বিশেষ লেখা

মৃণাল কান্তি দাস – এক অবিস্মৰণীয় প্ৰতিভা

৩ ছেপ্টেম্বৰ, ২০০৪। অসমৰ চলচ্চিত্র শিল্প জগতৰ এটা ট্রেজিক দিন; কিয়নো এই দিনটোতে এক পথ দুর্ঘটনাত আমাৰ মাজৰ পৰা চিৰদিনলৈ আঁতৰি গৈছিল দক্ষ চিনেমাটোগ্রাফাৰ মৃণাল কান্তি দাস। অজস্র সমস্যা আৰু অসম্পূর্ণতাই চেপি-খুন্দি ৰখা এই তথাকথিত উদ্যোগটোলৈকে মৃণাল কান্তি দাসৰ আগমন আছিল দৰাচলতে এটা চমকপ্রদ ঘটনা। কোনো নিজস্ব প্রতিভাধৰ আৰু অন্য ক্ষেত্ৰত সুপ্রতিষ্ঠিত ব্যক্তিয়ে এই সমস্যাঘন মাধ্যমটোলৈ আন সকলোকে জলাঞ্জলি দি গুছি অহাৰ নিদর্শন সতকাই পাবলৈ টান। কিন্তু মৃণালে সেইটো কৰিছিল। দুঃসাহসিক ক্রীড়াত শৈশৱৰে পৰা গভীৰভাৱে জড়িত, প্রকৃতি আৰু মানুহ, সমাজ আৰু জীৱনৰ প্রতি অকুণ্ঠ নিষ্ঠা, সততাৰে ভৰপূৰ এই যুৱকজনৰ বাবে সমস্যাসংকাশ হলেও চেলুলয়দৰ জগতখনলৈ অহাটো একো কাকতালীয় ঘটনা নাছিল। কিন্তু নিয়তিৰ কি খেয়াল! সকলোকে কন্দুৱাই বৰ অকালতে তেওঁ গুছি গ’ল চিৰদিনলৈ।

বিদ্যুৎ চক্ৰৱৰ্তীয়ে তেওঁৰ প্রথম পৰিচালিত ছবি ‘ৰাগ-বিৰাগ’ৰ দ্বাৰা পৰিচালকৰ প্রথম ছবিৰ শিতানত শ্রেষ্ঠতাৰ ৰাষ্ট্ৰীয় বঁটা পাইছিল। অপূর্ব দক্ষতাৰে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা মৃণাল কান্তি দাসে লভিছিল শ্রেষ্ঠ চিনেমাটোগ্রাফাৰ বঁটা। সেইটো আছিল কোনো কাৰিকৰী গুণসম্পন্ন লোকে চলচ্চিত্ৰত অসমলৈ অনা স্থানীয় প্ৰতিভাৰ প্ৰথম ৰাষ্ট্ৰীয় বঁটা। অৱশ্যে মৃণালক সেই স্বীকৃতি দিয়া হৈছিল ‘ৰাগ-বিৰাগ’ৰ লগতে সান্ত্বনা বৰদলৈৰো প্ৰথমখন ছবি ‘অদাহ্য’ৰ দৃষ্টিনন্দন চিনেমাটোগ্রাফীৰ বাবে। সেয়া ১৯৯৬ চনৰ কথা। বিদ্যুৎ চক্ৰৱৰ্তীয়ে তেতিয়াৰ পৰা তেওঁৰ প্ৰতিখন ছবিতে মৃণালৰ হতুৱাই দৃশ্যগ্ৰহণৰ কাম কৰিছে। এজন পৰিচালক আৰু এজন দৃশ্যগ্ৰহণকাৰীৰ এনে মণিকাঞ্চন সংযোগ খুব কমেইহে হয়। প্রবাদপ্রতিম ইংমাৰ বাৰ্গমেনৰ স’তে প্রখ্যাত কেমেৰামেন ভেন নিকভিষ্টৰ সম্পর্কৰ উদাহৰণটোলৈকে মনত পেলাব পাৰি। গতিকে মৃণালৰ আকস্মিক বিয়োগে বিদ্যুৎ চক্ৰৱৰ্তীক ব্যথিত কৰাই স্বাভাৱিক। তেওঁ কৈছিল—“সঠিক সময়তে মৃণাল আমাৰ মাজলৈ আহিছিল। কিন্তু বৰ অসময়ত গুছি গ’ল। মৃণালৰ অবিহনে মই একো ভাবিবই নোৱৰা হৈছো। নিজকে বৰ অসহায় যেন লাগিছে।”

