বিশেষ লেখা

অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভা

নাট্যশাস্ত্র মতে অভিনয় নৃত্যৰ এটি বিশেষ অংগ। সেয়েহে, ভাল নৃত্যকাৰ সকল সদায়ে ভাল অভিনেতা হয়। নৃত্য ভাল পোৱা কাৰণে অতি স্বাভাৱিক ভাৱে অভিনয় কৰাটো আছিল বিষ্ণুপ্রসাদ ৰাভাদেৱৰ বিশেষ অনুৰাগ। আমাৰ ভাওনাৰ দৰে ভাৰতত নৃত্য নাটিকা অতীজৰে পৰা অতিশয় জনপ্রিয় হৈ আহিছে। তদুপৰি স্বকীয় ভাৱে ৰস সৃষ্টিৰ কাৰণেও অভিনয় চর্চা আৰু সাধনা ভাৰতীয় সংস্কৃতিৰ প্রধান অংগ ৰূপে বিৰাজ কৰি আহিছে।

বিষ্ণুপ্ৰসাদ ৰাভাই প্রায় গোটেই জীৱন অভিনয়ৰ অর্থপূর্ণ বিৱৰণ অসমৰ ৰাইজক শিকাবলৈ চেষ্টা কৰিছিল। তেওঁৰ অভিনয়বিলাক আজি কাহিনী হলেও তেঁও নটৰাজৰ পূজাৰ বেদীত উছর্গা কৰা তাৰ সাৰ মর্ম অসমীয়াই নিজৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰি থাকে মানে সি দীপ্তমান হৈ থাকিব৷ এইটো কথিত যে অভিনয় কৰিবলৈ পালে ৰাভাই পেটৰ ভোক পাহৰিছিল। ১৯২৬ চনত তেওঁ কলেজৰ ছাত্ৰ হৈ বন্ধৰ দিনত ঘৰলৈ আহোঁতে স্কুলৰ প্ৰৱেশিকা পৰীক্ষার্থী সকলৰ লগত সহযোগ কৰি এখন নাট মঞ্চস্থ কৰিছিল। তেঁও বিভিন্ন সময়ত অসমৰ ভিন ভিন ঠাইৰ মঞ্চত নানা চৰিত্ৰৰ অভিনয় কৰি গৈছে। গ্রামোফোন ৰেকৰ্ডত তেঁও প্রযোজনা কৰা নাটিকাৰ সংখ্যা অতি বিস্তীর্ণ। অসমৰ আন কোনো ব্যক্তিয়ে তেঁওৰ সমান গ্রামোফোনৰ নাটক প্রযোজনা কৰা নাই। সেইদৰে আন কোনো অসমীয়াই গ্রামোফোনৰ নাটকত তেঁওৰ সমান অভিনয় কৰি পোৱা নাই। কথাছবি, ৰেডিঅ’ আৰু শেষত টেলিভিছনৰ প্ৰচলনৰ কাৰণে পাল্লা নাটকৰ প্রচলন নাইকিয়া হ’ল যদিও ৰাভাদেৱে অতি আন্তৰিক আৰু বিশেষ দক্ষতাৰে সৃষ্টি কৰি যোৱা সেই নাটক আৰু অভিনয়বিলাকৰ সৃষ্টিধর্মী উপাদান অধ্যয়ন কৰি অসমৰ শিল্পীসকল বিশেষ লাভবান হ’ব পাৰিব। সেয়েহে, আমি যিমান পাৰো তথ্য ইয়াত যুগুতাবলৈ চেষ্টা কৰিছোঁ।

গ্রামোফোন নাটিকা (পাল্লা নাটক)

