আই, ডেনিয়েল ব্লেক” (I Daniel Blake)
পৰিচালক : কেন লছ (Ken Loach)
উপলব্ধ প্লেটফৰ্ম : নেটফ্লিক্স (Netflix)
‘China’ : Jobseeker’s application done. Dan, don’t know why you’re applying for that after your heart attack. Right, I’m printing your appeal form for Employment and Support Allowance. But you can’t appeal till they carry out a mandatory reconsideration.
Daniel : Is that printing out now? You mean, they could have given it to me just like that?
‘China’ : Dan, they’ll fuck you around, I’m warning you. Make it as miserable as possible. No accident. That’s the plan. I know dozens who have given up.
Daniel : Well, they’ve picked the wrong one, if they think I’m gonna give up. I’m like dog with a bone, me, Son.
‘চাইনা’ই উল্লেখ কৰা তিক্ততাপূৰ্ণ আৰু কষ্টসাধ্য পৰিস্থিতি আৰু অভিজ্ঞতাই ইতিমধ্যে বাৰুকৈয়ে পিষ্ট কৰিছে ডেনিয়েলক৷ তথাপিও ষাঠি বছৰীয়া ডেনিয়েলৰ কণ্ঠ আৰু শৰীৰি ভাষাত আত্মবিশ্বাস, হাৰ নমনা দৃঢ়তাৰ এক অব্যৰ্থ সুৰ অনুৰণিত হৈছে৷ স্বভাৱত কৰ্মোদ্যমী, দৃঢ়মনা, দক্ষ কাঠমিস্ত্ৰীজন এই মুহূৰ্তত গুৰুতৰ ভাৱে হৃদৰোগত আক্ৰান্ত হোৱাৰ হেতু চৰকাৰী কল্যাণকামী ব্যৱস্থাৰ হিতাধিকাৰী হোৱাৰ বাবে পূৰামাত্ৰাই যোগ্য৷ দৰাচলতে এই মুহূৰ্তত নিয়মমাফিক ৰাজসাহাৰ্য্যৰ পৰা বঞ্চিত হ’লে ডেনিয়েলৰ বাবে নিজৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ ন্যূনতম চাহিদা পূৰণ কৰাটোও দু:সাধ্য হৈ উঠিব৷ কিন্তু চৰকাৰী তন্ত্ৰৰ মানৱীয় সমমৰ্মিতাৰহিত তথাকথিত কল্যাণকামী ব্যৱস্থাৰ ৰঙা ফিটাৰ মেৰপেচ অতিক্ৰমি পাৰিবনে ডেনিয়েলৰ আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিয়ে নিজৰ বাবে ন্যায় প্ৰাপ্তি নিশ্চিত কৰিব? কল্যাণকামী ব্যৱস্থাটোৰ প্ৰকৃত উদ্দেশ্য সচাঁকৈয়ে ডেনিয়েলৰ দৰে আৰ্ত্তজনক সহায় কৰা হয়নে? ডেনিয়েল ব্লেক ২০১৬ চনৰ কাঁ আন্তজাৰ্তিক চলচ্ছিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ উত্তুঙ্গ সন্মান অৰ্জন কৰা কেন লছৰ I Daniel Blake ৰ মুখ্য চৰিত্ৰ৷
