বিশেষ লেখা

ইন্দ্ৰমালতীৰ জনা-নজনা কথাৰে

প্ৰথমখন অসমীয়া ছবি ‘জয়মতী’ নিৰ্মাণ কৰি কাললৈ খিয়াতি ৰাখি যোৱা  ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা ছবি নিৰ্মাণ কৰিয়েই আৰ্থিকভাৱে জুৰুলা হৈ পৰিল। তথাপি শাৰীৰিক অসুস্থতা আৰু ‘জয়মতী’ৰ তিক্ত অভিজ্ঞতাক একাষৰীয়াকৈ থৈ ১৯৩৮ চনৰ শেষৰফালে দ্বিতীয়খন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰে। ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসৰ আধাৰত পৰৱৰ্তী ছবিখন নিৰ্মাণ কৰাৰ কথা ভাবিছিল যদিও ইতিমধ্যে ৰোহিনী কুমাৰ বৰুৱাক এই কাহিনীৰ স্বত্ব দি থোৱাৰ হেতু জ্যোতি প্ৰসাদে নিজৰেই কাহিনী ‘ইন্দ্ৰমালতী’ক ছবিত তোলাৰ সিদ্ধান্ত লয়। সম্ভৱতঃ তেওঁ কাহিনীটো উপন্যাসৰূপেহে লিখিবলৈ পোনতে আৰম্ভ কৰিছিল। যি কি নহওক পঞ্চাশ হেজাৰ টকা ব্যয়ৰে ‘জয়মতী’ নিৰ্মাণ কৰি আঠাইছ হেজাৰ টকা লোকচান ভৰাৰ বাবেই ‘ইন্দ্ৰমালতী’ মাত্ৰ বাৰ হেজাৰ টকাত নিৰ্মাণ কৰি কিঞ্চিৎ লাভৰ মুখ দেখিবলৈ সক্ষম হয়। তেওঁ নিজেই লিখি থৈ গৈছে – “ব্যৱসায়ৰ স্বাৰ্থত বহু দিশত কম্প্ৰমাইজ কৰিব লগা হ’ল, যাৰ বাবে ‘ইন্দ্ৰমালতী’ক মোৰ হেঁপাহৰ চিনেমা বুলি ক’ব নোৱাৰিম।” কলকাতাৰ অৰোৰা ফিল্ম ষ্টুডিঅ’ই মাহে তিনিশ টকা বন্দৱস্তিত শব্দ আৰু চিত্ৰগ্ৰহণৰ দায়িত্ব গ্ৰহণ কৰা ‘ইন্দ্ৰমালতী’ৰ দৃশ্যগ্ৰহণ জ্যোতিপ্ৰসাদে অবিৰামভাৱে সম্পূৰ্ণ কৰিছিল মাত্ৰ দহদিনত। তেজপুৰৰ নিকটৱৰ্তী নিজৰ আনাৰসৰ বাৰী এখনত ১,৫০০ ফুট দৈৰ্ঘ্যৰ বহিঃদৃশ্য গ্ৰহণৰ কাম শেষ কৰে মাত্ৰ সাতদিনত। ইয়াৰ পাছতে মাত্র আঠজন অভিনেতা-অভিনেত্ৰীক লগত লৈ কলকাতাত অন্তৰ্দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ কৰে তিনিদিনত। অৰ্থ ৰাহি কৰাৰ স্বাৰ্থতেই শৈক্ষিক ভ্ৰমণৰ নামত ৰেহাই ভাৰাত কলকাতাৰে ৰেলেৰে যাত্ৰা কৰে। উল্লেখ্য যে অন্তৰ্দৃশ্যৰ একোটা শ্বটেই আছিল দুই-তিনিশ ফুটৰ। ‘জয়মতী’ৰ দৰে ‘ইন্দ্ৰমালতী’ৰ বাবেও নায়িকা বিচাৰি হাবাথুৰি খাবলগা হৈছিল জ্যোতিপ্ৰসাদ। অৱশেষত তেজপুৰ পাৰ্শ্বৱৰ্তী ডেকাৰগাঁৱৰ ৰাসেশ্বৰী বৰুৱাক ‘মালতী’ চৰিত্ৰত এশ টকা পাৰিশ্ৰমিকেৰে অভিনয়ৰ বাবে মান্তি কৰোৱা হয়।

‘ইন্দ্ৰমালতী’ত “বিশ্ব বিজয়ী নৱ জোৱান” পৰিৱেশন কৰি থকা অৱস্থাত কিশোৰ ভূপেন হাজৰিকা

