বিশেষ লেখা

পৰিচালকে ছবিখন কৰা বাদ দিবই খুজিছিল

হিন্দী ছবিৰ দুগৰাকী প্ৰখ্যাত পৰিচালকৰ দুখন স্মৰণীয় ছবিয়ে ১৯৬৯ চনত মুক্তিলাভ কৰিছিল আৰু দুয়োখনেই পৰবৰ্তী কালত লাভ কৰিছিল কাল্ট ছবিৰ সন্মান৷ এখন হ’ল হৃষীকেশ মুখাৰ্জীৰ ‘হৃদয়ৰ আটাইতকৈ ওচৰৰ ছবি’ সত্যকাম আৰু আনখন শক্তি সামন্তৰ আটাইতকৈ সফল ছবি ‘আৰাধনা’৷

দৃশ্যগ্ৰহণৰ দুদিন আগতে প্ৰযোজক পৰিচালক শক্তি সামন্তে ছবিখন কৰা বাদ দিবই খুজিছিল৷ কিন্তু ভাগ্যই তেওঁক ছবিখন কৰিবলৈ টানি নিছিল আৰু ৰচিত হৈছিল হিন্দী ছবিৰ ইতিহাসৰ এটা অধ্যায়৷ অৰ্ধ শতিকা অতিক্ৰম কৰা আৰাধনা অকল ব্যৱসায়িক দিশত সফল আছিল, ছবিখনৰ সেইটোৱেই একমাত্ৰ গুৰুত্ব নাছিল৷ এই ছবিখনে ৰাজেশ খান্না অভিনেতা গৰাকীক চুপাৰষ্টাৰৰ মৰ্যাদা দিছিল আৰু একেৰাহে ষোল্লখন ছবিৰ নায়ক হৈ ৰাজেশ খান্নাই যি অভিলেখৰ গৰাকী হৈছিল তাৰ উদাহৰণ বলিউদত দ্বিতীয় এটা নাই৷ এই ছবিৰ নায়িকা আছিল শৰ্মিলা ঠাকুৰ আৰু এই ছবিৰ সফলতাই ৰাজেশ খান্না-শৰ্মিলা ঠাকুৰ যুটীটোক এটি বিশেষ ৰ্মযদা দিছিল৷ কিন্তু শৰ্মিলা ঠাকুৰ শক্তি সামন্তৰ প্ৰথম পচন্দ নাছিল৷ প্ৰথম পচন্দ আছিল অপৰ্ণা সেন৷ সাধাৰণতে ‘ইন্টেলেকচুৱেল’ টাইপৰ ছবিৰ মাজত থাকিব বিচৰা অপৰ্ণা সেনে এই ছবিখনত অভিনয় নকৰিলে৷ কৰা হলে হয়তো তেওঁৰ কেৰিয়াৰেই সলনি হৈ গ’লহেতেন৷ ৰাজেশ খান্না আছিল প্ৰথম পচন্দ আৰু সেই পচন্দযে সফল আছিল সেই কথা সকলো দিশৰ পৰাই প্ৰমাণিত৷

আৰাধনাৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল শচীন ভৌমিকে৷ কিতাপ পঢ়া আৰু চিনেমা চোৱাত শচীন ভৌমিকৰ নাম আছিল, বিদেশী ছবি বা কিতাপৰ অৱলম্বনত হিন্দী ছবিৰ কাহিনী ৰচনা কৰাত তেওঁ প্ৰদৰ্শন কৰিছিল বিশেষ দক্ষতা৷ এই ছবিৰ কাহিনীৰ বাবে তেওঁ আলম লৈছিল আছিল ১৯৪৬ চনৰ ইংৰাজী ছবি ‘টু ইটছ্‌ হিজ ঔন’ৰ৷ লেখক হিচাপে শচীন ভৌমিকৰ বিশেষত্ব আছিল যে ছবি আৰম্ভ হোৱাৰ কেইটামান মিনিটৰ পাচতেই তেওঁ কাহিনীৰ মাজলৈ দৰ্শকক টানি নিবলৈ আৰু ধৰি ৰাখিবলৈ সক্ষম হৈছিল কাহিনীৰ অপ্ৰত্যাশিত মোঁচৰৰ যোগে৷ বিদেশী কাহিনী একোটাক ভাৰতীয় পৰিবেশ আৰু মানসিকতাৰ লগত খাপ খুৱাই লোৱাৰ ক্ষেত্ৰটো তেওঁৰ দক্ষতা আছিল অকল্পনীয়৷ কিন্তু আৰাধনাৰ ক্ষেত্ৰত শচীন ভৌমিকে এবাৰ উজুটি খাব লগাও হৈছিল, ছবিখন নকৰাৰ দৰে চূড়ান্ত সিদ্ধান্ত লোৱাৰ উপক্ৰম হৈছিল, তাকো ছবিৰ দৃশ্যগ্ৰহণৰ দুদিনৰ আগত৷

প্ৰযোজক সুৰিন্দৰ কাপুৰে বিশেষ এটা দৰ্শনীত শক্তি সামন্তক দেখুৱাইছিল তেওঁৰ শেহতীয়া ছবি ‘এক শ্ৰীমান এক শ্ৰীমতী’৷ ছবিৰ নায়ক আছিল শশী কাপুৰ৷ এই ছবিখনৰ কাহিনী চিত্ৰনাট্যও আছিল শচীন ভৌমিকৰে৷ ছবি চাই উঠি শক্তি সামন্ত আচৰিত হ’ল৷ এই ছবিৰ সামৰণি অংশৰ লগত আৰাধনাৰ সামৰণিৰ বহুত মিল আছে৷ ৰাতি এই কথাটোকৈ লৈ তেওঁ বহু ভাবিলে৷  পাচদিনা অৰ্থাৎ শ্বুটিঙৰ আগদিনা, যেতিয়া তেওঁৰ অফিচৰ আটাইবোৰ মানুহ পিচদিনাৰ শ্বুটিং আয়োজনত ব্যস্ত আছিল তেতিয়া তেওঁ অফিচত বহি ভাবি আছিল ছবিখন বন্ধ কৰি দিয়াৰ কথা৷ হয়তো ইয়াকেই ভাগ্য বুলি কয়৷ সেই সময়তে তেওঁৰ অফিচত সোমাইছিল লেখক গুলচন নন্দা আৰু প্ৰযোজক মধুসূদন কালেকাৰ৷ দুয়ো সমস্যাটিৰ কথা শুনিলে৷ আৰাধনাত ছবিৰ প্ৰথম অংশত দেউতাক থাকে, মৃত্যুও হয় ইন্টাৰভেলৰ আগতে, দ্বিতীয় অংশত পুতেক আহে৷ গুলচন নন্দাই উপদেশ দিলে বাপেক-পুতেকৰ চৰিত্ৰ দুটা একেজন আৰ্টিষ্টৰ হতুৱাই কৰাবলৈ৷ সন্ধিয়া গুলচন নন্দাই শক্তি সামন্তক পুনৰ লগ পালে ‘কটি পতংগৰ’ৰ কাহিনী শুনাবলৈ৷ শক্তি সামন্ত তেতিয়ালৈকে দৃঢ় আছিল আৰাধনা বন্ধ কৰি দিয়াত৷ গতিকেই পৰবৰ্তী ছবিৰ কাহিনী শুনিবলৈ সাজু হৈছিল৷ ‘কটি পতংগ’ৰ গল্পটো তেওঁৰ পচন্দ হ’ল, কিন্তু তেওঁ গুলচন নন্দাৰ পৰামৰ্শমতে আৰাধনাৰ শেষ অংশটি সালসলনি কৰিলে আৰু ‘কটি পতংগ’ৰ কাহিনীত মন দিলে৷ গুলচন নন্দা কোনো ধৰণেই আৰাধনা ছবিৰ সতে জড়িত নাছিল যদিও কাকতালীয় ভাবে তেওঁ ছবিখনৰ সতে জড়িত হৈ পৰিল আৰু বন্ধ হৈ যাব খোজা ছবি এখনৰ পুনৰ জীৱনদানৰ অংশীদাৰ হৈ পৰিল৷

