‘ৰঙা পুলিচ’ আৰু ‘চামেলি মেমচাব’৷
আমি স্কুলৰ ওপৰ শ্ৰেণীত থাকোতেই অগাপিছাকৈ ছবি দুখন চাইছিলো, দুয়োখন ছবিয়েই আমাৰ তৰুণ মনত মচিব নোৱাৰাকৈ সাঁচ পেলাই গৈছিল৷ এই ছবি দুখনৰ মাজেৰেই আৰু এজন ব্যক্তিৰ নাম আমাৰ মনত ৰৈ গৈছিল, তেওঁ হ’ল অভিনেতা-পৰিচালক আব্দুল মজিদ৷ তাৰ বহু পাছলৈ এই মানুহজনকে নিচেই কাষৰ পৰা পালো পিতৃসম পূজনীয় শিল্পীৰূপে, তেওঁৰ নৈকট্যলৈ যোৱাৰ সাঁকোখন আছিল তেওঁৰ দুই জ্যেষ্ঠ পুত্ৰৰ সৈতে থকা আমাৰ পৰম বন্ধুত্ব৷
কিন্তু তাৰো পূর্বে মজিদ ডাঙৰীয়াক নিচেই কাষৰ পৰা পোৱাৰ সুযোগ পাইছিলো জ্যোতিৰূপা মিডিয়া এৱার্ডছৰ জুৰীৰ অন্যতম সদস্যৰূপে, অন্ততঃ দুবাৰমান৷ তেওঁ জুৰীৰ অধ্যক্ষ আছিল, কিন্তু বেচ গহীনেই হ’ব বুলি পূর্বানুমান কৰা আমাৰ দর্শনপর্ব তেওঁৰ ৰসবোধ আৰু অতীত ৰোমন্থনৰ কাহিনীয়ে প্ৰাণময় কৰি ৰাখিছিল৷ এবাৰ অৰূপ মান্নাৰ ছবি এখন চাবলৈ তেজপুৰৰ ত্ৰিবেণী ছবিগৃহলৈকো যাবলগীয়া হৈছিল, কিন্তু তেওঁৰ কথাৰ থুনপাকে যাত্ৰাৰ সময়চোৱা উপভোগ্য কৰি দূৰত্বৰ বোজা অনায়াস কৰি তুলিছিলে৷ এইখিনি সময়তে তেওঁৰ নিৰপেক্ষতা আৰু ঔচিত্যবোধৰ সম্ভেদ সতকাই পাইছিলো কিয়নো ছবি সম্পাদনাৰ বঁটা প্ৰাপকৰ প্ৰসংগ বিবেচনা কৰাৰ পুর্বেই তেওঁ আলোচনা কক্ষ ত্যাগ কৰিছিল, তাৰ কাৰণ আছিল তেওঁৰ দ্বিতীয় পুত্ৰ চলচ্চিত্ৰ সম্পাদক কাজুৰ নামটো প্ৰায়েই বিবেচনাধীন ছবিৰ মাজত আছিল৷ এবাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰীত থাকোতে প্ৰবীণ চলচ্চিত্ৰকাৰ এজনে আমাৰ তিনিওজন সহ-জুৰীৰ মতামতক উপেক্ষা কৰি তেওঁৰ ‘ছাত্ৰ’ এজনক বেচ মদগর্বীতাৰে গুৰুত্বপূর্ণ বঁটা এটা দিয়াৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত মজিদ ডাঙৰীয়াৰ স্থিতিটো মহানুভৱতাৰে চানেকি নহয়নে?
সেইজন আব্দুল মজিদ ডাঙৰীয়াৰ আন এটা মহানুভৱতাৰ পৰিচায়ক ঘটনাও আজীৱন মনত ৰৈ যাব৷ ২০০৯ চনত আমি প্ৰথমবাৰৰ বাবে গুৱাহাটীত চিনে-আছা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ পাতিবলৈ লৈছিলো৷ অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক অমুকা আৰু সম্পাদক তেখেতৰে বৰপুত্ৰ নেছিমূল মজিদ৷ মহোৎসৱ উদ্ধোধন কৰিবলৈ অহাৰ কথা আছিল বংগৰ প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক গৌতম ঘোষ, কিন্তু গুৱাহাটী অভিমুখী বিমানখন কলকতাত বাতিল কৰাৰ বাবে তেওঁ আহিব নোৱাৰা কথাটো মূৰামূৰিকৈ জানিব পাৰি বৰ বিমোৰত পৰিলো৷ ইপিনে ৰবীন্দ্ৰ ভৱন দর্শকেৰে ভৰি পৰিছিল৷ মূৰকত নেছিমৰ সৈতে আলোচনা কৰি ময়েই তেখেতক অনুৰোধ কৰিলো৷ “এহ্ সেইটোনো কি ডাঙৰ কথা৷ হ’ব, ময়েই উদ্বোধন কৰি দিম, তোমালোকে চাকি-বন্তি সাজু কৰা”-তেখেতে একেষাৰতে সন্মতি দি আমাৰ উদ্বেগ মুহূর্ততে নোহোৱা কৰিলে৷

