মাজ ৰাতি কেতেকী (২০১৭)
পৰিচালক – সান্ত্বনা বৰদলৈ
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স
নিশা কেতেকীৰ কথা ক’লে দেৱকান্ত বৰুৱাৰ কবিতাৰ শাৰীকেইটা মনলৈ আহে-
“মাজ নিশা সাৰ পাই শুনিছানে কেতিয়াবা
কেতেকীৰ হিয়া ভগা মাত
ভাবিছানে, এটিবাৰো পখীৰ ডিঙিত কান্দে
মানুহৰ বুকুৰ সম্বাদ”
এটা দীঘলীয়া বিৰতিৰ অন্তত সান্ত্বনা বৰদলৈয়ে নির্মাণ কৰা ‘মাজ ৰাতি কেতেকী’ চিনেমাখনে যেন ওপৰৰ কবিতাটোৰে অৰ্থ কঢ়িয়াইছে। মাজ ৰাতিৰ কেতেকীৰ ডিঙিতে কান্দিছিল যেন নায়কে পাৰ কৰি অহা জীৱনৰ স্মৃতিয়ে৷ এই চিনেমাখনৰ একেধাৰে কাহিনীকাৰ, প্রযোজক আৰু পৰিচালক সান্ত্বনা বৰদলৈ৷ প্ৰধান চৰিত্ৰত আদিল হুচেইনৰ উপৰি আছে কুলদা কুমাৰ ভট্টাচার্য, মালা গোস্বামী, সুলক্ষণা বৰুৱা, ছাকিল ইমতিয়াজ, মহেন্দ্ৰ ৰাভা, ৰাহুল গৌতম শর্মা, আদি৷
এজন পুৰস্কাৰপ্ৰাপ্ত প্ৰতিষ্ঠিত লেখক প্ৰিয়েন্দু হাজৰিকা চতুৰ্থ বাৰ্ষিক গুৱাহাটী গ্ৰন্থমেলাত আমন্ত্ৰণক্রমে উপস্থিত হৈছিলহি৷ তেওঁৰ হাতত কঢ়িয়াই লৈ আহিছিল শুভবাৰ্তা চলিহাৰ উপন্যাস ‘চতু্র্ভূজী ত্ৰিভূজ’, যিখনক তেওঁৰ বাইবেল বুলি আখ্যা দিছিল৷ চিনেমাখনৰ প্ৰথমৰ পৰা শেহলৈকে নায়কৰ বৰ্তমান আৰু শৈশৱৰ টুকুৰা ছবি গোটাই গোটেই কাহিনীভাগ আগবাঢ়ে৷ সুমনা, প্ৰিয়েন্দু হাজৰিকাৰ এগৰাকী চেক্ৰেটাৰী যিয়ে তেওঁক গোটেই কাৰ্যসূচীত সংগ দিয়ে৷ আচলতে সুমনা এগৰাকী প্ৰতিভা সম্পন্ন লেখিকা৷ আকাংক্ষা এগৰাকী সফল লেখিকা হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰা৷ তেওঁ এখন আত্মজীৱনীমূলক কিতাপৰ পাণ্ডুলিপি প্ৰকাশক বিপুল দত্তক চাবলৈ দি থৈছিল৷ আৰু বিপুল দত্তই তাৰে গইনা লৈ সুমনাক তেওঁৰ ব্যক্তিগত চেক্ৰেটাৰীৰ দৰে ব্যৱহাৰ কৰে৷ সুমনায়ো যিকোনো প্ৰকাৰে তাইৰ পাণ্ডুলিপিটো কিতাপ আকাৰত প্ৰকাশ পোৱাৰ আশা লৈ বিপুল দত্তৰ সকলো কথাই মূৰ পাতি লৈছিল৷
প্ৰিয়েন্দুৰ চৰিত্ৰত আদিল হুচেইনৰ নিখুঁত অভিনয়ৰ বাবেই নায়কৰ ব্যক্তিত্বই সকলোকে মুহিবলৈ সক্ষম হৈছে৷ সুমনাৰ আগত প্ৰিয়েন্দু হাজৰিকাই নিজৰ আদর্শ ব্যক্তি শুভবার্তা চলিহাই তেওঁৰ জীৱনৰ ওপৰত পেলোৱা প্ৰভাৱৰ কথা বৰ ধুনীয়াকৈ ব্যক্ত কৰিছে–
“মই যেতিয়া সেউজীয়া ঘাঁহ আছিলোঁ, তেওঁ মোৰ বেলিটো আছিল”
পৰিচালক-চিত্রনাট্যকাৰ শ্রীমতী বৰদলৈয়ে কিছু ক্ষেত্রত কৌশলপূর্ণভাৱে দৰ্শকক বিশেষ কিবা এটা বুজাবলৈ অযথা নাটকীয় দৃশ্য সংযোজন নকৰি চৰিত্রৰ মুখত দিয়া চুটি অনুভৱী কথাৰে বহু কথা সামৰি লৈছে৷ যেনেকৈ এটা দৃশ্যত নায়ক হাজৰিকাই সুমনাৰ আত্মজীৱনীমূলক কিতাপখনৰ বিষয়ে উল্লেখ কৰোতে কৈছে-
“সন্দেহ আৰু সংশয়ৰ বোজা আমি সকলোৱে কঢ়িয়াও”
“Its lonely world, এই সৃষ্টিৰ পৃথিৱীখন”
