জামুগুৰি হাইস্কুলৰ শিক্ষক কেশৱ মহন্তই স্কুলৰ সাংস্কৃতিক উৎসৱত ল’ৰা ছোৱালীবোৰৰ বাবে মাজে-সময়ে লেখি দিছিল সংগীতালেখ্য। তাৰে এখন মঞ্চত পৰিবেশন কৰোতে ঘটনাক্রমে দর্শক হিচাপে উপস্থিত আছিল সেই সময়ত জামুগুৰিত চাকৰি কৰি থকা ব্রজেন বৰুৱা। ব্রজেন বৰুৱা আছিল কেশৱ মহন্তৰ কলেজীয়া দিনৰ চিনাকি। ব্রজেন বৰুৱাক সেই সাংস্কৃতিক সন্ধিয়ালৈ নিমন্ত্রণ কৰা হৈছিল। অনুষ্ঠান চোৱাৰ পিছত ব্রজেন বৰুৱাই কেশৱ মহন্তৰপৰা আলেখ্যখনৰ এটি গীত খুজি লৈ গৈছিল। কলেজীয়া দিনৰপৰাই ব্রজেন বৰুৱা সংগীতৰ নানান কার্যক্রমৰ লগত জড়িত, গীত লেখে, সুৰ কৰে, অর্কেষ্ট্রা পৰিচালনা কৰে। এনেবোৰ কামৰ সূত্রেই কটনত পঢ়া ব্রজেন বৰুৱা একে কলেজৰ ছাত্র কেশৱ মহন্তৰ লগত ঘনিষ্ঠ আছিল। গতিকে সেই ব্রজেন বৰুৱাই গীতটি বিচাৰোতে কেশৱ মহন্তই বিনাদ্বিধাৰে দিছিল, হয়তো ভাবিছিল ব্রজেন বৰুৱাই গীতটি ক’ৰবাত গাব। তাৰ পিছৰ বহু কথা কেশৱ মহন্তই নাজানে।
ব্রজেন বৰুৱাৰ ভাতৃ নিপ বৰুৱাই পৰিচালনা কৰিবলৈ ললে তেওঁৰ প্রথমখন ছবি ‘স্মৃতিৰ পৰশ’, সংগীত পৰিচালনাৰ ভাৰ দিলে ব্রজেন বৰুৱাক। ব্রজেন বৰুৱাই দেখিলে কেশৱ মহন্তৰপৰা অনা গীতটি ছবিৰ এটি চিকুৱেন্সত খাপ খায়। গীতটি ছবিখনত ব্যৱহাৰ কৰা হ’ল। কেতিয়াও ছবিৰ গীত লেখাৰ কথা নভবা কেশৱ মহন্তৰ অভিষেক হল ছবিৰ গীতিকাৰ হিচাপে। সেই গীতটি হ’ল আজিও সমানেই জনপ্রিয় – আই আমাৰ কপালতে….।
সেই ক্লিচে হৈ যোৱা এটি খণ্ডবাক্য – তেওঁ আৰু তাৰ পিছৰপৰা কেতিয়াও ঘূৰি চাবলগীয়া হোৱা নাই… বাক্যটি কেশৱ মহন্তৰো ক্ষেত্রত সঠিক অর্থতেই প্রযোজ্য। কেশৱ মহন্তইও তাৰ পিছৰপৰা নভবাকৈয়ে প্রৱেশ কৰা এই জগতখনত নিজৰ স্বকীয়তা ৰক্ষা কৰি গ’ল।
কেশৱ মহন্তক অকল চিনেমাৰ গীতিকাৰ বুলি আখ্যা দিলে ভুল কৰা হ’ব। এক কথাত তেওঁ বহল অর্থৰ গীতিকাৰ, নিজৰ মনৰ জগতৰ ভাবৰ হেন্দোলনি প্রকাশ কৰিব বিচৰা, ক’বলগীয়া কথাটো প্রকাশৰ বাবে গীতক মাধ্যম হিচাপে গীত লেখা গীতিকাৰ। আকাশবাণী, গ্রামোফোন ৰেকর্ড বা চিনেমাৰ প্রয়োজন পূৰণ কৰিবলৈ গীত লেখা গীতিকাৰ তেওঁ নাছিল। কিন্তু তেওঁ লাহে লাহে এইবোৰ মাধ্যমৰ এৰাব নোৱাৰা অংশ হৈ পৰিছিল।
