মোগল-এ-আজম (Mughal-E-Azam)
পৰিচালক – আচিফ কৰীম
উপলব্ধ প্লেটফৰ্ম – ডিজনী+হটষ্টাৰ
বিশ্ববিশ্ৰুত চলচ্চিত্ৰ পৰিচালক ফ্ৰান্সিছ ফৰ্ড কোপালাই এবাৰ কৈছিল – “I think cinema, movies and magic have always been closely associated. The very earlist people who made films were magicians”
যিটো সময়ত কোনো আধুনিক কাৰিকৰী কৌশলৰ অবিহনেই চলচ্চিত্ৰ নিৰ্মাতাসকলে বিশ্বত চিনেমাৰ আৰম্ভণি ঘটাইছিল, সেয়া যেন সঁচাকৈয়ে কোনো যাদুকৰৰেই কাম আছিল! চলচ্চিত্ৰ নিৰ্মাণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা দেশবোৰৰ লগত সমানে খোজ মিলাই আগবাঢ়িছিল ভাৰতীয় চলচ্চিত্ৰই। চলচ্চিত্ৰৰ সেই আৰম্ভণিৰ যুগতে ভাৰতীয় চলচ্চিত্ৰয়ো ক্ৰমাৎ নিজৰ স্থিতি সবল কৰিবলৈ আগবাঢ়িছিল। যি সময়ত বিশ্বত চলচ্চিত্ৰ নিৰ্মাতাসকলে চিনেমাৰ বিষয়ে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই আছিল, সেই সময়তে ১৯৪৪ চনত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আগবাঢ়ি আহিছিল চলচ্চিত্ৰৰ এক বিশাল প্রকল্প হাতত লৈ। পৰিচালকজনৰ নাম আছিল কৰিমুদ্দিন আছিফ, চমুকৈ কে আছিফ আৰু এই বিশাল চিনে প্রকল্পটোৰ নাম আছিল ‘মোগল-এ-আজম’।
আৰম্ভণি
১৯৪৪ চনত কে আছিফে মুম্বাই (সেই সময়ৰ বোম্বে)ৰ প্ৰখ্যাত মহালক্ষী ষ্টুডিঅ’ৰ
স্বস্বাধিকাৰী চিৰাজ আলীৰ আৰ্থিক সাহায্যৰে ‘মোগল-এ-আজম’ নিৰ্মাণৰ কাম আৰম্ভ কৰে। চলচ্চিত্ৰখনত মূল তিনিটা চৰিত্ৰ আকবৰ, যুৱৰাজ চেলিম আৰু অনাৰকলিৰ বাবে নিৰ্বাচিত হৈছিল ক্ৰমে সেই সময়ৰ প্ৰখ্যাত অভিনেতা চন্দ্ৰমোহন, চাপ্ৰু আৰু নাৰ্গিছ। কিন্তু সেই সময়ৰ দেশৰ ৰাজনৈতিক অস্থিৰতা, অভিনেতা চন্দ্ৰমোহনৰ মৃত্যু, দেশ বিভাজনৰ পৰিণতিত মূল প্ৰযোজক চিৰাজ আলীৰ পাকিস্তান গমন আদি কাৰকবোৰে চলচ্চিত্ৰ নিৰ্মাণত বাধাৰ সৃষ্টি কৰে। ফলত আছিফে চিনেমাখনৰ কাম আধাতে সমাপ্ত কৰিবলৈ বাধ্য হয়।
নতুন উদ্যমেৰে ‘মোগল-এ-আজম’
