সোয়েটাৰ (Sweater)
পৰিচালক: শিলাদিত্য মৌলিক
উপলদ্ধ প্লেটফৰ্ম: ডিজনী হটষ্টাৰ ( Disney Hotstar), হইচই (Hoichoi)
আত্মবিশ্বাসহীন যিকোনো ব্যক্তিক এটা মাথো দৃঢ়তাৰ খোপনিৰ প্ৰয়োজন জীৱনৰ পথত আগুৱাই যাবৰ বাবে, যিয়ে হয়তো জীৱনৰ গতিধাৰাই সলনি কৰি দিব পাৰে৷
টুকুৰ বাবে সেই খোপনি বা পুশ্ব (push) আছিল এটা মাথো সোয়েটাৰ৷ সোয়েটাৰৰ গাঁথনিৰ প্ৰতিটো খোজত টুকুৱে নিজৰ হেৰুওৱা বিশ্বাস বোৰ ঘূৰাই পাইছিল৷ নিজৰ প্ৰতি হোৱা অন্যায়, অৱহেলাবোৰৰ উত্তৰ দিব পাৰিছিল৷ হেৰাই পাইছিল মনৰ দৃঢ়তা৷ টুকু মধ্যবিত্ত পৰিয়ালৰ এগৰাকী অতি সাধাৰণ ছোৱালী, যাক প্ৰতি নিয়ত ৰূপে-গুণে সকলোতে পাৰদৰ্শী একমাত্ৰ ভনীয়েক শ্ৰীৰ লগত তুলনা কৰা হয়৷ ‘তোকে দিয়ে কিস্যু হবে না’ এইষাৰ শুনাতে যেন টুকু অভ্যস্ত৷ পৰিয়ালৰ ডাঙৰ ছোৱালী টুকুক কোনোপ্ৰকাৰে পাত্ৰস্থ কৰিব পাৰিলেই যেন কন্যাদায়গ্ৰস্ত পিতৃ-মাতৃ কিছু হলেও ৰক্ষা পৰে৷ কিন্ত টুকুৰ বাবে অহা প্ৰতিটো সম্বন্ধই টুকুক প্ৰত্যাখান কৰিছিল, কিয়নো চিৰাচৰিত ঘৰুৱা কোনো কামতে পাৰ্গত নাছিল টুকু৷ নাজানিছিল ভালদৰে একাপ চাহ বনাবলৈ, নাজানিছিল কবিতা গান আদি গাবলৈ, না আছিল পঢ়াশুনাত ভাল৷ টুকু ভনীয়েক শ্ৰীৰ দৰে দেখাই শুনায়ো সুন্দৰী-স্মাৰ্ট নহয়৷ প্ৰেমেও যেন টুকুক অৱহেলা কৰিল৷ ভণ্ড প্ৰেমিকে কেবল ভয়, ধমকি, প্ৰবঞ্ছনা, ছলাহি কথাৰে বশত ৰাখিছিল টুকুক, যি প্ৰেমত টুকুৰ প্ৰতি নাছিল কোনো কমি্টমেন্ট; নাছিল কোনো আশা-ভৰশাৰ বাণী, আছিল কেৱল শাৰীৰিক ছাহিদা৷
বাহ্যিক ভাবে সৰল জীৱনৰ আৰঁত টুকুৰ জীৱন পথ অতি জটিল; ঠিক যেন জঁট লগা এটা ঊলৰ বল, জঁট খুলিলেই সিমানেই সহজ-সৰল৷ জীৱনৰ প্ৰতিটো খোজত অৱহেলিত সেই টুকুৰ বাবে এদিন কলকাতাৰ এজন চাৰ্টাৰ্ড একাউন্টেন্টৰ পৰিয়ালৰ পৰা সম্বন্ধৰ প্ৰস্তাৱ আহে, যি সম্বন্ধৰ মুখ্য চৰ্ত আছিল এমাহৰ ভিতৰত টুকুৱে সোয়েটাৰ গুঠা শিকি শাহুৱেকে দি যোৱা এটা সোয়েটাৰৰ অনুৰূপ আন এটা সোয়েটাৰ গুঠা৷ ল’ৰাৰ মাকৰ দৰেই যদি টুকুৱে হবহু আনটো সোয়েটাৰ গুঠিব পাৰে তেতিয়াই বিয়াখন হোৱাৰ চৰ্ত্তত টুকুৰ হাতত দি গল উল, শলা, কাঁটা৷
ইয়াৰ লগে লগে টুকুৰ জীৱনৰ দিনবোৰ সলনি হোৱাৰ যাত্ৰা আৰম্ভ হল৷
“তবু তোমাৰ আকাশ...বৃষ্টি আকেঁ
পথ শিশিৰ ভেজা গন্ধ মাখে৷
আজ তোমাৰ আকাশ বৃষ্টি আকেঁ
পথ শিশিৰ ভেজা গন্ধ মাখে৷
মৃত শহৰতলিৰ বাকেঁ বাকেঁ, আকেঁ বাকেঁ৷“