সুমনাই এবাৰ সুধিছিল আত্মজীৱনীত প্ৰিয়-অপ্ৰিয় সকলো মানুহকে সামৰি লোৱা যদি নহয় সেয়া সত্য হ’ব জানো? হাজৰিকাৰ প্রত্যুত্তৰ আছিল-
“সম্পূৰ্ণ সত্য কি সঠিককৈ কোৱাটো সহজ নহয়৷ মই যিটো সত্য বুলি মানো, সেয়া মোৰ দৃষ্টিতহে সত্য৷ তাৰ আন এটা বা বহুত prospective মই কেতিয়াও নাজানিব পাৰোঁ৷ সেয়েহে সকলো সত্য হয়তো কাৰোবাৰ prospective হে৷ অৰ্থাৎ অৰ্ধসত্য৷” এজন বিখ্যাত ব্যক্তিয়ে কৈছিল “প্ৰিয়জনৰ বিষয়ে সত্য লিখিবলৈ হ’লে কলিজাত বৰফ জমা হয়”
প্ৰিয়েন্দু হাজৰিকাই তেওঁৰ কিতাপৰ ওপৰত দিয়া তেওঁৰ চহীটোৰে পাঠক আৰু লেখকৰ মাজৰ আন্তৰিকতাৰ কথা প্ৰকাশ কৰাৰ লগতে লেখকসকলৰ বাবেও চিনেমাখনে কিছু মন কৰিব লগীয়া দিশ উন্মোচনেৰে অর্থবহ কথা বিচাৰিছে। উদাহৰণস্বৰূপে- “এটা গল্প বা কবিতা লিখা কথাটো বা যিকোনো সৃষ্টিশীল প্ৰয়াসে বৰ mysterious। নকল কৰাতকৈ বহুত ৰহস্যময়৷ নকল কৰি কিতাপ লিখিব পাৰি সাহিত্যিক হ’ব নোৱাৰি৷”
সুমনাই তাইৰ কিতাপখনৰ বাবে প্ৰকাশকৰ দেউতাকক সংগ দিব লগাও হৈছিল৷ সেই সময়ত দুয়োৰে কথোপকথনে বহুতো কথাই কৈ যায় লেখকসকলক৷
“সৃষ্টি এটা নিখুঁত কৰাৰ চেষ্টাটো তোমাৰ দায়িত্ব. Its obligation to discretion. সৃষ্টি এবাৰ সম্পূৰ্ণ হ’লে তাৰ পিছৰ যাত্ৰা তাৰ নিজৰ”
কিছু বিৰতিৰ মূৰে মূৰে সুমনাৰ মাকৰ পৰা আহি থকা ফোনটোৱে চিনেমাখনত সুমনাক বিব্ৰত কৰাৰ দৰে আমাকো বিব্ৰতবোধ কৰালে৷ আনহাতে মাজে মাজে প্ৰিয়েন্দুৰ শৈশৱৰ দৃশ্য- তাৰ ককায়েকৰ প্ৰেম প্ৰত্যাখ্যান, দেউতাকৰ আদৰ্শ, সাদৰী মাকৰ মৰম আৰু নিয়াৰিকৈ চলাই নিয়া অভাবী সংসাৰখন; তাৰ মাজতে সমাজৰ এচাম শোষককো টানি আনিছে৷ শেষত প্ৰিয়েন্দুৰ বিশ্বস্ত বন্ধু ভোলাৰ মৃত্যুৰ পিছতে তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আহে৷ ককায়েক প্ৰেয়সীৰ প্ৰেম প্ৰত্যাখ্যানৰ পিছত কটনত পঢ়িবলৈ গুচি যায়৷ এই যাত্রাৰ সোঁতত পৰিবেশ পৰিস্থিতি জীৱনৰ অভিজ্ঞতাই প্ৰিয়েন্দুক সাহিত্যিকৰ শাৰীলৈ উন্নীত কৰিলে৷ ঘটনাৰ বর্তমানত তেওঁ সুমনাক এজন প্ৰকাশকৰ সৈতে পৰিচয় কৰাই দিয়ে যাতে তাইৰ আকাংক্ষা পূৰণ হয়৷ শেষৰ দৃশ্যত প্ৰিয়েন্দু উভতি যায় তেওঁৰ আদর্শ শুভবার্তা চলিহা আৰু বহুতো স্মৃতি বুকুত বান্ধি৷
“আকাশ সোণোৱালী উমাল উদাৰ,
ৰ’দ ৰঙী চিলাবোৰে তাতে মেলে
প্ৰেমৰ পোহাৰ”
অনুৰাগ শইকীয়াৰ সংগীত আৰু ৰূপম ভূঞাৰ কণ্ঠত পৰিচালকে নিজা লিখা গানটোৱে চিনেমাখনক এক অনন্য গতি দিয়ে৷
“Our sweetest song are those that tells us saddest thought”
দুখবোৰ সাৱটিয়ে আমি যেন জীৱনৰ মাদকতাক অনুভৱ কৰো৷ ক’ৰবাত কৰুণ সুৰ এটাই যেন কাহিনীভাগক তেনে মাদকতাৰেই উজ্জ্বলাই তোলে৷ স্মৃতিবোৰ সাৱটি কোনো ৰৈ যাব নোৱাৰে৷ স্থবিৰ হৈ নৰয় আমাৰ খোজ৷ জীৱনে আগুৱাই নিবই; মাথো স্মৃতিবোৰ পৰি ৰয় সময়বালিত…