এয়া হ’ল মজিদ ডাঙৰীয়াৰ চিৰ স্মৰণীয় সান্নিধ্যৰ সামান্য ৰোমন্থন৷ এতিয়া আমি আলোকপাত কৰিবলৈ চেষ্টা কৰিম আব্দুল মজিদৰ শিল্পীসত্তাৰ ওপৰত, তেওঁৰে দুটি যাউটিযুগীয়া কর্ম ‘ৰঙা পুলিচ’ আৰু ‘চামেলি মেমচাব’ৰ আধাৰত৷
‘ৰঙা পুলিচ’ৰ নৰেণজন
যোৰহাটৰ চিৰনমস্য ব্যক্তি ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ উদ্যোগত তৰাজান সন্মিলন মন্দিৰ, বালিগাঁও মিলন মন্দিৰ আৰু যোৰহাট থিয়েটার্ছ একেলগ হৈ ‘মিলিত শিল্পী সমাজ’ গঠন হোৱাটো এটা ঐতিহাসিকভাৱে তাৎপর্যপূর্ণ ঘটনা আছিল৷ উল্লেখযোগ্য যে এই নাট্যানুষ্ঠানবোৰে বা পাছলৈ মিলিত শিল্পী সমাজেও মূলতঃ বাংলা বা হিন্দী নাটকৰ অনুবাদ আৰু মঞ্চায়নৰ যি ধাৰা অব্যাহত ৰাখিছিল তাৰ ওৰ পেলাইছিল ইন্দ্ৰেশ্বৰ বৰঠাকুৰেই ল’ৰাহঁতক অসমীয়া মৌলিক নাটক লিখিবলৈ প্ৰায় বাধ্য কৰি৷ তেওঁৰ ‘পাৰিবা, পাৰিবই লাগিব’ ধৰণৰ কঠোৰ নির্দেশৰে সুমিষ্ট ফল হৈ জন্ম হৈছিল ‘ৰঙা পুলিচ’ নাটকখনৰ, ৰমেশ শর্মাৰ কাপত৷
ইতিমধ্যে ছবি পৰিচালক হিচাপে খ্যাত নিপ বৰুৱাই ভ্ৰাতৃ ব্ৰজেন বৰুৱাৰ সৈতে তেওঁৰ শেহতীয়া ছবি ‘স্মৃতিৰ পৰশ’ৰ প্ৰচাৰ কৰিবলৈ যাওঁতে ইফালে ‘মিলিত শিল্পী সমাজে’ ‘ৰঙা পুলিচ’ জিলা পুথিভঁৰালত মঞ্চস্থ কৰি আছিল৷ সেই সময়তে শিল্পী সমাজে আকৌ চৈয়দ আব্দুল মালিকৰ ‘মাটিৰ চাকি’ উপন্যাসখন চলচ্চিত্ৰায়িত কৰিবলৈ পাঙিছিল৷ পিছে নাটক চাই উঠি বৰুৱা ভ্ৰাতৃদ্বয়ে ‘ৰঙা পুলিচ’ৰ আধাৰতো যে এখন ভাল চলচ্চিত্ৰ সম্ভৱ সেই বিষয়ে সমাজক আশ্বস্ত কৰিবলৈ সক্ষম হ’ল আৰু ইয়াৰ ফলতে ১৯৫৮ চনত নিপ বৰুৱাৰ পৰিচালনাত ‘মিলিত শিল্পী সমাজ চিনে প্ৰডাক্সনছ্ প্ৰাইভেট লিমিটেড’ৰ বেনাৰত ‘ৰঙা পুলিচ’এ মুক্তি পালে৷
উত্তৰ স্বাধীনতাৰ কালচোৱাৰ অসমীয়া নিম্ন মধ্যবিত্ত যৌথ পৰিয়াল এটাৰ আধাৰত নির্মিত ‘ৰঙা পুলিচ’ত মূলতঃ দাৰিদ্ৰপীড়িত পৰিয়ালটোৰ সদস্যসকলৰ ভিন্ন সামাজিক অৱস্থান আৰু তজ্জনিত সংঘাতৰ মাজেৰে কিছু প্ৰচ্ছন্নভাৱে হ’লেও সেই সময়চোৱাৰ সামাজিক-অর্থনৈতিক পৰিস্থিতিৰ এখন ছবি ফুটাই তোলা হৈছিল, য’ত অর্ধশিক্ষিত, হতাশাগ্ৰস্ত আৰু বিপথগামী নিবনুৱা ডেকা এটাৰ চৰিত্ৰত অপূর্ব অভিনয় কৰিছিল আব্দুল মজিদে৷ মদ আৰু জুৱাৰো আশ্ৰয় লৈ প্ৰায়ে নিশা মাতাল হৈ ঘৰ সোমোৱা নৰেণৰ ভ্ৰাতৃ নন্দ আকৌ পুলিচৰ কনিষ্টবল আৰু উচ্চ শিক্ষিত ৰবীন এজন হাকিম৷ ঘৰখনত সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰে ৰবীন বৰুৱা সপত্নীক নিজ ঠাইলৈ বদলি হৈ অহাৰ পিছৰ পৰা৷ কাৰণ তেওঁৰ পত্নী মীৰাই ভুৱা আভিজাত্যৰ ভেমেৰে ঘৰখনৰ আটাইকে লঘু-লাঞ্ছনা কৰিছিল আৰু আনকি বিধবা ভগ্নী মাকনক বন কৰা তিৰোতাৰ দৰে জ্ঞান কৰিয়েই ক্ষান্ত নাথাকি নৰেণ আৰু মাকনৰ মাজত অকল্পনীয় সম্পর্কও