পৰ্যালোচনা

ৰোমা

চিনেকথা ডট কমৰ উদ্যোগত আয়োজিত চিনে পৰ্যালোচনা প্ৰতিযোগিতাত তৃতীয় স্থানপ্ৰাপ্ত লেখা

চিলড্ৰেন অব মেন, গ্ৰেভিটি আদিৰ দৰে চিনেমা নিৰ্মাণ কৰা মেক্সিকান চলচ্চিত্ৰকাৰ এলফনচো কোৱাৰনৰ কলাত্মক দৃষ্টিক আৰু এখোপ আগুৱাই লৈ গৈছে ২০১৮ চনত নিৰ্মিত ‘ৰোমা’ই। স্পেনিছ ভাষাত ৭০ দশকৰ মেক্সিকো চহৰৰ পটভূমিত নিৰ্মাণ হোৱা ‘ব্লেক এণ্ড হোৱাইট’ ৰোমাই প্ৰতিগৰাকী চিনেপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰিব পাৰি। কাহিনীটো পৰিচালকৰ নিজৰ শৈশৱৰ জীৱন আৰু অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ সৃষ্টি হোৱা বুলি পৰিচালকে ‘ৰোড টু ৰোমা’ নামৰ ৰোমা নিৰ্মাণৰ তথ্যচিত্ৰটোত কৈছে। কাহিনীটোৰ উৎপত্তি হোৱা কোলোনিয়া ৰোমা নামৰ থকা ঠাইখনৰ পৰাই চিনেমাখনে ৰোমা নামটি পাইছে। কোৱাৰনে পৰিচালনাৰ লগতে চিত্ৰনাট্য, চিনেমাটোগ্ৰাফীৰ বিভাগো হাতত লৈ চিনেমাখনলৈ পূৰ্ণতা আনিছে।

মধ্যবিত্ত পৰিয়াল এন্টনিও আৰু চ’ফিয়াৰ চাৰিটাকৈ সন্তানক চোৱাচিতা কৰা আৰু ঘৰখন চম্ভালা দুজনী কামকৰা ছোৱালীৰ ভিতৰত ক্লেও নামৰ ছোৱালীজনীক কেন্দ্ৰ কৰিয়েই চিনেমাখনে গতি কৰে। অতি কম সংলাপ ৰখা ক্লেওৰ চৰিত্ৰটো ৰূপায়ন কৰা অভিনয়ত প্ৰথম খোজ পেলোৱা মেক্সিকান অভিনেত্ৰী ইয়ালিটয়া আপাৰিচিওয়ে দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মন মোহিত কৰিছে। ব্যক্তিনিষ্ঠতকৈ বস্তুনিষ্ঠক চলচ্চিত্ৰনত বেছিকৈ গুৰুত্ব দিয়া হৈছে। দীঘল দীঘল

একমাত্ৰিক দৃশ্যসমূহে কাহিনীটোক অত্যন্ত বাস্তৱিক কৰি তুলিছে। মজিয়া এখনত ক্লেওয়ে কুকুৰৰ বিষ্ঠা চাফা কৰি থাকোতে ওলোৱা ফেন পানী বৈ অহা আৰু সেই পানীৰ প্ৰতিচ্ছবিত দেখা পোৱা উৰাজাহজৰ দৃশ্যৰেই চিনেমাখনৰ আৰম্ভণি। তাৰপিছতেই সিহঁতৰ ঘৰত থকা চৰাই-চিৰিকটি, কুকুৰৰ অৱস্থিতি সম্পৰ্কে দৰ্শকক জ্ঞাত কৰায়। ক্লেও ঘৰৰ ভিতৰত সোমাই যাওঁতে কেমেৰাই পিছা নকৰা কথাটোতেই চিনেমাখনত বস্তুনিষ্ঠক গুৰুত্ব দিয়াৰ আভাস পোৱা যায়৷

