জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’য়ে অসমীয়া চলচ্চিত্ৰৰ ক্ৰমগতিৰ পথ সূচনা কৰাৰ পৰৱৰ্তী সময়ত সেই ঐতিহ্যৰ ধাৰাবাহিকতা ৰক্ষা হোৱা পৰিলক্ষিত নহ’ল। চলচ্চিত্র নির্মাণৰ অন্তৰালত থকা জ্যোতিপ্ৰসাদৰ একান্ত প্রয়াসৰ মর্মার্থ অনুধাৱন কৰিব নোৱাৰাৰ বাবেই হয়তো দ্বিতীয়খন অসমীয়া চলচ্চিত্র নির্মাণৰ বাবে পুনৰ জ্যোতিপ্রসাদেই কার্যপন্থা হাতত লয়। ফলশ্রুতিত ‘জয়মতী’ৰ সমকক্ষ হোৱাৰ যোগ্যতা আর্জিব নোৱাৰিলেও ‘ইন্দ্ৰমালতী’য়ে দ্বিতীয়খন কথাছবিৰ মর্যাদা লাভ কৰে। ‘জয়মতী’ৰ আর্থিক বিফলতা তথা চলচ্চিত্রবোধৰ সঠিক পর্যালোচনাৰ অভাৱৰ ফলত সৃষ্টি হোৱা হতাশাই ‘ইন্দ্ৰমালতী’ক জ্যোতিপ্ৰসাদৰ প্রকৃত প্রতিভাৰ স্বাক্ষৰ হোৱাৰ পৰা বিৰত ৰাখিলে। ১৯৪০ চনত ৰোহিণী কুমাৰ বৰুৱাই তৃতীয় অসমীয়া চলচ্চিত্র ‘মনোমতী’ নির্মাণ কৰাৰ পাছতেই চতুর্থখন অসমীয়া চলচ্চিত্র ‘ৰূপহী’ নির্মিত হয়। এইখন অসমীয়া চলচ্চিত্ৰৰ পৰিচালক আছিল গীতিকবি খ্যাত পাৰ্ৱতি প্ৰসাদ বৰুৱা। কেৱল পৰিচালকেই নহয় তেওঁ ছবিখনৰ প্রযোজক আৰু সংগীত পৰিচালকৰ ভূমিকাও পালন কৰিছিল।
অসমীয়া গীতি-সাহিত্যৰ এচোৱা সময়ক সমৃদ্ধ কৰিবলৈ সক্ষম হোৱা পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ যুগজয়ী প্রতিভা ইতিমধ্যেই চর্চিত বিষয়। গীত আৰু কবিতাৰে আত্মপ্রতিষ্ঠিত পাৰ্ৱতি প্ৰসাদ বৰুৱাই সংস্কৃতিৰ অন্য এখন ক্ষেত্ৰতো নিজকে নিয়োজিত কৰাৰ প্ৰয়াস কৰিছিল। গীতিকবিৰ দৰেই চলচ্চিত্রকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱাৰ প্ৰতিভাৰ দিশটো প্ৰায়েই আলোচনাৰ মাধ্যমলৈ অনা পৰিলক্ষিত নহয়। চতুর্থখন অসমীয়া চলচ্চিত্র ‘ৰূপহী’ৰ নির্মাতা হিচাপে জনাৰ বাহিৰে তেওঁৰ চলচ্চিত্র প্রতিভাৰ আলোচনা-সমালোচনা উপেক্ষিত হৈ ৰৈছে। অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণিৰ কালছোৱাতে এই ব্যয়বহুল কলামাধ্যমটোৰ লগত জড়িত হৈ অসমীয়া চলচ্চিত্ৰক আৰু এখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ যি ভূমিকা অৱশ্যেই আলোচনাযোগ্য।

পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ চলচ্চিত্র প্রতিভা এক আলোচনাৰ বিষয় হোৱাৰ প্রবল সম্ভাৱনা স্বত্বেও তেওঁৰ সৃষ্টিকৰ্মৰ সঠিক মূল্যায়ন কৰিব নোৱাৰাটো এক ডাঙৰ দুর্বলতা। এই দুর্বলতাৰ আঁৰৰ প্রতিবন্ধকসমূহো আলোচনা হোৱা উচিত। চলচ্চিত্র কর্মৰ বিশ্লেষণৰ বাবে প্ৰাথমিক প্ৰয়োজন হ’ল চলচ্চিত্ৰখনৰ দর্শন উপযোগী প্রিন্ট। উদ্ভৱ কালৰ বা তাৰ পাছৰো বহুতো উল্লেখযোগ্য চলচ্চিত্ৰকৰ্মৰ প্ৰিণ্ট বর্তমান উপলব্ধ নহয়। চলচ্চিত্ৰৰ প্রিন্ট সংৰক্ষণৰ ব্যৱস্থা নথকাৰ বাবেই কালৰ গৰ্ভত সৰহ সংখ্যক অসমীয়া ছবিয়েই নিশ্চিহ্ন হ’ল। ‘ৰূপহী’ও এই তালিকাৰ অন্তর্ভুক্ত। যাৰ বাবে চলচ্চিত্ৰখনৰ আভ্যন্তৰীণ সৌন্দর্য তথা কলাগত মান সম্পর্কে মতামত দিয়াৰ কোনো ধৰণৰ অৱকাশ নাই। চলচ্চিত্ৰখনৰ কাহিনী, অভিনয় কুশলী, সংগীত ইত্যাদি কিছু তথ্যৰ ভিত্তিত কিছু মন্তব্য আগবঢ়াব পৰা যায় যদিও সেই মন্তব্য তৰল আৰু প্রাসংগিক নহ’ব। চলচ্চিত্র সমালোচকসকলেও কেৱল কাহিনী আৰু সাংগীতিক বৈশিষ্ট্যৰ আধাৰতে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত ‘ৰূপহী’ৰ স্থান নিৰূপণ কৰাৰ প্রচেষ্টা পৰিলক্ষিত হৈছে। কিন্তু চলচ্চিত্র এখনৰ প্রকৃত মান নিৰূপণৰ বাবে কেৱল কাহিনীয়েই প্রধান সম্বল নহয়, অন্যতমহে। দৃশ্যমান ৰূপটো সুলভ হোৱা হ’লে হয়তো ‘ৰূপহী’ৰ প্রকৃত কলাগত মান নির্ণয় কৰিব পৰা হ’লহেতেন। যিটো জয়মতীৰ ক্ষেত্ৰত সম্ভৱ হৈছে (যদিও প্রকৃত প্রিণ্টটো উদ্ধাৰ নহ’ল)।
পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ শিল্পীসুলভতাৰ অকপট পৰিচয় তেওঁৰ গীত বা কবিতাসমূহ। এই সৃষ্টিসমূহত তেওঁৰ সৌন্দর্যময় চেতনাৰ যি প্ৰভাৱ পৰিলক্ষিত হৈছে সেইদিশৰ পৰা লক্ষ্য কৰিলে তেওঁৰ চলচ্চিত্র কর্মও যে কেৱল ব্যৱসায়ধর্মী বা উদ্দেশ্যপ্রণোদিত নাছিল সেয়া সহজেই অনুভূত হয়। শিল্পী মাত্রেই শিল্পৰ প্রতি শ্রদ্ধাশীল। গতিকে ৰূপহীৰ নির্মাণো পাৰ্ৱতি প্ৰসাদৰ অন্তৰ্লীণ শিল্পচেতনাৰেই অনুৰণন বুলি অনুমান কৰিলে হয়তো ভুল নহ’ব। অৱশ্যে এয়া সত্য যে, চলচ্চিত্ৰৰ দৰে জটিল মাধ্যমটো আয়ত্তলৈ আনি ইয়াৰ বৰ্হিপ্ৰকাশৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে তেওঁৰ আৱশ্যকীয় তথা সঠিক জ্ঞানৰ অভাৱ আছিল। কিন্তু কলামাধ্যমটোৰ শক্তিক তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছিল আৰু ইয়াৰ ফচল হিচাপে হয়তো ওলাইছিল ‘ৰূপহী’। হয়তো..।
ইতিমধ্যে নিৰূপিত হোৱা বা প্রয়াস চলি থকা অসমীয়া চলচ্চিত্ৰৰ ইতিহাস নিৰূপণৰ প্রক্রিয়াটো সম্পূর্ণ নিৰপেক্ষ বুলি একে আষাৰে কৈ দিব নোৱাৰি। উল্লিখিত সমস্যাই ইয়াৰ প্ৰধান কাৰণ। কালৰ বুকুত হেৰাই যোৱা বহুতো চলচ্চিত্ৰৰ সঠিক মূল্যায়ন নোহোৱাকৈ সুলভ চলচ্চিত্রসমূহৰ ভেঁটিতেই চলচ্চিত্ৰৰ ইতিহাস আজি থিয় হৈ আছে। আৰু এনেবোৰ কাৰণতেই পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ চলচ্চিত্ৰ ৰীতিৰ কোনোধৰণৰ আভাস নোপোৱাকৈয়ে ৰূপহীক জানিছো কেৱল গ্রন্থ বা ডিজিটেল মেডিয়াৰ কিছুমান তথ্যৰ ভিত্তিত। এনেদৰেই ‘ৰূপহী’ হৈ পৰিল আমাৰ বাবে কমকৈ পৰিচিত এখন চিনেমাৰ নাম। এনেদৰেই এজন শিল্পীৰ শিল্পীৰ মন তথা উদ্যম হৈ পৰিল চিৰদিন নেপথ্যৰ পৰিভাষা।