কেন লছৰ ছবি মানেই যেন সমাজমনস্কতা আৰু বাস্তৱ-সমাজৰ এক জীৱন্ত দলিল৷ কেন লছৰ ছবি মানেই যেন এক প্ৰতিবাদী সত্তা৷ বিগত অৰ্ধ শতিকা জোৰা তেখেতৰ চলচ্চিত্র পৰিক্ৰমা আৰু চলচ্চিত্ৰ চেতনাত নিৰৱচ্চিন্ন ভাৱে প্রতিফলিত হৈ আহিছে শোষণ, নিস্পেষণ, দুৰ্নীতি, গৃহহীনতা আদি এশ এবুৰি সমস্যা আৰু দুৰ্যোগে ভাৰাক্ৰান্ত কৰি তোলা সাধাৰণ খাটি খোৱা মানুহৰ দুঃশীল জীৱনৰ এক হৃদয়স্পৰ্শী, বাস্তৱধৰ্মী প্ৰতিচ্ছবি৷ চলচ্চিত্ৰ জগতৰ গ্লেমাৰসৰ্বস্ব মানসিকতাই যিবোৰ মানুহৰ জীৱন, দুখ-বেদনা, সমস্যাক অহৰহ চতুৰতাৰে আৰু কৌশলেৰে আওকাণ কৰি অহা সচৰাচৰ দেখা যায়, সেইবোৰ মানুহৰ সমস্যাজৰ্জৰিত কণ্টকাকীৰ্ণ পৃথিৱী কেন লছৰ চলচ্চিত্ৰ চেতনা আৰু চলচ্চিত্ৰ দৃষ্টিভংগীৰ প্ৰাণশক্তি৷ সেয়েহে হয়তো চলচ্চিত্ৰকাৰ হিচাপে কেন লছৰ চলচ্চিত্ৰ চেতনা আৰু দৃষ্টিভংগীত অবিৰতভাৱে পৰিস্ফুট হয় সমাজমনস্কতা আৰু সমাজ-বাস্তৱৰ অতি শক্তিশালী গণমাধ্যম হিচাপে চলচ্চিত্ৰ কলাৰ প্ৰতি তেওঁৰ গভীৰ আস্থা৷ যদিও তেওঁৰ সকলোবোৰ ছবি চলচ্চিত্ৰ কলাৰ নান্দনিক গুণাগুণৰ তুলাচনীত জুখিলে উৎকৃষ্ট চলচ্চিত্ৰ ৰূপে উত্তীৰ্ণ নহয়, কেন লছে নিৰ্মাণ কৰা ‘কেচ্’ (১৯৬৯), ‘হিডেন এজেণ্ডা’(১৯৯০), ‘ৰিফ-ৰেফ’(১৯৯১), ‘ৰেইনিং ষ্টোনচ্’(১৯৯৩), ‘লেডী বাৰ্ড, লেডী বাৰ্ড’ (১৯৯৪), ‘লেণ্ড এণ্ড ফ্ৰিডম’ (১৯৯৫), ‘দ্যা উইণ্ড ডেট চেইকচ্ দ্যা বাৰ্লে’ (২০০৬) আৰু তেওঁৰ শেহতীয়া ‘আই, ডেনিয়েল ব্লেক’ (২০১৬) আদিৰ দৰে ছবিয়ে সমাজমনস্কতাৰে সমৃদ্ধ নান্দনিকভাৱে সাৰ্থক ছবি হিচাপে চলচ্চিত্ৰ ৰসিক আৰু অনুৰাগীসকলৰ হৃদয়-মন জয় কৰিছে৷
