মানৱ জাতিৰ ওপৰত সময়ে সময়ে মহা সংকটে দেখা দিয়াতো কোনো নতুন কথা নহয়। তাৰে কিছুমান হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু আনহাতে কিছুমান দুৰ্যোগ হৈছে মানৱসৃষ্ট। দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯–৪৫ চন) ৰ কালচোৱাত সমগ্ৰ বিশ্বতে যি মানৱসৃষ্ট মহাপ্ৰলয়ৰ সূচনা হৈছিল, ফলশ্রুতিত লক্ষ লক্ষ জনতা যুদ্ধৰ আক্ৰমণত মৃত্যুৰ মুখত পৰে। এই সকলো আছিল যুদ্ধৰ পোনপটীয়া প্ৰভাৱ। কিন্তু সেই একে সময়তে ব্ৰিটিছ শাসকসকলে ভাৰতৰ বংগদেশত এক ভয়াবহ দুৰ্ভিক্ষৰ সৃষ্টি কৰিছিল, কেৱল বিশ্বযুদ্ধত নিজৰ প্ৰতিপত্তি স্থাপনৰ বাবে। বিদেশত যুদ্ধ কৰিবলৈ যোৱা ব্ৰিটিছশাসনৰ অধীনস্থ সেনাবাহিনীক খাদ্য যোগান ধৰিবৰ বাবে অজস্ৰ ভাৰতীয় জনতাৰ পেটৰ ভাত কাঢ়ি লোৱা হৈছিল। এই মানৱসৃষ্ট দুৰ্ভিক্ষত প্ৰায় ত্ৰিশ লক্ষাধিক মানুহে প্ৰাণ হেৰুৱাব লগা হয়। সেই সময়ত বংগ প্ৰদেশৰ মুঠ জনসংখ্যা আছিল ছয়কোটিৰো অধিক। এই মৃত্যুৰ কাৰণ হিচাপে আমি পাওঁ– অনাহাৰ, মেলেৰিয়াৰ লগতে মানৱ প্ৰব্ৰজন আৰু পুষ্টিহীনতাৰ ফলত হোৱা নানা অন্য বেমাৰ। এই দুৰ্ভিক্ষ মানৱ ইতিহাসৰ এক অতি লজ্জাজনক আৰু কৰুণ অধ্যায়, যাক অনায়াসে জাৰ্মানীৰ ইহুদী হত্যাযজ্ঞৰ লগত তুলনা কৰিব পৰা যায়। কিন্তু হিটলাৰৰ ইহুদী হত্যালীলাই বিশ্ব ইতিহাসত পোৱাৰ নিচিনা গুৰুত্ব আৰু প্ৰচাৰ বংগ দুৰ্ভিক্ষই কোনোকালেই লাভ কৰিব নোৱাৰিলে।
এই দুৰ্ভিক্ষই সেই সময়ৰ মানুহৰ ওপৰত পেলোৱা শাৰীৰিক আৰু মানসিক প্ৰভাৱৰ পটভূমিত নিৰ্মিত হৈছিল সত্যজিৎ ৰায়ৰ ‘অশনি সংকেত’। মূলতঃ বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰদ্বাৰা লিখিত একে নামৰ উপন্যাসক এখন চলচ্চিত্ৰৰ দ্বাৰা উপস্থাপন কৰিলে সত্যজিৎ ৰায়ে। ইয়াত ৰায়ে নিজস্ব কলাত্মক নিৰ্দেশনাশৈলী প্ৰয়োগ কৰি এক অপূৰ্ব ছবিৰ সৃষ্টি কৰিছে। ইটালীৰ নব্য-বাস্তৱবাদৰ দ্বাৰা প্ৰভাৱিত সত্যজিৎ ৰায়ৰ প্ৰতিখন ছবিয়েই বাস্তৱিক পৃথিৱীৰ এক প্ৰতিফলন বুলি ক’ব পাৰি। ১৯৭৩ চনত নিৰ্মিত ৰায়ৰ অশনি সংকেতো ইয়াৰ ব্যতিক্ৰম নহয়, য’ত সেই সময়ৰ সমাজৰ মানৱীয় আৰু অমানৱীয় দিশৰ এক মুখামুখি সংঘৰ্ষৰ সম্ভাৱনাক আলোকিত কৰাৰ চেষ্টা কৰা হৈছে।
