বিশেষ লেখা

জয়মতী সম্পৰ্কে

উমেশ চন্দ্ৰ বৰুৱাৰ ‘জয়মতী’ চিনেমা সম্পৰ্কীয় এই সমালোচনাটো প্ৰকাশ পাইছিল ১৯৩৫ বৰ্ষৰ এপ্রিল-মে’ সংখ্যাৰ আৱাহন আলোচনীত

প্ৰথমে সম্পূৰ্ণৰূপে অসমীয়া কথা ছবি তোলাৰ বাবে অসমীয়া ৰাইজ আৰু কলাৰসিক সমাজ জয়মতী ফিল্মৰ পৰিকল্পী অসম আইৰ অক্লান্ত সেৱক শ্ৰীযুত জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ ওচৰত ঋণী। কথাছবি তোলা ইমান খৰচ বহুল কাম যে ভাৰতৰ সুকীয়া প্ৰাদেশিক ভাষাত ব্যৱসায় হিচাপে সুকীয়া প্ৰাদেশিক ফিল্ম Unit যে গঢ়ি উঠিব পাৰিব সেই বিষয়ে আমাৰ এতিয়াও যথেষ্ট সন্দেহ আছে। অসম্তৱক সম্ভৱ কৰা, সপোনক দিঠক কৰা, ‘লুইতৰ পাৰৰ ডেকা ল’ৰা’, কলা-বিশাৰদ আগৰৱালাক পাই তৰুণ অসমীয়া ধন্য হৈছে। আমি শুনি সুখ পাইছো যে জয়মতীৰ সাফল্যত সম্তোষ পাই তেখেতে জয়মতীৰ হিন্দী সংস্কৰণ উলিয়াবলৈ অলপতে কলিকতালৈ যাব।

‘সোণ শুৱনী সবিতাৰ’ দৰেই উজ্জ্বল আহোম বুৰঞ্জীৰ গৌৰৱময় যুগ, সপ্তদশ শতিকাৰ আহোম স্বৰ্গদেউসকলৰ পয়োভৰ, ৰাজকোঁৱৰ আৰু কুঁৱৰীসকলৰ চলন-ফুৰণ, বৰুৱা-বিষয়াৰ মন্ত্ৰণা নৈপুণ্য, টেকেলা-চাউদাঙৰ কাৰ্যতৎপৰতা, আলি-পদূলি, ঘৰ-দুৱাৰ, গায়ন-বায়ন, সাজ-পাৰ, জাপি-যাঠি, আৰোৱান, দুৱৰী-দোলা, ভাৱৰীয়া-ভাৱৰীয়ানীসকলৰ আকৃতি-প্রকৃতি, ঘটনাস্থলীৰ প্ৰাকৃতিক দৃশ্যবোৰৰ বাছনি, এই আটাইবোৰতে অসমীয়া জাতিৰ বৈশিষ্ট্যতা দেখুৱা হৈছে গুণে ‘জয়মতী’য়ে অসমীয়া ৰাইজৰ পৰা বিপুল সম্বৰ্ধনা পোৱা উচিত।

ফিল্ম বস্তুটো নতুন। গতিকে ফিল্মৰ কলা সম্পদ আৰু তাৰ ভাল বেয়া নিৰুপণ কৰা পদ্ধিতও আধুনিক। সাহিত্য, সংগীত, ভাস্কৰ্য, চিত্ৰশিল্প, নাট বা ফিল্ম অভিনয় আদি সুকুমাৰ কলাৰ আলোচনা কৰোতে বিশেষজ্ঞসকলে শিল্পৰ সাৰ্বজনীন আদৰ্শকহে প্ৰথম ঠাই দিয়ে। কাৰণ শিল্প সম্পদ কোনো এটা জাতি বিশেষৰ সম্পত্তি নহয়। অসমীয়া ফিল্মেও শিল্প হিচাপে জগতৰ আগত থিয় দিব লাগিলে কিছুমান সাধাৰণ সকলোৱে জনা কলাপদ্ধতিৰ (technique) ভিতৰেদি সাৰ্বজনীন আদৰ্শৰ লগত যোগ ৰাখি নিজক প্ৰকাশ কৰিব লাগিব – অৱশ্যে জাতীয় বৈশিষ্ট্য ৰক্ষা কৰি। ‘টকি’ ভাৰতলৈ অহাৰ বেছি দিন হোৱা নাই। কলিকতালৈ টকি অহা সিদিনা ১৯২৮ চনৰ কথা। দেশী টকি প্ৰতিষ্ঠান বুলিবলৈ দৰাচলতে এতিয়ালৈ কলিকতা, বোম্বাই আৰু পুনাতহে আছে। আনকি কলম্বত যোৱা পহিলা এপ্ৰিল তাৰিখৰ দিনাহে প্ৰথম টকি কোম্পানী গঠিত হৈছে Ceylone talkies Ltd. নাম দি। ছবি এতিয়াও ওলোৱা নাই।