আৱিষ্কাৰ কৰিছিল৷ পত্নীহাৰা ‘চল্লিছটকীয়া’ শিক্ষক পিতৃয়ে বৰপুত্ৰক উচিত শিক্ষা দিওঁতে বাকী দুজন পুত্ৰই পর্যাপ্ত শিক্ষা লভাৰ পৰা বঞ্চিত হৈছিল যদিও বৰপুত্ৰই ঘৰখনৰ দায়িত্ব ল’বহি বুলি কৰা আশা অহংকাৰী বোৱাৰীয়ে ধূলিস্যাৎ কৰাই নহয় এসময়ত ৰবীনক ঘৰখনৰ পৰাই নিলগাই নিছিল৷ পাছলৈ পিতৃৰ গুৰুতৰ অসুখৰ বাবে লগা ঔষধৰ খৰছৰ বাবে নবৌৱেকৰ ওচৰত হাত পাতি প্ৰত্যাখিত হৈ নৰেণে মূৰকত ডকাইতি কৰিবলৈ গৈ এক হত্যাকাণ্ড কৰি পেলালে আৰু এদিন নিজ ঘৰত আশ্ৰিত নৰেণক আটক কৰি বিচাৰৰ বাবে লৈ গ’ল ভাতৃ নন্দই৷
উত্তৰ স্বাধীনতাৰ সময়চোৱাত নব্যশিক্ষিত শ্ৰেণীটোৰ অনেকেই ভুৱা আভিজাত্যৰ গর্ববোধ আৰু অহংকাৰেৰে নিজৰ মূলোছ্ছেদ কৰি কিদৰে পাৰিবাৰিক সংহতি ব্যাহত কৰিছিল বা যৌথ পৰিয়ালবোৰলৈ ভাঙোন আনিছিল তাক ‘ৰঙা পুলিচ’ত সুন্দৰকৈ চিত্ৰায়িত কৰা হৈছিল৷ এহাতে যিদৰে নন্দৰ চৰিত্ৰটোৰ মাজেৰে অচলা কর্তব্যনিষ্ঠা ফুটি উঠিছিল, সেইদৰে দেশে স্বাধীনতা লভাৰ এদশক অতিক্ৰম কৰোতেই পুলিচ বিভাগৰ কিছু কর্মচাৰীৰ মাজত দুর্নীতিয়ে শিপোৱাৰো ইংগিতো আছিল৷ তদুপৰি নৰেণ আৰু তেওঁৰ সংগীসকলৰ বিপথগামিতাৰ কাৰণ হিচাপে তেওঁলোকৰ অপর্যাপ্ত শিক্ষা আৰু তদানীন্তন সময়ৰ সংস্থানৰ তাকৰীয়া সুযোগ-সুবিধাৰো অপূর্ব চিত্ৰণ ঘটিছে৷ ছবিখনত তদুপৰি অতি অন্তর্দাহী ৰূপত ফুটি উঠে সেই সময়ৰ বিধৱাই সন্মুখীন হোৱা অভাৱনীয় দুর্ভোগ আৰু লাঞ্ছনা-গঞ্জনাৰো ছবি৷ কিন্তু ছবিখন চালে বুজা যায় যে পৰিচালক নিপ বৰুৱাই চলচ্চিত্ৰ ভাষাটো প্ৰায় আয়ত্ত কৰিছিল আৰু সুন্দৰ দৃশ্যসজ্জা(Mise-en-scene), অপূর্ব দৃশ্যৰচনা, দৃশ্যান্তৰ আৰু কাহিনীৰ জড়তাহীন উন্মোচনৰে ধন্য কৰি ‘ৰঙা পুলিচ’ক এখন অন্তৰস্পর্শী ছবিৰ ৰূপ দিয়াত সফল হৈছিল৷
‘ৰঙা পুলিচ’ৰ সবাতোকৈ চকুত লগা কথাটো আছিল কেৱল দুজনমান অভিনেতাৰ বাদে প্ৰায় আটাইৰে স্বাভাৱিক চলচ্চিত্ৰীয় অভিনয়৷ এই ক্ষেত্ৰত সম্ভৱতঃ নিপ বৰুৱায়ে নিজে বাট দেখুৱাইছিল কিয়নো নন্দৰ চৰিত্ৰত তেওঁ নিজেই স্মৰণীয় সার্থক অভিনয় কৰিছিল৷ কিন্তু তেওঁৰ লগতে ছবিখনৰ অতিকৈ গুৰুত্বপূর্ণ চৰিত্ৰ নৰেণ, যি হতাশগ্ৰস্ত আৰু বিপথগামী অথচ দায়িত্বশীল পুত্ৰ, সেই ভূমিকাত ৰসোত্তীর্ণ অভিনয় কৰিছিল তেতিয়াৰ চেঙেলীয়া ডেকা আব্দুল মজিদে৷ তেওঁ ছবিখনৰ বিভিন্ন আবেগিক মুহূর্তত নিয়ন্ত্ৰিত, পৰিমিত আৰু মর্মস্পর্শী অভিনয় কৰি ভৱিষ্যতৰ প্ৰতিভাশালী শিল্পীজনৰ সম্ভাৱনা যেন দ্ব্যর্থহীনভাৱে উচ্চাৰিত কৰিছিল৷ নন্দৰ তীব্ৰ তিৰস্কাৰৰ পাছত ঘৰৰ পৰা ওলাই অহা নৰেণে চহৰৰ মাজেৰে দিকভ্ৰান্তৰ দৰে চাকৰি বিচাৰি ফুৰোতে বা শেহলৈ নবৌৱেকৰ প্ৰত্যাখানৰ পাছত পুনৰ চহৰৰ বাটত অসহায়ভাৱে ঘূৰি ফুৰোতে মনত যেতিয়া অপৰাধ এটা সংঘটিত