কোনো নাটকীয় উচ্চাস, চলচ্চিত্ৰকলাৰ চাতুৰ্য-কলা-কৌশল, চলচ্চিত্ৰীয় ভাষাৰ ৰূপকাত্মক সম্ভাৱনীয়তাক লৈ কৰা চমকপদ পৰীক্ষা-নিৰীক্ষা সচৰাচৰ কেন লছৰ ছবিবোৰত বৰকৈ উজলি নুঠে৷ বৰং ৰূঢ় বাস্তৱধৰ্মী, নিৰ্মেদ চিত্ৰনাট্য, নাট্যধৰ্মী-তথ্যচিত্ৰসদৃশ ট্ৰিটমেণ্টশৈলী, নাটকীয় আৱেগ বৰ্জিত জীৱন্ত বাস্তৱধৰ্মী অভিনয় তেওঁৰ ছবিৰ মূল চালিকাশক্তি৷ খুব সংক্ষেপে ক’বলৈ গ’লে কেন লছৰ সকলো ছবিৰে দুটা দৃষ্টিনন্দন বৈশিষ্ট্য– প্ৰায় অন্তসলিলাৰ দৰে প্ৰৱাহিত হোৱা এক শক্তিশালী অব্যৰ্থ ৰাজনৈতিক সুৰ আৰু নাট্যগন্ধী-তথ্যচিত্ৰধৰ্মী [Docu Drama] দৃশ্যশ্ৰাব্য৷ তেওঁৰ কথনশৈলী এক অৰ্থত অত্যন্ত স্পষ্ট আৰু সহজে বোধগম্য হোৱা ধৰণৰ৷ চৰকাৰী কল্যাণকামী ব্যৱস্থাৰ অন্তসাৰশূন্যতাৰ কথাই হওঁক বা সাধাৰণ জনতাৰ গৃহহীনতাৰ আতংক বা অৰ্থনৈতিক অনিশ্চয়তাৰ দুৰ্ভাৱনা বা খাটি খোৱা মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলা আন কিবা সামাজিক পৰিস্থিতিত উদ্ভূট যিকোনো বাস্তৱিক কাৰকেই কেন লছৰ ছবিৰ উপজীৱ্য, তেওঁৰ চলচ্চিত্ৰৰ বক্তব্য সদায় স্পষ্ট, পৰিচ্চন্ন আৰু সকলো ধৰণৰ দ্বৈৰ্থক সম্ভাৱনীয়তাৰ পৰা মুক্ত৷ সাধাৰণ আৰ্তজনৰ প্ৰতি মানৱীয় সমমৰ্মিতা প্রকাশেৰে এইসকল মানুহৰ জীৱন আৰু জগত দুৰ্বিসহ কৰি তোলা অশুভ ৰাজনৈতিক আধিপত্যবাদী শক্তিসমূহৰ প্ৰতি দুৰ্ঘোৰ প্ৰতিবাদ আৰু অনাস্থাৰ ভাৱ কেন লছৰ প্ৰতিখন সাৰ্থক ছবিতে মূৰ্ত্ত হৈ উঠিলেও তেওঁৰ ছবিক ৰাজনৈতিক পক্ষপাতিত্বৰ অভিযোগেৰে দণ্ডিত কৰিব নোৱাৰি৷ প্ৰপ’গণ্ডাৰ (Propaganda) পৰ্যায়লৈ অৱনমিত হোৱাৰ পৰা তেওঁৰ ছবিক সদায় ৰক্ষা কৰে তেওঁৰ শক্তিশালী, সুসংহত চলচ্চিত্ৰবোধ আৰু সেই চলচ্চিত্ৰ চেতনাক যথোচিত নিৰ্মাণশৈলী আৰু চলচ্চিত্ৰ ভাষাৰে উপস্থাপন কৰিব পৰাৰ তেওঁৰ অসামান্য দক্ষতাই৷ অৱশ্যে নান্দনিক নৈপুণ্য আৰু নিখুঁট চলচ্চিত্ৰীয় ট্ৰিটমেণ্টেৰে তেওঁৰ প্ৰতিখন ছবি সমৃদ্ধ বুলি পতিয়ন যাব নোৱাৰি৷ ‘I Daniel Blake’ কেন লছৰ বহু