পৰ্যালোচনা

Lust Stories – ভোকৰ এখন পৃথিৱী

চিনেকথা ডট কমৰ উদ্যোগত আয়োজিত চিনে পৰ্যালোচনা প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত লেখা

Lust Stories – ভোকে নিয়ন্ত্ৰণ কৰা এখন পৃথিৱীৰ শিল্পসমৃদ্ধ আয়তন। কালিন্দী, সুধা, ৰীণা, মেঘা ইত্যাদি ভোকৰ পাছত অহৰহ দৌৰি ফুৰা এই পৃথিৱীখনৰেই বাসিন্দা। কালিন্দী, সুধা, ৰীণা, মেঘাৰ মাজত আপুনি মাত্ৰ দেখা পাব ভোকৰ তাড়না। আৰু অন্যান্যসকল….তেওঁলোক কেতিয়াবা সহযাত্ৰী, কেতিয়াবা ভোক নিৰসনৰ আহিলা।

“You don’t hurt the people you love, you are right, intentionally you don’t, but you always hurt the people that you love, you can’t hurt somebody that you don’t love”, Lust stories-ৰ প্রথম খণ্ডটো সমৃদ্ধ কৰিছে কালিন্দী নামৰ চৰিত্ৰটোৰ এনেধৰণৰ বহু একোক্তিয়ে। এই একোক্তিসমূহ কোনো সময়ত তাইৰ মনটোৰ লগত প্রশ্ন-উত্তৰৰ বাকযুদ্ধ, কোনো সময়ত নিজকে নিচুকনি, আকৌ কোনো সময়ত ই আপোনাৰ সৈতে বাৰ্তালাপ…। নিজৰ প্রয়োজনক লৈ অত্যন্ত সচেতন কালিন্দীয়ে কলেজত শিক্ষকতা কৰে। তাইৰ নিজৰেই এজন ছাত্র তেজাসৰ লগত ইচ্ছাকৃতভাৱে শাৰীৰিক সম্পৰ্কত লিপ্ত হয়। খুব বেছি আৱেগপূৰ্ণ নোহোৱাৰ বাবেই সেই সম্পৰ্কক লৈ দুয়ো বিশেষ চিন্তা নকৰে, কিন্তু তেজাসৰ অন্যৰ লগত থকা সম্পৰ্ক, স্বামী মিহিৰৰ Life আৰু Relationship সম্পৰ্কীয় দৃষ্টিভংগীৰ জটিলতাই কালিন্দীক অনবৰতে অস্থিৰ কৰি তোলে। এই অস্থিৰতাৰ উৎস ক’ত? শৰীৰ নে মন? কালিন্দীয়ে বিচাৰি নাপায়। মুঠৰ ওপৰত মুখ্য চৰিত্ৰটোৰ বিভ্ৰান্ত আৱেগ, বিচ্ছেদৰ আশংকা, শাৰীৰিক আৰু মানসিক আকুলতা, অত্যন্ত পজেছিভনেছ ইত্যাদিৰ ককটেইল হিচাপে প্রথমৰ এই খণ্ডটোৰ নিৰ্মিতি।

সুধা…। অজিতৰ ফ্লেটৰ কামত সহায়কাৰী মহিলা। অজিতৰ ভোক নিবাৰণৰ উপায়। অজিতৰ বিয়াৰ খবৰে সুধাৰ অৱদমিত হেঁপাহ লাহে লাহে স্তিমিত কৰি তোলে৷ চকুৰ আগতে যেতিয়া অজিত ভাবী পত্নীৰ লগত কোঠাত আবদ্ধ হৈ থাকে, সমগ্ৰ দৃশ্যত সুধাৰ নীৰৱ শাৰীৰিক অভিব্যক্তিয়ে বাৰে বাৰে প্রতীয়মান কৰে তাইৰ মনৰ অস্থিৰতাক। Lust – এই মূল থিমটোক লৈ ৰূপায়ণ কৰা দ্বিতীয় খণ্ডৰ কাহিনীটোৰ অধিকাংশ সময়ত (বিশেষকৈ সুধা চৰিত্ৰৰ ক্ষেত্রত) Darknessৰ ব্যৱহাৰে কাহিনীৰ অন্তৰ্লীণ সুৰটো সুসংবদ্ধভাৱে ধৰি ৰখাত সহায় কৰিছে আৰু সামগ্ৰিকভাৱে চলচ্চিত্ৰীয় বাগধাৰাৰ অন্তৰ্লীণ সম্ভাৱনীয়তাক বহন কৰিছে। শৰীৰ অথবা মনৰ ভোকবোৰ সহি-সামৰি সুধাহঁতৰ দৰে অনেকেই মৌলিক প্ৰয়োজনৰ স্বাৰ্থত নিজকে নিয়োগ কৰে। সিহঁতৰ বাবে ভোক – জীয়াই থকাৰ প্রাথমিক চৰ্ত।