ভাৰতীয় চিনেমাত গীতৰ এটি বিশেষ স্থান আছে। চিনেমা তুলনামূলকভাৱে নতুন কলামাধ্যম হলেও ভাৰতত পৰিবেশ্য কলাৰ প্রাচীন ইতিহাস আছে আৰু এই নতুন কলা মাধ্যমেও প্রচলিত পৰিবেশ্য কলা মাধ্যমবোৰৰপৰা উপাদান সংগ্রহ কৰাটো তেনেই স্বাভাৱিক কথা। ভাৰতীয় নাটকত সংগীত আৰু নৃত্যৰ যি এৰাব নোৱাৰা উপস্থিতি চলি আহিছিল, সিয়ে চিনেমাৰ কলাকাৰসকলকো প্রভাৱিত কৰিছিল। দর্শকৰ বাবেও চিনেমা আছিল নাটকৰে পৰিৱর্তিত ৰূপ। এইবোৰ কাৰণতে ভাৰতীয় চিনেমাৰ বাবে গীত অপৰিহার্য অংগ হিচাপে বিবেচিত হৈছিল। নাটকৰ ক্ষেত্রত গীতৰ প্রয়োগ আছিল মূলতঃ সময়ৰ ব্যৱধান বুজোৱা ইংগিতধর্মী কৌশল। কিন্তু চিনেমাত সেই কৌশলে ব্যাপক ৰূপ ধাৰণ কৰিলে, গীত হৈ পৰিল সংলাপৰ অন্য এক বিস্তৃতি। কেৱল পোনপটীয়া সংলাপেৰে ক’ব নোৱৰা কিছুমান কথা, চৰিত্রৰ মনোজগতৰ বিভিন্ন স্বৰূপ গীতৰ মাজেৰে প্রকাশ কৰা হৈছিল। সেইবাবে চিনেমাৰ গীত অকল শ্রুতিমধুৰ গীতেই নহয়, সি কাহিনী বর্ণনাৰো এটা আহিলা।
এই আটাইবোৰ প্রয়োজন পূৰণ কৰিবলগীয়া হোৱা বাবে চিনেমাৰ গীত ৰচনাত গীতিকাৰসকলৰ দায়িত্ব ভালেখিনি বেছি হৈ পৰে। চিনেমাৰ গীত হ’ব লাগিব কাহিনীৰ মুড আৰু গতিৰ লগত মিল থকা, গীতৰ ভাষা হ’ব লাগিব সেই গীতত ওঁঠ মিলোৱা চৰিত্রৰ মুখৰ ভাষাৰ লগত খাপ খোৱা আৰু সর্বোপৰি গীতবোৰ হ’ব লাগিব দর্শকে একেবাৰতে হৃদয়ংগম কৰিব পৰা।
কেশৱ মহন্তৰ চিনেমাৰ গীতে প্রায় সকলো ক্ষেত্রতে এই প্রয়োজনবোৰ সঠিকভাবে পূৰণ কৰিব পাৰিছিল বাবেই তেওঁ অসমীয়া চিনেমাৰ অপৰিহার্য গীতিকাৰ হিচাপে বিবেচিত হৈছিল।
কেশৱ মহন্তই চিনেমাৰ গীতৰ জগতত প্রৱেশ কৰিছিল ব্রজেন বৰুৱাৰ ছবিৰে। প্রথম ছবিৰ প্রথম গীতটো চিনেমাৰ বাবে লেখা হোৱা নাছিল ঠিকেই; কিন্তু তাৰ পিছত বাকীবোৰ গীত ৰচনাৰ ক্ষেত্রত ব্রজেন বৰুৱাৰ পৰামর্শ আৰু দিশ নির্দেশনা লাভ কৰিছিল। ব্রজেন বৰুৱা যে অকল সফল সুৰকাৰেই আছিল তেনে নহয়, চিনেমাৰ গীতৰ প্রসংগতো তেওঁৰ ধাৰণা আছিল অতি স্পষ্ট। চিনেমাৰ গীতত থাকিবলগীয়া সংলাপৰ গুণ আৰু অভিনয়ৰ গোন্ধ তেওঁ সঠিকভাৱেই ৰূপায়িত কৰিব পাৰিছিল আৰু গীতিকাৰৰপৰাও সেইধৰণৰ ভাষা আৰু গঠনৰ বাবে উত্তেজিত কৰিব পাৰিছিল।
ব্রজেন বৰুৱাৰপৰা লাভ কৰা এই পৰামর্শই কেশৱ মহন্তক চিনেমাৰ সফল গীতিকাৰ হিচাপে থিয় হোৱাত সহায় কৰিছিল – তাত কোনো সন্দেহ নাই।
ব্রজেন বৰুৱাৰ পিছতে কেশৱ মহন্তই ৰমেন বৰুৱাৰ বাবে বহু গীত ৰচনা কৰিছিল। ৰমেন বৰুৱা আৰু কেশৱ মহন্ত যুটীটোৱে অসমীয়া চিনেমাক বহু সফল আৰু স্মৰণীয় গীত উপহাৰ দিছিল।