১৯৩৩ চন মানত জ্যোতিপ্ৰসাদে পৰিচালনা কৰা ‘কাৰেঙৰ লিগিৰী’ নাটকত সুদর্শনৰ ভাও লৈ ৰাভাদেৱে ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ আৰু ‘অ’ সোঁৱৰণী’ গীত দুটা গাইছিল আৰু সংগীত পৰিচালনা কৰিছিল। পাচত ১৯৩৬ চনত জ্যোতিপ্ৰসাদে, ‘শোণিত কুঁৱৰী’ নাটিকা গ্রামোফোন ৰেকৰ্ডত বাণীৱদ্ধ কৰোতে তেওঁ নাৰদৰ ভাও লৈ ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ গীতটো গাইছিল। সেই অভিজ্ঞতাৰে তেওঁ নিজে গ্রামোফোন ৰেকৰ্ডত কেবাখনো নাটক বাণীৱদ্ধ কৰে আৰু নিজে সেইবিলাকত অভিনয় কৰে।

‘প্ৰতিধ্বনি‘ত বিষ্ণুপ্ৰসাদ ৰাভা আৰু কৃষ্ণা দাস নাথ

১৯৩৭ চনত তেওঁ নিজে ৰচা আৰু পৰিচালনা কৰা ‘বিহুৱতী’ নাটিকাৰ নায়ক নেনাইৰ ভাও লয়, ‘জন্মাষ্টমী’ নাটকত তেওঁ কংসৰ ভাও দিয়ে। তদুপৰি, প্রবোধচন্দ্ৰ বৰুৱাৰ খুহুটীয়া পাল্লা নাটিকা ‘মাছ লৈ ধেমালি’ আৰু ‘কণল’ৰাৰ উৰুভংগ’তো তেওঁ অভিনয় কৰে।

অভিনয় জগতত তেঁওৰ প্ৰধান সংগী আছিল স্কুলীয়া দিনৰে পৰা তেঁওৰ অভিন্ন বান্ধৱ ফণী শর্মা (বলীন)। ১৯৩৭ চনতে ফণী শৰ্মাৰ লগত তেওঁ গ্রামোফোন নাটিকা “বেউলা’ বাণীৱদ্ধ কৰে। বেউলাত তেওঁ লক্ষিন্দাৰৰ চৰিত্ৰক বিশেষ দক্ষতাৰে ৰূপ দিয়ে। সমসাময়িক ভাবে তেওঁ ফণী শৰ্মাৰ গ্রামোফোন নাটিকা ‘নৰকাসুৰ’ত নৰকাসুৰৰ চৰিত্ৰক জীৱন্ত কৰি তোলে। ‘বেউলা’ৰ বিষয়ে আৱাহনত সম্পাদক দীননাথ শৰ্মাই লিখিছিল:

“সকলোৰে সুপৰিচিত সংগীতশিল্পী শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিচালনাত ‘বেউলা’ নাটকখনি ছেনোলা কোম্পানীত ৰেকৰ্ড কৰা হৈ গল। নাটকখনিৰ ৰচকো শ্ৰীযুত ৰাভাই। ভাষা আৰু ৰচনা সহজ, সৰল আৰু ঘৰুৱা ধৰণৰ হোৱাত সকলোৱে সহজে বুজিব পৰা হৈছে। দৃশ্য বাছনিয়ে এজনক নাটকীয় ঘটনাটো ভালকৈ বুজাই দিব পৰা হোৱাত শিল্পীৰ দৃশ্য গাঁথনিৰ নিপুণতা ফুটি ওলাইছে। নাটকখনৰ প্রধান বৈশিষ্ট্য এয়ে যে ইয়াৰ আগৰ পৰা গুৰিলৈকে সকলো বিষয়তে অসমীয়া ঠাচ ৰাখিবলৈ চেষ্টা কৰিছে আৰু তাত আশানুৰূপ কৃতকাৰ্য্যও হৈছে। …”