প্ৰশংসিত, বহু চৰ্চিত শেহতীয়া ছবি৷ কেন লছৰ চলচ্চিত্ৰ পৰিক্ৰমা আৰু চলচ্চিত্ৰ চেতনাৰ লগত পৰিচিত সকলো চলচ্চিত্ৰানুৰাগীয়ে বিনাদ্বিধাই মানি ল’ব ‘I Daniel Blake’ হাড়ে-হিমজুৱে এখন ট্ৰেডমাৰ্ক কেন লছ ছবি আৰু তেওঁৰ চলচ্চিত্ৰকাৰ জীৱনৰ শ্ৰেষ্ঠতম্ ছবিকেইখনৰ অন্যতম৷
প্ৰায় ষাঠিবছৰীয়া দক্ষ কাঠমিস্ত্ৰী ডেনিয়েল ব্লেকৰ জীৱনলৈ অকস্মাতে নামি আহে সংকট৷ দুৰন্ত কৰ্ম শক্তি আৰু কৰ্মোদ্যমৰ গৰাকী হ’লেও ডেনিয়েল এই মুহূৰ্ত্তত হৃদযন্ত্ৰৰ গুৰুতৰ অসুখৰ বাবে তেওঁৰ পেছাগত কাম কৰিবলৈ অক্ষম৷ তেওঁৰ ডাক্টৰেও কৰ্মক্ষেত্ৰলৈ সদ্যহতে ঘূৰি নাযাবলৈ কঠোৰ সকিয়নী দিছে৷ উত্তৰ-পূৱ ইংলেণ্ডৰ মিতব্যয়ী আৱাসগৃহত আন বহুবোৰ অৰ্থনৈতিকভাৱে নিম্নবৰ্গৰ মানুহৰ লগত অকলশৰীয়াকৈ বসবাস কৰা সদ্য পত্নীহাৰা ডেনিয়েলে চৰকাৰী নিয়ম মতে সাহায্য লাভ কৰে৷ পিছে হঠাতে এনে পৰিস্থিতিৰ উদ্ভৱ হয় যে এনে সাহায্যৰ বাবে তেওঁ উপযুক্ত হয়নে নহয় তাৰবাবে নিয়মানুসৰি অনুসন্ধানৰ মুখামুখি হ’ব লগা হয়৷ ডেনিয়েলে যোগ্যতা প্ৰতিপন্ন কৰিবৰ বাবে সন্মুখীন হোৱা এনে এক উদ্ভট অনুসন্ধানজনিত সাক্ষাৎকাৰেৰে বুদ্ধিদীপ্তভাৱে কেন লছে ছবিখন আৰম্ভ কৰে৷ সন্মুখৰ পৰ্দাত দৰ্শকে প্ৰত্যক্ষ কৰে শূন্যপ্ৰায় পৰ্দা (মাজে মাজে নামফলক আহি থাকে) আৰু মাথো শুনিবলৈ পোৱা যায় ডেনিয়েল আৰু তেওঁৰ সাক্ষাৎ গ্ৰহণ কৰা স্বাস্থ্যকৰ্মী গৰাকীৰ কথোপকথন৷ সাক্ষাৎকাৰৰ অন্তিম মুহূৰ্ত্ততহে পৰ্দাত আৰ্ৱিভাৱ হয় দৃশ্যশ্ৰাব্যৰ৷ আনুষ্ঠানিক নিয়মানুসৰি স্বাস্থ্যকৰ্মী গৰাকীয়ে প্ৰায় যন্ত্ৰৱৎভাৱে পূর্বে নিৰ্ধাৰিত প্ৰায় অদৰকাৰী অপ্ৰাসংগিক প্ৰশ্নবোৰ ডেনিয়েলৰ সন্মুখত উত্থাপন কৰে য’ত সন্নিবিষ্ট নহয় ডেনিয়েলৰ প্ৰকৃত হৃদযন্ত্ৰৰ সমস্যা সম্পৰ্কীয় কোনো প্ৰশ্ন৷ আনুষ্ঠানিক নিয়মৰ নামতে ডেনিয়েলকো নিজৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ কোনো সুযোগ দিয়া