অসমৰ নাতিদীর্ঘ চলচিত্র ইতিহাসত মৃণাল কান্তি দাসৰ পূর্বসূৰী নলিন দুৱৰা, ইন্দুকল্প হাজৰিকা, অজান বৰুৱা আদিৰ শৈল্পিক কৃতিত্বৰ স্বাক্ষৰ আমি দেখিবলৈ পাইছো। এই প্রতিজনেই অসমীয়া ছবি জগতৰ ভালেকেইখন স্মৰণীয় দৃশ্যমূল্যৰ চিনেমা উপহাৰ দিলে। তেওঁলোকৰ উত্তৰসূৰী হিচাপেই মৃণালৰ অৱদানৰ কথা বিচার্য। প্রত্যেকৰে কামৰ মাজত সূক্ষ্ম প্রভেদ নিশ্চয় দৃষ্টিগ্রাহ্য হ’ব। তদুপৰি এটা ডাঙৰ স্বকীয়তা মৃণালৰ ক্ষেত্ৰত খুব সোনকালেই অসমৰ চলচ্চিত্রামোদী ৰাইজে দেখিবলৈ পালেহেঁতেন। এখন নিটোল চিত্রনাট্যৰে মৃণালে তেওঁৰ আশৈশৱ প্রকৃতিপ্রেম, বন্য জীৱনপ্রীতি আৰু পৰিবেশ সচেতন মনন আৰু সক্রিয়তাৰে প্ৰস্তুত হৈছিল নতুন ছবি এখনৰ বাবে। নামো স্থিৰ হৈছিল— ‘অৰণ্যৰ বৰষুণ’ ; কিছু পৰিমাণে ৰাষ্ট্ৰীয় অভয়াৰণ্যকে ধৰি বিভিন্ন লোকেশ্বনত আগতীয়াকৈ ফুটেজ লোৱাৰ কামো হৈছিল। সফল চিনেমাটোগ্রাফাৰে নিজে পৰিচালনাৰ কাম হাতত লোৱাৰ নিদর্শনো বিশ্ব চলচ্চিত্ৰত বৰ কম। সেইখিনি প্রতিভাসম্ভুত আত্মনিযয়োগ আচলতে কেইজনৰ পৰা আশা কৰিব পাৰি? যদিহে নিজে প্রণালীৱদ্ধ আৰু দায়িত্বশীল অধ্যয়নৰ দ্বাৰা সাজু নহয়, তেন্তে এই ধৰণৰ নান্দনিক প্ৰত্যাহ্বান (aesthetic challenge) হেলাৰঙে কান্ধত ভাৰ পাতি ল’ব পৰাৰ দুঃসাহস কেইজনেনো কৰিব পাৰে? আনকি চিনেমাটোগ্রাফীত শিক্ষানুষ্ঠানৰ পৰা উত্তীর্ণ হোৱা বহু লোকেও এনে কাম কৰাৰ নিদর্শন কম। পুণাৰ FTI-ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ মৃণালে পিছে তেনে কাম দুঃসাহস বুলিও নাভাবে। গোবিন্দ নিহালনী, এ কে বীৰ, সন্তোষ শিবান আদিসকলৰ উদাহৰণ নথকা নহয়। তেওঁলোকৰ দৰে গভীৰ আত্মবিশ্বাসেৰে ভৰপূৰ হৈয়ে মৃণালে চিনেমাটোগ্রাফীৰ সুবিন্যস্ত, অন্তর্ভেদী দৃশ্য অভিযান বা দৃশ্য সম্পৰীক্ষাক নিজৰ বুদ্ধিমত্তাৰে আন এক ডেউকা দিব খুজিছিল। সেয়াই হ’ল অপ্রতিৰোধ্য আকর্ষণীয় মাধ্যম—চলচ্চিত্ৰ পৰিচালনাৰ ভাৰ। অসমতো চলচ্চিত্র জগতত কেবাজনো বিশিষ্ট প্রতিভাশালী ব্যক্তিৰ আবিৰ্ভাৱ লক্ষ্য কৰিবলগীয়া। কিন্তু কোনেও বন বিভাগৰ উচ্চপদস্থ চাকৰি হেলাৰঙে ত্যাগ কৰি আত্মনিয়োজিত হোৱাৰ আন এটা উদাহৰণ কোনো ঠাইত পোৱা যাব বুলি ক’ব নোৱাৰে।