পৰবৰ্তী সময়ত ‘আৰাধনা’ক বাংলাটো ডাব কৰি ৰিলিজ কৰা হয়৷ ছবিখনক তামিল আৰু তেলগু ভাষাতো পুনৰ নিৰ্মাণ কৰা হৈছিল৷

আৰাধনাই ৰাজেশ খান্নাক ষ্টাৰৰ মৰ্যাদা দিয়াৰ লগতে গায়ক কিশোৰ কুমাৰকো দিছিল অভাবনীয় উচ্ছতা৷ এই ছবিৰেই ৰাহুল দেব বৰ্মনেও নিজৰ সংগীত প্ৰতিভা প্ৰকাশ কৰাৰ আৰু এটা সুবিধা পাইছিল৷ ছবিখনৰ সংগীত পৰিচালক আছিল শচীন দেব বৰ্মন আৰু কাম আধামান পাওতেই তেওঁ হৈ পৰিছিল অসুস্থ৷ আধৰুৱা কামৰ দায়িত্ব লৈছিল ৰাহুল দেব বৰ্মনে৷ ছবিৰ ছয়টি গীতৰ চাৰিটিৰ সুৰ কৰিছিল শচীন দেব বৰ্মনে, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে দুটি গীত সম্পূৰ্ণ কৰিব পৰা নাছিল, দায়িত্ব দিয়া হৈছিল ৰাহুল দেব বৰ্মনক৷ সেই সুযোগটি তেওঁ সম্পূৰ্ণ ৰূপে ব্যবহাৰ কৰিছিল, আনিছিল কিশোৰ কুমাৰক আৰু গোৱাইছিল ‘মেৰে সপনো কি ৰাণী’ আৰু ‘ৰূপ তেৰা মস্তানা’৷ সেয়াই আছিল কিশোৰ কুমাৰৰ দ্বিতীয় ইংনিংচৰ আৰম্ভণি৷ আৰাধনাৰ দুটি গীতেৰেই কিশোৰ কুমাৰ নতুন ৰূপেৰে আত্মপ্ৰকাশ কৰিছিল আৰু আগবাঢ়ি গৈছিল দূৰন্ত গতিত৷ শক্তি সামন্তে ৰাজেশ খান্নাক এক স্বকীয় ৰূপেৰে দাঙি ধৰি যেনেদৰে প্ৰতিষ্ঠা দিছিল, সেই একেই কাম কৰিছিল ৰাহুল দেব বৰ্মণে কিশোৰ কুমাৰৰ ক্ষেত্ৰত৷ আৰাধানাৰ গীতৰ সফলতা প্ৰমাণ হোৱাৰ আগতেই শক্তি সামন্তে ৰাহুল দেব বৰ্মনক চুক্তিবদ্ধ কৰিছিল ‘কটি পতংগ’ ছবিৰ বাবে৷ তাৰ পাচত তেওঁৰ আৰু বহু ছবিৰ সংগীত পৰিচালনা এই ৰাহুল দেবেই কৰিছিল৷ এই ছবিৰ পাচত ৰাজেশ খান্না বিশেষকৈ মহিলা দৰ্শকৰ নয়নমণি হৈ পৰিছিল যদিও এগৰাকী পুৰুষ অভিনেতাৰ মন্তব্য এই প্ৰসংগত অধিক দৃষ্টি আকৰ্ষণকাৰী৷ ৰাজেশ খান্নাৰ এই জনপ্ৰিয়তা দেখিয়েই এগৰাকী অভিনেতাই হিন্দী ছবিৰ অভিনেতা হোৱাৰ সপোন দেখিছিল আৰু সেই সপোনক সাকাৰ কৰিবলৈ তেওঁ পুনেৰ ফিল্ম এণ্ড টিভি ইন্সটিটিউট পাইছিলগৈ৷ অভিনেতা গৰাকী আছিল টম অল্টাৰ৷ 