চিনেমাখনৰ প্রথমাংশত ক্লেও আৰু আনজনী কামকৰা ছোৱালী এডেলাৰ দৈনন্দিন জীৱন ফুটি উঠে। গোটেই ঘৰখন চম্ভালি লোৱা, ল’ৰা-ছোৱালী কেইটাক চোৱাচিতা কৰাৰ উপৰিও কেনেকৈ নিজৰ জীৱনটোকো সিহঁতে প্ৰাধান্য দিবলৈ চাইছে আদি কথাৰ বিষয়ে জ্ঞাত হোৱা যায়। পুংখানুপুংখ ভাৱে গতি-বিধি বিলাক দেখুওৱাত প্ৰথমে অলপ আমনিদায়ক যেন অনুভৱ হ’লেও কাহিনীটোৰ ভিতৰত দৰ্শকে কেতিয়া সোমাই পৰে তাৰ গম পোৱা নাযায়। চৰিত্ৰক নেখেদি স্থিৰচিত্ৰক প্ৰাধান্য দিয়া ছবিখনে চৌপাশে ঘটি থকা সৰু সৰু বিৱৰণবোৰক গুৰুত্ব দিবলৈ দৰ্শকক বাধ্য কৰায়। কেমেৰাৰ খোজ-কাটল আৰু কলাত্মক ভাৱে ভৰপূৰ এটা এটা ফ্ৰেম ছবিখনৰ বিশেষ আকৰ্ষণ। পৰিয়ালক বৰ বেছি গুৰুত্ব নিদিয়া গিৰিয়েক এন্টনিও ঘৰ সোমালেই নিজৰ পোহনীয়া কুকুৰটোই খেদি যোৱা আৰু ক্লেওয়ে কুকুৰটোক ধৰি ৰখা দৃশ্যটোতে ঘৰখনৰ প্ৰতিটো কোণত, প্ৰতিটো প্ৰাণীৰ লগত থকা ক্লেওৰ পৰশৰ উম পোৱা যায়। সকলো কাম নিয়াৰিকৈ কৰা ক্লেও ঘৰখনৰ লগতে চাৰিওটা ল’ৰা ছোৱালীৰ বৰ প্ৰিয় মানুহ। গীত গাই টোপনিৰ পৰা জগাই দিয়াৰ পৰা স্কুল অনা-নিয়া, সিহঁতৰ খোৱা-শোৱা সকলো কাম ক্লেওয়ে কৰে। ঘৰৰ চাৰ্টত সৰু ল’ৰাটোই শুই পৰা মূৰটোৰ বিপৰীতে মূৰটো থৈ ক্লেওয়ে শুই দিয়া দৃশ্যটোত তেওঁৰ শিশুসুলভ সৰল মনৰ পৰিচয় পোৱা যায়৷

ক্লেও আৰু এডেলাই নিজৰ নিজৰ প্ৰেমিকক লগ কৰিব যোৱা, একেলগে চিনেমা চাবলৈ যোৱা কথাই সিহঁতে নিজৰ ব্যক্তিগত জীৱনটোও যে সুখেৰে জীয়াব বিচাৰিছে তাৰ আভাস দিয়ে। ক্লেওৰ প্ৰেমিকে নগ্ন হৈ তাইৰ সন্মুখত মাৰ্চিয়েল আৰ্টছৰ ভংগী দেখুওৱা দৃশ্যটোৱে পৰিচালকৰ অত্যন্ত গভীৰ ভাৱ-চিন্তাক উদঙাই দিবলৈ সক্ষম হৈছে৷ জীৱনৰ মূলৰ পৰা আঁতৰি মোহত বন্দী মানুহক বিভিন্ন আঁক-বাঁকেৰে গঠিত দেহটোৱে ক’ত, কেনেকৈ আৰু কিয় আকৰ্ষণ কৰে তাক এবাৰ ভাবি চাবলৈ সময় দিছে৷ তাৰোপৰি এই চৰিত্ৰটো ৰূপায়ণ কৰা অভিনেতাগৰাকীয়ে নিজৰ শৈলীৰ প্ৰতি সন্মান আৰু সাহসিকতাৰ পৰিচয় দিছে। ক্লেও সন্তান সম্ভৱা হয় আৰু প্ৰেমিকজনে তেতিয়া তাইক এৰি গুছি যায়৷ সমান্তৰালকৈ ঘৰৰ মালিক এন্টনিওয়েও কিবা অচিন ব্যৱসায়িক কামত ঘৰৰ পৰা চিৰদিনৰ বাবে গুছি যায়৷ মহিলাসকলক গুৰুত্ব দিব নোখোজা পুৰুষৰ কঠোৰ সমাজখন ইয়াতো কম বেছি পৰিমাণে প্ৰতিফলিত হৈছে। ক্লেও আৰু পত্নী ছফিয়াৰ মানসিক অন্তৰ্দ্বন্দ  তথা প্ৰতিক্ৰিয়াবোৰ পৰিচালকে জুখি-মাখি বহুৱাইছে। কোনো এটা মূহুৰ্তৰ ভাৱানুভূতি তথা প্ৰতিক্ৰিয়া অতি অধিক কৰিবলৈ যোৱা নাই।