চিনেকথাৰ সংযোজন
অতুলচন্দ্ৰ হাজৰিকাৰ ‘মঞ্চলেখা’ (১৯৬৭)ৰ পৰা
থোৰতে ‘ৰূপহী’
মনোমতীৰ অলপ দিন পিছতেই ১৯৪২/৪৩ চনত, চতুর্থ অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল সোণাৰিৰ সোণালী পামৰ গীতিকৱি পাৰ্ৱতি প্ৰসাদ বৰুৱা আৰু তেওঁৰ ভাতৃসকলে। এই ছবিখন কেনেভাৱে আৰু কি আলৈ-আহুকালৰ মাজেদি তোলা হৈছিল সেই সকলো কথা বৰুৱাদেৱে আমাক বিতংভাৱে জনাম বুলি কথা দিছিল। দুখৰ বিষয় তেওঁৰ শয্যাশায়ী ৰোগে আৰু অকাল মৃত্যুৰ বাবে সেইটো হৈ নুঠিল-আলচা কথা আলচাতে থাকিল। কমলেশ্বৰ চলিহাই লিখা চুটি গল্প এটাৰ জুমুধিটো লৈ ৰূপহীৰ কাহিনী যুগুত কৰা হৈছিল। কলিকতাৰ ভাৰতলক্ষ্মী ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ কৰা হৈছিল। পৰিচালনাত বৰুৱাক সহকাৰী হিচাপে সকলো প্ৰকাৰে সহায় কৰিছিল ৰাজেন বৰুৱাই। এই বিষয়ত বৰুৱাৰ পূৰ্বৰ অভিজ্ঞতা আছিল। সেই কাৰণে নামত নহ’লেও কামত তেৱেঁই প্রকৃত পৰিচালক আছিল। প্রসিদ্ধ অভিনেতা পদ্মধৰ চলিহা, শৈলেন্দ্রনাথ ফুকন, ডানকান আচাও (ইভা আচাওৰ ককায়েক) আৰু গৌৰীনাথ কাকতী ছবিৰ মুখ্য ভূমিকাত ওলাইছিল। নাৰী-ভূমিকাত আছিল পুণ্য কোঁৱৰ, কানন চক্রৱর্তী আৰু মণিকা নাজিৰ। প্রফুল্লচন্দ্ৰ বৰুৱা এম-পি আৰু স্বৰ্গীয় যাদৱপ্রসাদ চলিহাকো দুটা সৰু ভাৱত দেখা গৈছিল। বিখ্যাৎ গ্রামোফোনশিল্পী দুর্গাপ্রসাদ দত্তই এই ছবিত ‘বজালে আহিনে বাঁহী নে বীণ’ নামৰ গীত এটা ৰচনা কৰি নিজে সুৰ দি গাইছিল আৰু বেজৰ সৰু চৰিত্ৰ এটাও ৰূপায়িত কৰিছিল। মায়াৰাম নামৰ তৰণী এজনৰ ভাও দক্ষতাৰে ৰূপায়িত কৰিছিল গোলাঘাটৰ সূৰ্য বৰুৱাই। বৰুৱা গোলাঘাটৰ এমেছাৰ থিয়েটাৰৰ এগৰাকী খুহুটীয়া সৰবৰহী অভিনেতা। এওঁ জীৱনৰ আধা বয়সত ভৰি দিও আজিলৈকে মঞ্চাভিনয়ৰ লগত জড়িত হৈ আছে। পাৰ্ৱতি বৰুৱাই ছবিখনি জাতে-পাতে অসমীয়া ঠাচত ঢালিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ তেওঁৰ স্বৰচিত বনগীতসুৰীয়া গীতবোৰে আৰু নামঘোষাৰ পদে ছবিখনিৰ জেউতি চৰাইছিল। মুঠতে ৰূপহীত যেন অসমীয়া অসমীয়া গোন্ধ এটা পোৱা গৈছিল। বৰুৱাই সঙ্গীত পৰিচালনা কৰিছিল আৰু নিজে মহন্ত এজনৰ ভাও লৈ সুললিত কণ্ঠেৰে নামঘোষাৰ “কৃষ্ণ এক দেৱ দুঃখহাৰী” আদি পদ গাই এই বিষয়ত তেওঁৰ কৃতিত্বৰ চিনাকি দিছিল। তেওঁ নিজে ৰূপায়িত কৰা সুদর্শন মহন্তজনৰ চৰিত্ৰটোৱেই বোলছবিত জাকত জিলিকা হৈছিল বুলি নিঃসন্দেহে কব পাৰি।