মনৰ পথিৱীখনত নিজাকৈ জী থকাটো সহজ। কঠিন এইটোহে – বাহ্যিক পৃথিৱীখনৰ লগত মনৰ পৃথিৱীখনৰ সহাৱস্থান। ৰীণাৰ সমস্যাটো এইখিনিতেই। নিজৰ স্বামী তথা বৈবাহিক জীৱনক লৈ তীব্ৰভাৱে অসন্তুষ্ট ৰীণাই তাইৰ ভাললগাবোৰ বিচাৰি পায় চলমান (ৰীণাৰ স্বামী) আৰু ৰীণাৰ পুৰণি বন্ধু সুধীৰৰ ওচৰত। ৰীণাই চলমানক ঘৃণা নকৰে অথচ সহবাস কৰাৰ মানসিক সক্ষমতাও যেন তাই হেৰুৱাই পেলায়। সেয়ে বিচ্ছেদৰ প্রসংগ অৱতাৰণা কৰোতে ৰীণাই তাইৰ সমগ্ৰ অতৃপ্তি, অপ্ৰাপ্তি, অস্থিৰতাক উজাৰি দিয়ে এটা মাত্ৰ সংলাপৰ জৰিয়তে – You want a mother, not wife. I can’t do it. তৃতীয়টো কহিনীৰ আভাস এয়া। কালিন্দী, সুধাৰ দৰেই ৰীণাও এই পৃথিৱীৰে নাৰী। অৱশ্যে ৰীণাৰ চৰিত্ৰটো পৰম্পৰাগত ধাৰণাৰে প্ৰোথিত আৰ্দশাত্মক মূলৰ নহয়। এই খণ্ডটো মূলতঃ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই নাৰীৰ মানসিক আৰু সামাজিক আচৰণত প্রত্যক্ষ বা পৰোক্ষভাৱে পেলোৱা প্রভাৱ আৰু ইয়াৰ বিৰোধিতা কৰি ৰীণাৰ দৰে নাৰীৰ সোঁতৰ বিপৰীতে দিয়া খোজৰ এক মনস্তাত্বিক উপস্থাপন। এইখিনিতে নৈতিকতা, মানৱীয় প্রমূল্যৰ দৰে গভীৰ ধাৰণাৰ উত্থান হ’ব পাৰে। ৰীণাই লোৱা পদক্ষেপৰ নাৰ্যতা প্রসংগত প্রশ্ন উত্থাপন হ’ব পাৰে। মতামত সম্পূৰ্ণ আপোনাৰ হাতত। তাৰ আগতে ৰীণাৰ স্থানত নিজকে অৱস্থান কৰি লোৱাটো আপোনাৰো নৈতিক দায়িত্ব। চলচ্চিত্ৰীয় দৃষ্টিকোণেৰে সংলাপধৰ্মী এই খণ্ডটোত সম্পাদনাৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা Rough cut-এ অংশটোৰ দৃশ্য-শ্ৰাব্য বাগধাৰা কিছু পৰিমাণে হ’লেও ব্যাহত কৰিছে।

একেখন কলেজতে কৰ্মৰত ৰেখা আৰু মেঘাৰ ভোক প্ৰধানতঃ শৰীৰৰ। কাহিনীত জটিল বা বিশেষ বুলিবলৈ একো নাই। বয়স অনুপাতে যৌনাকাংক্ষা বা জৈৱিক উচ্ছাসৰে তাড়নাটো ৰেখা বা মেঘা কাৰোৰে বাবে অস্বাভাৱিক নহয়। মনৰ লগত শৰীৰৰ এটা তাল-মিল থাকিলেহে স্বাভাবিক জীৱন এটা উপভোগ্য হৈ উঠে। শৰীৰ আৰু মনৰ এই সংযোগ সূত্ৰটোক চলচ্চিত্ৰীয় ভাষাৰে উপস্থাপন কৰাৰ প্রয়াস কৰিছে চলচ্চিত্ৰখখৰ শেষৰটো খণ্ডত। পৰিচালকৰ মতে – “Invariably when you are given the choice of love and lust, more sensible people will choose lust. It is infinitely more exciting than love. It’s also about a woman’s right to pleasure and not just the man’s.’’