চিত্ৰলেখা মুভিটোনে প্ৰযোজনা কৰা ‘ইন্দ্ৰমালতী’ৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, সম্পাদনা, গীত ৰচনা, সংগীত পৰিচালনা আৰু পৰিচালনা আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ। শিল্প নিৰ্দেশনা গজেন বৰুৱাৰ আৰু কণ্ঠশিল্পী আছিল ভূপেন হাজৰিকা। ছবিখনত নায়ক ইন্দ্ৰজিৎ বৰুৱাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল মনোভিৰাম বৰুৱাই। নায়কৰ বন্ধু ললিতৰ চৰিত্ৰত আছিল নটসূৰ্য ফণী শৰ্মা। নায়কৰ পিতৃ তথা বেৰিষ্টাৰৰ চৰিত্ৰত নায়ক মনোভিৰাম বৰুৱাৰেই পিতৃ আৰু অসম সাহিত্য সভাৰ ১৯৩৩ চনৰ লখিমপুৰ অধিৱেশনৰ সভাপতি জ্ঞানদাভিৰাম বৰুৱা, ব্যৱসায়ী সুন্দৰ প্ৰতিম বৰুৱাৰ চৰিত্ৰত স্বয়ং  জ্যোতিপ্ৰসাদে আৰু গৰখীয়াৰ চৰিত্ৰত ‘বিশ্ববিজয়ী নৱ জোৱান…’ গাই গাই কিশোৰ ভূপেন হাজৰিকায়ো অভিনয় কৰা ‘ইন্দ্ৰমালতী’ৰ প্ৰিমিয়াৰ হয় ১৯৩৯ চনৰ ৩০ জুলাইত গুৱাহাটীৰ ‘সতী টকীজ’ত আৰু ১ আগষ্টত মুক্তিলাভ কৰে এসপ্তাহৰ বাবে উক্ত ‘সতী’ টকীজত।

১৯৩৯ চনৰ মাৰ্চৰ শেষৰফালে কাম আৰম্ভ কৰি অতি ক্ষিপ্রতাৰে এপ্ৰিলৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলে নিৰ্মাণৰ কাম। ‘জয়মতী’ প্ৰদৰ্শনৰ বাবে জ্যোতিপ্ৰসাদে ভাতৃ বিবেকানন্দ আগৰৱালা আৰু ছবিৰ সহকাৰী পৰিচালক ৰাজেন্দ্ৰ নাথ বৰুৱাৰ নেতৃত্বত মোবাইল ইউনিট গঠন কৰাৰ বিপৰীতে ‘ইন্দ্ৰমালতী’ৰ ক্ষেত্ৰতো একেই পন্থা গ্ৰহণ কৰাৰ বিকল্প নাছিল যদিও এইবাৰ বিতৰণৰ ব্যৱসায়িক লেনদেন তদাৰকৰ দায়িত্ব ‘গৌহাটী বেংক’ক অৰ্পণ কৰে। অৱশ্যে তেওঁলোকে সেই দায়িত্ব শেষলৈকে বহন কৰাত ব্যর্থ হ’ল। পাছত ‘জোনাকী চিনেমা’ আৰু ‘চিত্ৰলেখা ফিল্ম ডিষ্টিবিউটৰ্ছ’ৰ দায়িত্বত থকা ভাতৃ বিবেকানন্দই ‘ইন্দ্ৰমালতী’ৰ বিতৰণৰ দায়িত্ব গ্ৰহণ কৰে।

‘ইন্দ্ৰমালতী’ত সন্নিৱিষ্ট গীতকেইটা হ’ল – ‘বিশ্ববিজয়ী’ নৱ জোৱান’, ‘মোৰে মন বনতে তই কি বাঁহী বজালি’ আৰু ‘ৰূপৰে পানীত সোণৰে পানচৈ’। ‘ইন্দ্ৰমালতী’ৰ পৰা পিছু আৰ্থিক লাভ হ’ল যদিও জ্যোতি প্রসাদ ঋণমুক্ত হ’ব নোৱাৰিলে। নায়ক-নায়িকাৰ নামেৰে ছবি কৰাৰ চিন্তা জ্যোতিপ্ৰসাদেই প্ৰথম আৰম্ভ কৰে। তদুপৰি ‘ইন্দ্ৰমালতী’ প্রথম অসমীয়া সামাজিক ছবিৰূপেও স্বীকৃত।

অসমীয়া চলচ্চিত্ৰজগতৰ বাবে দুৰ্ভাগ্যৰ কথা যে কলকাতাৰ অৰোৰা ষ্টুডিঅ’ত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ‘ইন্দ্ৰমালতী’ৰ ৰীলবোৰ ধ্বংস হৈ যায়। উদ্ধাৰ হোৱা দুটা ৰীল ১৯৭৬ চনত জ্যোতিপ্ৰসাদৰ ভাতৃ হৃদয়ানন্দ আগৰৱালা প্রযোজিত তথা ডঃ ভূপেন হাজৰিকা পৰিচালিত ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী’ নামৰ তথ্যচিত্ৰখনত সংযোজন কৰা হৈছে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.7 / 5. ভোট : 94

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!