১৯৪১ চনৰ পৰা ১৯৪৩ চনৰ ভিতৰত ৰাভাদেৱে আন দুখন গ্রামোফোন নাটিকা ৰচনা আৰু বাণীৱদ্ধ কৰে। তাৰে প্ৰথমখন ‘বৰদৈচিলা’ত তেওঁ বৰদৈচিলাৰ ভকতীয়া দেউতাকৰ গুৰু গম্ভীৰ চৰিত্ৰৰ ৰূপ দিয়ে। চাহ বাগিচাৰ কাহিনীক লৈ ৰচা আনখন নাটিকা ‘ৰতনী’ত তেওঁ ৰতনীক লৈ চিন্তাত পৰা হজুৱা বাগানৰ পিতৃৰ ৰূপ দিয়ে।

১৯৪৩ চনতে তেওঁ দুখন বৃহৎ গ্রামোফোনৰ নাটিকা বাণীৱদ্ধ কৰে। তাৰে প্ৰথমখন হৈছে ‘শ্রীশ্ৰীশংকৰদেৱ’ আৰু দ্বিতীয়খন হৈছে ‘মাধৱদেৱ’।

গ্রামোফোন ৰেকৰ্ডত তেঁও বাণীৱদ্ধ কৰা শেষ নাটিকা হয়তো ‘মালি মালিনী’ নামৰ এখন ৰহস্য আবৃত ছুটি নাটিকা। এইখন এইকাৰণেই ৰহস্যপূর্ণ যে আজিলৈকে কোনো পুথি বা প্ৰৱন্ধত মই এই নাটকখনৰ উল্লেখ দেখা নাই। সেই ৰেকৰ্ডখন মই শিৱসাগৰৰ বিশিষ্ট নাগৰিক পংকজ ভৰালীৰ ঘৰত পাইছিলোঁ যদিও আন ক’তোৱেই সেই ৰেকৰ্ডখন দেখিবলৈ পোৱা নাই। তদুপৰি সেই ৰেকৰ্ডখনত তাৰ ৰচনা আৰু পৰিচালনা ৰাভাদেৱৰ বুলি উল্লেখ আছে যদিও তাৰ গুৰুত্বপূৰ্ণ নায়িকাৰ ভাও কোন আছিল তাৰ উল্লেখ নাই। যাহওক শংকৰদেৱ নাটিকাত গুৰুজনাৰ মাক আৰু আন আন ভাও লোৱা নিৰুপমা দেৱীৰ মাতৰ লগত সাদৃশ্যৰ কাৰণে সেই মালিনী গৰাকী নিৰুপমা দেৱী বুলিয়েই আমি ঠিৰাং কৰিছোঁ। এইটোও জনা কথা যে কথাছবিত অভিনয় কৰি অসমীয়া সমাজত লাঞ্ছনা ভূগিব লগীয়া হোৱা নিৰুপমা দেৱীয়ে এক প্ৰকাৰ অজ্ঞাত ভাবেই জীৱন কটাবলৈ বিচাৰিছিল। সেয়েহে, তেও প্রচাৰ বিমুখ হোৱাটো স্বাভাৱিক।

স্বৰ্গদেউৰ পুতেকৰ চকলং বিয়া তাৰ কাৰণে ফুলৰ যোগান দিব লাগে নহ’লে মালি আৰু মালিনী দুয়োকে নচঁচা শূলত দিব। কিন্তু সেই অবতৰত ক’তো ফুল নাই। সেয়েহে, দুয়ো ফুলবিলাকৰ ওচৰলৈ গৈ কাবৌ কুকালি কৰি সেই গীতটো গাইছে, “অ’ ফুল, অ’ ফুল নুফুলনো কিয়?’। সেই মনোমোহা গীতটোৰ উপৰিও সেই সৰু নাটিকাৰ মালিৰ ৰূপত বিষ্ণুপ্ৰসাদ ৰাভাই কানিয়া মালিৰ ভিন ভিন আৱেগ আৰু অনুভুতিৰ এনে জীৱন্ত ৰূপ দিছে যে সি সচাকৈয়ে শ্রোতাক অভিভূত কৰিব পাৰে।

অ’ ফুল, অ ফুল, নুফুলনো কিয়?

অ’ ফুল, অ’ ফুল, নুফুলনো কিয়?

মই যে ফুলিব লাগে,

গৰুৱে খাই কিয়?

অ’ গৰু, অ’ গৰু ফুল খাৱ কিয় ?

গৰখীয়াই যে গৰু নাৰাখে

মইবা নাখাম কিয়?

অ’ গৰখীয়া গৰখীয়া গৰু নাৰাখ কিয়?

ৰান্ধনীয়ে যে ভাত নিদিয়ে

মইবা ৰাখিম কিয়?

অ’ ৰান্ধনী, অ’ ৰান্ধনী ভাত নিদিয় কিয়?

খৰিয়াই যে খৰি নিদিয়ে

মইনো দিম কিয়?

অ’ খৰিয়া অ’ খৰিয়া খৰি নিদিয় কিয়?

কমাৰে যে কুঠাৰ নিদিয়ে

মইনো দিম কিয়?

অ’ কমাৰ, অ কমাৰ কুঠাৰ নিদিয় কিয়?

এঙাৰ দিয়াই যে এঙাৰ নিদিয়ে

মইনো দিম কিয়?

এঙেৰীয়া, এঙেৰীয়া এঙাৰ নিদিয় কিয়?

মই যে এঙাৰ দি থম

মেঘে বৰষে কিয়?

অ’ মেঘ, অ মেঘ বৰষনো কিয়?

ভেকুলীয়ে যে টোৰটোৰাই।

মইবা দিম কিয়?

অ’ ভেকুলী, অ ভেকুলী টোৰটোৰাও কিয়?

বোপা ককাৰ ৰীতিটি মই এৰিমেই বা কিয়,

এৰিমেই বা কিয়?

মঞ্চ নাটিকা

অভিনয় কৰিবলৈ পালে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে পেটৰ ভোক পাহৰিছিল বুলি আমি আগেয়ে উল্লেখ কৰিছোঁ। এতিয়া তেখেতৰ অভিনয়ৰ বিষয়ে কিছু সমল ইয়াত দিলো।

“তেখেতৰ কণ্ঠস্বৰ আছিল গুৰু গম্ভীৰ। দেহৰ গঠন আছিল সুন্দৰ সুঠাম। মঞ্চত ওলায়েই তেখেতৰ ব্যক্তিত্বই দশকৰ মন আকৃষ্ট কৰিছিল। ঐতিহাসিক বা পৌৰাণিক নাটকৰ চৰিত্ৰ ৰূপায়িত কৰাত তেখেত নিপুণ আছিল। ৰাভাৰ অভিনয় দক্ষতা অতি স্বাভাৱিক ভাবেই উদয় হোৱা আৰু তেখেতৰ অভিনয়ত সৌন্দৰ্য্য লাৱণ্য দুয়োটাৰ সামঞ্জস্য সুন্দৰ ভাবে মিল হোৱাত – সেই অভিনয় হৈ পৰে জীৱন্ত আৰু মনোমোহা।

তেখেতৰ প্রথম সামাজিক নাটকৰ চৰিত্ৰ অভিনয় হ’ল ফণী শৰ্মা ৰচিত ব্যংগ নাটক ‘গংগাটোপ’ত গেঠুৰ চৰিত্ৰ। সৰলচিতীয়া হেবাং জনজাতীয় লগুৱাৰ ভাও এনে নিপুণ ভাবে ফুটাই তুলিছিল যে ভাবিলে আচৰিত লাগে। মঞ্চত তেখেতৰ খোজৰ চলন ফুৰণ, বচনৰ ভংগিমা আৰু সুৰীয়া প্রকাশ ইমান সুন্দৰ হৈছিল যে দর্শকৰ মন সম্পূর্ণ জয় কৰিছিল।” (চন্দ্ৰধৰ গোস্বামী, বাবুল দাস, পৃ: ২৭)