গতিকে আগৰৱালাদেৱে নিজে আৰ্থিক ক্ষতি আৰু শাৰীৰিক কষ্ট স্বীকাৰ কৰিও, সাংসাৰিক নানা বিপদ বিঘিনিৰ ভিতৰতো জয়মতী ফিল্ম অসমীয়া ৰাইজক উপহাৰ দি আমাৰ শ্ৰদ্ধাৰ ভাজন হৈছে। শব্দ যন্ত্ৰী আৰু আলোকচিত্ৰ শিল্পীৰ অকৃতকাৰ্যতাত জয়মতী ফিল্মৰ ভালেখিনি সৌন্দৰ্য হানি হৈছে। আগৰৱালা ডাঙৰীয়াৰ সজ ইচ্ছা থকাতো প্রযোজনা আৰু নিৰ্দেশৰ বিশেষ অভিজ্ঞতাৰ অভাৱত ভাৱৰীয়া-ভাৱৰীয়ানীসকলৰ ভাও বহুত সময়তে হৃদয়গ্রাহী হোৱা নাই – ঘাইকে গদাপাণি আৰু জয়মতীৰ। বাকী প্রধান ভাৱৰীয়া ল’ৰা-ৰজা, লালুক সোলা, গাঁঠি, দিলিহীয়াল, পিঠু, তৰবৰী, সোৱণশিৰি, সেউতী আদিৰ ভাৱে গদাপাণি-জয়মতী চৰিত্ৰক মূর্ত কৰাত বিশেষ সহায় কৰিব পৰা নাই।

ফিল্মৰ আখ্যান ভাগ যদিও শ্রীযুত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জয়মতীৰ পৰা আংশিকভাৱে লোৱা বুলি কোৱা হৈছে তথাপি ফিল্মৰ জয়মতীৰ লগত বেজবৰুৱা ডাঙৰীয়াৰ জয়মতীৰ আখ্যান ভাগৰ বিশেষ একো মিল নাই বুলি ক’লেও হয়— ডালিমীৰ চৰিত্ৰটোৰ বাহিৰে দৰাচলতে বেজবৰুৱাৰ আন কোনো চৰিত্ৰই ফিল্মত ঠাই পোৱা নাই।

বিষয়া-যন্ত্ৰৰ হাতৰ পুতলা ল’ৰাৰজাৰ দিনৰ আহোম ৰাজ্য স্বার্থপৰ বিষয়াসকলৰ অত্যাচাৰত জৰ্জৰিত। ল’ৰাৰজাৰ ভয়- জানোচা বিষয়াসকলে তেওঁক ভাঙি আন কোনো কোঁৱৰক ৰজা পাতে। সেইবাবে স্বার্থপৰায়ণ কুটমন্ত্রী লালুক সোলাৰ পৰামৰ্শত ৰজা হ’ব পৰা আটাইবোৰ কোঁৱৰক তলে তলে চাউদাঙ লগাই মৰাৰ বা ঘুণীয়া কৰিবলৈ ষড়যন্ত্র কৰিছে। তুংখুঙীয়া ফৈদৰ গদাপাণি কোঁৱৰ বাহুবলী পুৰুষ। তেখেতৰ সাহ-পিত, বল-বিক্ৰম ৰজাপ্রজা সকলোৰে মুখে মুখে। গতিকে গদাপাণি ল’ৰাৰজাৰ প্ৰধান প্রতিদ্বন্দ্বী। ল’ৰাৰজাৰ ষড়যন্ত্র গুপুত সম্ভেদ পাই সাধ্বী সতী জয়মতীয়ে স্বামী আৰু দেশৰ মংগলৰ হকে প্রাণাধিক পতিক নগাপৰ্বতলৈ পলাই যাবলৈ অনুৰোধ কৰে। গদাপাণিয়ে কাপুৰুষৰ দৰে ল’ৰা-তিৰোতা এৰি পলাবলৈ সন্মত নহয়। কিন্তু শেহত জয়মতীয়ে দেশৰ ৰাজনৈতিক অৱস্থা ভালকৈ বুজাই দি কয় যে আহোম ৰাজপাটৰ সন্মান ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ আদৰৰ পোনা লাই-লেচাইৰ মুখলৈ চাই তেওঁ অন্ততঃ কিছুদিন পলাই থাকিবই লাগিব। দেশত থাকিলে গুপ্তঘাতকৰ হাতত মৰণ নিশ্চিত। ঘৈণীয়েকৰ কাতৰ অনুৰোধ এৰাব নোৱাৰি অগত্যা গদাপাণি নগাপৰ্বতলৈ পলাই যায়। ল’ৰাৰজাৰ মানুহে গদাপাণিক নেপাই গোটেইখন দেশ তেওঁক বিচাৰি চলাথ কৰিলে। অৱশেষত একো সম্ভেদ নেপাই ল’ৰা ৰজাই জয়মতীক ৰাজসভালৈ মতাই অনাই ৰজা আৰু বিষয়াসকলে কোঁৱৰক বাতৰি সুধিলে। তেজস্বিনী ভার্যাই স্বামীৰ বাতৰি নিদিওঁ বুলি প্রতিষ্ঠিত ৰাজশক্তি আৰু ৰাজদণ্ডৰ প্ৰতি ঘোৰ অৱজ্ঞাৰ ভাও দেখুৱাই মনে মনে থাকিল লালুক ফুকনৰ প্ৰৰোচনা, ল’ৰাৰজাৰ নিজৰ শক্তিৰ অহংকাৰ, গাঁঠিৰ অমানুষিক অত্যাচাৰ একোৱেই জয়মতীৰ মুখৰ পৰা মাত উলিয়াব নোৱাৰিলে। শেহত ল’ৰাৰজাৰ চাউদাঙৰ নির্মম নির্যাতন ভুগি সতীয়ে নশ্বৰ দেহা এৰিলে। এয়ে মুঠতে জয়মতীৰ আখ্যান ভাগ। চিত্তকর্ষক চিত্র-সম্ভাৱনাৰে ভৰা এনে এটা সুন্দৰ শক্তিশালী আখ্যানৰ পৰা ৰসস্ৰষ্টা নিপুণ শিল্পীয়ে এটি অনিন্দ্য সুন্দৰ কথা ছবি কৰি তুলিলেহেঁতেন যে তাত সন্দেহ নাই।