কৰিবলৈ মানসিক প্ৰস্তুতি চলায়, সেইবোৰ সময়ৰ সূক্ষ্ম আবেগ মজিদে ফুটাই তুলিছিল অপূর্ব শাৰীৰিক ভাষা আৰু অভিব্যক্তিৰে৷ তেতিয়ালৈকে মাথো নাটকেই কৰি অহা মজিদ প্ৰমুখ্যে মিলিত শিল্পী সমাজৰ অভিনেতাসকল, যাৰ মাজত ডেকা চৈয়দ আব্দুল মালিকো আছিল, তেওঁলোকৰ পৰা নিপ বৰুৱাই এনে চলচ্চিত্ৰীয় অভিনয় আদায় কৰিব পৰাটো কম কৃতিত্বৰ কথা নাছিল৷ প্ৰসংগত বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে মজিদৰ বিষয়ে কৰা এটা গুৰুত্বপূর্ণ মন্তব্যৰ আধাৰতো সেইসময়ৰ মঞ্চ-অভিনেতাজনৰ বিষয়ে এটা ধাৰণা কৰিব পৰা যায়৷ বৰঠাকুৰে লিখিছেঃ “এই ‘মিলিত শিল্পী সমাজ’এ মঞ্চলৈ যি কেইগৰাকী তৰুণ প্ৰতিভা উলিয়াই আনিছিল সেই কেইজনৰ মধ্যমণি আছিল আব্দুল মজিদ — আমাৰ মজিদকা৷ মানুহজনৰ শাৰীৰিক গঠন, দৃঢ় পুৰুষ কণ্ঠ, খোজ-কাটল দেখিলে এনে লাগে যেন মঞ্চৰ বাবেই মজিদকাৰ জন্ম৷ মজিদকাই যেতিয়া আবৃত্তি কৰিছিল, শ্ৰোতা অভিভূত বিস্ময়েৰে থৰ হৈ গৈছিল৷ উদ্দাত্ত কণ্ঠৰ উচ্চাৰণ, নাটকীয় প্ৰক্ষেপনে গোটেই পৰিৱেশটো এনে এক শীর্ষ স্তৰলৈ লৈ গৈছিল যে তাক কেৱল উপলব্ধিহে কৰা যায়, বর্ণনা কৰা নাযায়৷ ” (মহেন্দ্ৰবৰঠাকুৰ, পৃষ্ঠানং১৫৬, মোৰজীৱনপৰিক্ৰমাঃঅসংলগ্নদস্তাবেজ’)
‘চামেলি মেমচাব’ৰ পৰিচালকজন
নাটকবলীয়া আব্দুল মজিদে ১৯৬২ চনত কর্মসূত্ৰে নগাঁৱত থাকোতে প্ৰযোজক ইদুল হুচেইনৰ কাহিনীৰ আধাৰত প্ৰথমবাৰৰ বাবে নির্মাণ কৰিছিল ‘মৰমতৃষ্ণা’ ছবিখন৷ জানিব পৰা মতে ছবিখনে ভাল ব্যৱসায়েই কৰিছিল৷
মিলিত শিল্পী সমাজৰ “গুৰুদেৱৰ আদেশ আৰু তাগিদাত ভূৱন ৰঞ্জন বৰঠাকুৰে(ভাৰতী ছন্দনামত) লিখিলে (১) তাজৰ ৰচনা, (২) দুলেৰা, (৩) লিগিৰীৰ অভিশাপ, (৪) ৰঙা মদাৰ; ৰমেশ শর্মাই লিখিলে (১) চেক্ৰেটেৰী আৰু (২) ৰঙা পুলিচ৷ মই লিখিলোঁ (১) বঞ্ছিতা (২) ধূলি-মাকতি (৩) সিহঁত আহিছে (৪) চোৰ (৫) সম্পূর্ণ মহাভাৰত আৰু (পাছলৈ) ভ্ৰাম্যমান থিয়েটাৰৰ বাবে (৬) চামেলি মেমচাব (৭) স্পার্টাকাছ৷” (আব্দুলমজিদ, পৃষ্ঠানং১৩, মোৰজীৱনপৰিক্ৰমাঃঅসংলগ্নদস্তাবেজ’) মজিদৰ নাট্যকাৰৰ ৰূপত এই আৱির্ভাৱে ভৱিষ্যতৰ কুশলী চিত্ৰনাট্য ৰচকজনৰ উত্তৰণত যে প্ৰভূত সহায় কৰিছিল সেই বিষয়ে সন্দেহ নাই৷ যদিও আব্দুল মজিদে তেওঁৰ দ্বিতীয়খন ছবি স্বৰচিত ‘চোৰ’ নাটকৰ আধাৰতে কৰিবলৈ পাঙিছিলে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৱন বেজবৰুৱাই প্ৰথমে ‘চামেলি মেমচাব’ৰ ভিত্তিত ছবি নির্মাণৰ পৰামর্শ তেওঁক দিছিল৷ মজিদে কিছুদিনলৈ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাছিল যদিও মূৰকত আকাশবাণীৰ অৱন বৰপূজাৰীয়েহে একেটা কাহিনীৰ আধাৰত ছবি নির্মাণ কৰিবলৈ তেওঁক সৈমান কৰিব পাৰিছিল৷ ১৯৭১ চনত নতুন দিল্লীলৈ চিৰাজ হুচেইনৰ ‘অভিযাত্ৰী’ নাটকখন কৰিবলৈ যাওঁতে অৱন বৰপূজাৰীৰ আতিথ্য গ্ৰহণৰ কালতে নিজৰ ‘চোৰ’ নাটকৰ আধাৰত ছবি নির্মাণৰ যোজা চলোৱাৰ কথা কওঁতে বৰপূজাৰীয়ে ‘চোৰ’ৰ পৰিৱর্তে ‘চামেলি মেমচাব’ৰ ভিত্তিত ছবি কৰিবলৈহে বুজনি দি কৈছিলঃ “যেনে ধৰা তুমি ছবি কৰিলা৷ ছবিখন কলাসুলভ হ’বই৷ আমোদ-প্ৰমোদ লাগিব৷ আৰু আটাইতকৈ দৰকাৰী কথাটো হ’ল দর্শক লাগিব৷ মানে বহুত দর্শক৷ ছবি কৰি লাভৰ মুখ দেখিব লাগিব৷….” উত্তৰত মজিদে কৈছিল “তোমাৰ কথাখিনিৰ যুক্তি প্ৰৱল৷ কিন্তু কথা হ’ল, মই ছবি কৰা মানুহ নহয়- নাটকৰ মানুহহে৷ সেয়ে বন্ধু-বান্ধৱ, ভাই ককাইবোৰৰ পৰামর্শৰ গইনা লৈহে কিবা এটা কৰিব লাগিব৷” (অৱনবৰপূজাৰী, পৃষ্ঠানং১৬০, মোৰজীৱনপৰিক্ৰমাঃঅসংলগ্নদস্তাবেজ’) কোৱা বাহুল্য, উভটি অহাৰ পিছত কিছুদিনৰ ভিতৰতে মজিদে ‘চামেলি মেমচাব’ৰ চিত্ৰনাট্য ৰচনাৰ কাম সম্পূর্ণ কৰিছিল আৰু ১৯৭৫ চনত ছবিখনে মুক্তি লভাৰ পাছত লভিছিল অভূতপূর্ব বাণিজ্যিক সফলতা, য’ত অসমৰ চাহ শ্ৰমিক দর্শকৰো অৰিহনা আছিল অসামান্য৷
এই কথাত সন্দেহ নাই যে প্ৰথমৰ পৰাই কলাত্মক উৎকর্ষতকৈয়ো বাণিজ্যিক সফলতাৰ নিশ্চয়তা ‘চামেলি মেমচাব’ৰ মূল চালিকা শক্তি আছিল৷ ঘনিষ্ঠ সূত্ৰৰ মতে, ‘চামেলি মেমচাব’ গল্পটোৰ আধাৰত ছবি কৰিবলৈ থিৰ কৰাৰ আন এটা মূল কাৰণ আছিল সচৰাচৰ পৰিলক্ষিত বৃটিছ চাহাবৰ বঞ্চনাকামী, শোষণকাৰী আৰু সুবিধাবাদী চৰিত্ৰৰ ষ্টিৰিঅ’টাইপৰ পৰিৱর্তে সংবেদনশীল আৰু মানৱদৰদী বার্কলে চাহাবৰ নিভাঁজ প্ৰেম আৰু ত্যাগৰ কাহিনীয়ে শিল্পী মজিদৰ অন্তৰত বেথাৰ খলকনি তুলিছিলে আৰু কাহিনীটোৰ এই কাৰুণ্যবোধ ফুটাই তুলিবলৈ তেওঁ পার্যমানে চেষ্টা কৰিছিল৷ ‘চামেলি মেমচাব’ চালে ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ পাঠশালাৰ পৰা ওলাই অহা লেখক-নাট্যকাৰ আব্দুল মজিদৰ সংবেদনশীলতা, উদ্ভাৱনশীলতা আৰু পৰিপক্কতা নিশ্চিতকৈ অনুধাৱন কৰিব পাৰি কিয়নো সেই সময়ৰ অসমীয়া ছবিত সতকাই চকুত নপৰা অ-সৰলৰৈখিক ভংগীৰে তেওঁ ‘চামেলি মেমচাব’ৰ চিত্ৰনাট্য ৰচনা কৰিছিল আৰু অভূতপূর্ব কৃতিত্বৰে কাহিনীৰ অভিঘাত আৰু ব্যঞ্জনাৰে দর্শকৰ মনোজগত আলোড়িত কৰাৰ লগতে উৎকন্ঠাও শেহলৈ ধৰি ৰাখিব পাৰিছিল৷
‘চামেলি মেমচাব’ৰ আৰম্ভণি হয় চাহাবৰ বাংলোত অতৃপ্ত অশৰীৰি আত্মাৰ বিচৰণৰ ইংগিতেৰে, এখন প্ৰশস্ত বিচনাত গাৰু এটাই পাক্-ঘূৰণি খাবলৈ লোৱাৰ দৃশ্যৰে, নেপথ্যত যিসময়ত হৃদয়বিদাৰক সুৰেৰে বাজি থাকে ‘হাৱা নাই, বাতাস নাই, স্বৰগেতে সুখ নাই’ গীতটো৷ দৃশ্যান্তৰত আমি দেখো এখন দ্ৰুতবেগী ৰেল আৰু উৎকণ্ঠিত যাত্ৰী এজনৰ মুখ, তাৰ লগে লগে আৰম্ভ হয় মূল নেম কাষ্টিং৷ এক শিথিল মন্টাজৰ মাজেৰে আমি দেখো চাহ বাগিচা এখনৰ দৃশ্য, ল’ এংগল শ্বট এটাত ধৰা পৰে বাংলোৰ বাৰাণ্ডাৰে