তেওঁ মঞ্চত জীৱন্ত কৰা আন আন চৰিত্ৰ হৈছে:

‘কাৰাগাৰ’ নাটকত কংস

‘নাদিৰ ছাহ’ নাটকত নাদিৰ ছাহ

‘আলিবাবা’ নাটকত মাৰ্জিয়ানা

‘মিছৰ কুমাৰী’ নাটকত মিছৰৰ পুৰোহিত

১৯৪২-৪৩ চনত তেওঁ সুৰৰ দেউলৰ নৃত্য নাটিকা তৈয়াৰী কৰাই কুইন বাইদেউ, ৰ’জ, ৰুবি, বলেন আদিক শিকাই পৰিবেশন কৰাইছিল। তেঁওলোকৰ মঞ্চ গৃহ আছিল অসমৰ প্রাক্তন সাংসদ ৰোহিণী চৌধুৰীৰ মটৰ গেৰেজ।

১৯৪৪-৪৫ চনত তেওঁ কলিকতাৰ বেপটিষ্ট মিছন হোষ্টেলত কিছুদিন আছিল। তেওঁ নিজৰ কোঠাতে বঙালী ল’ৰা-ছোৱালী কিছুমান গোটাই নাচ গান শিকাইছিল। সেই সময়ত তেওঁৰ কোঠাৰ সহবাসী আছিল ৰামপ্রসন্ন দাস। কোঠাটো বেছ সৰু কাৰণে ল’ৰা-ছোৱালীবিলাক আহিলে তেওঁ দাসক ওচৰত থকা পুখুৰী পাৰত ফুৰি আহিবলৈ কৈছিল। পাঠ শেষ হলে তেওঁ খিড়িকীৰ পৰাই দাসক চিঞৰি চিঞৰি মাতিছিল।

১৯৫২ চনত ভূপেন হাজৰিকাৰ ভনীয়েক ৰুবি হাজৰিকাই (পাচলৈ পেটেল) হাজৰিকাৰ ‘ৰং কিনিবা কোনে’ গীতটি গুৱাহাটী লতাশিল ফিল্ডৰ বিহুৰ মঞ্চত পৰিবেশন কৰোতে তেঁও পিঠিত ৰঙৰ টোপোলা আৰু হাতত এজনী সৰু ছোৱালীক লৈ নাচি নাচি ৰং বেচোতাৰ ভাও দিছিল। তাৰ দুবছৰমান পিচত গুৱাহাটীৰ চার্চ ফিল্ডত গণনাট্য সংঘৰ অধিবেশনত তেঁও সেই গীতটোৰ লগত নাচি নাচি অভিনয় কৰিছিল। সেইবাৰ নেপথ্যত গীতটো গাইছিল ভূপেন হাজৰিকাই নিজেই আৰু হার্মনিয়াম বজাইছিল সলিল চৌধুৰীয়ে।

উঠি অহা চামৰ অসমীয়া ডেকা গাভৰুক নাট্য সংস্কৃতিৰ প্ৰতি আকর্ষিত কৰিবলৈ বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু চন্দ্ৰধৰ গোস্বামী লগ লাগি এটা অভিনৱ প্ৰথা অৱলম্বন কৰিছিল। তেওঁলোকে ‘কিয়’ নাটকখন অসমৰ বিভিন্ন ঠাইলৈ গৈ মঞ্চস্থ কৰে। তেঁওলোকৰ কৌশল আছিল যে নাটকখনৰ তিনিটা চৰিত্ৰ তেঁওলোকে লৈ বাকী চৰিত্ৰৰ কাৰণে স্থানীয় শিল্পীক শিকাই বুজাই লোৱা। সেই প্রচেষ্টাই অসমৰ ভিন ভিন ঠাইত বহুতো নতুন অভিনেতা সৃষ্টি কৰাৰ উপৰিও অসমৰ লোকক নাট্য আমোদী হোৱাত সহায় কৰে।