যি মাধ্যমৰ বাবেই গীত নিলিখক কিয় কেশৱ মহন্তৰ গীতৰ এটা নিজস্ব চিনাকি আছিল। অসমীয়া জনজীৱনৰ মুখৰ মাত, কথন ভংগী, আৱেগ এইবোৰ গুণ কেশৱ মহস্তৰ সকলো গীতৰেই প্রথম চিনাকি। চিনেমাৰ বিভিন্ন প্রয়োজন পূৰণ কৰি লেখা বিভিন্ন পৰিবেশৰ বিভিন্ন চৰিত্রৰ ওঁঠৰ গীতবোৰৰ মাজতো তেওঁৰ এই চিনাকি ম্লান হোৱা নাছিল। উদাহৰণ হিচাপে ‘আজলী নবৌ ছবিৰ ‘কাক বুলিলো কোনে নিজে গাত পাতি ললে চা’ গীতটিলে আঙুলিয়াই দিব পাৰি। এই গীতটি ছবিৰ কাহিনীৰ এটি বিশেষ ছিকুৱেন্সৰ কাৰণে ৰচনা কৰা। চিকুৱেন্সটিত এজন ডেকাই এগৰাকী গাভৰুক জোকাই চাইছে, পটভূমি গাঁও, গীতটিত আমোদৰ কথা আছে, অভিনয় আছে। গীতটি আৰম্ত হৈছে এনেদৰেঃ
কাক বুলিলোঁ কোনে নিজে
গাত পাতি ল’লে চা
জালকে বুলিলে জকাই
এতিয়া মজাটো পা
চাই চাই বুলিবি বাট
আচহুবা পিছল বাট
ভৰি পিছলি পৰ জানো
খোপনি নৰয়
জানো চকুপানী বয়
মাকণ এবাৰ ভাবি চা
দ্বৈত কণ্ঠৰ বাবে লিখা এই গীতটোৱে ছবিৰ আটাইবোৰ প্রয়োজন পূৰণ কৰিছে, গীতটি আৰম্ভ হৈছে সংলাপৰ বর্ধিত ৰূপ হিচাপে, অথচ গীতৰ যি ইংগিতধর্মী সৌন্দর্য থাকিব লাগে তাকো অক্ষুণ্ণ ৰখা হৈছে।
তেনেদৰে আন এটি গীত, মেঘমুক্তি ছবিৰ গাৰোৱান এজনৰ মুখত দিয়া ‘যায় ও কানু বায় বেণু’ গীতটিৰ কথা উল্লেখ কৰিব পাৰি। গীতটি এটি চৰিত্রৰ মুখত দিয়া হৈছে যদিও ছবিখনত সেই চৰিত্রটিৰ বিশেষ কাম নাই, তেওঁৰ মুখত দিয়া গীতটিৰে ছবিৰ কাহিনীৰ সেই সময়ৰ মুডটি অধিক গধুৰ কবৰি তুলিব বিচৰা হৈছিল। সাধাৰণতে নেপথ্যৰ পৰা ব্যৱহাৰ কৰা গীতৰ লেখীয়া গীত। গীতটিত কণ্ঠদান কৰা চৰিত্রটি গাঁবলীয়া চৰিত্র, তেওঁৰ মুখৰ মাতে পৰিৱেশটোৰ গভীৰতা প্রকাশত সহায় নকৰিব পাৰে বুলিয়েই গীতিকাৰে এই গীতটিত আশ্রয় ললে শ্ৰীকৃষ্ণ আৰু বৃন্দাবনৰ। গীতটি কেৱল নেপথ্য গীত হ’লে গীতিকাৰে নিজৰ পছন্দ মতে শব্দ চয়ন কবিব পাৰিলেহেঁতেন। কিন্তু গীতটি যিহেতু এটি চৰিত্রৰ ওঁঠত থাকিল। সেয়ে কামটো গীতিকাৰৰ বাবে প্রত্যাহ্বান যেন হৈ পৰিল। সেই প্রত্যাহ্বান পূৰণৰ বাবে তেওঁ চৰিত্রটিৰ মুখত খাপ খোৱাকৈ শ্রীকৃষ্ণৰ প্রসংগ উত্থাপন কৰিলে। গাৰোৱান এজনে গৰুগাড়ী চলাই যাওঁতে ভক্তিমূলক গীত এটি চিঞৰি গোৱাটো স্বাভাৱিক কথা। গীতটিৰ প্রকাশভংগীত কামৰূপত প্রচলিত ভক্তিমূলক লোকগীতৰ প্রতিধ্বনি শুনা যায়।
কেশৱ মহন্তই লেখা আন এটি গীতৰ কথাও এইখিনিতে উল্লেখ কৰিব পাৰি। ‘মৰম’ ছবিৰ বাবে লেখা ‘ৰুণুজুনু ৰুণুজুনু ঘুংগুৰা বজাই‘ গীতটি শুনাত পৰম্পৰাগত লোকগীত যেনেই লাগে। আনকি বহুতে সেই গীতটোক লোকগীত হিচাপেই জানে। কেশৱ মহন্তই কৈছিল – মই লেখা গীত এটা মানুহে লোকগীত বুলি ভাবে, এয়া মোৰ কাৰণে কম প্রাপ্তি নে?
