পৰ্যালোচনা

ফাটিমা মহলৰ কাহিনীৰে সুজিৎ সৰকাৰৰ গুলাবো চিতাবো

গুলাবো চিতাবো (Gulabo Sitabo)

পৰিচালক – সুজিৎ সৰকাৰ

উপলব্ধ প্লেটফৰ্ম – আমাজন প্ৰাইম (Amazon Prime)

উত্তৰ প্ৰদেশৰ পুতলা নাচ প্ৰদৰ্শন কলাৰ দুটি প্ৰখ্যাত চৰিত্ৰ ‘গুলাবো’ আৰু ‘চিতাবো’। পুতলা নাচ পৰিচালকজনৰ হাতত চৰিত্ৰ দুটাই সঘনাই কাজিয়া কৰি থাকে। সুজিৎ সৰকাৰৰ দ্বাৰা পৰিচালিত ‘গুলাবো চিতাবো’ত ঠিক একেদৰেই কাজিয়া কৰি থাকে মিৰ্জা নৱাব (অমিতাভ বচ্চন) নামৰ প্ৰায় ৭৮ বছৰীয়া এগৰাকী বৃদ্ধ আৰু তেওঁৰ প্ৰাচীন বঙলাটোত ভাৰাতীয়া হৈ থকা ডেকা বাংকে ৰাস্তোগীয়ে (আয়ুষ্মান খুৰানা)। ঐতিহাসিক লক্ষ্ণৌ চহৰত অৱস্থিত ফাটিমা মহল নামৰ কথিতভাৱে ১০০ বছৰতকৈ অধিক পুৰণা বঙলাটোৰ আইনসন্মত মালিক মিৰ্জাৰ পত্নী- প্ৰায় ৯৫ বছৰীয়া বৃদ্ধা, ফাটিমা বেগম। কাহিনীটোৰ প্ৰধান চৰিত্ৰটিয়েই হৈছে ফাটিমা মহল। অন্য চৰিত্ৰসমূহৰ আশা- আকাংক্ষাসমূহ ফাটিমা মহলৰ লগত গভীৰভাৱে মিহলি হৈ আছে।

ফাটিমা মহল মানেই ঐতিহাসিক লক্ষ্নৌ চঽৰ । চহৰখনৰ দুই ভাড়াতীয়া – অতীত আৰু বৰ্তমান। দুয়ো নিতৌ ব্যস্ত থাকে নিজৰ মাজত চলি থকা যুঁজখনত। চহৰখন জিনিবলৈ না অতীত সক্ষম হৈছে না বৰ্তমান। সেয়েহে নতুনৰ মাজতো এইখন চহৰত চহকী ঐতিহ্য আজিও বিদ্যমান।

ডেকা কালত বঙলাৰ লোভত নিজতকৈ অধিক বয়সীয়া বেগমক নিকাহ কৰোৱা মিৰ্জা অপেক্ষাৰত বেগমৰ আগন্তুক মৃত্যুৰ বাবে। পত্নীৰ মৃত্যুৰ পাছত বঙলাটোৰ ভাড়া হিচাবে কিমান টকা তেওঁৰ হাতত আহি পৰিব, কেনেদৰে বঙলাটোৰ একমাত্ৰ মালিক হৈ পৰিব – এনেবোৰ দিবাস্বপ্ন দেখিয়েই দিনটোৰ ভালেমান সময় অতিবাহিত কৰে মিৰ্জাই।  কিন্তু বেগমৰ মৃত্যুৰ পাছত ফাটিমা মহলৰ একমাত্ৰ উত্তৰাধিকাৰী ৰূপে মিৰ্জা আৰু বঙলাটোৰ মাজত এক বাধাৰ প্ৰাচীৰৰূপে থিয় দি আছে ফাটিমা মহলৰ ভাৰাতীয়া সকল, প্ৰধানকৈ তেওঁলোকৰ  ‘নেতা’ বাংকে ৰাস্তোগী। বাংকে আৰু মিৰ্জাই ফাটিমা মহলৰ মালিকীস্বত্ব নিজৰ হাতলৈ আনিবলৈ ৰচা নানা ৰণকৌশলৰ মাজত কেনেদৰে পুৰাতত্ত্ব বিভাগ, ৰাজনৈতিক নেতা,  বিল্ডাৰ, উকীল আদি সোমাই পৰে ; তাৰেই অলপ আধা কেঁচা কিন্তু শেষত মনোমোহা পৰিসমাপ্তিৰ কাহিনী ‘গুলাবো চিতাবো’ ।