“সেই একে উদ্দেশ্যেৰে তেওঁলোকে পাচত ‘ছিৰাজ’ আৰু ‘চাহ জাহান’ নাটক অভিনয় কৰে। ছিৰাজ নাটক (আৰু পাচত সেই নামৰ কথাছবিত) বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘আঘোণা’ চৰিত্ৰৰ অভিনয় আজিও সকলোৱে সোঁৱৰে। ‘চাহ জাহান’ নাটকত তেঁও প্রথমে চাহ জাহান চৰিত্ৰ ৰূপায়ণ কৰিছিল যদিও পাচলৈ তেঁও ঔৰংজেৱৰ ভাওত বিশেষ খিয়াতি অর্জন কৰে। কূট-কৌশলী সিংহাসন লোভী চতুৰ ঔৰংজেৱৰ চৰিত্ৰ ৰাভাই জীৱন্ত কৰি তুলিলে। দাৰাৰ মৃত্যুদণ্ডৰ আদেশ পত্ৰখন লৈ কোৱা ‘নহয় নহয় ই কাজীৰ বিচাৰ’ আৰু আন এটা দৃশ্যত ‘বলা মহম্মদ আমি মক্কালৈ যাওঁ’ বচন মাতোতে ইমান সুন্দৰকৈ চকুৰ দৃষ্টি আৰু অংগ সঞ্চালন ফুটাই তুলিছিল যে তাৰ মাজেদিয়েই তেখেতৰ অভিনয় দক্ষতা প্রমাণ পোৱা গৈছিল।” (চন্দ্ৰধৰ গোস্বামী, বাবুল দাস, পৃ: ২৮)

১৯৬৪ চনত পাঠশালাৰ স্থানীয় লোকৰ উদ্যোগত ৰাভাই ‘তাজমহল’ নামে নাটকত ডাক্তৰৰ ভাও লৈ অভিনয় কৰিছিল। সেই বিষয়ে জ্যোতিপদ চৌধুৰীয়ে লিখিছে:

“আজিও ডাক্তৰ বেশী ৰাভাৰ অভিনয় দেখা দর্শক সকলে শ্ৰদ্ধাৰে সোঁৱৰে। ৰাভাদেৱৰ অভিনয়ত আমি কিছুমান বৈশিষ্ট্য দেখিছিলো:

(১) তেঁও অৰিজিন’ নাটকখন (বঙলা নাটখন) কেবাবাৰো পঢ়িছিল আৰু মূল চৰিত্ৰটো কি বুজি লৈ সেই চৰিত্ৰটো অভিনয় কৰি দেখুৱাইছিল।

(২) তেঁওৰ আন এটা কথাত আমি আচৰিত হৈছিলোঁ, তেঁও বঙলা নাটখনৰ সংলাপবোৰ শুনি হুবহু অসমীয়াত মঞ্চত কৈছিল।

(৩) সহ অভিনেতাক, মঞ্চত কোনো ধৰণৰ অসুবিধা নিদিছিল আৰু মঞ্চত থাকিয়েই অইন শিল্পীসকলক ইংগিতেৰে পৰিচালনা কৰি লৈ গৈছিল।”

(জ্যোতিপদ চৌধুৰী, বাবুল দাস, পৃ: ২৯৩)