দাৰ্জিলিংৰ সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজেৰে মাক-দেউতাক ভনীয়েক সহিত টুকুৰ জীৱন সলনিৰ সেই যাত্ৰা আৰম্ভ হল পেহীয়েক গৌৰীৰ ঘৰৰ প্ৰতি৷ পেহীয়েক গৌৰীৰ তত্বাৱধানত আৰম্ভ হল টুকুৰ এটা নতুন জীৱন৷ পেহীয়েক গৌৰীৰ উল গুঠা শিকোৱাৰ এটা ক্লাচ আছিল৷ য’ত সেই পাহাৰী চহৰ খনৰ বিভিন্ন বয়সৰ কিছু যুৱক-যুৱতী উল গুঠা শিকিবলৈ পেহীয়েকৰ ওচৰলৈ নিয়মিত আহিছিল৷ সেইসমূহ ছাত্ৰ-ছাত্ৰীক পেহীয়েক গৌৰীয়ে মাথো উল শলাৰ মাজত সীমাবদ্ধ নাৰাখি ব্যক্তিত্ব গঢ়াৰ পাঠো দিছিল, যত প্ৰতিদিন একোটা নতুন টাস্ক দিছিল৷ প্ৰথমৰ পৰাই টুকুৰ প্ৰতি পেহীয়েকৰ উল গুঠা শিকোৱাৰ কোনো আগ্ৰহ নাছিল, পৰিবৰ্তে অপেক্ষা আছিল টুকুৱে নিজে শিকাৰ আগ্ৰহ জন্মাৰ৷ টুকুৰ বিশৃংখল অৱহেলিত জীৱন ঊলৰ শলাৰে শৃংখল কৰাৰ প্ৰথম অজুহাত আছিল নিজৰ বিবাহৰ বাবে৷ পিচলৈ সেই যুঁজ হৈ পৰে নিজক প্ৰমাণ কৰাৰ, নিজৰ আত্মবিশ্বাস ঘূৰোৱাৰ৷ পাহাৰৰ লেহেমীয়া জীৱন যাত্ৰাৰ গতি ধাৰাত টুকুৰ জীৱনেও ঊল গাঁথনিৰ মাজেৰে ধীৰে ধীৰে পৰিবৰ্তনৰ বাট বোলে৷ সেই গাঁথনি কেতিয়াবা যদি বন্ধ চকুৰ আঁৰত হয়, কেতিয়াবা বেহেলাৰ মূৰ্চ্চনাত বাট বুটলে৷ এক কথাত সোয়েটাৰ গাঁথনি যেন টুকুৰ বাবে এক ‘যাদুকৰী শিল’ যাৰ স্পৰ্শই এগৰাকী অতি সাধাৰণ ছোৱালীৰ সমগ্ৰ জীৱন বৃত্তান্তই সলনি কৰিল৷
জয়িতা সেনগুপ্তৰ চুটি গল্প ‘উল কাঁটা’ৰ আধাৰত নিৰ্মিত ‘সোয়েটাৰ’ পৰিচালক শিলাদিত্য মৌলিকৰ পৰিচালনাত প্ৰথম বাংলা চলচ্চিত্ৰ৷ দাৰ্জিলিঙৰ সুন্দৰ নৈসৰ্গিক পৰিবেশৰ মাজেৰে সুন্দৰ ফ্ৰেমিং সহিত দৃশ্য গ্ৰহণে মন কাঢ়ে৷ চিনেমাৰ কালাৰ টিট্ৰমেন্ট আৰু ৰঞ্জয় ভট্টাচাৰ্য্যৰ পৰিচালনাত সংগীত উপৰি পাওনা৷ কাহিনীৰ মুখ্য চৰিত্ৰ টুকুৰ ভূমিকাত ইশা সাহাৰ অভিনয়ে চৰিত্ৰ টোক যথাৰ্থ ভাৱে ফুটাই তোলাত সফল হৈছে৷ টুকুৰ দেউতাকৰ ভূমিকাত খাৰাজ মুখোপাধ্যায়, ভনীয়েক শ্ৰীৰ ভূমিকাত অনুৰাধা মুখাৰ্জ্জী, ভাবী শাহুৱেকৰ ভূমিকাত জুন মালিয়া, পেহীয়েক গৌৰীৰ ভূমিকাত শ্ৰীলেখা মিত্ৰৰ অভিনয় যথাৰ্থ আৰু দৃঢ়৷ চিনেমাৰ দ্বিতীয়াৰ্দ্ধত ছবি খনৰ আন এটা চৰিত্ৰ সৌম্য ৰূপী ফাৰহান ইমৰোজৰ অভিনয়ো সুন্দৰ ভাৱে ফুটি উঠিছে৷
“প্ৰেমে পৰা বাৰণ
কাৰণে অকাৰণে
আঙুলে আঙুল ৰাখলেও হাত ধৰা বাৰণ“
ঊলৰ গাঁথনিৰে জীৱন গঢ়াৰ পাঠত প্ৰেমেও পোখা মেলে, অথচ ‘সোয়েটাৰ’ চিৰাচৰিত প্ৰেমৰ কাহিনীও নহয়৷
দুৰ্বল চিত্ৰনাট্যৰ বাবে পৰিচালক যেন কৰবাত কাহিনীৰ পূৰ্ণ ৰূপ দেখুৱাত সামান্য ৰপে ব্যৰ্থ; স্মাৰ্ট-সুন্দৰী ভনীয়েক শ্ৰী আৰু টুকুৰ মাজৰ প্ৰভেদ কেৱল টুকুৰ কথনত হে অনুভৱ হয়৷ পিতৃ-মাতৃৰ ব্যৱহাৰত সেই বৈশম্যতো উপস্থাপন নহ’ল৷ আনহাতেদ টুকুৰ মানসিক জগতৰ যুঁজ খিনি আৰু কিছু প্ৰকট কৰাৰ থল আছিল৷ চৰিত্ৰ প্ৰতিষ্ঠাৰ দাৱীত সংলাপৰ আধিপত্যও মন কৰিব লগীয়া৷
এক কথাত ক’বলৈ হ’লে আত্মবিশ্বাসহীন অৱহেলিত এগৰাকী নাৰীৰ সাহস, বিশ্বাস ঘূৰাই পোৱাৰে বাৰ্তাৰে উজ্জৱীত ‘সোয়েটাৰ’৷