চলচ্চিত্র নির্মাণৰ আঁৰৰ ভাললগা ৰোমাঞ্চকৰ কথাকাণ্ডখিনিতে বহুতে সময় খৰচ কৰে, বহুতে পাতল স্বভাৱৰ বশবর্তী হৈ বিনোদনমুলক বাটেৰে যায়। মৃণালৰ এনে উৰণীয়া, অস্থিৰমতি স্বভাৱ নাছিল। শিকি বুজি, আন সকলো বাদ দি তেওঁ ধ্যানস্থ ঋষিৰ দৰে পুণালৈ গৈছিল। তাৰপৰা আহি দেহে-কেহে অসমতে সকলো শ্ৰম আৰু শক্তি ব্যয় কৰাৰ আত্মপ্রত্যয় ৰাখিছিল। সেই বাবে কমল হাছানৰ দৰে ভাৰত বিখ্যাত ছবি নির্মাতাই যেতিয়া বহুচর্চিত ‘হে ৰাম’ৰ বাবে দৃশ্যগ্ৰহণকাৰী হ’বলৈ মৃণালক প্রস্তাৱ দিয়ে, আনকি তেওঁৰ চেন্নাই তথা বৈদেশিক পটভূমিত স্থাপিত চলচ্চিত্র নির্মাণ গোষ্ঠীত যোগ দিয়াৰ প্ৰস্তাৱ দিছিল, তেতিয়াও মৃণালে কোনো দ্বিধা, আক্ষেপ নোহোৱাকৈ বিনম্ৰতাৰে প্রত্যাখ্যান কৰিছিল। নিজস্ব পৰিবেশৰ সমাজ-সংস্কৃতিৰ প্রতি গভীৰ আসক্তি নাথাকিলে এনে সিদ্ধান্ত লোৱাটো যিকোনো মধ্যবিত্ত শ্রেণীৰ কেৰিয়াৰ সচেতন লোকৰ বাবে সহজ নহয়। এজন যথার্থ শিল্পীৰ দৰেই মৃণাল আছিল অসমৰ মাটি-পানী বায়ুৰ স’তে একাত্ম, অভিন্ন। ইয়াৰ অবিহনে তেওঁ ছবিত যিখিনি কাম কৰিলে তাৰ প্ৰকৃষ্ট গ্রন্থনাও সম্ভৱ কিজানি নহ’লহেঁতেন। বিষয়বস্তু বুজি লৈ তাক পৰিচালকৰ মতে ফুটাই তোলাত মৃণালে কেৱল যন্ত্ৰৱৎ নিষ্ঠাৰে পৰিচয় দিয়া নাই, নিজৰ বোধ আৰু প্ৰখৰ কল্পনা শক্তিৰে তাক কিমান কার্যকৰী আৰু নান্দনিকভাৱে উৎকৃষ্ট কৰিব পাৰি তাৰ বাবেও সক্রিয় পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱা বুলি আমি জানো৷ সেইবাবেই ‘অদাহ্য’ত প্রাক্-স্বাধীনতা যুগৰ ডিটেইলছ ফুটাই তোলাত বিশেষ কালাৰ স্কীমৰ অর্থবহ প্রয়োগ, নিশাৰ দৃশ্যত পোহৰৰ ডিষ্ট্রিবিউছন আৰু বাউন্সৰ দক্ষতা যেনেকৈ মন কৰিবলগীয়া, সেইদৰে ‘ৰাগ-বিৰাগ’, প্ৰৱীণ হাজৰিকাৰ তথ্যচিত্র ‘হস্তীৰ-কন্যা’ত প্রাকৃতিক পোহৰত লোৱা পুৱা আৰু নিশা ভিন্ন দৃশ্যাৱলী, ‘বৈভৱ’ত ব্ৰহ্মপুত্ৰৰ বালিচাপৰি আৰু ‘হিয়া দিয়া নিয়া’ত তুষাৰাবৃত টাৱাঙৰ দৃশ্যাৱলীয়ে মৃণালৰ কেমেৰাত অনন্য ৰূপত প্রতিভাত হৈ উঠা দেখা পাওঁ।

মৃণাল কান্তি দাস এই ছবিবোৰৰ দৰেই অসমৰ চলচ্চিত্র ইতিহাসত অমুল্য সম্পদৰ দৰে থাকি গ’ল। সেইবাবেই তেওঁ এক icon—প্রতীক।

২০০৫ চনৰ অসমীয়া সাৰেগামা আলোচনীত প্ৰকাশিত লেখাৰ সম্পাদিত ৰূপ

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 131

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!