প্ৰথমাৱস্থাত ছবিখন নিৰ্মাণত বাধা আহিলেও ১৯৫১ চনত এক নতুন উদ্যমেৰে আছিফে পুনৰ ‘মোগল-এ-আজম’ৰ কাম কৰিবলৈ আগবাঢ়ি আহে। সম্পূৰ্ণ এক নতুন প্রস্তুতিৰে আৰু এক বিশাল বাজেটেৰে আৰম্ভ হয় ‘মোগল-এ-আজম’ নিৰ্মাণৰ কাম। এইবাৰ চলচ্চিত্ৰখনত আকবৰ, চেলিম আৰু অনাৰকলিৰ চৰিত্ৰকেইটা ৰূপায়ণ কৰিবলৈ নিৰ্বাচিত কৰা হয় সেই সময়ৰ কেইগৰাকীমান প্ৰখ্যাত অভিনয় শিল্পী ক্ৰমে পৃথ্বিৰাজ কাপুৰ, দিলীপ কুমাৰ আৰু মধুবালাক। এইবাৰ আছিফে আৰ্থিক সাহায্য লাভ কৰে ষ্টাৰলিং ইনভেষ্টমেণ্ট কৰ্পোৰেচন নামৰ কোম্পানীটোৰ পৰা। মোগল যুগৰ ঐশ্বৰ্য বিভূতিক ৰূপালী পৰ্দাত হুবহু তেনেদৰেই দৰ্শকক দেখুওৱাবলৈ যেন পণ কৰি লৈছিল আছিফে। যি সময়ত চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিবলৈ ৫-৬ লাখ টকাৰ প্ৰয়োজন হৈছিল, সেই সময়ত ‘মোগল-এ-আজম’ নিৰ্মাণত খৰচ পৰিছিল প্রায় ১.৫ কোটি টকা, যিটো পৰিমাণ হয়তো সেই সময়ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে আছিল সপোনৰ অগোচৰ। কিন্তু আাছিফে অসীম সাহসৰ পৰিচয় দি চলচ্চিত্ৰখন নিৰ্মাণৰ দয়িত্ব লয় আৰু আৰম্ভ হয় এখন মহাকাব্যিক চলচ্চিত্ৰৰ নিৰ্মাণৰ কাম।
‘মোগল-এ-আজম’ৰ প্ৰস্তুতি যদিও ৰাজকীয় আছিল ইয়াৰ কাহিনীত নাছিল কোনো নতুনত্ব। যুৱৰাজ আৰু অনাৰকলিৰ প্ৰেম কাহিনীক লৈ ইতিমধ্যে দুখন চলচ্চিত্ৰ নিৰ্মাণ হৈ গৈছিল। কিন্তু আছিফৰ মূল লক্ষ্য আছিল এই চলচ্চিত্ৰখনৰ যোগেদি ভাৰতীয় দৰ্শকক এক ৰাজকীয় সোৱাদ দিয়া। ‘মোগল-এ-আজম’ৰ নিৰ্মাণৰ কাহিনী আছিল চমকপ্ৰদ। চিত্ৰগ্ৰহণৰ বাবে তৈয়াৰ কৰা হৈছিল বিশাল ছেট। কিন্তু আটাইতকৈ খৰচী ছেটটো আছিল ‘চীচ মহল’ – যিটো নিৰ্মাণ কৰোতে খৰচ হৈছিল বহু লাখ টকা। ইয়াতে চিত্ৰায়ণ হৈছিল ভাৰতীয় সংগীতৰ অন্যতম শ্ৰেষ্ঠ গীতটি- ‘প্যাৰ কিয়া তো ডৰনা ক্যা…’। এই গীতটি আছিল ভাৰতীয় চিনেমাৰ আটাইতকৈ ব্যয়বহুল গীত। সম্পূৰ্ণ কাঁচেৰে নিৰ্মিত এই মহলটোত গীতটিত দৃশ্যগ্ৰহণত পোহৰ পৰা কাঁচত হোৱা প্ৰতিফলনৰ বাবে অসুবিধাৰ সৃষ্টি হৈছিল যাৰ বাবে সমগ্ৰ মহলটোত মমৰ প্রলেপ সানি দিয়া হৈছিল। যাৰ ফলত খৰচৰ মাত্ৰা আৰু বাঢ়িছিল। দহ দিনৰ অন্তত গীতটিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছিল৷ চিনেমাখনত ব্যৱহৃত হৈছিল ৰাজকীয় সাজপাৰ, যিবোৰ প্ৰস্তুত কৰিছিল দিল্লীৰ শিপিনীসকলে। তদুপৰি ব্যৱহৃত হৈছিল হায়দৰাবাদৰ সোণাৰীসকলৰ দ্বাৰা তৈয়াৰী সোণৰ আ-অলংকাৰ। কোলহাপুৰত অভিজ্ঞ কাৰিকৰ সকলৰ দ্বাৰা তৈয়াৰী ৰাজমুকুটসমূহ, ৰাজস্থানী কুমাৰসকলৰ দ্বাৰা নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ তথা আগ্ৰাৰ মুচীসকলৰ দ্বাৰা তৈয়াৰী ৰাজকীয় জোতাসমূহ। কেৱল এয়েই নহয়, ‘মোগল-এ-আজম’ৰ যুদ্ধৰ দৃশ্যত ব্যৱহৃত হৈছিল ২০০০ উট, ৪০০০ ঘোঁৰা আৰু প্ৰায় ৮০০০ সৈনিক। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ অনুমতি সাপেক্ষে জয়পুৰ ৰেজিমেন্টৰ বৃ্হৎ সংখ্যক জোৱানে অংশগ্ৰহণ কৰিছিল যুদ্ধৰ দৃশ্যত – যিটো ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত এক বিৰল ঘটনা।
‘মোগল-এ-আজম’ৰ সংগীত
‘মোগল-এ-আজম’ৰ সাজ-সজ্জা, কলা নির্দেশনা আদি যেনেধৰণে আছিল চমকপ্রদ, ঠিক সেইদৰে চলচ্চিত্ৰৰ সংগীতো আছিল ৰাজকীয় আৰু সুমধুৰ। লতা মংগেশকাৰ, মহম্মদ ৰফী, ওস্তাদ গোলাম আলী খাঁ চাহাব, চৰ্চাদ বেগম আদি বিখ্যাত গায়ক-গায়িকাসকলৰ কণ্ঠেৰে নিগৰিছিল কেইবাটিও কালজয়ী গীত। নৌচাদৰ সংগীত পৰিচালনা তথা শ্বকীল বাদায়ুনিকৰ কথাৰে সজ্জিত গীতসমূহ আছিল চলচ্চিত্ৰখনৰ প্রাণস্বৰূপ। সংগীত পৰিচালকে এই চলচ্চিত্ৰখনৰ সংগীতৰ ক্ষেত্ৰত যত্নৰ কোনো ক্রটি ৰাখিব বিচৰা নাছিল যাৰ ফলত ভাৰতীয় চলচ্চিত্র জগতত ‘মোগল-এ-আজম’ৰ সংগীতে সদায়েই এক বিশিষ্ট স্থান দখল কৰি আহিছে।
চলচ্চিত্ৰখনৰ আটাইতকৈ জনপ্রিয় গীত ‘প্যাৰ কিয়া তো ডৰনা ক্যা…’ বাদায়ুনিয়ে লিখিছিল ১০৪বাৰ। ১০৪ বাৰৰ মূৰতহে নৌচাদে গীতটো সম্পূর্ণ কৰিবলৈ প্রস্তুত হৈছিল। আজিৰ দৰে উন্নত কাৰিকৰী কৌশল নথকাৰ বাবে গীতটোত ধ্বনিৰ পৰিৱৰ্তন ঘটাবলৈ নৌচাদে লতা মংগেশকাৰৰ হতুৱাই গীতটি ৰেকর্ড কৰাইছিল ‘মেহবুব ষ্টুডিঅ’ৰ বাথৰুমত। বহু অর্থ আৰু শ্ৰমৰ অন্তত গীতটি জীৱন্ত হৈ উঠিছিল আৰু পৰিগণিত হৈছিল সর্বকালৰে এটি শ্রেষ্ঠ গীত হিচাপে। লতা মংগেশকাৰৰ কণ্ঠত আন এটি গীত ‘মোহে পানঘট পে নন্দলাল…’ গীতটিও আছিল অতি খৰচী। গীতটিৰ দৃশ্যায়নত ব্যৱহৃত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো আছিল সোণেৰে নিৰ্মিত। এই গীতটিৰ অন্তর্ভুক্তিৰ বাবে নৌচাদ তীব্রভাৱে সমালোচিত হৈছিল। কাৰণ সমালোচকৰ ধাৰণা আছিল মোগল দৰবাৰত কৃষ্ণ গীতে চিনেমাখনত বিৰূপ প্ৰভাৱ পেলাব। কিন্তু গীতটিয়ে পিছত চলচ্চিত্ৰখনৰ জনপ্রিয়তা বঢ়াইহে তোলে। এই গীতটি কৰিঅ’গ্রাফী কৰিছিল বিখ্যাত কথক নৃত্যশিল্পী লক্ষু মহাৰাজে। গীতটিৰ দৃশ্যায়নত মুঠ সময় লাগিছিল পাঁচদিন।