Lust Stories (2018)- আধুনিক সমাজত সম্পৰ্ক আৰু ভোকক মূল বিষয় হিচাপে লৈ কৰা সূক্ষ্ম পৰীক্ষা-নিৰীক্ষাৰ মনস্তাত্বিক উপস্থাপন। এই সযত্ন আৰু সংবেদনশীল প্রয়াসত অগ্ৰাধিকাৰ দিয়া হৈছে সংশ্লিষ্ট সামাজিক-সাংস্কৃতিক পৰিপ্ৰেক্ষাই নিয়ন্ত্ৰণ কৰা নাৰীৰ ভিন্ন আচৰণবিধিক। উল্লেখযোগ্য যে, প্রতিটো কাহিনীৰ মূল প্রটাগনিষ্ট হিচাপে নিৰ্মাণ কৰা চৰিত্ৰকেইটাৰ সামাজিক অৱস্থানৰ ভিত্তিত ইয়াৰ কেন্দ্ৰীয় সুৰটোৰ তাৰতম্য ঘটিছে। অৱশ্যে এই তাৰতম্যই ‘ভোক’ৰ ভিন্নস্বাদী ৰূপটোক অনুধাৱন কৰাত বিশেষভাৱে সহায় কৰিছে। প্রতিটো কাহিনীৰ অন্তত পৰিচালকে দৰ্শকৰ মনৰ জগতখনক স্বাধীনতা দিছে নিজাকৈ মূল্যায়নৰ বাবে, যিকোনো ধৰণৰ আৰোপৰ বাবেও। চলচ্চিত্ৰৰ নন্দনতত্ত্বৰ দৃষ্টিৰে Lust Stories একে আষাৰতে উৎকৃষ্ট বুলি মন্তব্য দিব পৰাধৰণৰ নহ’লেও দ্বিতীয় খণ্ডটোত পৰিচালকে গ্রহণ কৰা মিনিমেলিষ্ট (Minimalist) দৃষ্টিভংগীয়ে কাৰিকৰীভাৱে এই খণ্ডটোক বেছ সপ্রতিভ আৰু সফল কৰি তুলিছে বুলি ক’ব পাৰি। একাদিক্ৰমে অনুৰাগ কাশ্যপ, জয়া আখতাৰ, দিবাকৰ বেনাৰ্জী আৰু কৰণ জোহৰৰ পৰিচালিত এই চাৰিওটা কাহিনীৰ একত্ৰ উপস্থাপনেই হ’ল Netflixত ইতিমধ্যে উপলব্ধ Lust Stories. বোম্বে টকীজ (২০১৩) ৰ পাছত চাৰিওজন পৰিচালকক Lust Stories-ত পুনৰ সমবেত হোৱা পৰিলক্ষিত হ’ল। Lust Stories-ত চলচ্চিত্ৰীয় দৃষ্টিকোণ, অভিনয় আৰু চাৰিত্ৰিক উপস্থাপনৰ দিশেৰে মোৰ পছন্দৰ ক্ৰমটো হ’ব জয়া আখটাৰ (সুধা, ভূমি পেডনেকাৰ), অনুৰাগ কাশ্যপ (কালিন্দী, ৰাধিকা আপ্তে), দিবাকৰ বেনাৰ্জী (ৰীণা, মনীষা কৈৰালা), কৰণ জোহৰ (মেঘা, কিয়াৰা আদৰানী)।

দৰাচলতে প্রত্যেকজন ব্যক্তিয়েই কম-বেছি পৰিমাণে ভোকাতুৰ – শৰীৰ অথবা মনৰ। সেয়েহে এই বিশ্বজনীন আবেদনেৰে পূৰ্ণ মানৱীয় বাগধাৰাৰ লগত খন্তেকৰ বাবে সহযাত্ৰী হওঁ মই, আপুনি আৰু বহুতো…৷

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.6 / 5. ভোট : 97

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!