আৰাধনাৰ মুক্তিৰ অৰ্ধ শতিকা পাৰ হৈ গ’ল৷ কিন্তু ছবিখন এতিয়াও বহু দৰ্শকৰ মনত সজীৱ হৈ থকাৰ কাৰণ হ’ল ৰাজেশ খান্নাৰ দৈহিক সৌন্দৰ্যৰ সন্মোহন, শচীন দেব বৰ্মণৰ গীত আৰু কিশোৰ কুমাৰৰ কন্ঠ৷ এই ছবিখনৰ কিছু অংশ, এটি গীত – ‘মেৰে স্বপনো কি ৰাণী’ গীতটোৰ দৃশ্যগ্ৰহণ কৰা হৈছিল দাৰ্জিলিঙলৈ যোৱা টয় ট্ৰেইন আৰু তাৰ গাতে লাগি থকা ৰাস্তাটোত৷ এই গীতটিয়ে সেই টয় ট্ৰেইনক দিছিল সৰ্বভাৰতীয় পৰিচয় আৰু ই বৃদ্ধি কৰিছিল টুৰিষ্টস্পট দাৰ্জিলিঙত পৰ্যটকৰ সংখ্যা৷ ছবিখনৰ পোষ্টাৰত ইংৰাজীত লেখা থকা আৰাধনা শব্দটোৰ ‘ডি’ আৰু ‘এইচ’ আখৰদুটাৰ ওপৰৰ অংশখিনিক মন্দিৰৰ চূড়াৰ দৰে ৰূপ দিয়া হৈছিল আৰু ই আৰাধনা শব্দটিক দৃশ্যৰূপত প্ৰকাশ কৰিছিল৷ পোষ্টাৰখনৰ এই ৰূপটিও বহুতৰে মনত ৰৈ গৈছে৷

আৰাধনা মূলতঃ আছিল এটি প্ৰেম কাহিনী আৰু সেই প্ৰেম কাহিনীৰ লগত সাঙোৰ খাই আছিল কুমাৰী মাতৃৰ যন্ত্ৰণাৰ দৰে এটি কাহিনী৷ কিন্তু ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰৰ ৰোমান্টিক প্ৰেমৰ আকৰ্ষণীয় দৃশ্যবোৰে কুমাৰী মাতৃৰ কথা আলোকিত হ’বলৈ নিদিলে যদিও সেই সময়ত এনে বিষয়ৰ উপস্থাপন মূল সূঁতিৰ ছবিৰ বাবে বিশেষ সহজ কথা নাছিল৷

উপসংহাৰ – আৰাধনাত দেউতাক আৰু পুতেক দুয়োটা চৰিত্ৰতে অভিনয় কৰিছিল ৰাজেশ খান্নাই৷ তেনেদৰে এনেকুৱা দুহাল পিতাপুত্ৰৰ কাহিনীৰে এগৰাকী সফল অসমীয়া চিত্ৰ পৰিচালকে এখন ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি এগৰাকী বিখ্যাত সাহিত্যিকৰ ওচৰ চাপিছিল৷ সাহিত্যিক গৰাকীও মান্তি হৈছিল কাহিনী লেখিবলৈ, কিন্তু কিবা কাৰণত ছবিখনৰ কাম আগ নাবাঢ়িল৷ পৰিচালক গৰাকী আছিল ব্ৰজেন বৰুৱা, সাহিত্যিক গৰাকী আছিল ভবেন্দ্ৰ নাথ শইকীয়া৷ 

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 3.8 / 5. ভোট : 9

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!