এক অস্পষ্ট নাৰীমূর্তিৰ নিসাৰ খোজ-কাটল, ফ্ৰেমত ভাঁহি উঠে পাইপসহ বার্কলে চাহাবৰ উদ্বিগ্ন মুখ, নেপথ্যত আনন্দমেলাৰ ঘূর্ণীয়মান চকৰি (Ferry’s Wheel), বাগিচাৰ মাজেৰে খোজ কাঢ়ি অহা এক যুৱতীৰ ভৰি, বাগিচাৰ ফেক্টৰী, বাংলোৰ বাৰাণ্ডাৰে বাট বোলা বার্কলেৰ কুকুৰটো, চলমান ৰেলৰ লং শ্বট, ছাঁ-পোহৰে খেলা কৰি যোৱা যাত্ৰীজনৰ মুখখন, ৰেলৰ ওপৰৰ পৰা লোৱা ধুমায়মান ইঞ্জিনৰ দৃশ্য, পাইপ হুপি চাহ বাগিচাৰ মাজৰ পৰা ওলাই অহা বার্কলে–এইখিনিয়ে কাহিনীৰ আসন্ন ঘটনাক্ৰমৰ এক ইংগিত দিয়ে, দর্শকৰ মনত উৎকণ্ঠা জন্মায়৷ মূৰকত দেখা যায় পেহায়েকৰ ঘৰত থাকিয়েই বাগিচাৰ স্কুলত শিক্ষকতা কৰিবলৈ অহা সোণৰ সৈতে ক্ৰমে বার্কলে চাহাবৰ ঘনিষ্ঠতা হৈছে আৰু এদিন নিজ বাংলোলৈ মাতি নিঠুৰ নিয়তিয়ে আউল লগোৱা অতীতৰ প্ৰেম আৰু তাৰ শোকাবহ পৰিণতিৰ কাহিনী শুনাবলৈ ধৰিছে৷
‘চামেলি মেমচাব’ৰ আৰম্ভণিৰ প্ৰায় ত্ৰিছ মিনিট সময়ত পৰিচালক মজিদে এহাতে চাহ বাগিছাৰ শান্ত-সমাহিত জীৱন-যাত্ৰাৰ লগতে শোক-জর্জৰ বার্কলে চাহাবৰ দিকভ্ৰান্ত জীৱনৰ আভাস দিয়াই নহয় তেওঁৰ প্ৰতি বাগিচাৰ মানুহৰ অহেতুক বিৰাগৰো চিত্ৰায়নেৰে তেওঁৰ অতীত জীৱনৰ ৰহস্যক লৈ দর্শকৰ মনত এক তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰে৷ ইয়াৰ পাছত যেতিয়া বার্কলেই তেওঁৰ অতীতৰ বিষয়ে শিক্ষক সোণৰ আগত ক’বলৈ ধৰে, ফ্লেশ্ববেকত ‘অসম দেশৰ বাগিচাৰে ছোৱালী’ শীর্ষক গীতেৰে যৌৱনমতী প্ৰাণচঞ্চলা চামেলিৰ আৱির্ভাৱ হয়৷ এই গীতটোৰ মাজত ডঃ ভূপেন হাজৰিকাই ‘এ বাপ-দাদা আছিলে কোনোবা মুলুকত, পিছে আমি বিহু গাব জানো’ৰ দৰে শাৰীৰ অর্থবহ সংযোজনেৰে চাহ মজদুৰসকল যে ইতিমধ্যে অসমীয়া জন-জীৱনৰ লগত জীন গৈছে তাৰ ইংগিত দিয়ে৷ চামেলিক প্ৰাণভৰি ভাল পাইছিল বাগিচাৰে যুৱক মদ্যপায়ী মগলুয়ে, কিন্তু তাই বার্কলে চাহাবৰ চকুত পৰিল আৰু এটা সময়ত বার্কলেই তাইক খ্ৰীষ্টিয় ৰীতিৰে বিয়া কৰি পেলালে৷
এখন্তেক বিৰতি লৈ বার্কলেই সোণক পুনৰ কৈ যায় সুখৰ দাম্পত্য জীৱনৰ ছন্দপতনৰ পাছৰচোৱা কাহিনী৷ কাৰণ বিয়াৰ কিছুদিনৰ পাছতে গর্ভৱতী চামেলিৰ দেহত জটিল টিউবাৰকুলইড কুষ্ঠ ৰোগে দেখা দিলে৷ আৰু আনকি তাই যিটো কন্যা সন্তানৰ জন্ম দিলে তাইয়ো হ’ল জন্মাৱধি শাৰীৰিকভাৱে বাধাগ্ৰস্ত৷ চিকিৎসকৰ পৰামর্শত সংক্ৰামক কুষ্ঠ ৰোগী চামেলিক বার্কলেই নহয় সন্তানটোৰ পৰাও পৃথকে ৰাখিবলগীয়া হ’ল৷ চিকিৎসাই ফল নিদিয়া ৰোগত অশেষ জীয়াতু ভোগ কৰি স্বামী-সন্তানৰ পৰাও বিচ্ছিন্ন চামেলিয়ে অসহনীয় মনোবেদনাত বার্কলেক নিঠৰুৱা কৰি আত্মহননেৰে জীৱনৰ পৰা বিদায় মাগিলে৷ চামেলিৰ সোঁৱৰণীৰ বা বলি থকা বাগিচাৰ মাজেৰে দিশহাৰা, হতভাগা চৰিত্ৰৰ দৰে অনাই-বনাই বার্কলে ঘুৰি ফুৰে৷ বার্কলেই সোণক জনায় তেওঁ মাথো এতিয়া অপেক্ষা কৰিছে আসন্ন মৃত্যুৰ ক্ষণ গণি থকা সন্তানটিৰ মৃত্যুৰ বাবে৷ হয়তো তাৰ পাচত তেওঁ দেশলৈ উভটি যাব৷