কিন্তু লিখিত গল্পৰ পৰা সেলুলয়েডৰ গল্পলৈ ৰূপান্তৰ কৰিব পৰা (film version লৈ নিয়া) যি আর্ট আৰু যি দৰাচলতে ছবি প্রাণবস্তু, সেই চিত্রনাট্য কৌশল (Art of building the Scenario) সকলোৰে জনা সম্ভৱপৰ নহয়। জয়মতী ফিল্মৰ  চিত্ৰ নাট্যকাৰৰ যে সেই বিষয়ে বিশেষ দক্ষতা বা অভিজ্ঞতাৰ অভাৱ তাৰ প্ৰমাণ তেখেতৰ প্রথম অৱদান ‘জয়মতী’ৰ বহুত ঠাইতে পোৱা যায়। আমি তেখেতৰ ‘জয়মতী’ৰ নিন্দা কৰিব খোজা নই, কিন্তু অতি অপ্রিয় হ’লেও সেয়ে আমাৰ ধাৰণা। ছবিলৈ ৰূপান্তৰিত কৰোতে গল্পটো কেনেকৈ সজালে দৰ্শকৰ মন আগ্ৰহ সজীৱ হৈ থাকে, জনা গল্পকে দুনাই চাবলৈ ইচ্ছা হয়, চৰিত্ৰবোৰ ঘটনাৰ প্রবাহত তাল মাত্রা ঠিক ৰাখি কেনেকৈ ধীৰে ধীৰে বিকশিত হয়, ছবিৰ কোনো অলাগতিয়াল বা অসামঞ্জস্য থকা অংশ কেনেকৈ নথকা যেন কৰিব পাৰি, এইবোৰেই ছায়া-চিত্র সৃজনত মনত ৰাখিবলগীয়া কথা আৰু ইয়াক কার্যত পৰিণত কৰিবলৈ যথেষ্ট চেষ্টা বা সাধনা লাগে। এইবোৰৰ অভাব হলে ছবিৰ মূল গল্পৰ বিষয় বস্তু যিমানেই মনোৰম নহওক, ভাৱৰীয়া যিমানেই সুনিপুণ নহওক, সামঞ্জস্য নথকাৰ বাবে স্বাভাৱিকতা (reality), সজীৱতা, হৃদ্যতা (Spontanity) আৰু মনোনয়নতা ভালেখিনি কমি যায়—কবিৰ আদৰ্শ, চিত্ৰকৰৰ আদর্শ আপুনি মৰহি যায়। জয়মতী ফিল্মত এই গুণবোৰৰ সমন্বয় নাই, সেই কাৰণেই ই নিৰপেক্ষ দর্শকৰ পক্ষে মনোগ্রাহী হৈ উঠা নাই। প্রাদেশিক বা স্বদেশ হিতৈষণাৰ পৰা ভাল পোৱা বেলেগ কথা—কিন্তু এবাৰ তাক পাহৰি গৈ dispassionately প্রত্যেক দর্শকে ভাবি চালে দেখিব – ইয়াৰ ঘটনা আৰু ছবিবোৰ কিমান diffused – ক’তো এটা গভীৰতা (Intensity) নাই, ক’তো এটা high hitch নাই যেন সকলোবোৰ চিত্ৰ আহে আৰু যায়, কিন্তু দর্শকৰ মনত বা বুৰঞ্জীৰ ফালৰ পৰা সময় বালিত চিন থৈ যাবৰ প্ৰচেষ্টা নাই।