সত্যজিত ৰায়ৰ প্ৰিয় অভিনেতা সৌমিত্ৰ চেটাৰ্জী যাক ৰায়ে নিজৰ প্ৰায় প্ৰতিখন ছবিতে অভিনয় কৰোৱাইছে, ‘অশনি সংকেত’ ছবিতো তেখেতে নিজৰ অনবদ্য অভিনয়েৰে সকলোকে অভিভূত কৰিছে। এজন ব্ৰাহ্মণ গঙ্গাচৰণ চক্ৰৱৰ্তীৰ চৰিত্ৰত তেখেতে প্ৰাণ ঢালিছে, যি এক ভিতৰুৱা গাঁৱলৈ আহি এখন সৰু পাঠশালা খুলি গাঁৱৰ ল’ৰাহঁতক শিক্ষা প্ৰদান কৰে। এই খিনিতে এক গুৰুত্বপূৰ্ণ কথা চকুত পৰে, গাঁৱৰ কোনো ছোৱালীক এই পাঠশালাত বিদ্যা আহৰণ কৰা পৰিলক্ষিত নহয়। ১৯৪৩ চনৰ সেই সময়ৰ বংগ দেশৰ এখন ভিতৰুৱা গাঁৱৰ সামাজিক পৰিবেশ বোধহয় স্ত্ৰী-শিক্ষাৰ সপক্ষে নাছিল।
ছবিখনৰ আৰম্ভণিতে গ্ৰাম্য জীৱনৰ এক স্বাভাৱিক আৰু সুস্থ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়; য’ত মানুহৰ মাজত মিলা-প্ৰীতি, পাৰস্পৰিক সহযোগিতা আদি বিৰাজমান। সত্যজিৎ ৰায়ৰ অন্য ছবিসমূহত দেখাৰ দৰে এইখন ছবিত গাঁওবাসীৰ দৰিদ্ৰতা খুব স্পষ্টকৈ বা প্ৰত্যক্ষভাৱে পৰ্দাত প্ৰতিফলিত কৰা হোৱা নাই, হয়তো উদ্দেশ্যপ্ৰণোদিত ভাৱেই। তথাপিও পৰোক্ষভাৱে দৰ্শকৰ বোধগম্য হ’ব যে গাওঁখনৰ অধিকাংশ মানুহৰে অৰ্থনৈতিক অৱস্থা টনকিয়াল নহয় যদিও তেওঁলোক সুখী। ইয়াৰ দ্বাৰা ৰায়ে গাঁৱৰ মানুহৰ অৰ্থনৈতিক সবলতাতকৈ মানসিকভাৱে সবলতাৰ ওপৰত অধিক মনোযোগ দিয়া যেন লাগে। ছবিৰ কাহিনীৰ আৰম্ভণিতে গাঁৱৰ ব্ৰাহ্মণ পণ্ডিত গংগাচৰণে গাঁওবাসীৰ পৰা অত্যাধিক সন্মান আৰু যথাসাধ্যে ভাৰ-ভেঁটি আদি লাভ কৰে। গাঁৱৰ একমাত্ৰ ব্ৰাহ্মণ তথা শিক্ষিত ব্যক্তি হিচাপে তেখেতক গাঁৱৰ ৰাইজেও সাধ্যানুসৰি মাননী আগবঢ়াই যায়। গঙ্গাচৰণেও পাঠদান কৰাৰ উপৰি মানুহক সাধাৰণ বেমাৰ-আজাৰৰ কাৰণে দৰৱ-পাতিৰো যোগান ধৰে। এইক্ষেত্ৰত কেতিয়াও পেটে-ভাতে খাই থকা ৰাইজক শোষণ কৰা পৰিলক্ষিত নহয়। ৰাইজেও যিকোনো পৰামৰ্শৰ বাবে গংগাচৰণ পণ্ডিতৰেই কাষ চপা দেখা গৈছে।
ব্ৰাহ্মণৰ পত্নী অনংগাৰ চৰিত্ৰত বাংলাদেশৰ অভিনেত্ৰী ববিতাই সুন্দৰ অভিনয়েৰে নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছে। নিজৰ সৌন্দৰ্য আৰু অমায়িক ব্যৱহাৰেৰে গাঁৱৰ আন মহিলাসকলৰ লগত মিলি যোৱা ব্ৰাহ্মণপত্নীৰ এক নিৰ্মল আৰু পৰোপকাৰী স্বভাৱ ফুটি উঠিছে। জাতিগত কিছুমান প্ৰভেদ সেইসময়ৰ সমাজ ব্যৱস্থা অনুযায়ী মানি চলিলেও আৰ্তজনৰ সেৱা কৰাতো যেন তেওঁৰ স্বভাৱজাত প্ৰবৃত্তি। ব্ৰাহ্মণসমাজৰ প্ৰচলিত নীতি-নিয়মৰ মাজত থকা স্বত্বেও নিজৰ নিৰহংকাৰী স্বভাৱৰ বাবেই সকলোৰে প্ৰিয়ভাজন হৈ পৰে অনঙ্গা।