চলচ্চিত্ৰখনৰ প্ৰতিটো গীততেই যেন জড়িত হৈ আছিল একোটা কাহিনী। পোন প্রথমবাৰৰ বাবে চলচ্চিত্ৰত গীত গাবলৈ মান্তি হৈছিল ওস্তাদ বড়ে গোলাম আলী খাঁ চাহাব। কাৰণ নৌচাদে চিনেমাখনত এনেকুৱা এটা উচ্চ ৰাগৰ গীত ৰাখিছিল যে এই গীতটো গোৱাৰ সামর্থ্য সেই সময়ত গোলাম আলী খাঁ চাহাবৰহে আছিল। গীতটি আছিল তানসেনৰ বিখ্যাত ‘প্ৰেম জগন ব যাউ। কে আছিফ আৰু নৌচাদ খাঁ। চাহাবৰ চলচ্চিত্ৰত গীত গোৱাবলৈ যথেষ্ট কাকুতি-মিনতি কৰিবলগীয়া হ’ল। কিন্তু খাঁ চাহাব আছিল আঁকোৰগোজ। অৱশেষত খাঁ চাহাবে চলচ্চিত্ৰত গীত গোৱাৰ পৰা হাত সাৰিবলৈকে প্ৰস্তাৱ দিলে এক বিশাল পৰিমাণৰ অৰ্থৰ ২৫,০০০ টকা। পৰিমাণটো শুনিয়েই সকলোৰে চকু কপালত উঠিল। কিন্তু আছিফ অলপো বিচলিত নহৈ লগে লগে সন্মতি দিলে। বড়ে গোলাম আলী খা চাহাব বাধ্য হৈ পৰিছিল গীত গাবলৈ। খা চাহাবে মুঠ দুটা গীতত কণ্ঠ নিগৰাইছিল। আনটো গীত আছিল ‘শুভ দিন আয়’ৰে…’। গীত দুটাৰ বাবে খাঁ চাহাবে মুঠ লাভ কৰিছিল ৫০,০০০ টকা। যি সময়ত লতা মংগেশকাৰ, মহম্মদ ৰফীৰ দৰে শিল্পীয়ে প্ৰতিটো গীতত লাভ কৰিছিল মাত্র ৩০০ৰ পৰা ৪০০ টকা।
এইখন চলচ্চিত্রতে মহম্মদ ৰফীয়ে ১০০গৰাকী সহঃ শিল্পীৰ সৈতে একেলগে ‘মহব্বত জিন্দাবাদ’ গীতটি গাইছিল। ‘মোগল-এ-আজম’ৰ বাবে প্রস্তুত কৰা হৈছিল মুঠ ২০টা গীত। প্ৰতিটো গীতৰ বাবে খৰচ হৈছিল ৩,০০০ টকা। (‘প্যাৰ কিয়া তো ডৰনা ক্যা..’ গীতটিক বাদ দি) প্ৰতিটো গীতেই আছিল ধ্রুপদী সংগীতৰ এক উৎকৃষ্ট উদাহৰণ। কিন্তু চিনেমাখনৰ দাবীত মুঠ ১২টা গীতহে ব্যৱহাৰ কৰা হৈছিল।
প্রায় দহ বছৰৰ কঠোৰ শ্ৰমৰ অন্তত ‘মোগল-এ-আজম’ চিত্রগৃহত মুক্তিৰ বাবে সাজু হৈ উঠে। কে আছিফে ছবিখন ৰঙীন ৰূপত মুক্তি দিবলৈ বিচাৰিছিল। কিন্তু ইতিমধ্যেই প্রায় দহটা বছৰ পাৰ হৈ গৈছিল বাবে মূল প্রযোজক আৰু পৰিৱেশকসকলে আৰু দীঘলীয়া কৰিব বিচৰা নাছিল। অৱশেষত ১৯৬০ চনৰ ৫ আগষ্টত দেশৰ ১৫০টা চিত্রগহত মোগল-এ-আজমে একেলগে মুক্তি লাভ কৰে। ছবিখনৰ প্রিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈছিল বোম্বেৰ বিখ্যাত মাৰাঠা মন্দিৰ চিত্ৰগৃহত। চিনেমাখন মুক্তিৰ আগে আগে বহু সমালোচকে চিনেমাখনৰ প্রযোজক সংস্থাটো দেউলীয়া হৈ যাব বুলি বিৰূপ মন্তব্য আগবঢ়াইছিল। কিন্তু তেওঁলোকৰ মুখ বন্ধ কৰি চলচ্চিত্ৰখনে জনপ্রিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰে। চলচ্চিত্ৰখনৰ যোগেদি নির্মাতা সংস্থাটোৱে এক বৃহৎ অর্থ লাভৰ মুখ দেখে — যিটো ৰেকৰ্ড সম্পূর্ণ ১৫ বছৰৰ অন্তত জি পি চিপ্পিৰ ‘শ্বোলে’ চিনেমাখনে ভংগ কৰিছিল।
ৰঙীন ‘মোগল-এ-আজম’ৰ পুনৰ মুক্তি
কে আছিফৰ ৰঙীন মোগল-এ-আজমৰ সপোনৰ বাস্তৱত পৰিণত হয়, যেতিয়া ২০০৪ চনৰ নৱেম্বৰ মাহত চলচ্চিত্ৰখনে চিত্ৰগৃহত পুনৰ মুক্তি লাভ কৰে। সম্পূর্ণ এবছৰৰ কাৰিকৰী শ্ৰমৰ অন্তত প্রায় দহ কোটি টকা ব্যয় সাপেক্ষে চলচ্চিত্ৰখন সম্পূর্ণ ৰঙীন কৰি তোলা হয়। Indian Academy of Arts and Animationৰ প্ৰায় এশজনীয়া দল এটাই এই কাম সম্ভৱ কৰি তোলে। চলচ্চিত্ৰখন সম্পূর্ণ ৰঙীন কৰি তুলিবলৈ কম্পিউটাৰ বিশেষজ্ঞসকলক চিনেমাখনৰ প্রায় তিনিলাখ ফ্রেম ৰঙীন কৰিবলগীয়া হৈছিল। বিশ্বৰ চলচ্চিত্র ইতিহাসত এইটোৱেই একমাত্র ঘটনা আছিল— য’ত চিনেমা এখন সম্পূর্ণ ৰঙীন কৰি পুনৰ চিত্ৰগৃহত মুক্তি দিয়া হৈছিল। পুনৰ মুক্তি লভাৰ পিছতো মোগল-এ-আজমে প্রায় ২৫ সপ্তাহজুৰি দৰ্শকক চিত্ৰগৃ্হত ধৰি ৰাখিবলৈ সক্ষম হয়।
সম্পূৰ্ণ চলচ্চিত্র কেৰিয়াৰত কে আছিফে মাত্র চাৰিখন চলচ্চিত্ৰৰ লগতহে জড়িত হৈ আছিল। ১৯৪৫ চনত ‘ফুল’ আৰু ১৯৫১ চনত হলচল’ নামৰ চিনেমা দুখনৰ ক্ৰমে নির্দেশক আৰু প্রযোজক হিচাপে মুক্তিৰ পিছত তেওঁ নিজৰ প্ৰথমখন ৰঙীন চিনেমা ‘লাভ এণ্ড গড’ৰ কাম হাতত লয় যদিও হঠাতে তেওঁৰ দেহাৱসান ঘটাত চিনেমাখনৰ কাম আধৰুৱা হৈ থাকে। ইমান কমসংখ্যক চলচ্চিত্র নির্মাণ কৰিলেও মাত্র এখন চিনেমাৰ যোগেদিয়েই ভাৰতীয় চলচ্চিত্র ইতিহাসত আছিফৰ নাম স্মৰণীয় হৈ থাকিব। আজিও বলীউডত নির্মিত হয় কোটি কোটি টকাৰ চলচ্চিত্র। কিন্তু ‘মোগল-এ-আজম’ৰ নিৰ্মাণৰ দহ বছৰীয়া পৰিশ্রম, নিখুঁত ব্যৱস্থাপনা আদিৰ আগত যেন বাকী সকলো নিষ্প্রভ। কিয়নো মহাকাব্যিক চিনেমা এখন বহু বছৰৰ অন্তৰালতহে নির্মাণ হয়।
