অকলশৰীয়া জীৱনত অপৰিসীম ব্যস্ততাৰ অভিপ্রায়েৰে মনটোক ফুচুলাই ৰাখিব পাৰি দৈনন্দিন কাম-কাজেৰে। তথাপিও সেই ব্যস্ততাৰ অন্তত শুবলৈ বুলি নিজৰ দেহাটো বিচনাত সপি দিওতে মুকলি হৈ পৰা মনটোৱে প্রশ্ন কৰে, এয়াই জানো জীৱন? তথাপি চকুৰ পলক জাপ খালেই শুই পৰা সপোনবোৰ পুনৰ শুই পৰে অথবা নিদ্রাহীনতাৰ গ্রাসত পৰে। ৰাতিটো পাৰ হ’লে পুৱাৰ পৰা আকৌ সেই একেই ব্যস্ততা-নিজক পাহৰিব পৰাকৈ কামৰ হেচাঁ আৰু লগতে ঘৰুৱা দায়িত্ব নিস্পত্তিৰ অভ্যাস। এনে কাহিনী হয়তু বহুজনৰ। এই কাহিনী জয়া শশীধৰণৰো। স্বামীক হেৰুৱাই অকলশৰীয়া হৈ পৰা জয়া এগৰাকী ৩৫ বছৰীয়া আত্মনির্ভৰশীল মহিলা। জীৱনত কিছু নতুনত্ব সনাৰ বাবেই এটা ডেটিং ৱেৱছাইটৰ জৰিয়তে চিনাকি হয় কাব্যিক-ৰঙীণ মেজাজৰ ব্যক্তি যোগীক। যোগীও ইতিমধ্যে তিনিবাৰকৈ প্রেমত প্রত্যাখিত অকলশৰীয়া। প্রথমাৱস্থাত গতানুগতিক জীৱন কটোৱা জয়াই যোগীৰ কথা, ক্রিয়া-কলাপ আচহুৱা যেন লগাত এৰাই চলিব বিচাৰিলেও লাহে লাহে সেই নতুনত্বই দিয়া সুখানুভৱ ক’ব নোৱাৰাকৈ ভাল লগা দিশে গতি কৰে। কর্মজীৱনত আত্মবিশ্বাসী অথচ ব্যক্তিগত জীৱনৰ কথা আহিলেই নিমাত-আত্মবিশ্বাসহীন হৈ পৰা জয়াই কথকী যোগীৰ সংগ, সৰু সৰু খুহুতীয়া অথচ মাজে মাজে আমনিদায়ক কথাবোৰ, কংক্রিটময় মহানগৰীৰ পৰা আঁতৰাই আনি অজুহাতেৰে দিয়া ভ্রমণৰ সৰু সৰু আনন্দবিলাকৰ মাজতে লাহে লাহে জীৱনৰ ৰং বিচাৰিবলৈ ধৰে। চমুকৈ ক’বলৈ গ’লে, কেটাৰপিলাৰ মেটামৰফচিছৰ মাজেৰে পখিলী হৈ পৰাৰ দৰেই নিজক হেৰোৱাৰ পৰা জীৱনৰ প্রকৃত সুখ বিচৰাত পৰিপক্ক হৈ পৰে জয়া। এই সময়চোৱাত ভৱিষ্যৎহীন সম্পর্ক এটিটো বিশ্বাস-আত্মপ্রত্যয়েৰে জীৱনমুখী কৰাত সদাব্যস্ত যোগীৰো বহুতো মানৱীয় দিশ উন্মোচিত হয়।
শেহতীয়াকৈ লক ডাউনৰ সময়চোৱাত উপভোগ কৰা ২০১৭ চনত মুক্তিপ্রাপ্ত তনুজা চন্দ্রা পৰিচালিত ‘কৰীব কৰীব চিংগল’ৰ জয়া-যোগীৰ চৰিত্র দুটি সচাঁকৈ মনত সাঁচ পেলাব পৰাকৈ শক্তিশালী। তথাকথিত বলিউডী অতিৰঞ্জিত কাহিনীতকৈ সৰল-বাস্তৱিক কাহিনী এটিক সৰল বাস্তৱিক ৰূপতেই যেন জীৱন্ত কৰি তোলে যোগীৰ চৰিত্রত ইৰফান খানে। অৱশ্যে চিনেমাখন চোৱাৰ সময়ত ভৱা নাছিলো কেইদিনমান পাছতেই অভিনয়ৰ ‘যোগী’ জনক হেৰুৱাই পেলাম বুলি। জয়া চৰিত্রত এই চিনেমাৰ জৰিয়তেই বলিউডত অভিষেক ঘটোৱা মালায়ালম অভিনেত্রী পার্বতীয়ে চৰিত্রটিক হাড়ে-হিমজুৱে নিজৰ কৰি তুলিলে। পৰিচালক, গজল ধালিৱাল আৰু কামনা চন্দ্রাৰ মিলিত প্রচেষ্টাৰে এক সবল-নিখুট চিত্রনাট্য চিনেমাখনৰ অন্যতম এটি শক্তিশালী দিশ। বিশেষকৈ চিনেমাখনত যোগী-জয়াৰ মাজৰ কথোপকথনখিনি উপন্যাসৰ লেখীয়া ইমান সুন্দৰকৈ উপস্থাপন কৰা হৈছে যে মোৰ দৰে বহুতেই আৰু বেছি সময় তাৰ মাজত থাকিবলৈ বিচাৰিব যেন ভাৱ হয়।
কাহিনীৰ গতিয়ে মূল চৰিত্র দুটিক মুম্বাইৰ পৰা ডেৰাডুন, জয়পুৰ, গেংটকলৈ লৈ যোৱাৰ পৰিপ্রেক্ষিতত ইশ্বিত নাৰায়ণৰ কেমেৰাত বন্দী হৈছে ওপৰোক্ত ঠাইকেইখনৰ নৈসর্গিক প্রাকৃতিক দৃশ্যাৱলী। ইয়াৰোপৰি চিনেমাটোগ্রাফীয়ে অতিৰঞ্জিত দিশটো পৰিহাৰ কৰি কাহিনীৰ সৰলতাক অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। সংগীতৰ ক্ষেত্রতো একেটা কথাই প্রযোজ্য। চিনেমাৰ মুডৰ ওপৰত নির্ভৰ কৰি আটাইকেইটা গীত নেপথ্যত দিয়াত ই কাহিনীৰ বাস্তৱিকতাক যতি নপৰাকৈ ৰাখিব পাৰিছে।
অন্তিম শব্দত, ‘কৰীব কৰীব চিংগল’ এ চিনেমা হিচাপে আপোনাক অতিৰঞ্জিত একো নিদিলেও সহজ চকুৰে জীৱনক বুজা, প্রেমৰ পৰিপক্কতা তথা প্রতিটো মুহূর্তত সুখ বুটলাৰ মন্ত্র শিকায়ো মনোৰঞ্জন দিব পাৰিব বুলি বিশ্বাসেৰে ক’ব পাৰি।