কিছুমান নিৰ্দিষ্ট দৃশ্যই ছবিখনক দৰ্শকৰ মনত চিৰস্থায়ী কৰাৰ থল আছে। লাহে লাহে যেতিয়া অন্য ঠাইৰ পৰা দুৰ্ভিক্ষৰ বাতৰি এই গাঁৱলৈ বিয়পি পৰে, গাঁৱৰ ৰাইজে কথাটো সিমান গুৰুতৰ বুলি হয়তো উপলব্ধি কৰিব পৰা নাছিল। ছবিত এই পৰিঘটনাৰ আত্মপ্ৰকাশ ঘটে যেতিয়া কাষৰ গাঁৱৰ পৰা এজন বৃদ্ধ ব্ৰাহ্মণ এমুঠি অন্নৰ সন্ধানত গঙ্গাচৰণৰ ঘৰত উপস্থিত হয়। নিজৰ মমতাময়ী স্বভাৱৰ কাৰণেই ব্ৰাহ্মণপত্নীয়ে নিজৰ ভাগৰেই খাদ্য বৃদ্ধ ব্ৰাহ্মণলৈ আগবঢ়ায়। ইতিমধ্যেই দুৰ্ভিক্ষৰ বিষয়ে অৱগত হোৱা গংগাচৰণ ঘৰলৈ উভতি আহি কথাবতৰা পাতি বৃদ্ধ ব্ৰাহ্মণক বিদায় দিয়ে যদিও দয়াশীলা পত্নীৰ আহ্বানত তেখেতক ৰাতিটোৰ বাবে থাকি যাবলৈ পুনৰাই ৰাস্তাৰ পৰা মাতি আনে। দুৰ্ভিক্ষৰ আগলি বতৰা পাইয়ো সমাজখন কিদৰে সভ্য তথা শালীন হৈ আছিল সেয়া ইয়াত লক্ষণীয়।
সময় আগবঢ়াৰ লগে লগে পেটৰ তাড়নাত মানুহৰ নৈতিকতাৰ অবক্ষয় কেনেদৰে হয়, সেয়া ছবিখনত প্রতিফলিত হৈছে। সাধাৰণ শ্রমজীৱী জনতাই এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰা অৱস্থাত এচাম অসাধু ব্যৱসায়ীয়ে কিদৰে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে, সেয়া আজিৰ যুগতো ভালদৰেই খাপ খায়। আজিৰ বিপন্ন সময়তো বহুতেই ক’লা বজাৰৰ সৃষ্টি কৰিছে, মানুহৰ অসহায় অৱস্থা দেখিও। কিন্তু ছবিৰ পৰৱৰ্তী সময়ত দেখুওৱা অৱস্থা যাতে আজিৰ সমাজত সঁচাকৈয়ে নহয়, তাকেই কামনা কৰোঁ। দুৰ্ভিক্ষ আৰু নাটনি বাঢ়ি যোৱাৰ লগে লগে নিষ্পাপ, নিৰ্দোষী মানুহো যে হিংসাত্মক হৈ উঠিব পাৰে তাৰ বাস্তৱিক ৰূপ ছবিখনত বিদ্যমান। ভোকাতুৰ এচামে গাঁৱৰ দোকান আৰু মহাজনৰ ঘৰত আক্ৰমণ চলাইছে, লুটি নিছে ভঁৰালৰ ধান, চাউল! নাইকীয়া হৈ গৈছে আইন-কানুনৰ প্ৰতি ভয়! তাতে কিছুমান নিৰপৰাধী মানুহে আইনৰ শাস্তি ভোগ কৰিবলগীয়া হৈছে। এইখিনিতে অন্য এক গুৰুত্বপূৰ্ণ দিশ চকুত পৰে যে, অতদিনে ৰাইজৰ সন্মানৰ অধিকাৰী হোৱা ব্ৰাহ্মণ গংগাচৰণ এই দুৰ্ভিক্ষৰ আগমনৰ লগেলগে সাধাৰণ জনতাৰ শাৰীলৈ অৱনমিত হৈছে। পেটৰ ভোকে যে আন একো প্ৰচলিত সামাজিক ৰীতি-নীতি মানি নচলে, তাৰ ভালকৈয়ে প্রকাশ ঘটিছে।