ছবিৰ প্রযোজক আৰু পৰিচালক শ্ৰীযুত আগৰৱালাদেউ নিজে। আমাৰ বিশ্বাস ছবিখনত তেখেতে নিজৰ শিল্পকলা জ্ঞানৰ বিশেষ পৰিচয় দিব নোৱাৰিলে। গুৰিয়াল নোহোৱা নাৱৰ দৰে জয়মতী ছবিখন উটি গৈ কোনো ক্রমে পুৰুষ পিতৃৰ ধর্মে অর্থাৎ আখ্যানটোৰ প্ৰতি দর্শকৰ প্রগাঢ় শ্রদ্ধাৰ বাবে শেহলৈকে টুলুং ভুটুং কৰি বৰ্তি আছে। তাত নাই ছন্দ, নাই বর্ণ, নাই শ্ৰী। বিকাৰগ্ৰস্ত ৰোগীৰ প্রলাপৰ দৰে জয়মতীৰ দৃশ্যাৱলী অকাৰণে অসংবদ্ধভাৱে চকুৰ আগত শাৰী পাতি যাব ধৰিছে। তাৰ ভিতৰত অনুৱৰ্তিতা (continuity) আৰু ঘটনাৱলীৰ পাৰস্পৰিক যোগসূত্র (sequence) নাই। এটা উদাহৰণ দিওঁ — বিষয়াসকলৰ ভয়ত সন্তস্ত্ৰ ল’ৰা ৰজাই ৰাজত্ব হেৰুৱাবৰ ভয়ত ৰাজকোঁৱৰ ঘুণীয়া কৰা গোপন অভিযানৰ আভাস দিবলৈ মিছাতে বহুতো সময় নষ্ট কৰি পৰিচালকে গল্পটোৰ মেৰুদণ্ড জয়মতীক যিদৰে পোনতে দর্শকৰ আগলৈ অনা বা পৰিচয় দিয়া উচিত আছিল, সেইদৰে নচলাৰ ফলত গোঁসাই ঘৰত স্বামীৰ মংগল কামনা কৰি পূজা কৰি থকা জয়মতী আৰু আহোমৰ ৰাজশক্তি আৰু ৰাজদণ্ডক বিদ্ৰূপ কৰিব পৰা বিচক্ষণ ৰাজনীতিজ্ঞা তেজস্বিনী জয়মতীৰ চৰিত্ৰগত সামঞ্জস্য কল্পনা কৰিবলৈ দৰ্শকে সুযোগ নেপালে। সেইদৰে আকৌ গদাপাণিৰ শক্তি সামর্থৰ কথা ল’ৰাৰজাৰ ফালৰ পৰা বিশেষকৈ প্ৰকাশ নকৰাৰ বাবে পদাপাণিৰ মহত্ত্ব আৰু বীৰত্বপূর্ণ চৰিত্ৰ ফুটি নুঠিল আৰু গদাপাণি বনৰীয়া কোঁৱৰেই হৈ থাকি – বিশেষকৈ জয়মতীক ৰাজসভালে মতাই অনোৱালৈকে। ৰাজসভাৰ দৃশ্যত হে গদাপাণিৰ অলপ পৰিচয় প্রকাশ পালে। এই কাৰণেই হাবি-বননি ভাঙি, চাউদাং কাটি নগাপৰ্বতলৈ পলাই যোৱা গদাপাণিয়ে দর্শকৰ সহানুভূতি আকর্ষণ কৰিব নোৱাৰিলে। আকৌ বিষয়াতন্ত্রৰ হাতত ল’ৰাৰজাৰ নিঃসহায় অৱস্থাৰ আভাস মাত্রও দিয়া হ’লে ল’ৰা ৰজাৰ দুঃসপোনৰ প্ৰভাৱ দুগুণ চৰিলেহেঁতেন আৰু গদাপাণিৰ পলোৱাৰ সার্থকতা দর্শকে উপলব্ধি কৰিব পাৰিলেহেঁতেন।