অতীত আৰু বৰ্তমানৰ দুই নাৱত দুই ভৰি দি সময়ৰ সেতুত যাত্ৰা কৰি যোৱা এইখন লক্ষ্ণৌ চহৰ। কিন্তু লক্ষ্ণৌ চহৰৰ ঐতিহ্য আজি বৰ্তমানৰ সৈতে চলি অহা লোভৰ যুঁজত তিল তিলকৈ বিধ্বস্ত হবলৈ ধৰিছে। কাহিনীটো যিমানেই ফাটিমা মহলৰ বিভিন্ন চৰিত্ৰসমূহৰ নিজস্ব কাহিনী, সিমানেই লক্ষ্ণৌ চহৰৰো এক জীয়া কাহিনী।

অভিক মুখোপাধ্যায়ৰ কেমেৰাত জীৱন্ত হৈ পৰিছে লক্ষ্ণৌ চহৰৰ চুকে-কোণে লুকাই থকা কোনো বুঢ়ী আইৰ কাপোৰ ধোৱা স্থান, ঘৰবোৰৰ বুকুত সময়ে অঁকা আঁকবাঁকবোৰ, গলিবোৰৰ কেঁচা গোন্ধ, কাৰোবাৰ ঘৰৰ পিৰালিৰ ওচৰৰ পুৰণি আম গছজোপা  অথবা পুৰণি দেৱালত চপৰা হৈ ৰৈ যোৱা অতীতৰ ৰংবোৰ আৰু বৰষুণত তিতি পুনৰ সজল হৈ পৰা পুৰণি দেৱালসমূহ। লক্ষ্ণৌ চহৰৰ এনে কিছুমান দৈনন্দিন জীৱনৰ বিৰল অনুভৱ আৰু প্ৰতিচ্ছবি চিনেমাখনৰ যোগেদি মন মগজুত ভাঁহি পৰে ।

অমিতাভ বচ্চন, আয়ুষ্মান খুৰানা, বিজয় ৰাজ, বিজেন্দ্ৰ কালা আদি প্ৰতিথযশা শিল্পীসকলৰ সুন্দৰ অভিনয়ৰ লগতে উল্লেখযোগ্যভাৱে চকুত পৰা অভিনয় কৰিছে ফাটিমা বেগমৰ চৰিত্ৰত ফাৰুখ জাফৰে। বিকি ডনৰ, পিকু, অক্টোবৰ আদিৰ দৰে চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা জুহী চতুৰ্বেদী এগৰাকী দক্ষ চিত্ৰনাট্যকাৰ। চৰিত্ৰবোৰৰ সূক্ষ্ম কিছুমান চাৰিত্ৰিক বৈশিষ্ট্যৰ বিশেষ প্ৰতিফলন জুহী চতুৰ্বেদীৰ কলমৰ এক বিশেষ বৈশিষ্ট্য। অতি নিবিড়ভাবে তেওঁ নিজৰ চৰিত্ৰসমূহক ৰূপালী পৰ্দালৈ কঢ়িয়াই আনে। ‘গুলাবো চিতাবো’তো তাৰেই প্ৰতিফলন ঘটিছে।

লেখক আৰু পৰিচালকৰ যেন ইংগিত – পুতলা নাচৰ পৰিচালকজনৰ হাতত আমি সকলো একো একোটা পুতলা। জীৱনটো আমাৰ বাবে ফাটিমা মহল – আপোন কৰি লোৱাৰ প্ৰচেষ্টা সকলোৱে চলায়, কিন্তু শেষত বুজা যায় যে আমাৰ হাতত একোৱেই নাই। গুলাবো আৰু চিতাবোৰ দৰে কাজিয়া কৰি আমাৰ আকাংক্ষাসমূহ পূৰণৰ যুঁজত লাগি থাকো, তেনে অৱস্থাত কেতিয়া পুতলা নাচৰ পৰিচালকে আমাৰ জীৱনৰ গতি সলনি কৰি দিয়ে সেয়া আমি তলকিবই নোৱাৰো। ২০১৮ চনত মুক্তি লাভ কৰা কম চৰ্চিত অথচ এখন উল্লেখযোগ্য চিনেমা বৰুণ ধাৱন অভিনীত ‘অক্টোবৰ’ৰ পাছত ‘গুলাবো চিতাবো’ সুজিত চৰকাৰৰ এখন অন্যতম সৃষ্টি।  

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.2 / 5. ভোট : 69

1 Comment

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!