একে সময়তে, অসহায় হৈ পৰা মানুহৰ দুৰাৱস্থাৰ ছবিবোৰৰ ভিতৰত গাঁৱৰ ইটাভাটাৰ মেনেজাৰে সৰল জীয়ৰী-বোৱাৰীক এমুঠি চাউলৰ লোভ দেখুৱাই অসৎ উদ্দেশ্যে চৰিতাৰ্থ কৰিব বিচৰা, খাদ্যৰ অভাৱত গাঁৱৰ দুখীয়া মহিলাই নদীৰ বোকাত শামুক বুটলিবলৈ বাধ্য হোৱা, ব্ৰাহ্মণ পত্নীকে আদি কৰি ছবিৰ কেইটামান মুখ্য চৰিত্ৰই হাবিত বনৰীয়া আলু-কচু খান্দিবলগীয়া হোৱা আদিয়ে পৰিস্থিতিৰ কাতৰতাক প্রতিষ্ঠিত কৰিছে। এখন মিলাপ্ৰীতিৰে ভৰা গাঁৱৰ পৰিবেশত পোন প্ৰথমবাৰৰ বাবে তেজৰ চেঁকুৰা দেখা যায় পানীত ভাঁহি যোৱা! তেজেৰে নিজৰাৰ পানী ৰাঙলী হোৱাতোৱে হয়তো এক অশনি সংকেত, আহিবলগীয়া ধুমুহাৰ..।
প্ৰকৃতিৰ সৈতে একাত্ম গাঁওখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য ছবিখনত পৰিচালকে ফুটাই তুলিছে। দুৰ্ভিক্ষৰ দিনতো এনে মনোমোহা সৌন্দৰ্যই এটা কথাই চিহ্নিত কৰিছে যে এই দুৰ্ভিক্ষ প্ৰকৃতিৰ সৃষ্টি নহয়, মানৱ সৃষ্টহে!
প্ৰায় অৰ্ধ শতিকাৰ আগতে নিৰ্মিত যদিও এই ছবিখন আজিৰ সময়তো যথেষ্ট প্ৰাসংগিক। মানৱ সমাজ আৰু সমাজ ব্যৱস্থাৰ নৈতিক অৱনতি হোৱাৰ কিছুমান কাৰক আৰু উদাহৰণ বহন কৰিছে ছবিখনে। বিপন্ন সময়ে যে প্ৰচলিত মান-সন্মান বা সুস্থিৰ সামাজিক আচৰণ মানি নচলে তাৰো ইংগিত দিছে। আজিৰ এই দুঃসময়ত প্ৰয়োজন আছে পৰস্পৰে পৰস্পৰৰ সাৰথি হোৱা তথা সামাজিক ঐক্য অটুত ৰখাৰ। শাৰীৰিক দূৰত্ব বজাই ৰাখিলেও মানসিকভাৱে যেন সমাজখন একতাৰ বান্ধেৰে বান্ধ খাই থাকে সেয়াই কাম্য। নহ’লে এই মহামাৰীৰ কালছোৱাত হয়তো অভাৱ-অনাটনৰ বশৱৰ্তী হৈ এচাম উপাৰ্জনহীন ভোকাতুৰ মানুহে, অন্য এচাম তুলনামূলকভাৱে স্বচ্ছল নাগৰিকৰ ওপৰত আক্ৰমণ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাৰ কথা নুই কৰিব নোৱাৰি। ‘অশনি সংকেত’ ছবিখনৰ কাহিনীৰ এই ধ্বংসাত্মক দিশটোৰ যাতে বৰ্তমানৰ বিপন্ন সময়ত পুনৰাবৃত্তি নঘটে, সেয়া নিশ্চিত কৰাটো আজি আমাৰ প্ৰতিজন নাগৰিকৰে অপৰিহাৰ্য্য কৰ্তব্য।
