বিশেষ লেখা

অসমীয়া চিনেমাৰ সফল ‘ডক্তৰ’

‘ডক্তৰ বেজবৰুৱা’ অসমীয়া চিনেমাৰ এটা ‘টার্ণিং পইণ্ট’। অসমীয়া চিনেমাৰ ‘বজাৰ চিন্তা’ আৰম্ভ হৈছিল এই চিনেমাখনেৰে। ‘বজাৰ চিন্তা’ মনত ৰাখিয়ে চিনেমাখনৰ কাহিনী নির্বাচন কৰা হৈছিল, পৰিচালনা শৈলী-চিত্রগ্রহণ ‘চিন্তা’ পৰিবৰ্তন কৰা হৈছিল। এই কথা অনুভৱ কৰিছিলো ‘ৰূপকাৰ’ আলোচনীত চিনেমাখনৰ চিত্রনাট্য পঢ়ি। ‘ক’লা-বগা’ এই অসমীয়া চিনেমাখনৰ আন এটা উল্লেখযোগ্য দিশ হ’ল — প্রথমবাৰৰ বাবে সম্পূর্ণ চিত্রগ্রহণ অসমত, কেৱল অসমীয়া শিল্পীৰদ্বাৰা কৰোৱা হৈছিল। ক’ব পাৰি অসমীয়া চিনেমা নির্মাণৰ থলুৱা ভেটি নির্মাণ কৰিছিল চিনেমাখনৰ পৰিচালক, চিত্রনাট্যকাৰ ব্ৰজেন বৰুৱাই। পৰিচালকৰ নিৰ্দেশত চিত্রগ্রহণকাৰী সুজিৎ সিংহই বাস্তৱিক লোকেচনত (অসমৰ ঘৰ-দুৱাৰতে) চিত্ৰগ্ৰহণ কৰিছিল। স্বাভাৱিকতে এই চিত্ৰগ্ৰহণ ব্যৱস্থাৰ বাবে আৰু চিনেমাখনৰ সম্পূৰ্ণ ‘নিৰ্মাণ পৰ্ব’ অসমত সম্পূৰ্ণ কৰা বাবে ‘বাজেট’ কম হৈছিল। ব্যৱসায়িক দিশত সফল হৈছিল। চিনেমাখনৰ প্রযোজক ‘ৰংঘৰ চিনে প্রডাকচন’ৰ লাভ হৈছিল। ‘বাজেট’ৰ স্পষ্ট তথ্য পোৱা নাযায়। ‘অসম বাণী’ত ব্ৰজেন বৰুৱাই কোৱা ‘তথ্য’ এটা প্রকাশ পাইছিল। ‘লাভৰ পৰিমাণ ৮০ শতাংশ…।’

