিলে এটা আমি এটা কথা বুজি উঠো যে ৱেব-চিৰিজৰ দৰ্শকসকল আৰম্ভণিৰে পৰা সচেতন। দৰ্শকক আভুৱা ভৰা বলিউডৰ মছলা চলচ্চিত্ৰৰ ফৰ্মুলাটো ৱেব-চিৰিজত সফল হোৱা নাই। সেইবাবেই বেতাল, লাইলা আদি চিৰিজৰ তুলনাত দেলহি ক্ৰাইম, য়ে মেৰী ফেমিলি আদি চিৰিজ সফল হৈছে। এই সফল ছিৰিজৰ শৃংখলটিত নতুনকৈ সংযোজিত হৈছে ‘পঞ্চায়ত’৷ হিন্দী ৱেব-ছিৰিজসমূহৰ পৰৱৰ্তী কিস্তিবোৰৰ ভাগ্য আৰু নিৰ্মাণ আমি খুব সু-সংহত হোৱা দেখা নাই (ছেক্ৰেড গেমছ দ্ৰষ্টব্য)। পঞ্চায়তৰ প্ৰথম কিস্তিটি স্বয়ংসম্পূৰ্ণ৷ পিছলৈ ই একঘেয়ামী হোৱাৰ সম্ভাৱনা নথকা নহয়। গতিকে জোৰ-জবৰদস্তি কৰি কাহিনীক আগ-নবঢ়োৱাটোৱেই দৰ্শক হিচাবে একান্ত কাম্য।