চিনেমাখনত সত্তৰৰ দশকৰ মেক্সিকোৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক প্ৰেক্ষাপটৰ প্রভাৱ পৰিলক্ষিত হৈছে। ৰাস্তাৰে গৈ থকা মাৰ্চিং বেণ্ডৰ দৃশ্য, হঠাতে বনজুই লগাৰ দৃশ্য, বিশাল খেতিপথাৰত খেলা-ধূলা কৰাৰ দৃশ্য, নতুন বছৰৰ আৰম্ভণিত বিনোদনৰ কাৰণে কৰা নৃত্য-গীতৰ দৃশ্য, ৰাজনৈতিক আন্দোলনৰ দৃশ্য আদিয়ে সেই সময়ৰ মেক্সিকোৰ বিভিন্ন তিতা-মিঠা পৰিৱেশৰ বিৱৰণ দাঙি ধৰে। সত্তৰ দশকৰ আগভাগত হোৱা মেক্মিকোৰ হিংসাত্মক আন্দোলন, হত্যা-অত্যাচাৰৰ প্ৰভাৱ চিনেমাখনত পৰিছে। গৰ্ভৱতী ক্লেওয়ে সন্তান পৰীক্ষণৰ কাৰণে চিকিৎসালয়ত যাওঁতে অহা ভূমিকম্পক পৰিচালকে চৌপাশে ঘটি থকা অস্থিৰ অৱস্থাৰ ৰূপক হিচাপে ব্যৱহাৰ কৰিছে।

ৰোমাত হঠাতে দেখা দিয়া কাহিনীৰ পাক নাই যদিও ছবিখনে সূক্ষ্মভাৱে অস্থিৰ অৱস্থালৈ গতি কৰে। কেমেৰাৰ মন্থৰ গতি, ট্ৰেকিং শ্বটসমূহে এখন এখন কলাত্মক গতিশীল ছবি চাই থকাৰ অনুভৱ কৰায়। ছবিখনত শব্দ ৰূপাঙ্কন, মিশ্ৰণ অতি সাৱলীলভাৱে সম্পন্ন হৈছে। চাৰিটা শিশুৰ অৱস্থিতি থকা স্বত্বেও ছবিখন সিহঁতৰ চকুৰে দেখুওৱা হোৱা নাই। ক্লেও, এডেলাৰ দৃষ্টিৰেই মূলতঃ ছবিখনে ৰূপ পাইছে৷ একৰঙী ছবিবোৰত থকা বিস্তৃত বিৱৰণে পৰিচালকৰ প্ৰচুৰ প্ৰস্তুতি তথা অধ্যয়ন সম্পৰ্কে উমান দিয়ে। আগতীয়াকৈ সত্তৰ দশকৰ মেক্সিকোৰ পৰিৱেশৰ কথা অৱগত নথকা দৰ্শকক চিনেমাখনে ইয়াৰ প্ৰতি উৎসুক কৰি তুলিব। ৰোমা পৰিচালকৰ ব্যক্তিগত কাহিনী যদিও ছবিখনত এয়া এক বিশ্বজনীন বিষয়বস্তু হৈ পৰিছে; হয়তো এপলকৰ বাবে নিৰস হৈ নপৰাও নহয়। সৌন্দৰ্যাত্মক পয়োভৰ বৰ বেছি নাৰাখি পৰিচালক কোৱাৰনে ৰোমাক অতি বাস্তৱিক কৰি তুলিছে। ৰোমা প্ৰকৃততে এখন সতেজ, দৃঢ়, ৰুচিবোধসম্পন্ন সুন্দৰ চিনেমা।

এই চিনেমাখনে ২০১৯ চনত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ বাবে অস্কাৰ বঁটা আজুৰিবলৈ সক্ষম হোৱাৰ লগতে ৭টা শিতানত মনোনয়ন লাভ কৰিছিল। দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত বিপুলভাৱে সমাদৃত হৈ ৰোমাই বিশ্ব চিনেমাত এখন উচ্চস্তৰৰ চিনেমা হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.4 / 5. ভোট : 109

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!