কেশৱ মহন্তই চিনেমাৰ বাবে লেখা গীতৰ বিশেষত্বৰ কথা ৰমেন বৰুৱাই ব্যাখ্যা কৰে এনেদৰে – “তেখেতৰ গীতৰ কথা সদায়েই সৰল আৰু অর্থবহ। গীত ৰচনাৰ সকলো কিটিপ, ছন্দ মাত্রাৰ জ্ঞান সমানেই সঠিক যে সুৰ কৰাৰ ক্ষেত্রত অকণো অসুবিধা নহয়। সুৰত গীত লেখাৰ সময়তো তেখেত সমানেই সিদ্ধহস্ত। ছবিৰ বাবে বিভিন্ন পৰিবেশ ৰচনা কৰাৰ কথা থাকে, বিভিন্ন চৰিত্রৰ বাবে বিভিন্ন ধৰণৰ ভাব-ভংগিমা, বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰৰ কথা আহে। এই সকলোবোৰ তেখেতৰ হাতৰ মুঠিত।”
চিনেমাৰ গীতৰ ক্ষেত্রত আৰু এটা সমস্যা থাকে, কেতিয়াবা গীতবোৰ সুৰত লেখিবলগীয়া হয়। বেলেগে বান্ধি দিয়া পথেৰে নিজক প্রকাশ কৰাৰ নিচিনা কথা। নৱকান্ত বৰুৱাই লেখিছিল – “ফিল্মী দুনিয়াত আকৌ সুৰকাৰেই সুৰ বান্ধি দিয়ে, দেশী-বিদেশী মিশ্রিত সুৰ, তাতেই গীতিকাৰক সততে কথা বহুৱাই দিবলৈ কোৱা হয়। গীত ৰচনাৰ স্বাধীনতা কবিৰ অর্থাৎ গীতিকাৰৰ নোহোৱা হয়। প্রথমে সুৰ তাৰ পিছত কথা – এই বিপৰীত বিহাৰত কেশৱে যে কেনেকৈ নিজৰ কবি চৰিত্র ৰক্ষা কৰি চলে, ভাবিলে আচৰিত হওঁ –
এই জোন জোনালী
থুপি থুপি তৰালি
জ্বলি জ্বলি জ্বলালি
মনে কাক নেদেখি বিনায়
এই গীতটি ব্রজেন বৰুৱাৰ পূর্ব নির্ধাৰিত সুৰত লেখা। কিন্তু,
অ’ আই আমাৰ কপালতে
ৰঙা সেন্দূৰেৰে
তিলক আঁকি দিয়া
ডাৱৰ ফালি ৰং মেলালৈ যাওঁ
এই গীতটিত কথা আগ, পিছত সুৰ। ইয়াত সুৰত কথা বহুওৱা নাই কথাতহে সুৰ বহিছে। কিছু দুয়োটা গানতেই কেশৱৰ কবি চৰিত্র হানি হোৱা নাই। ইয়াকেই বোলে স্বধর্ম।”
কবি নৱকান্ত বৰুৱাই দুটা গীতৰ উদাহৰণেৰে কেশৱ মহন্তৰ গীতৰ বিশেষত্ব প্রকাশ কৰিছে। সেই কথা প্রায় সকলোবোৰ গীততেই প্রযোজ্য। তেনে উদাহৰণ থকা আন এটি সুন্দৰ গীত, আশ্রয় ছবিৰ –
কিনো মৰমৰ জৰী
কেনেকৈ ৰাখিবি ধৰি
ইমান যে ঠুনুকা
জানোচা ছিঙি যায়।
চিনেমা গীত, ফৰমাইচী গীত। ‘মই যে অকল ফৰমাইচটো পূৰণ কৰাৰ বাবেহে গীত লেখিছোঁ সেইটো নহয়, সেই বস্তুটো নিজৰ কৰি লৈহে গান লেখিছোঁ।’
সেই বাবেই কেশৱ মহন্তই চিনেমাৰ বাবে লেখা গীতবোৰো কেশৱ মহন্তৰেই গীত।