সাধাৰণ দৰ্শকে ছবিখনৰ প্ৰথমৰ কেইটামান দৃশ্যৰ অর্থকে বুজিব নোৱাৰিব। বহুৱা মানুহৰ সাজ পিন্ধি চাৰিওপিনে পিয়াপি দি লৰি ফুৰা মানুহকেইটা যে ৰজাৰ চোৰাংচোৱা তাক প্ৰথম দৃষ্টিতে বুজি পোৱা টান কথা। তামোল গছত উঠি চাৰিওপিনে চোৱা, বিছনাৰ আঁৰত লুকাই ফুচ ফুচকৈ কথা পতা আদি আভাস দিয়া সত্ত্বেও আমি প্রথমতে কথাটো টং কৰিব পৰা নাছিলো – পিছত ৰাজকোঁৱৰবোৰক হত্যা কৰা হোৱাতহে আমি বুজিলো, সেই মানুহকেইটা চোৰাংচোৱা আছিল। বেয়া ফটোগ্রাফীৰ পৰা কথাটো ফুটি নুঠা অসম্ভৱ নহয়; কিন্তু আমি এই বিষয়ে পৰিচালকৰ চেষ্টাৰ একো গম নেপালো। ষড়যন্ত্র আৰু হত্যা লৈ যি গল্পৰ আৰম্ভ, সেই গল্পটোৰ প্ৰথমতে ভাওনাৰ নাচ আৰু অলপ পিছতেই সোৱনশিৰি লিগিৰীৰ নাচটো সুমুৱাই দি গল্পৰ মূল ৰসলৈকে অৱহেলা আৰু অৱমাননা কৰা হৈছে। সোৱণশিৰিৰ লগত দিয়া শ্ৰীযুত জ্যোতিপ্ৰসাদৰ নিজৰ নাচটোৰ কিছুমান নৃত্য ভংগীয়ে আমাৰ চকুত কষ্ট দিয়াৰ উপৰিও ৰস সৃষ্টিৰ পিনৰ পৰা গল্পটোৰ বিশেষ ক্ষতি কৰিলে। যদি ভাৱনাতেই ল’ৰাৰজা আৰু লালুকৰ ষড়যন্ত্রৰ পকা বস্তু দেখুৱা চিত্রনাট্যকাৰৰ ইচ্ছা আছিল, তেতে পৰিচালকে ভাবনা পৰোক্ষভাৱে (side show) কৰি ৰাখি লালুক আৰু ল’ৰাৰজাক মন্ত্রণা কক্ষ বা নিজানত এফলীয়াকৈ ষড়যন্ত্ৰটোক প্রধান ঠাই দিয়া উচিত আছিল। নগা পাহাৰৰ ঘটনাৱলীৰ লগত জেৰেঙা পথাৰৰ অন্তৰ্নিহিত ঘটনাৰ সংযোগ অন্ততঃ এবাৰ দেখুৱা উচিত আছিল। ডালিমীৰ লীলায়িত ভংগীত ভোল যাব খোজা দর্শকৰ মনত জয়াৰ নির্মম নির্যাতনৰ অবিচলিত দৃষ্টি এবাৰ উদ্ভাসিত হোৱা হ’লে ঘটনাৱলীৰ পৰস্পৰ সংযোগত উভয় দৃশ্যৰ মর্যাদা দর্শকৰ মনত আৰু চৰিলহেঁতেন। জুৰিৰ পাৰৰ দৃশ্যত ডালিমীয়ে যেতিয়া গদাপাণিক সোধে ‘তই মন মাৰি বহি আছ কিয়?’ তেতিয়া গদাপাণিৰ চলচলীয়া চকুৰ প্ৰত্যুত্তৰৰ লগে লগে বা তাৰ আগতে জয়মতীৰ বন্দীশালৰ দৃশ্যতো এবাৰ উদ্ভাসিত কৰি দিয়া হ’লে জয়মতীৰ নির্যাতন আৰু হৃদয়স্পর্শী হ’লহেঁতেন। চিত্ৰখনত লাই-লেচাইক হেৰুৱাই মাতৃস্নেহৰ অফুৰন্ত সৌন্দৰ্যৰ ক’তো আভাসকে নেপালো- মাকৰ চকুৰ এটুপি চকুলোৱে বহুতৰ শুকান প্রাণত শান্তি বাণী সিচিলেহেঁতেন। জয়মতী অকল গাভৰুৱেই নাছিল সন্তানৰ জননীও আছিল। নির্যাতনৰ কৰুণ মুহর্ততো মাকে এবেলিও এই হ’ব খোজা মাউৰা দুটিৰ কথা ভবা নাছিলে বা স্বামীৰ গৌৰৱমণ্ডিত ভৱিষ্যতৰ ছবি কল্পনাতে আঁকা নাছিল নে? চিত্রনাট্যত Suggestiveness অলপ লাগে, নহ’লে gramophone হয়।