‘চামেলি মেমচাব’ৰ চিত্ৰনাট্যৰ এই আৱর্তিত কিন্তু অ-সৰলৰৈখিক গাঁথনিয়ে চিত্ৰনাট্যকাৰ মজিদৰ প্ৰতিভা দ্ব্যর্থহীনভাৱে প্ৰমাণ কৰে৷ এই কথা উল্লেখযোগ্য যে নিৰোদ চৌধুৰীৰ নিচেই চুটি গল্পটোৰ আধাৰত চিত্ৰনাট্যখন লিখোতে মজিদে বাগিচাৰ বাবুৰ ৰূপত পেহাক-পেহীয়েক, নকৈ বাগিচালৈ অহা শিক্ষক সোণৰ তেওঁলোকৰ সৈতে আত্মীয়তা আৰু নিজেই অভিনয় কৰা মগলুৰ চৰিত্ৰৰ সৃষ্টিতো তেওঁৰ উদ্ভাৱনশীলতাৰ চানেকি দিয়ে কিয়নো এই চৰিত্ৰ আৰু সম্পর্কসমূহৰ সৃষ্টিৰ বাবেই ‘চামেলি মেমচাব’ এখন ৰসঘন ছবি হৈ পৰিছিল৷ তদুপৰি বিশেষকৈ মজিদে চিত্ৰনাট্যৰ গাঁথনিত প্ৰচলিত ভংগী পৰিহাৰ কৰিও ছবিখনক এক পৃথক মাত্ৰা দিবলৈ সক্ষম হৈছিল৷ অৱশ্যে বাগিচাৰ বৃটিছ চাহাব এজন আকর্ষিত হ’ব পৰাকৈ চামেলিৰ চৰিত্ৰটোৰ আৰু কিছু বিকাশ যথা তাইক অধিক শিক্ষিতাৰ ৰূপত দেখুৱাৰ প্ৰয়োজন যেনেকৈ চিত্ৰনাট্যই দাবী কৰে তেনেদৰে অতি আকস্মিক যেন লগা বার্কলে-চামেলিৰ বিয়াৰ পূর্বে উভয়ৰে মাজৰ অন্তৰংগতা আৰু প্ৰণয়ৰ অধিক চিত্ৰণ বা ইংগিতো চিত্ৰনাট্যই দাবী কৰিছিল৷
পৰিচালক হিচাপে ‘চামেলি মেমচাব’ মজিদৰ অক্ষয় কীর্তি আছিল যাৰ স্মৃতি আজিও পুৰণাচাম মানুহে পাহৰিব পৰা নাই৷ বিশেষকৈ চিত্ৰনাট্যৰ সুন্দৰ গাঁথনিৰ বাবেই ছবিখনে এক অনন্য মাত্ৰা লভিছিল এনে নহয় বৰঞ্চ অভাৱনীয় সাহসেৰে জর্জ বেকাৰ আৰু বিনীতা গোঁহাইৰ দৰে নৱাগতক লৈ তেওঁলোকৰ পৰা সুন্দৰ অভিনয় আদায় কৰি মজিদে ‘চামেলি মেমচাব’ক এখন মর্মস্পর্শী ছবি ৰূপে গঢ় দিবলৈ সক্ষম হৈছিল৷ তেওঁৰ দক্ষ পৰিচালনাৰ বাবেই বাগিচা এখনৰ কেচাঁ মাটি আৰু কুমলীয়া চাহপাতৰ নির্ভেজাল সৌৰভ দর্শকৰ মাজলৈ বিয়পি পৰাই নহয়, বার্কলে চাহাবৰ জীৱনৰ কৰুণ গাঁথাৰ অপূর্ব, সত্যনিষ্ঠ, প্ৰত্যয়ী আৰু অন্তর্দাহী চলচ্চিত্ৰায়নে দর্শকক শোকার্ত কৰিও তুলিছিল৷ কোৱা বাহুল্য, এনেবোৰ কাৰণতে ‘চামেলি মেমচাব’ পর্যবসিত হৈছিল এখন যাউতিযুগীয়া ছবিলৈ৷ এইটো ঠিক যে সুষম হোৱাৰ পৰিৱর্তে ‘চামেলি মেমচাব’ৰ অনেক দৃশ্যান্তৰত একধৰণৰ আকস্মিকতা আছে, কিন্তু মই ভাবো তাৰ বাবে দায়ী চিত্ৰগ্ৰহণকাৰী বিজয় দেহে৷ ঠায়ে ঠায়ে বিজয় দেৰ কামে চমৎকৃত কৰে যদিও সামগ্ৰিকতাৰ ফালৰ পৰা তেওঁৰ চিত্ৰগ্ৰহণ পৰিমার্জিত আৰু সৃজনশীল যেন লগাৰ পৰিৱর্তে তাত একধৰণৰ যত্নহীনতাহে (casualness) দেখোঁ৷ এতিয়া ছবিখন চালে এনে ভাব হয় যে অধিক গুণী, চলচ্চিত্ৰৰ নান্দনিক দিশৰ প্ৰতি সজাগ চিত্ৰগ্ৰাহকৰ হাতত পৰিলে ‘চামেলি মেমচাব’খনে কিজানি আৰু বহুগুণে ৰসোত্তীর্ণ ছবিৰ ৰূপ পৰিগ্ৰহ কৰিলেহেঁতেন !
‘চামেলি মেমচাব’ৰ আন এটা গুৰুত্বপূর্ণ দিশ হ’ল ইয়াৰ নৃতাত্ত্বিক তাৎপর্য, য’ত চাহ জনগোষ্ঠীয় সমাজখন তাৰ দোষ-গুণ, ৰং-ৰহইচ আৰু উৎসৱ-পার্বনেৰে সজীৱ হৈ উঠিছিল আৰু পৰিপ্ৰেক্ষিতত বাগিচাখন আৰু তাৰ কলঘৰ- সেয়াও সুন্দৰভাৱে উপস্থাপিত হৈছিল৷ চিনেমাৰ ইতিহাসত ষাঠিৰ দশকত মূলতঃ ফৰাচী নৃতত্ত্ব বিজ্ঞানী আৰু চলচ্চিত্ৰকাৰ জাঁ ৰউছে ৰাছিয়ান আৰু আমেৰিকান তথ্যচিত্ৰ নির্মাতা ক্ৰমে ‘মেন উইথ এ মুভি কেমেৰা’ আৰু ‘নানুক অৱ দ্য নর্থ’ খ্যাত জিগা ভের্টভ আৰু ৰবার্ট ফ্লেহার্টিৰ তত্ত্ব আৰু ছবিবোৰৰ অনুপ্ৰেৰণাত যি সত্যনিষ্ঠ চিনেমা(Cinema Verite) বা প্ৰত্যক্ষ ছবিৰ ধাৰণাৰ জন্ম দিছিলে তাৰ এটা মূল অংগ আছিল নৃগোষ্ঠীয় কাহিনীচিত্ৰ (Ethnofiction)৷ উল্লেখযোগ্য যে, পৰৱর্তী কালত ইয়াৰ এটা উপ-ভংগী (Sub-genre) হিচাবেই তথ্যমূলক কাহিনীচিত্ৰৰ (Docu-feature) ভংগীৰ জন্ম হয় যাৰ মূল ধাৰণাটো হ’ল এয়ে যে, ‘তথ্যচিত্ৰ আৰু কাহিনী মিলি য’ত অধিকতৰ সত্যৰ ৰূপায়ণ হয়৷’ এই ধাৰণাটোৰ আধাৰতে আমি নিশ্চয়কৈ ‘চামেলি মেমচাব’ক এখন সার্থক তথ্যমূলক কাহিনীচিত্ৰ ৰূপেও গণ্য কৰিব পাৰো কিয়নো বার্কলে চাহাবৰ কাৰুণ্যভৰ কাহিনীটোৰ মাজেৰে অসমৰ চাহ বাগিচাৰ সত্যনিষ্ঠ ছবি এখনো ‘চামেলি মেমচাব’ত প্ৰাণৱন্তকৈ উদ্ভাসিত হৈ উঠিছিল, য’ত ভূপেন হাজৰিকাৰ সংগীতে এক নির্ণায়ক ভূমিকা লৈছিল৷
এই কথা অনস্বীকার্য যে ‘চামেলি মেমচাব’ৰ সফলতাৰ বহুখিনি দাবীদাৰ সংগীত পৰিচালক ডঃ ভূপেন হাজৰিকাও৷ এহাতে তেওঁ ‘হাৱা নাই, বাতাস নাই’ গীতটোৰে চামেলিৰ অপূর্ণ সপোন আৰু সহ্যাতীত বিৰহৰ মর্মবেদনা অত্যন্ত অন্তৰস্পর্শীকৈ যিদৰে প্ৰকাশ কৰিছে সেইদৰে প্ৰাণচঞ্চলা, উদ্দীপনাময় চামেলিৰ চৰিত্ৰটোও ‘অসম দেশৰ বাগিচাৰে ছোৱালী’ গীতটোৰে সুন্দৰকৈ ফুটাই তুলিছে৷ একেদৰে ছবিখনৰ শেহত “অ’ বিদেশী বন্ধু, দুভর্গীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুন কান্দোনৰ” বা “চিৰ সেউজতে চামেলি দেখিলি, অতি মনোমুগ্ধকৰ, লিৰিকি বিদাৰি সুগন্ধ লওঁতেই চামেলি হ’লগৈ পৰ”- এনেধৰণৰ মর্মস্পর্শী পংক্তিৰে ভৰা গীতটোৰে বার্কলে চাহাবৰ জীৱনৰ কৰুণ নিয়তি আৰু মনৰ অপাৰ দুখ আৰু শূন্যতাবোধো তেওঁ অব্যর্থভাৱে ফুটাই তুলি ছবিখনৰ সামৰণি অতি ব্যঞ্জনাময় কৰি তোলে৷
নিজকে ‘মই ছবি কৰা মানুহ নহয়- নাটকৰ মানুহহে’ বুলি দাবী কৰা আব্দুল মজিদ মূলতঃ নাটকৰ মানুহ আছিলনে চলচ্চিত্ৰৰ মানুহ আছিল বা কোনটো মাধ্যমত অধিক সাৱলীল আছিল তাৰ বিচাৰ গুণীজনে নিশ্চয় কৰিব৷ কিন্তু মই মানুহজনৰ মাজত নাটক আৰু চলচ্চিত্ৰ এই উভয় মাধ্যমৰ প্ৰতি প্ৰচণ্ড অনুৰাগ শেহলৈকে প্ৰত্যক্ষ কৰিছিলো, তেওঁৰ মাজত তাতোকৈ বিস্ময়েৰে প্ৰত্যক্ষ কৰিছিলো এক ক্লান্তিহীন কর্মোন্মাদনা, অম্লান চিত্তচাঞ্চল্য – সেইখিনিক পাথেয় কৰি ল’ব পাৰিলেহে নতুন পুৰুষেও তেওঁলোকৰ অভিপ্ৰেত গন্তব্যত উপনীত হ’ব পাৰিব৷
