ঈ.মা.য়াউ (Ee.Ma.Yau.)
পৰিচালক : লিজ জোচে পেল্লিচ্চেৰি (Lijo Jose Pellissery)
ভাষা : মালায়ালম
উপলব্ধ : আমাজন প্ৰাইম (Amazon Prime)
এক খ্ৰীষ্টানধৰ্ম্মী শৱযাত্রাৰ দৃশ্যৰে চিনেমাখনৰ আৰম্ভণি। সাগৰৰ পাৰে পাৰে আগবাঢ়ি যোৱা কোনো অচিন ব্যক্তিৰ এই শেষ যাত্ৰা দেখি গছত বহিবলৈ অহা চৰাই এটা উভতি উৰি গুচি যায়। মৃত্যুক আলিংগন কৰি, সংগীত বজাই, উৎসৱ যেন পৰিবেশ সৃষ্টি কৰা অনন্য এই শৱযাত্রা কাৰ বাবে, সেই বিষয়ে দৰ্শক অৱগত নহয়। কিন্তু যেন এক ইংগিত – কেৰালাৰ চেল্লানাম নামৰ সৰু উপকূলীয় গাওঁখনৰ এই কাহিনীটো ধৰ্ম আৰু মৃত্যুৰ সৈতে গভীৰভাৱে জড়িত।
ভাবাচান মেস্ত্ৰী নামৰ বয়সীয়া মানুহ এজন এক দীঘলীয়া যাত্ৰাৰ পৰা উভতিছে। হাতৰ মোনাটোত আছে ৰাতি ৰান্ধি খাবলৈ বুলি অনা এটা জীৱন্ত হাঁহ। শৱযাত্রাটোৰ দৰে হাঁহটোৱো মৃত্যুৰ এটা প্ৰতীক, যেন- কাৰোবাৰ মৃত্যু কাষ চাপি আহিছে। নিশা পত্নীয়ে পাকঘৰত হাঁহ ৰান্ধি থকাৰ সময়তে ভাবাচান মেস্ত্ৰীয়ে মদৰ নিচাত পুত্ৰ ঈছিক নিজৰ মনোবাঞ্ছা ব্যক্ত কৰে – ভাবাচানৰ পিতৃৰ ৰাজকীয় শৱযাত্রা হেনো গাওঁখনৰ ইতিহাসতে চিৰস্মৰণীয় হৈ ৰৈছিল। গতিকে ভাবাচানৰো ইচ্ছা যে পুত্ৰ ঈছিয়ে সংগীত সমদল আদিৰে তেওঁক এক ৰাজকীয় অন্তিম বিদায় দিব। মদৰ নিচাত পুতেকেও বাপেকক কথা দিলে যে তেওঁৰ শেষযাত্রা ধুমধামেৰে কৰোৱা হ’ব। অলপ পৰ পাছতেই নিৰ্দেশকে আমাক দি থকা ইংগিত বাস্তবায়িত হয় – ভাবাচান মেস্ত্ৰী হঠাতে ঘৰৰ পকাত ৰহস্যজনকভাবে বাগৰি পৰে আৰু তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছতে আৰম্ভ হয় দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ পুত্ৰ ঈছিয়ে, নিজৰ পিতৃক এক সন্মানজনক অন্তিম বিদায় দিবলৈ কৰা নানা প্ৰচেষ্টাৰ আশে পাশে গঠিত এটি কাহিনী ।
ঈ.মা.য়াউ চলচ্চিত্ৰৰ এক দৃশ্য
লিজ জোচে পেল্লিচ্চেৰিৰ দ্বাৰা পৰিচালিত ‘ঈ.মা.য়াউ’, ছবিখনৰ চৰিত্ৰসমূহ স্মৰণীয়। বহু শিল্পীয়ে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে, কিন্তু সুন্দৰ প্ৰদৰ্শনৰ বাবে সেয়া কোনো ঠাইতে স্পষ্ট হৈ নপৰে। ঈছিৰ পৰা আৰম্ভ কৰি, ঈছিৰ মাক, ভনীয়েক, ভনীয়েকৰ প্ৰেমিক, ঈছিৰ বন্ধু আয়াপ্পান ইত্যাদি, সকলোবোৰ চৰিত্ৰ খুবেই সংবেদনশীল। প্ৰত্যেকটো চৰিত্ৰ নিজৰ পৰিবেশ, পৰিস্থিতি আৰু পৃষ্ঠভূমি লগত গভীৰভাৱে সংলগ্ন। যেনে ফাদাৰ জাকাৰিয়া নামৰ গাওঁখনৰ ধৰ্ম-যাজকজন এক প্ৰধান চৰিত্ৰ। চৰিত্ৰটো যেন কোনো ৰহস্যঘন উপন্যাসৰ নায়কসকলৰ ওপৰত কৰা এক হাস্য ব্যংগহে। ধৰ্ম প্ৰচাৰৰ নিজৰ কামত বৰ মন নথকা ধৰ্ম-জাজকজনে ডিটেক্টিভ উপন্যাস পঢ়ি গাঁৱত এক লেহেমীয়া জীৱন কটায়। তেনে অৱস্থাত ঈছিৰ দেউতাকৰ মৃত্যু কেনেকৈ হল, কোনো কাৰণবশতঃ তেখেতক হত্যা কৰা হ’ল নেকি – সেইটো অনুসন্ধান কৰাৰ দায়িত্ব তেওঁ নিজৰ ওপৰতে জাপি লয়।
পেল্লিচ্চেৰি পৰিচালিত অন্য চিনেমাসমূহৰ দৰেই ইয়াতো অনেক ঠাইত বিষদভাৱে লং-টেকৰ ব্যৱহাৰ কৰা হৈছে । ‘ঈ.মা.য়াউ’ত তেখেতৰ শিল্প কৌশল এনে উত্তম মানৰ যে খুবেই সাধাৰণ ঘটনাক্ৰমসমূহে এক অনন্য ৰূপ ধাৰণ কৰিছে। ‘অংগমালী ডায়েৰিজ’ আৰু ‘জল্লিকাট্টো’ দৰে প্ৰশংসিত চিনেমাৰ পৰিচালক লিজ জোচে পেল্লিচ্চেৰি, আজি চিনেমা জগতৰ এগৰাকী লেখত ল’বলগীয়া পৰিচালক। তেওঁৰ চিনেমাত সমাজ আৰু জীৱনৰ কিছুমান চকুৰ আগতে লুকাই থকা ক্ষুদ্ৰ অন্তৰ্দৃষ্টিবোৰ সৰল হৈ পৰে। ঈ.মা.য়াউ চিনেমাখনো ঠিকে তেনেদৰেই উপস্থাপন কৰা এখন প্ৰতীকধৰ্মী চিনেমা।