নহয়৷ স্বাস্থ্যকৰ্মীক প্ৰতীয়মান কৰাৰ ডেনিয়েলৰ সকলোবোৰ প্ৰচেষ্টা ব্যৰ্থ হয়৷ পৰীক্ষাত অকৃতকাৰ্য হৈ ডেনিয়েল বঞ্চিত হ’ব লগা হয় ৰাজ সাহাৰ্যৰ পৰা আৰু তাৰ লগে লগে তেওঁৰ জীৱনলৈ নামি আহে চৰম অৰ্থনৈতিক অনিশ্চয়তা৷ শেষ আশ্ৰয় হিচাপে ডেনিয়েলে শেষ পন্থাটো গ্ৰহণ কৰিবলৈ উদ্যত হয়৷ কিন্তু ৰাষ্ট্ৰতন্ত্ৰৰ তথাকথিত কল্যাণকামী ব্যৱস্থাৰ কোঁহে কোঁহে যি ৰঙা ফিটাৰ মেৰপেচ, মানৱীয় সমমৰ্মিতাহীনতা আৰু বৈষম্যৰ বিষবাস্প প্ৰৱাহিত হৈ আছে সেয়া মষিমুৰ কৰি ডেনিয়েলে নিজৰ পুনৰ আবেদনৰ নাৰ্যতা প্ৰতিপন্ন কৰাটো সহজসাধ্য হ’বনে? এক উদ্ভট, অযুক্তিকৰ আৰু তাতোকৈয়ো বিড়ম্বনাদায়ক এক সম্পূৰ্ণ মানৱীয় সমমৰ্মিতাৰহিত প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন হয় ৰাষ্ট্ৰতন্ত্ৰই পৃষ্ঠপোষকতা কৰা কল্যাণকামী ব্যৱস্থা৷ পুনৰ আবেদনৰ বাবে আনুষ্ঠানিকভাৱে সুযোগটো লাভ কৰাৰ বাবেও ডেনিয়েলে অপেক্ষা কৰিব লাগে আন এটা তথাকথিত অনুসন্ধানমূলক ৰিপ’ৰ্টৰ বাবে৷ প্ৰথমে তেওঁ নিবনুৱা ভাট্টাৰ বাবে পুনৰ আবেদন কৰিব লাগিব আৰু ভাট্টা পাবৰ বাবে তেওঁ সপ্তাহত কমেও ৩৫ ঘণ্টা কৰ্মসংস্থাপনৰ বাবে সন্ধান কৰা প্ৰমাণ কৰিব লাগিব৷ অথচ এই সকলোবোৰ বাধ্যতামূলক এনে এজন ব্যক্তিৰ বাবে যি গুৰুতৰ হৃদৰোগত আক্ৰান্ত হৈ কাম কৰিব নোৱৰা হোৱাৰ বাবে নিবনুৱা ভাট্টাৰ বাবে আবেদন কৰিব লগা হৈছে! ডেনিয়েলৰ বাবে আন এটা বিড়ম্বনা নিজৰ পেছাগত বিদ্যাত অত্যন্ত পাৰদৰ্শী হ’লেও ষাঠিবছৰীয়া ডেনিয়েল কম্পিউটাৰেৰে পৰিচালিত ডিজিটেল পৃথিৱীখনত একেবাৰে অজ্ঞ৷ অথচ সকলো চৰকাৰী আবেদন-নিবেদন ডিজিটেল পদ্ধতিৰে হোৱাতো বাধ্যতামূলক! ডেনিয়েলৰ পুনৰ আবেদনৰ প্ৰক্ৰিয়াটো যিদৰে ডেনিয়েলৰ বাবে অত্যন্ত তিক্ততাপূৰ্ণ, অস্বস্তিকৰ, মন-মগজু ভাৰাক্ৰান্ত কৰি দিয়া অভিজ্ঞতা হিচাপে প্ৰতিপন্ন হয়; তেনেদৰে কেন লছৰ ছবিখনত অৱগাহন কৰা দৰ্শকৰ সন্মুখত উন্মোচিত