ৰাজসভালৈ ধৰি অনাবৰ সময়ত জয়মতীৰ মনৰ ভাবটো প্রকাশিত কৰিব নোৱাৰা গুণে জয়মতী চৰিত্ৰ যিমান ওপৰলৈ উঠিব লাগিছিল সিমান ওপৰলৈ উঠাব নোৱাৰিলে। ফলত জয়মতী অকৰামতীয়া আহোম কুঁৱৰী হৈয়ে থাকিল আৰু সেই গুণেই হ’বলা ৰাজসভাৰ দৃশ্যত জয়মতীৰ গুৰু গম্ভীৰ আচৰণেও দর্শকৰ মনত মুঠেই প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। জয়মতীৰ মনৰ ভাবটো আগৰ পৰা ভালকৈ প্ৰকাশ কৰি ৰখা হ’লে ৰাজসভাৰ দৃশ্যত লালুক আৰু ল’ৰাৰজাৰ প্ৰশ্নৰ উত্তৰত জয়মতীয়ে সিংহাসনলৈ অৱজ্ঞা কৰি মুখ ফিৰোৱা দৃশ্যটোত দৰ্শকে জয়ধ্বনি কৰি উঠিলহেঁতেন। বক্তৃতাৰ বকলা মেলি ৰজা বা ৰাজশক্তিক তিৰস্কাৰ কৰাতকৈ বা দম্ভম্পূর্ণ বচনতকৈ এটা আত্মমৰ্যাদা সূচক সংকেত বেছি ভাবব্যঞ্জক (suggestive)। আগৰৱালাদেৱে ইয়াতে তেখেতৰ পৰিচালনাৰ (Direction) সূক্ষ্মতাৰ পৰিচয় দিছে। দৰাচলতে Direction হিচাপে এই দৃশ্যটোৱেই জয়মতীৰ ফিল্মৰ ‘ওৱেচিচ’। অকল এই দৃশ্যটোৰ পৰাই আমি আগৰৱালাদেৱৰ দক্ষতাৰ অলপমান আভাস পাওঁ। এই touchটো নথকা হ’লে জয়মতী ভালেমান বিষয়ত সবাক মেজিক নেন্টাৰ্ণত পৰিণত হ’লহেঁতেন। অকল সেই দৃশ্যটোৱে জয়মতীৰ পৰিকল্পী আগৰৱালাক সাধাৰণ বঙলা-হিন্দী ছবিৰ সাধাৰণ প্ৰযোজকৰ শাৰীৰ পৰা ওপৰলৈ আনিছে। এই দৃশ্যটোৰ পৰিকল্পনাৰ পৰা বুজিব পাৰি যে শ্রীযুত আগৰৱালাৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰযোজকৰ যথেষ্ট সঁজুলি আহে আৰু সেই গুণে আমি জয়মতীৰ পৰিকল্পী আগৰৱালাদেউক আমাৰ আন্তৰিক শ্রদ্ধা জনাওঁ। এইখিনিতে জয়মতী চৰিত্ৰ সম্বন্ধে আলোচনা নকৰিলে কথাটো স্পষ্ট নহ’ব। জয়মতীৰ লগত আন সাধাৰণ সাধ্বী তিৰোতাৰ পার্থক্য এইখিনিতে যে আন নাৰীয়েও হয়তো এনে অৱস্থাত গিৰিয়েকৰ বাতৰি ৰজাক কৈ নিদিও ৰজাৰ অত্যাচাৰত হুৰাওৰাওৰাকৈ কান্দি গছৰ পাত সৰাই চাউদাঙৰ হাতত প্রাণ এৰিলেহেঁতেন। জয়মতীয়ে হ’লে জানি শুনি অত্যাচাৰ বৰণ কৰি লৈছিল। জয়মতীয়ে জানিছিল- শৰীৰৰ ওপৰতহে ৰজাৰ অধিকাৰ, মনৰ ওপৰত কাৰো অধিকাৰ নাই। সেই কাৰণে গাঁঠিৰ তপত লোহাৰ ভয়েও জয়মতীৰ মুখৰ পৰা চিঞৰ এটাও উলিয়াব নোৱাৰিলে। পাৰ্থিৱ শক্তিলৈ অতি তাচ্ছিল্যৰ ভাবটোৱেই (Supreme contempt) জয়মতী চৰিত্ৰৰ এটা বিশেষত্ব। সেইটো আছিল গুণেই শাৰীৰিক কষ্টই তেওঁৰ মনৰ ওপৰত তিলমাত্ৰও প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল— অত্যাচাৰৰ আৰম্ভৰ পৰা মৃত্যুৰ মুহুৰ্তলৈকে। আহোম ৰাজত্বৰ সেই সন্ধিক্ষণত কুট-চক্রী, লোভী, স্বার্থপৰায়ণ বিষয়াসকলৰ খামোচৰ পৰা দেশক ৰক্ষা কৰিবলৈ এজন প্রবল