বিশেষ লেখা

ধ্বনিৰ অভিযাত্রী, সংগীতৰ কবি

কিছুমান কথা, কিছুমান ঘটনাই আমাৰ মনত বা চেতনাত একো-একোটা দীর্ঘস্থায়ী সাঁচ পেলাই থৈ যায়।

শ্বেৰ চৌধুৰীৰ সংগীত-ৰচনা প্রথম শুনাৰ অভিজ্ঞতাটোৱেও মোৰ মনত বা চেতনাত এনেকুৱা এক দীর্ঘস্থায়ী সাঁচ ৰাখি থৈ গৈছে।

তেওঁৰ সংগীত-ৰচনা প্ৰথমবাৰৰ কাৰণে শুনিছিলোঁ গৌতম বৰাৰ দ্বাৰা পৰিচালিত “ৱ’ছ’বিপ’ নামৰ কাৰ্বি ভাষাৰ চলচ্চিত্ৰখনৰ জৰিয়তে। ১৯৯০ চনত জ্যোতি চিত্রবনত হোৱা চলচ্চিত্ৰখনৰ এটা বিশেষ প্রদর্শনীত উপস্থিত থকাৰ সুযোগ পাইছিলোঁ। তেতিয়াও সেইখনৰ ইংৰাজী ভাষাৰ ছাবটাইটল হোৱা নাছিল। কাৰ্বি ভাষা যিহেতু নাজানো, গতিকে মোৰ বাবে চিনেমাখন আছিল কেৱল দৃশ্য আৰু ধ্বনি। কি সেই দৃশ্য আৰু কি সেই ধ্বনি! এইখনৰ নির্মাতা গৌতম বৰাৰ দৰে এগৰাকী সংবেদনশীল পৰিচালক—গৌতম বৰাক ইতিমধ্যে লগ পাইছো-, গতিকে চলচ্চিত্ৰখনৰ দৃশ্যায়নে চকু কাঢ়ি নিয়াৰে কথা; কিন্তু ধ্বনি-অয়নেৰে কাণ কাঢ়ি নিয়া। এইজন ‘চিকুণ চোৰ’ কোন? এইজন চোন এজন কবি!

শ্বেৰ চৌধুৰীৰ সৈতে ব্যক্তিগতভাৱে চিনাকি হৈছোঁ পিছত। কিন্তু তেওঁৰ সংগীতৰ সৈতে মোৰ প্ৰথম চিনাকিৰ সাঁচ গোপনে ক’ৰবাত চিৰকাললৈ থাকি গ’ল। মোৰ দৃষ্টিত শ্বেৰ চৌধুৰী হৈ ৰ’ল ধ্বনিৰ অভিযাত্রী, সংগীতৰ কবি; আৰু আমাৰ মনৰ কাণ দুখন কাঢ়ি নিয়া এজন ‘চিকুণ চোৰ’।

“ৱ’ছবিপ’ৰ আৱহ সংগীতে বহুদিনলৈকে কি যে এক মগ্নতাৰ মাজত ৰাখি থৈছিল, সেইটো ব্যাখ্যা কৰা টান। দৰাচলতে সেই মগ্নতাৰ আজিও অন্ত পৰা নাই, কাহানিও অন্ত পৰাৰ সম্ভাৱনাও নাই। “ৱ’ছবিপ’ৰ মিউজিক-ট্রেকটো কিমানবাৰ যে শুনিছোঁ তাৰ হিচাপ নাই। এতিয়াও এইটো মোৰ লগত আছে; কাণতো ৰিণি-ৰিনিকৈ বাজি থাকে। এই অভিজ্ঞতাৰ আগলৈকে চলচ্চিত্ৰৰ আৱহ সংগীত সম্পর্কে সুকীয়াকৈ একো আকর্ষণ অনুভৱ কৰাৰ কথা মনত নপৰে। চলচ্চিত্ৰৰ ধ্বনি-ব্যঞ্জনাৰ বিষয়ে মোৰ মন (বা কাণ) মুকলি কৰি দিছিল শ্বেৰ চৌধুৰীয়ে। সংগীত সদায়েই ভাল পাই আহিছোঁ, কিন্তু সংগীতৰ এই নতুন জগতখনৰ সৈতে মোক চিনাকি কৰাই দিলে তেৱেঁই। “ৱ’ছবিপ’ৰ পৰাই চলচ্চিত্র “শুনিবলৈ”ও শিকিলোঁ বুলি ক’ব পাৰি।

ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ পৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰি থকা অৱস্থাত শ্বেৰ চৌধুৰী

তেতিয়াৰে পৰা যেতিয়াই চলচ্চিত্র এখন চাওঁ, তেতিয়া সেইখন শুনিবলৈও চেষ্টা কৰা হ’লোঁ। শ্বেৰ চৌধুৰীৰো আন কেইবাখনো চলচ্চিত্র পৰৱৰ্তীকালত “শুনিলোঁ”—সঞ্জীৱ হাজৰিকাৰ ‘হলধৰ’, বিদ্যুৎ চক্ৰৱৰ্তীৰ ‘ৰাগ-বিৰাগ’, সান্ত্বনা বৰদলৈৰ ‘অদাহ্য’ আদি, আৰু সৌ সিদিনা “শুনিলোঁ” তেওঁ সংগীত পৰিচালনা কৰা শেষৰ খন চলচ্চিত্র, বিদ্যুৎ চক্ৰৱৰ্তীৰ ‘দুৱাৰ’- তেওঁৰ ছোৱান ছং।

বাস্তৱ জীৱনত আমি বাস কৰোঁ অন্তৰ আৰু বহির্জগতৰ আৱহ কোলাহলৰ মাজত। ৰূপকাৰসকলে এই কোলাহলৰ মাজতে পৰা লয় আৰু ছন্দৰ চানেকিৰ সন্ধান কৰে। কবিয়ে ভাব-জগতৰ কোলাহলৰ মাজৰ পৰা কিছুমান চানেকি উলিয়াই আনি কবিতা নির্মাণ কৰে; বিজ্ঞানীয়ে বস্তু-জগতৰ কোলাহলৰ মাজৰ পৰা কিছুমান চানেকি আৱিষ্কাৰ কৰি তত্ত্ব নির্মাণ কৰে; শিল্পীয়ে ভাব আৰু বস্তু দুয়োখন জগতৰে কোলাহলৰ মাজৰ পৰা চানেকি চয়ন কৰি একোখন চিত্র অংকন কৰে, বা একোটা ভাস্কর্য নির্মাণ কৰে। সংগীত ৰচোঁতা এজনেও এইদৰে শব্দ আৰু ধ্বনিৰ কোলাহলৰ মাজত কিছুমান বুনিয়াদী চানেকি শ্রবণ কৰি সংগীত ৰচনা কৰে। শ্বেৰ চৌধুৰীৰ সংগীততা এনে অতি প্রাথমিক উৎসৰ পৰা উৎসাৰিত হৈছিল আৰু সেয়ে সি আছিল একক আৰু মৌলিক — আৰু সেয়ে তাৰ আবেদনৰ এটা বিশ্বজনীনতা আছে। স্থানীয় হৈয়ো সি সকলো ঠাইৰে। অসমৰ বা অসমীয়া চলচ্চিত্ৰত ধ্বনিৰ এনে সম্পৰীক্ষা, আগতে বা পাছতো, আন কোনেও কৰা আমাৰ কাণত পৰা নাই। চলচ্চিত্র একোখনৰ কাহিনী আৰু ঘটনা-প্রবাহৰ মাজৰ একেবাৰে প্ৰাথমিক ধ্বনিবোৰ তেওঁ অনায়াসে চিনাক্ত কৰিছিল, সেই ধ্বনি অন্তবেৰ্শন আৰু বহির্বেৰ্শন কৰি, ভাঙি-পিটি, সুকৃত বা বিকৃত কৰি তেওঁ গঢ়ি তুলিছিল এনে এক সাংগীতিক আবেশ বা পৰিবেশ,—যি আবেশ বা পৰিবেশ চলচ্চিত্ৰখনৰ এক জৈৱিক অংগত পৰিণত হৈছিলগৈ। এই জৈৱিক সম্পর্কটোৰ আমি উমান পাওঁ তেতিয়া, যেতিয়া তেওঁ সংগীত পৰিচালনা কৰা কোনো এখন চলচ্চিত্ৰৰ কোনো এটা দৃশ্যৰ পৰা আৱহসংগীতক নিলগাই চাবলৈ চেষ্টা কৰোঁ। মই চাবলৈ সুযোগ পোৱা শ্বেৰ চৌধুৰীৰ চলচ্চিত্র কেই বহুকেইটা দৃশ্যত মোৰ এনে লাগে যেন আৱহসংগীতো তাত এটা চৰিত্ৰ হৈ উঠিছে, আৱহে কথা কৈছে, খোজ কাঢ়িছে, তাৰ চৌপাশ নিৰীক্ষণ কৰিছে। আবহ সংগীতত এইদৰে এটা ব্যক্তিত্ব প্রদান কৰি তাক চলচ্চিত্র এখনৰ অর্থপূর্ণ সংযুক্তি হিচাপে গঢ়ি তুলিব পৰাটো এটা অসাধাৰণ কাম।

