বিশেষ লেখা

ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ মৃত্যু বাৰ্ষিকীত এক শ্ৰদ্ধাৰ্ঘ্য – এই বন্দৰৰ আবেলি

মানৱ সভ্যতাই বিকাশৰ দীঘলীয়া বাটত নৃত্যক সদায়েই চেতনাৰ স্পন্দন, চিন্তাৰ পটকথা আৰু আৱেগৰ সবাতোকৈ শক্তিশালী এক প্ৰকাশ মাধ্যমৰূপে ব্যৱহাৰ কৰি আহিছে। ভাষাই লিখিত ৰূপত নিজক জন্ম দিয়াৰ আগতে দৈহিক প্ৰকাশ ভংগী আৰু নৃত্যই সাহিত্যক উপস্থাপন কৰিছিল। সেয়া হয়তো কেতিয়াবা সাধুকথা আছিল, কেতিয়াবা আছিল সি পদ্য অথবা কবিতা আৰু কেতিয়াবা নাটক। আমাৰ অসমৰ সত্ৰীয়া নৃত্য, দেৱদাসী নৃত্য, তামিলনাডুৰ ভাৰত নাট্যম, আফ্ৰিকাৰ মাছাই লোক নৃত্য, ইউৰোপৰ বেলে, আধুনিক নৃত্য – এই‌ সকলোবোৰে সভ্যতাৰ ভিন্ন সময়ত সাহিত্যৰ ভিন্ন ধাৰাক‌ সমাজৰ আগত উপস্থাপন কৰি আহিছে। ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ প্ৰবক্তা আৰু বিশ্বৰ এজন আগশাৰীৰ কলা সমালোচক Markus Hallenslebenয়ে কৈছিল – “মানুহ বোলা এই জীৱ বিধে অতীত আৰু বৰ্তমানক সংৰক্ষণ কৰিবলৈ বহু সমলৰ জন্ম দিছে। সাহিত্য আৰু নৃত্য এই সমলৰ মাজৰে এনে দুই আহিলা, যি বিশ্ব সংস্কৃতিক সংৰক্ষণ কৰি আগুৱাই নিয়াত অতীজৰে পৰা মহৎ ভূমিকা লৈছে”।

এই চিন্তাকে সাৰোগত কৰি ড° ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ১৭ তম মৃত্যু দিৱসৰ প্ৰতি সন্মান জনাই তেখেতৰ এক অমূল্য সৃষ্টি “এই বন্দৰৰ আবেলি” (Twilight at the Port) ৰ এক নৃত্য ৰূপ দিয়াৰ প্ৰয়াস কৰা হ’ল। এই গল্পটো ছাৰৰ এক অনন্য সৃষ্টি, কিয়নো ই বিদেশী চহৰ লণ্ডনৰ পটভূমিত ৰচনা কৰা। কেইটিমান বাক্য যি চহৰখনক সংজ্ঞাবদ্ধ কৰিছে, বাক্যৰ শব্দবোৰে বিচাৰি উলিয়াইছে চহৰখনৰ বৈশিষ্ট আৰু সেই বৈশিষ্টৰ ওপৰত উশাহ লোৱা চহৰখনৰ মানুহবোৰৰ জীৱন পৰিক্ৰমা। বাক্য কেইটাই কোনো সংজ্ঞা বিচৰা নাই, সিহঁত নিজৰ চিনাকী আৰু অৰ্থ বুজাবলৈ যথেষ্ট। এই বাক্য কেইটা নেপথ্যত উচ্চাৰিত হৈছে, সংগীতে পৰিবেশ আৰু কল্পনাৰ ছবিবোৰক জীৱন্ত কৰি তুলিছে। আৰু সমুখত এগৰাকী নৰ্তকীয়ে আংগিক প্ৰকাশেৰে সেই বাক্যবোৰত সোমাই থকা গভীৰ অৰ্থ দৰ্শকৰ আগত তুলি ধৰিছে। বাক্য, শব্দ, সংগীত আৰু নৃত্যই এক যুগলবন্দীৰ ৰূপত শইকীয়া ছাৰৰ “এই বন্দৰৰ আবেলি”ক এক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে।