প্রতাপী ৰাজপুৰুষৰ আৱশ্যক হৈছিল। জয়মতীয়ে বঢ়িয়াকৈ বুজিছিল যে সেই সময়ৰ ৰাজকোঁৱৰবোৰৰ বেছি ভাগেই অকর্মণ্য – গদাপাণি বাহুবলী সিংহ পুৰুষ যদিও তেখেতৰ ভিতৰত নিজৰ কোনো প্ৰেৰণা নাই। ঘটনাৰ পাকত নপৰিলে গদাপাণিৰ বীৰত্ব, সাহ-পিত একো কাৰ্যকৰী নহ’ব। জয়মতী কুঁৱৰীয়ে স্বামীৰ মোহ বা জড়তা (inactivity) ভাঙি সুপ্ত সিংহক জগাই তুলিবলৈ এই প্রাণ-পাত কৰা তপস্যা নকৰা হ’লে হয়তো গদাপাণি নগা পৰ্বতত নগা হৈয়ে থাকি গ’লহেঁতেন— আহোম ৰাজসিংহাসনৰ প্রবল প্রতাপী গদাধৰ সিংহ স্বৰ্গদেউ হ’ব নোৱাৰিলেহেঁতেন। জয়মতীৰ মৃত্যুৰ ভিতৰত নিহীত থকা মহান এই উদ্দেশ্যটোৱেই জয়মতী চৰিত্ৰক বহুত ওপৰলৈ তুলিছে। আৰু সেইবাবেই ‘জয়মতী’ৰ অকল সতীয়েই নহয়— আহোম সাম্রাজ্যৰ বৰ ঘৰটোৰ এটা মুধৰ খুটা ইন্দ্রবংশীয় আহোম ৰাজবংশৰ মুকুটমণি- অসম বুৰঞ্জী Joan of Arc। যুদ্ধক্ষেত্ৰত মতা মানুহৰ সাজ পিন্ধি অস্বাভাৱিক উত্তেজনাত মত্ত হৈ জাতীয় পতাকা হাতত লৈ ৰণৰ স্থলীত সৈন্যৰ আগত থিয় দি দেশৰ হকে আত্মবলিদান কৰা মহিমাময়ী নাৰীৰ দৃষ্টান্ত জগতৰ বুৰঞ্জীত বিৰল নহয়। কিন্তু স্থিৰ চিত্তে বিনা উত্তেজনা, বিনা যুদ্ধে স্বামীৰ মংগল, দেশৰ আৰু দহৰ মংগলৰ আশাত অনুপ্রাণিত হৈ জানি শুনি নিশ্চিত মৃত্যুক তিল তিলকৈ এনেকৈ হাঁহিমুখে আলিংগন কৰা নাৰীৰ উদাহৰণ জগতত দ্বিতীয় নাই। জয়মতীৰ এই প্রাণ-পাত কৰা তপস্যাৰ মহান উদ্দেশ্যটো প্ৰকাশ কৰিবলৈ জয়াৰ বন্দীশালৰ দৃশ্যত হেদাং লোৱা ৰজা গদাপাণিক এবাৰ উদ্ভাসিত (Super impose) কৰি দেখুৱা হ’লে জয়মতীৰ মৃত্যু সার্থক হ’লহেঁতেন আৰু ফিল্মৰ শেষ দৃশ্যৰ গীতটোত উল্লেখ কৰা অসমৰ জীয়ৰী বোৰ চকুলোৰ লগতে স্বদেশ প্ৰেম আৰু সত্যাগ্রহৰ জলন্ত আদৰ্শটো জ্বলজ্বলীয়াকৈ দাঙি ধৰা হ’লহেলে। পৰিচালকে গাঁঠিৰ অনুমাষিক অত্যাচাৰ, গাঁঠিৰ অস্বাভাৱিক আৰু বিকৃত মুখ ভংগী দেখুৱাবলৈ গৈ নিজৰ কলা-কৌশলৰ দীনতা দেখুৱাৰ লগতে ফিল্মৰ total effectৰ ওপৰত আঘাত কৰিছে। কাৰণ গাঁঠিৰ অত্যাচাৰটো ছবিৰ মূল বিষয়বস্তু নহয় – মূল বস্তু হৈছে জয়মতীৰ ত্যাগ। গাঁঠিক type হিচাপে প্রাধান্য দিয়াত জয়মতী নাটক ফিল্ম হিচাপে tragic হ’ব নোৱাৰিলে। কাৰণ ঘটনাচক্ৰৰ সমাবেশৰ পৰাহে tragedy সৃষ্টি হয়। সেয়ে নহ’লে এটা নিষ্ঠুৰ হত্যাকাণ্ডৰ বহু বর্ণনাই tragedy সৃষ্টি কৰিলেহেঁতেন। কি কি কাৰণে অত্যাচাৰ কেনেকৈ ঘটিবলৈ পালে, তাৰ Backgroundত কি আছিল আৰু সেই অত্যাচাৰে কেনেকৈ সমসাময়িক ইতিহাসত প্রভাব জন্মালে সেয়েহে tragedy আৰু সিয়ে মানৱ মনৰ ওপৰত প্রভাব বিস্তাৰ কৰে।