কবি হীৰেন ভট্টাচার্যৰ এটা কবিতা –

মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ,

কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,—

শ্বেৰ চৌধুৰীয়েও আমাৰ চৌপাশৰ চিনাকি ধ্বনি একোটাকে লৈ এইদৰেই তাৰ বিভিন্ন প্রকৃতি আৰু বৈশিষ্ট্যৰ উমান লৈছিল, আৰু তাৰেই সহায়েৰে ৰচনা কৰিছিল নতুন অর্থ আৰু নতুন ব্যঞ্জনা বিশিষ্ট সংগীত। হীৰেন ভট্টাচার্য যদি আছিল শব্দৰ খেতিয়ক, শ্বেৰ চৌধুৰী নিঃসন্দেহে আছিল ধ্বনিৰ খেতিয়ক। হীৰেন ভট্টাচার্যই আন এঠাইত কৈছিল যে শব্দৰ বাঢ়ি অহাকণেই কবিৰ নিৰ্মাণ। মোৰ দৃঢ় বিশ্বাস যে শ্বেৰ চৌধুৰীয়েও একে ধৰণেই ক’লেহেঁতেন যে ধ্বনিৰ বাঢ়ি অহাকণেই সংগীত ৰচোঁতাৰ নিৰ্মাণ।

ব্যক্তিগত ঘনিষ্ঠ সম্পর্ক বুলিলে যি বুজায়, শ্বেৰ চৌধুৰীক তেনেকুৱাকৈ পাইছিলোঁ বুলি মই দাবী কৰিব নোৱাৰোঁ। কিন্তু এই কথা ঠিক যে তেওঁৰ সৈতে কটোৱা সময়খিনি মোৰ জীৱনৰ মধুৰতম সময়বোৰৰ মাজৰ। তেখেতৰ উপস্থিতিয়ে যি কোনো পৰিবেশ স্নিগ্ধ আৰু মধুৰ কৰি তুলিছিল। ১৯৯০ দশকটোত বিভিন্ন প্রসঙ্গত বিভিন্ন স্থানত তেখেতক লগ পাইছিলোঁ, বিশেষকৈ সেই সময়ত কামৰূপ একাডেমিৰ সন্মুখত, নয়ন প্রসাদৰ ঘৰৰ আগ-চোতালত, বিষ্ণু তামুলী আৰু মনোজ শৰ্মাৰ ডেজ-আর্ট নামৰ ডিজাইন প্রতিষ্ঠানটোত, বিষ্ণু আৰু মনোজ থকা হেদায়েৎপুৰৰ ঘৰটোত, সূর্য ক্লাবত, গুৱাহাটীত অনুষ্ঠিত কেইটামান চলচ্চিত্র মহোৎসৱত। গতিকে, মই যি খিনি সময় তেখেতক পাইছেলো সমূহৰ মাজতেই পাইছিলোঁ। শব্দৰ কবি হীৰেন ভট্টাচাৰ্যৰ সৈতে সংগীতৰ কবি শ্বেৰ চৌধুৰীৰ আন বহু কথাৰ লগতে আৰু এটা কথাত মিল আছিল—সেইজন কবিয়ে যেনেদৰে কবিতাৰ বিষয়ে কথা নাপাতিছিল, এইজন কবিয়েও তেনেদৰে সংগীতৰ বিষয়ে কথা নাপাতিছিল। ইমান গভীৰভাৱে জড়িত হৈ তেওঁ সংগীত ৰচনা কৰে, অথচ একে সময়তে তেওঁ সদায়ে আছিল এজন আউটছাইডাৰ আৰু বিযুক্ত—এনেকৈ থাকিব পৰাটো কম কথা নহয়। আমি জীৱনত নিজকে অতিক্রম কৰিব পৰা এনে খুব কম মানুহেই লগ পাওঁ, যাক লগ পালে আমাৰ মাজৰে এজনক লগ পোৱা যেন লাগে।

পাঁচ বছৰমানৰ আগতে এবাৰ শ্বেৰ চৌধুৰী, নয়ন প্রসাদ, চন্দন শৰ্মা আৰু মই শ্বিলঙৰ ৱাইন উৎসৱ এটালৈ একেলগে গৈছিলো। আমি অনবৰতে ঘূৰা-ফিৰা কৰি থাকোঁ যদিও যাত্ৰা বুলিলে যি বুজায়, তেনে যাত্রা খুব কমেই কৰোঁ। শ্বেৰ চৌধুৰীৰ সৈতে কৰা এই ভ্রমণটো আছিল এটা যাত্রা। তেওঁৰ সৈতে শ্বিলঙৰ দৰে ঠাইৰ স্থানীয় পানীয়ৰ উৎসৱ এটাত উপস্থিত থকাটো নিজতে নিজেই এটা কবিতা বা গীতৰ দৰে স্পন্দিত, ছন্দিত আৰু মনোমুগ্ধকৰ ঘটনা আছিল। তাৰ পৰা পাহাৰৰ ভাঁজে ভাঁজে গৈ আমি উপস্থিত হৈছিলোঁগৈ দাঁতিকাষৰীয়া স্মিট নামৰ গাঁওখনত অনুষ্ঠিত খাছীসকলৰ নংক্ৰেম উৎসৱত। উভতনি-বাটত তেখেতৰ লাবানৰ ঘৰতো সোমাই আহিছিলোঁ। বৰাপানীত এটা বিৰতি লৈ এই যাত্রাৰ অন্ত পৰিছিল বশিষ্ঠ চাৰিআলিৰ মোৰ বহাটোত। সময়ৰ লেখেৰে ই আছিল শীতকালৰ এটা চুটি দিনৰ তেনেই চুটি এটা ভ্রমণ, কিন্তু সোঁৱৰণীৰ লেখেৰেই হৈ থাকিল শেষ হ’ব নজনা এটা দীঘলীয়া উমাল যাত্রা।

ডঃ বিপুলজ্যোতি শইকীয়াৰ এই লেখাটো ২০১৩ বৰ্ষত শ্বেৰ চৌধুৰী সোঁৱৰণী স্মৃতিগ্ৰন্থত প্ৰকাশ পাইছিল। চিনেকথা ডট কমৰ তৰফৰ পৰা বিশেষ কৃতজ্ঞতা সঞ্জীৱ হাজৰিকা আৰু মিন্টু বৰুৱালৈ‌।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 131

3 Comments

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!