হয় ইংলেণ্ডৰ ৰাষ্ট্ৰ ব্যৱস্থাই পৃষ্ঠপোষকতা কৰা তথাকথিত কল্যাণকামী ব্যৱস্থাটোৰ অন্তসাৰশূন্য, ফোঁপোলা স্বৰূপ৷ ডেনিয়েলৰ সেই দুঃশীল যাত্ৰাৰ সংগী হৈ দৰ্শকেও অনুধাৱন কৰিব পাৰে কেনেধৰণৰ পয়ালগা-মানৱীয়চেতনাৰহিত ব্যৱস্থাই ডেনিয়েলৰ দৰে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলে, য’ত আত্মমৰ্যদাৰ পদ অক্ষুণ্ন ৰখাৰ পথো কৰি তোলে ৰূদ্ধ৷ সকলোবোৰ যেন প্ৰহসন, কেৱল যান্ত্ৰিক এক অথৰ্ব প্ৰক্ৰিয়া; য’ত স্থান নাই দয়া, মমতা আৰু মানৱীয় সমমৰ্মিতাৰ৷ সংগ্ৰামৰ এই যাত্ৰাপথত ডেনিয়েলে অকস্মাতে লগ পায় অকলশৰীয়া দুই সন্তানৰ মাতৃ কেটিক৷ চৰম অৰ্থনৈতিক অনিশ্চয়তাত ভোগা কেটিৰ জীৱন পথ ডেনিয়েলতকৈও কণ্টকাকীৰ্ণ, দুৰ্যোগপূৰ্ণ৷ অৰ্থনৈতিক সামাজিক নিৰাপত্তাহীনতা আৰু দৰিদ্ৰতাত পিষ্ট কেটিৰ জীৱন যাতনাদগ্ধ৷ নিজৰ দেহ-মনৰ চাহিদাৰ কথা বাদেই আনকি সন্তানহঁতৰ ভালকৈ পৰিচৰ্যা কৰা, অন্ন, বস্ত্ৰ, বাসস্থানৰ যোগাৰ কৰাটোও তাইৰ বাবে দুৰূহ হৈ উঠিছে৷ অন্তহীন শাৰীৰিক কষ্টৰ পিছতো প্ৰায়ে নিশা তাই অনাহাৰে কটায়৷ আনকি খাদ্য ভাণ্ডাৰৰ পৰা খাদ্য চুৰ কৰি খাব লগা হোৱাৰ দৰে মৰ্যদাহীন দুস্কাৰ্যটো তাই লিপ্ত হ’ব লগা হয় পেটৰ তাড়নাত৷ সংযোগবশতঃ সেই একে কাঁইটীয়া পথত লগালগি হোৱা ডেনিয়েল আৰু কেটি এক প্ৰকাৰ পাৰস্পৰিক বুজাবুজি আৰু মানৱীয় সহমৰ্মিতাৰ বান্ধোনেৰে বান্ধ খোৱাৰ ফলত দুয়োৰে বাবে জীৱনটো কিছু হ’লেও সহনীয় হৈ উঠে৷ অৱশেষত কেটি আৰু দুই সন্তানৰ বাবে কিছু নিৰাপত্তাৰ সম্ভাৱনীয়তা নিশ্চিত কৰিব পাৰিলেও ডেনিয়েল ব্যৰ্থ হয় নিজক অৰ্থনৈতিক নিৰাপত্তাহীনতাৰ শংকাৰ পৰা মুক্ত কৰাত৷ প্ৰতিবাদী সত্তা ডেনিয়েলক অত্যন্ত অমানৱীয়ভাৱে কল্যাণ মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ পৰা বহিস্কাৰ কৰাৰ লগে লগে নিৰ্বাপিত হয় তেওঁৰ নিবনুৱা ভাট্টা লাভৰ সম্ভাৱনীয়তা৷