‘ডঃ বেজবৰুৱা’ৰ এটি দৃশ্যত তৰুণ দুৱৰা, ৰঞ্জনা শৰ্মা বৰদলৈ আৰু আব্দুল ছিদ্দিক

বিশ্লেষণ কৰিলে স্পষ্ট হয় – ‘ডক্তৰ বেজবৰুৱা’ৰ সফলতাৰ মূল কাৰণ কাহিনী আৰু কাহিনী কোৱাৰ কৌশল। প্রথমটো ছিকুৱেলৰপৰাই পৰিচালকে ‘নিৰ্মাণ’ কৰিছে – কৌতূহল। চিনেমাখনৰ গতি দ্ৰুত নহয়। গতিত প্রশংসা কৰিব পৰা ছন্দও নাই। গতিত ভাৰসাম্য ৰক্ষাত ব্যৰ্থতা স্পষ্ট। দ্ৰুতবেগী থ্ৰীলাৰৰ বিপৰীতে আবেগিক ছিকুয়েঞ্চৰ গতি মন্থৰ। কিন্তু ‘গল্প’ কোৱাৰ কৌশলৰ বাবে চিনেমাখন দৰ্শকৰ বাবে আমনিদায়ক হোৱা নাই। এইখিনিতে উল্লেখ কৰিব পাৰি – সাধাৰণ ‘ক্ৰাইম থ্রীলাৰ’ আছিল যদিও অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে ‘নতুন’ আছিল। চিনেমাখনৰ ‘নায়ক’ক দেখা যায় দ্বৈত চৰিত্ৰত। এজন ক্ৰিমিনেল, আনজন বিলাত ফেৰৎ ডক্টৰ। দুয়োটা ‘চৰিত্ৰ’ৰ ‘চিনেমেটিক কাৰবাৰ’ৰ মাজত থকা জেউতিৰ কাহিনী। বিলাত ফেৰৎ ডক্টৰ বেজবৰুৱাৰ ক্লিনিক নিৰ্মাণ চলি আছে। বেজবৰুৱাৰ বন্ধু ললিত দুৱৰা আহিছিল ‘ক্লিনিক’ চাবলৈ হঠাতে, সেইদিনা দুৱৰাৰ তিনি বছৰীয়া সন্তান মন্তিৰ মৃত্যু হয় নিৰ্মাণ কাৰ্য চলি থকা ‘ক্লিনিক’খনৰ ওপৰৰপৰা পৰি। সেইদিনা সেন্দুৰীকণা গাঁৱৰ জেউতিৰ স্বামী নাৰায়ণ ভূঞাৰ ভৰি ভাগিল। ভূঞাক নিবলৈ গাঁৱৰপৰা পত্নী আহে আঢ়ৈ বছৰীয়া পুত্ৰক লৈ। নাম দীপ। নামটো হাতত টাটু কৰি লিখি থোৱা দৰ্শকে দেখে। দীপক ললিত দুৱৰাই হাস্পতালৰ বাৰাণ্ডাৰপৰা চুৰি কৰি লৈ যায় পত্নীৰ উকা কোলা পূৰ কৰিবলৈ। ‘টাটু’ কৰা যে আছিল, দীপ, সেই ‘দীপ’ৰ আগত ‘প্র’ বহুৱাই দিয়ে।

পৰিচালক ব্ৰজেন বৰুৱা

প্রদীপ ডাঙৰ হয়। বন্ধুৰ ঘৰলৈ ফুৰিব যাওঁতে ভাগৰুৱা প্রদীপক বয়সিয়াল মানুহ এগৰাকীয়ে খাবলৈ দিয়ে।‘দৰ্শকে’ ঠিকেই বুজি পায় – প্রদীপক খাবলৈ দিছে প্রকৃত মাতৃয়ে৷ কিন্তু চৰিত্ৰ দুটাই পৰস্পৰক চিনি নাপায়। কাহিনী আগবাঢ়ে। পালিত মাতৃ বেণু দুৱৰাই প্রদীপক হেৰুওৱাৰ ভয়ত চক্ৰান্ত কৰি জেউতিক পুলিচ হাজোতত বন্দী কৰায়।

বিশ্লেষণ কৰিলে স্পষ্ট হয় – ‘ডক্তৰ বেজবৰুৱা’ৰ সফলতাৰ মূল কাৰণ কাহিনী আৰু কাহিনী কোৱাৰ কৌশল। প্রথমটো ছিকুৱেলৰপৰাই পৰিচালকে ‘নিৰ্মাণ’ কৰিছে – কৌতূহল। চিনেমাখনৰ গতি দ্ৰুত নহয়। গতিত প্রশংসা কৰিব পৰা ছন্দও নাই। গতিত ভাৰসাম্য ৰক্ষাত ব্যৰ্থতা স্পষ্ট। দ্ৰুতবেগী থ্ৰীলাৰৰ বিপৰীতে আবেগিক ছিকুয়েঞ্চৰ গতি মন্থৰ। কিন্তু ‘গল্প’ কোৱাৰ কৌশলৰ বাবে চিনেমাখন দৰ্শকৰ বাবে আমনিদায়ক হোৱা নাই।