কথাছবিত অভিনয়

ছিৰাজৰ পাচত বিষ্ণুপ্ৰসাদ ৰাভাই ভূপেন হাজৰিকাৰ ‘এৰা বাটৰ সুৰ’ত ভজলুং ককা ৰূপে এটা সৰু ভূমিকাত ওলাই কথাছবিখনৰ সৌষ্ঠৱ বঢ়াইছিল। পথাৰৰ মাজৰ পৰা বোকা মাটি গছকি আঁতৰেৰে পাৰ হৈ যোৱা হাৰাণক (ফণী শৰ্মাক) মাতি দুয়ো অতি উলাহেৰে নচা দৃশ্যটো এবাৰ দেখিলে দুনাই বাৰে বাৰে চাবলৈ মন যায়। তাৰ পিচত, হাৰাণৰ মুখে কিবা এটা বেয়া খবৰ শুনি সেইটো মদ খোৱাৰ কাৰণেই হোৱা বুলি জানিব পাৰি ‘এইটো আৰু নাখাওঁ যা’ বুলি ভজলুং ককাই মদৰ কলহ দলিয়াই ভাঙি পেলোৱা অভিনয় আছিল অতিশয় প্ৰভাৱশালী|

তেওঁ অভিনয় কৰা ভূপেন হাজৰিকাৰ আন এখন ছবিৰ অভিনয়ৰ বিষয়ে নিৰোদ চৌধুৰীৰ মতকে উদ্ধৃত কৰিলোঁ:

“অভিনয় জীৱনৰ তেঁওৰ শ্রেষ্ঠতম ছবি ‘প্রতিধ্বনি’তে মই বিষ্ণুদাক ওচৰৰ পৰা পাওঁ। খাচী লোকগাথাঁ মাণিক ৰাইতঙৰ প্রেম কাহিনীটোত বিষ্ণুদা আছিল খাছী ছিয়েম। চুটিঙৰ বিভিন্ন লোকেশ্যনত লক্ষ্য কৰিছিলোঁ বিষ্ণুদাক। সদা হাস্যমুখৰ, সজীৱ। অভিনয়ৰ সময়ত কিন্তু ভীষণ চিৰিয়াচ। সেই ছবিতে আছিল আন এগৰাকী গুণী শিল্পী কমল নাৰায়ণ চৌধুৰী। বিষ্ণুদা, কমলদা, ভূপেনদাহঁতে আদ্দা মাৰিলে সেই আড্ডা হৈ উঠে অতি ৰসাল।” (নিৰোদ চৌধুৰী, বাবুল দাস, পৃ: ৩২৫)

ডঃ ভূপেন হাজৰিকাৰ বঙালী কথাছবি ‘মাহুত বন্ধু ৰে’-ত সেই অভিনৱ মাউতৰ চৰিত্ৰটো বিশেষ নিপুণ ভাবে অভিনয় কৰি তেও জনজাতীয় মাউতজনক সকলোৰে পৰিচিত আৰু বিশ্বাসযোগ্য কৰি থৈ গ’ল।

ভ্রাম্যমান নাট্য গোষ্ঠীৰ ভিন ভিন দলৰ লগতো বিষ্ণুপ্ৰসাদ ৰাভাই সক্রিয় ভাবে সহযোগ কৰিছিল আৰু ছেগ বুজি অভিনয় কৰিছিল। উদাহৰণ স্বৰূপে, হাজোৰ কৰুণা কান্ত মজুমদাৰৰ পূর্বজ্যোতি থিয়েটাৰে পৰিবেশন কৰা প্রথম নাটক জ্যোতিপ্ৰসাদৰ ‘শোণিত কুঁৱৰী’ মঞ্চস্থ কৰোতেও তেওঁ আহি নেপথ্যত গীতবিলাক গাইছিল।

সেয়েহে, আমি কওঁ যে মঞ্চ, গ্রামোফোন ৰেকৰ্ড, কথাছবি, ভ্রাম্যমান থিয়েটাৰ আৰু সুধীজনৰ ঘৰ, মটৰ গেৰেজ আদি য’তে যেনেকৈ পাৰিছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আজীৱন নৃত্য, গীত আৰু অভিনয়েৰে নটৰাজক পূজা কৰি তাৰ প্রসাদেৰে ৰাইজৰ প্রাণ চঞ্চল কৰি গৈছে। আমি সেই প্ৰসাদৰ গুণ বুজি তাক ভোগ কৰিব পাৰিলেই হয়।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.7 / 5. ভোট : 61

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!