সত্ৰীয়া নৃত্যৰ এগৰাকী যশস্যী শিল্পী প্ৰেৰণা ভূঞাই গল্পটিৰ এই বিশেষ বাক্যকেইশাৰীক নৃত্যৰ ভিন্ন প্ৰকাশ ভংগীৰে সজাই তুলিছে। নেপথ্যত বাক্যকেইশাৰী পাঠ কৰিছে আমাৰ সকলোৰে পৰিচিত লোক সংস্কৃতিৰ সাধক, গীতিকাৰ, গায়ক ড° বীৰেন্দ্ৰ নাথ দত্তদেৱে। দুখন দেৱালে চেপি ৰখা এটা ঠেক কৰিডৰত আৰম্ভ হৈ দৃশ্যবোৰ পোহৰৰ সন্ধানত এখন বিশাল আকাশৰ তললৈ আগুৱাই গৈছে। কিয়নো গল্পত উল্লেখিত বৈশিষ্ট্যৰে ভৰা চহৰখনৰ আকাশখন যে বিশাল। সেই আকাশ সভ্যতা আৰু সংস্কৃতিৰ আকাশ, বীৰত্ব আৰু প্ৰতিভাৰ আকাশ, মানৱ জাতিক সময়ৰ লেখত পৰিচালনা কৰা এখন আকাশ। নেপথ্যত কৈ যোৱা এই চহৰখনৰ বৈশিষ্টবোৰ আৰু নৃত্যৰ মাজেৰে ফুটাই তোলা চহৰখনৰ আকাশখন লাহে-লাহে নানা ৰঙেৰে আলোকিত হৈছে, ৰঙবোৰে চহৰখনৰ গৰিমা ফুটাই তুলিছে। চহৰখনক বিশেষ আৰু মহান কৰি তোলা এটি এটি ক্ষুদ্ৰ মানৱ সত্বাৰ চিনাকী আৰু পৰিচয়ৰ বাবে কেমেৰাটো নৰ্তকীৰ সতে লাহে-লাহে বহল আকাশখনৰ তলৰ পৰা ব্যক্তিৰ নিজা ক্ষুদ্ৰ আকাশলৈ নামি আহিছে, ব্যক্তি সত্বাৰ সৰু-সৰু পৰিচয়বোৰলৈ আগবাঢ়ি গৈছে। কিয়নো চহৰখনৰ আকাশখন সুবিশাল হ’লেও এই আকাশ কিন্তু জনা-অজানা বহুজনৰ নিজা আকাশৰ সমষ্টি, প্ৰতিভাৰ সমষ্টি, জয় আৰু পৰাজয়ৰ কাহিনীৰে ভৰা জীৱনবোধৰ সমষ্টি।

“এই বন্দৰৰ আবেলি” গল্পৰ ওপৰত ভেটি কৰি নিৰ্মাণ কৰা এই নৃত্য-গদ্য ভিডিঅ’ৰ পৰিকল্পনা আৰু প্ৰযোজনা কৰিছে বিশিষ্ট চিনেমা সমালোচক উৎপল দত্তদেৱে। ভিজুৱেলাইজেশ্যন, নৃত্য আৰু ভিডিঅ’গ্ৰাফী প্ৰেৰণা ভূঞাৰ। গল্পটোৰ গদ্যাংশৰ নিৰ্বাচন আৰু সম্পাদনা নম্ৰতা দত্তৰ লগতে ড° বীৰেন্দ্ৰ নাথ দত্তৰ। সংগীত আৰু সম্পাদনাৰ কামত আছে দিগন্ত শৰ্মা। এই‌ ভিডিঅ’ নিৱেদনত আছে “Club Nineteen”, “UD Foundation” আৰু “Rainsoft Studio”। ড° ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ১৭ তম মৃত্যু তিথিত এই সৃষ্টি তেখেতৰ বিৰল প্ৰতিভাৰ প্ৰতি এক অপূৰ্ব শ্ৰদ্ধাৰ্ঘ। “এই বন্দৰৰ আবেলি”ৰ নৃত্য আৰু গদ্যৰ উপস্থাপন অসমীয়া পৰীক্ষামূলক চিনেমাত এক নতুন সংযোজন। এই পৰীক্ষাই সাহিত্য আৰু নৃত্যক এক নতুন দৃষ্টিভংগীৰে দৰ্শকৰ আগত দাঙি ধৰাৰ লগতে অসমীয়া সৃষ্টিশীল কলাৰ পৃথিৱীখনত এক নতুন দিগন্তৰ সূচনা কৰিব।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.2 / 5. ভোট : 55

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!