আৰু নাৰায়ণ ভূঞাৰ ভৰি ভগা সেই দিনটোতে ৰাতি ডক্টৰ বেজবৰুৱাৰ ঘৰত দাগী এজন সোমায়। সোঁ বাহুত গুলীৰ ক্ষত চিহ্ন। আৰু সেই দিনাই ডক্টৰ বেজবৰুৱাৰ জীৱনলৈ বিৰাট পৰিৱৰ্তন আহে। ডক্টৰ বেজবৰুৱাই বাগদত্তা মণিকাক হত্যা কৰে, চম্পাক অপহৰণ কৰে ইত্যাদি। পুলিচে ডক্টৰ বেজবৰুৱাক গ্ৰেপ্তাৰ কৰে। কাহিনী শেষ কৰে ‘বেয়া নায়ক’ৰ বেয়া ফল, ‘ভাল নায়ক’ৰ ভাল ফল আৰু মিলনেৰে।

সংগীত – ‘ডক্টৰ বেজবৰুৱা’ৰ গীত আজিৰ তাৰিখতো জনপ্ৰিয়৷ চিনেমাখনৰ সংগীত ৰমেন বৰুৱাৰ। বিহুসুৰীয়া গীত প্রথমবাৰৰ বাবে ‘চিনেমা’ত ব্যৱহাৰ কৰি সংগীত জগতলৈ পৰিৱৰ্তন আনে, নতুন ঢৌৰ সৃষ্টি কৰে। জনপ্ৰিয় হয় ‘মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি…’ (গীতিকাৰ – ব্ৰজেন বৰুৱা), ‘ফুল ফুল ফুল ফুলে মেলিলে পাহি…’ (গীতিকাৰ এলি আহমেদ), ‘কি নাম দি মাতিম…’ (গীতিকাৰ – নিৰ্মলপ্ৰভা বৰদলৈ)। গীতকেইটাত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱা, ৰেণু বৰুৱা, নিৰ্মলা মিশ্ৰই। চিনেমাখনেৰে আত্মপ্ৰকাশ কৰি দ্বীপেন বৰুৱাই গায়কীৰে, ৰমেন বৰুৱাই সুৰেৰে ‘অসমীয়া সংগীত’ৰ এটা ‘নতুন যুগ’ৰ সৃষ্টি কৰিছিল। – এইখিনিতে উল্লেখ কৰিব পাৰি দ্বীপেন বৰুৱা-নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা ‘কি নাম দি মাতিম’ অসমীয়া চিনেমাৰ প্রথম ৰোমাণ্টিক গীত। ফুল-পখিলা সেউজীয়া আৰু নায়ক-নায়িকাক ফ্ৰেমত লৈ চিত্ৰায়ন কৰিছে গীতটো। নায়িকাৰ মৰম দিয়া-লোৱা ফুল-পখিলাক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষাক গুৰুত্ব দি।

অভিনয় – দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল ব্ৰজেন বৰুৱাই। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামী, মেঘালী দেৱী, তৰুণ দুৱৰা, ৰঞ্জনা বৰদলৈ, ৰেণু শইকীয়া, প্রবীণ বৰা, প্রতিভা ঠাকুৰ, সত্যেন চৌধুৰী, ৰবীন বৰুৱা, ৰেণু বৰুৱা, তিলক দুৱৰা আদিয়ে ৷ ‘চৰিত্ৰ’ নিৰ্মাণত পৰিচালকে বিশেষ গুৰুত্ব দিয়া যেন নালাগে। ৭ নৱেম্বৰ, ১৯৬৯ত চিত্ৰগৃহলৈ অহা চিনেমাখনত পৰিচালকে গুৰুত্ব দিছিল কাহিনী কোৱাত।

শেষত – ব্যৱসায়িক সফলতাক বাদ দি ধাৰাবাহিক ‘চিনে কৰ্ম’ অসম্ভৱ। ‘ডক্টৰ বেজবৰুৱা’ৰ সফলতাই অসমীয়া চিনেমাৰ প্রযোজকক সাহস দিছিল আৰু এই ‘সফলতা’ৰ বাবেই চিনেমাৰ সংখ্যা বাঢ়িছিল। সত্তৰ-আশীৰ দশক দুটা অসমীয়া চিনেমাৰ সোণালী যুগ হিচাপে চিহ্নিত হৈছিল। এই চিনেমাখনে ১৯৬৭ চনত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.7 / 5. ভোট : 105

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!