ইংলেণ্ডৰ দৰে উন্নত কল্যাণকামী ৰাষ্ট্রতো গণতান্ত্ৰিক সুসংগঠিত কল্যাণকামী ব্যৱস্থা আছে যাৰ উদ্যোগত আৰ্ত্তজনক, গৃহহীন বা দৰিদ্ৰতাত পিষ্ট সমাজৰ অৰ্থনৈতিকভাৱে পিছপৰা মানুহক অৰ্থনৈতিক সকাহৰ যোগেদি বা অন্যান্য উপায়েৰে সহায়ৰ হাত আগবঢ়োৱাৰ হয়৷ কিন্তু নাই মানৱীয় সমমৰ্মিতা, নাই এনে ধৰণৰ ব্যৱস্থাক সুশৃংখলিতভাৱে অথবা ন্যায় সংগতভাৱে সচাঁ অৰ্থত ফলপ্ৰসু কৰি তোলাৰ সদিচ্চা৷ হয়তো এইয়াও প্ৰকৃতাৰ্থত এক ৰাজনৈতিক কাৰচাজি, মানুহক আভুৱা ভাৰিবলৈ কৰা ফোঁপোলা প্ৰদৰ্শনকামিতা৷ সচাঁ কথাতো হ’ল যিসকলৰ বাবে, যি উদ্দেশ্যেৰে, যি ধৰণৰ কল্যাণকামী ব্যৱস্থাৰ পোষকতা কৰা যায় ৰাষ্ট্ৰীয় আমোলা তন্ত্রৰ তৰপে তৰপে পুঞ্জীভূত মানৱীয়তাৰহিত মনোবৃত্তি, পয়ালগা ৰঙাফিটাৰ মেৰপেচত পৃষ্ট এটা ব্যৱস্থাৰ বাবে সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ ডেনিয়েল, কেটিৰ দৰে সচাঁ অৰ্থত এনে কল্যাণকামী ব্যৱস্থাৰ হিতাধিকাৰী হোৱাৰ যোগ্য অসহায়-আতৰ্জনে লাভ কৰিব নোৱাৰে এই ব্যৱস্থাৰ সুফল৷ কেন লছৰ ছবিৰ অনুৰাগী সকলে জানে নিৰাশাবাদৰ তমসাত হৃদয়বিদাৰক আশাভংগতা আৰু মানৱীয়তাৰ নিৰন্তৰ স্খলনেৰে পক্ষাঘাটদুষ্ট বাস্তৱ সমাজৰ জীৱন্ত প্ৰতিচ্ছবি এখন কেন লছৰ ছবিত ফুঁটি উঠিলেও তেওঁৰ ছবিত প্ৰায়ে অনুৰণিত হয় অব্যৰ্থ আশাবাদৰ এটা সুৰ – কেতিয়াবা জীৱনৰ অভিজ্ঞতাপুষ্ট লঘু হাস্যৰসত, কেতিয়াবা অবিৰত সংগ্ৰামৰ বাবে একত্ৰিত হোৱাৰ দৃঢ়তাত, কেতিয়াবা দুৰ্যোগৰ মাজতো অবিচলিত হৈ থকাৰ মানসিকতাত আৰু কেতিয়াবা ফলপ্ৰসু নহ’লেও গুঞ্জৰিত হৈ থকা প্ৰতিবাদী কণ্ঠত৷ কেন লছৰ ‘I Daniel Blake’ ত পিছে নিস্তেজ ৰূপতো তেনে কোনো আশাবাদৰ প্ৰতিফলন নঘটে৷ ৰূঢ় সমাজ-বাস্তৱৰ অভিজ্ঞতাই সাধাৰণ মানুহৰ জীৱন আৰু জগত দুৰ্বিসহ কৰি তোলা সেই পৰিৱেশ আৰু তেনে পৰিৱেশে তেনে মানুহৰ মনত উদ্বেলিত কৰা দুৰ্ভাৱনাৰ অৱসানৰ কোনো ইংগিতেৰে শেষ নহয় ‘I Daniel Blake’৷
