কপাৰনিয়ম (Capernaum)
পৰিচালক – নাদিন লাবাকি
ভাষা – লেবানিজ আৰৱী
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স (Netflix)
জাইন-অল-হাজ্জ নামৰ ১২ বছৰীয়া সৰু ল’ৰা এটা। হাতত হেণ্ডকাফ লগাই তেওঁক আদালতত হাজিৰ কৰোৱা হৈছে। ন্যায়াধীশ জনে হেণ্ডকাফ খুলিবলৈ আদেশ দি মোকৰ্দমাৰ বিবৰণ দিবলৈ আৰম্ভ কৰে। হত্যাকাৰী হিচাবে জাইনে লেবাননৰ কাৰাগাৰত ৫ বছৰীয়া কাৰাদণ্ড অতিবাহিত কৰি আছে। কিন্তু সেইটো পুৰণা মোকৰ্দমা। আজিৰ গোচৰত জাইন অভিযুক্ত নহয়। অভিযুক্ত হৈছে আদালতত বহি থকা জৈনৰ মাক-দেউতাক। গোচৰ তৰিছে জাইনে। জাইনৰ অভিযোগ কি? আৰু তেওঁ নিজৰ মাক-দেউতাকৰ ওপৰত কিয় গোচৰ তৰিচে? ন্যায়াধীশ জনে এই প্ৰশ্ন কৰাত জাইনৰ উত্তৰটো আদালতৰ মজিয়াত যেন প্ৰতিধ্বনিত হৈ উঠে: “কাৰণ তেওঁলোকে মোক জন্ম দিলে”। এটি সাধাৰণ কিন্তু এক শক্তিশালী বাক্য।
এইখিনিতে ফ্লেছবেকৰ জৰিয়তে আমি গুচি যাওঁ জাইনৰ অতীতলৈ। হত্যাৰ আগৰ ঘটনাৱলী নিৰীক্ষণ কৰিবলৈ। জাইনৰ অতীতৰ এই ভুমুকিতেই ‘কপাৰনিয়ম’ৰ মূল কাহিনীটো নিৱদ্ধ হৈ আছে। নিজৰ জন্ম আৰু পৰিচয়ৰ কোনো চৰকাৰী উৎস নথকা এটি শৰণাৰ্থী পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰ, ১২ বছৰীয়া কিশোৰৰ, অমানৱীয় পৰিস্থিতিৰ লগত দৈনন্দিন কৰা যুঁজ আৰু সংগ্ৰামৰ কাহিনী। কোমল বয়সীয়া জাইনে প্ৰাপ্তবয়স্ক শ্ৰমিকৰ দৰেই কৰিবগীয়া কঠোৰ শ্ৰম আৰু তাৰ ফলত হেৰুৱাই পেলোৱা শৈশৱৰ কাহিনী। দৰিদ্ৰতা, মাক দেউতাকৰ অৱহেলা আৰু এক ভগ্ন সমাজ ব্যৱস্থাৰ ফান্দত পৰা এটি সৰু ল’ৰাৰ খোজে খোজে ভগা হৃদয়ৰ কাহিনী ।
জাইনৰ চৰিত্ৰত অভিনয় কৰা জাইন অল ৰফিয়া নামৰ শিশু অভিনেতাজন বাস্তৱিক জীৱনতো এজন চিৰিয়ান শৰণাৰ্থী। তেওঁ নিজৰ পৰিয়ালৰ লগত বেইৰুটৰ এটা বস্তিত থাকে। কৰুণ হৃদয়স্পৰ্শী অভিনয় প্ৰত্যক্ষ কৰি ধৰিবলৈ টান যে তেওঁ প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত অভিনয় কৰিছে। হয়টো ইয়াৰ প্ৰশংসা পৰিচালকেও পোৱা উচিত। পৰিচালক নাদিন লাবাকি নিজেই এগৰাকী অভিনেতা। ‘কপাৰনিয়ম’ত তেওঁক ক্ষন্তেক সময়ৰ বাবে জাইনৰ উকীলৰ ৰূপত দেখা পোৱা যায়।
শৰণাৰ্থী সকলক অমানৱীয় জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা আৰু তেওঁলোকক কোনো সাধাৰণ সুবিধাখিনি যোগান ধৰিবলৈ ব্যৰ্থ হোৱা সমাজ প্ৰণালীৰ কটু সমালোচনা কৰা হৈছে চিনেমাখনত। ৰাহিল নামৰ অন্য এগৰাকী শৰণাৰ্থী যেতিয়া কাগজ পত্ৰ নথকাৰ ফলত গ্ৰেপ্তাৰ হয়, তেতিয়া তেওঁৰ নিচেই কণমানি কেঁচুৱাটোক কোলাত লৈ চহৰৰ কোণে কোণে খাদ্য বিচাৰি ঘূৰি ফুৰা ১২ বছৰীয়া জাইনৰ সংগ্ৰাম যেন এই সমাজ ব্যৱস্থাৰ ব্যৰ্থতাৰ চূড়ান্ত প্ৰতীক ।
সৰু ভনীয়েকক বাল্য বিবাহৰ পৰা বচাবলৈ, তাই পুষ্পিতা হোৱাৰ প্ৰমাণ লুকাবলৈ কৰা নানা প্ৰচেষ্টাবোৰৰ পাছতো যেতিয়া ভনীয়েকৰ বিয়া তাইতকৈ যথেষ্ট অধিক বয়সীয়া ব্যৱসায়ী এজনৰ লগত হয়, সেই মূহুৰ্তত যেন জাইনৰ শৈশৱ অন্তিম বাৰৰ বাবে হেৰাই যায়। পাছত কম বয়সত গৰ্ভৱতী হোৱাৰ ফলত মৃত্যু ঘটা ভনীয়েকৰ খবৰ পাই জৈনৰ নতুন জন্ম হয় – এজন হত্যাকাৰী ৰূপত। কিন্তু নাদীম লাবেকিয়ে যেন ইংগিত দিছে – হত্যাকাৰী আচলতে জাইন নহয়। হত্যাকাৰী আমাৰ সমাজ ব্যৱস্থা – যি ব্যৱস্থাগত ভাৱে জাইনৰ শৈশৱৰ হত্যা কৰিলে।
কাহিনীটো বাট পথৰ কাষত দৈনিক জীৱন যুঁজত যুঁজি থকা যিকোনো শিশুৰ কাহিনী হ’ব পাৰে। চিনেমা এনে এক মাধ্যম যাৰ জৰিয়তে এনে কিছুমান জীৱনৰ লগত সহমৰ্মিতা অনুভৱ কৰিব পৰা যায়। যেন সঘনাই দেখা-দেখি হলেও সঘনাই উঠা-বহা নহয়। ‘কপাৰনিয়ম’ৰ দৰে চিনেমাবোৰ সেইকাৰণে গুৰত্বপূৰ্ণ। চিনেমাত ভগ্ন সমাজ ব্যৱস্থাৰ সমালোচনা কৰিবলৈ শিশুক প্ৰধান চৰিত্ৰ হিচাবে লৈ দৰ্শকক আকৰ্ষণ কৰাৰ পুৰণা পৰম্পৰা প্ৰচলিত হৈ আহিছে। ‘কপাৰনিয়ম’ সেই পৰম্পৰাৰ এক সোণালী স্বাক্ষৰ।