আমি প্ৰবন্ধৰ আৰম্ভণিতে উনুকিওৱা সময়োপযোগী সাজ-পাৰ, বয়-বস্তু, হেঙদাং, কাৰেং আৰু অসমীয়া ঘৰৰ ভিতৰৰ কাৰুকাৰ্যই এটা atmosphere সৃষ্টি কৰে। ফিল্মৰ ভাষাত সেইবোৰ settingৰ ভিতৰত পৰে। ইয়াৰ ওপৰত ছবিখনৰ ৰস উপভোগ বহুগুণে নিৰ্ভৰ কৰিলেও ছবিখনৰ total effect টোহে ছবিখনৰ প্ৰাণ। effect বা প্ৰভাৱেই হৈছে ফিল্ম বা টকিৰ সাফল্যৰ মাপকাঠি। ছবিখনৰ ভিতৰত থকা Emotional আৰু Intellectual touch বোৰৰ ওপৰত ছবিখনৰ সাফল্য আৰু প্ৰযোজকৰ কৃতকার্যতা নির্ভৰ কৰে। নিপুণ চিত্রনাট্যকাৰ আৰু প্ৰযোজকে চৰিত্ৰ সৃষ্টি wipe-in, dissolve, fade in, fade out আদি কলা-কৌশলৰ সহায়েৰে সমসাময়িক ঘটনাৱলীৰ ভিতৰত ঐক্য আৰু যোগ সূত্র স্থাপনৰ দ্বাৰা মায়া ৰাজ্যৰ সৃষ্টি কৰি দৰ্শকৰ মন এনেভাৱে অভিভূত কৰে যে তেওঁলোকৰ মনৰ পৰা বহুদিনলৈকে এই প্ৰভাৱবোৰ নাতৰে। যি পৰিচালকে এনে ৰস সৃষ্টি কৰাত সক্ষম তেওঁহে পৰিচালক নামৰ যোগ্য। সেইকাৰণে জগত বিখ্যাত গ্রন্থৰো film version কৰিবলগা হয় আৰু তাৰ ভিতৰেদি চিত্র নাট্যকাৰ আৰু প্ৰযোজকে নিজৰ নিজৰ পাৰদৰ্শিতা ফুটাই তোলে। ফিল্ম শিল্পৰ এই technical side টোৰ বিষয়ে ক’বলগীয়া বহুত কথা আছে আৰু লেখকৰ প্রবল ইচ্ছা থকাতো এতিয়া এই বিষয়ে আলোচনা নকৰো, কিয়নো ‘জয়মতী’ চিত্ৰক প্ৰথম শ্ৰেণীৰ চিত্ৰৰ মাপকাঠিৰে জুখিবলৈ যোৱা অন্যায় হ’ব। সেইগুণেই আমি setting, অভিনয় বা Back gound music আদি বহুত কথাৰ আলোচনা নকৰিলো। আমাৰ সমালোচনা বহুতে ভাল নেপাব পাৰে; কিন্তু আমি আন অভিপ্রায় লৈ আলোচনা কৰিব খোজা নাই। জনদিয়েক কলা ৰসিক বন্ধুৰ অনুৰোধত পৰিহে আমাৰ ব্যক্তিগত ধাৰণা ব্যক্ত কৰিছো। জয়মতী ফিল্ম সমালোচনা কৰিবলে যোৱা এই প্রবন্ধৰ উদ্দেশ্য নহয়। সময় আৰু সুবিধা পালে আৰু পাঠকৰ এই বিষয়ে আগ্রহ থাকিলে ভাল ফিল্মনো কাক বোলে সেই বিষয়ে আলোচনা কৰিবৰ ইচ্ছা থাকিল।

প্রকাশ কাল : এপ্রিল-মে’, ১৯৩৫, আৱাহন

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.3 / 5. ভোট : 122

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!