কেন লছৰ চলচ্চিত্র চেতনা, চলচ্চিত্রীয় দৃষ্টিভংগী আৰু চলচ্চিত্রৰ অনুশীলন ‘I Daniel Blake’ ত কোনো সময়তে বক্ৰ পথেদি অগ্ৰসৰ নহয়৷ তেওঁৰ প্ৰায়বোৰ সাৰ্থক ছবিৰ দৰে এইখন ছবিটো চলচ্চিত্ৰীয় বাগধাৰাৰ পথ সৰল, সুস্পষ্ট, সুপৰিকল্পিত৷ অজস্ৰ ব্যঞ্জনাময় সম্ভাৱনাৰে সংপৃক্ত বহুধাৰ্থক চলচ্চিত্ৰীয় বাগধাৰাৰ সৃষ্টিৰ কোনো সচেতন অভিপ্ৰেত পৰিদৃশ্যমান নহয় ‘I Daniel Blake’ ত৷ একেদৰে চিত্ৰগ্ৰহণ, সম্পাদনা আৰু সংগীত ব্যৱস্থাপনাৰ ক’তো চলচ্চিত্ৰৰ সেই পৰিচিত কলা-কৌশল, চাতুৰ্যৰ প্ৰভাৱ অনুভূত নহয়৷ কেমেৰাৰ কাম উৎকৃষ্ট নহ’লেও কেন লছে যি ধৰণৰ নাট্যধৰ্মী তথ্যচিত্ৰসদৃশ [Docu Drama] দৃশ্যশ্ৰাব্যৰে তেওঁৰ বৃত্তান্তক নিৰ্মাণ কৰাৰ সযতন প্ৰয়াস কৰিছে সেই প্ৰয়াসক ছবিৰ চিত্ৰগ্ৰহণকাৰীয়ে সাৰ্থক ৰূপ দিয়াত সফল হৈছে৷ এনে চলচ্চিত্ৰীয় ‘ফৰ্ম’ৰ লগত ছন্দ মিলাই কৰা সম্পাদনা কাৰ্য যথাযথ৷ মূলত: পৰিস্থিতি উদ্ভূত আৰু পাৰিপাশ্বিৰ্ক শব্দৰ সুন্দৰ সংমিশ্ৰণত সৃষ্টি কৰা ‘I Daniel Blake’ ৰ সংগীত ব্যৱস্থাপনা আপাত যদিও খুবেই Minimalist; ছবিৰ সংগীত ব্যৱস্থাপনা অৰ্থৱহ আৰু সংগীতে ছবিৰ ছন্দ, অনুভূতি আৰু মুড সৃষ্টিত যথাৰ্থ বৰঙণি যোগাইছে৷ কেন লছৰ ‘I Daniel Blake’ এ মোহাৱিষ্ট কৰা যিকোনো চলচ্চিত্ৰ ৰসিকে বিনাদ্বিধাই স্বীকাৰ কৰিব ছবিখনৰ চলচ্চিত্রীয় আৰু নান্দনিক সৌন্দৰ্য্যৰ কেন্দ্ৰবিন্দু ছবিৰ নিশ্চিদ্ৰপ্ৰায় চিত্ৰনাট্য আৰু মূল চৰিত্ৰসমূহৰ জীৱন্ত অভিনয়৷ ২০১৬ চনৰ কাঁ চলচ্চিত্র মহোৎসৱৰ শ্ৰেষ্ঠ ছবি হিচাপে উজলি উঠা ‘I Daniel Blake’ ত কেন লছ পুনৰ বাৰ উদ্ভাসিত হৈ উঠে সমাজমনস্কতাত বিশ্বাসী, সামাজিক ন্যায়ৰ প্ৰতি আস্থাশীল, দুৰন্ত প্ৰতিবাদী এজন বিবেকৱান চলচ্চিত্ৰকাৰৰ ৰূপত তথা একে সময়তে স্বতন্ত্ৰ চলচ্চিত্ৰৰ প্রতিষ্ঠিত চলচ্চিত্রকাৰসকলৰ মধ্যমণি হিচাবে বহু বিতৰ্কিত-বহু বন্দিত সেই ৰূপত যাৰ সৈতে লছৰ চলচ্চিত্ৰানুৰাগীসকল খুব ভালকৈ পৰিচিত৷
